1 |
আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন। |
2 |
ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব। |
3 |
অনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব। |
4 |
তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; তেওঁলোকে নিজৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব। |
5 |
হে যাকোবৰ বংশ আহাঁ, যিহোৱাৰ পোহৰত চলি যাওঁহঁক। |
6 |
কিয়নো তুমি তোমাৰ যাকোবৰ বংশৰ লোকসকলক ত্যাগ কৰিলা; কাৰণ তেওঁলোক পূবদেশৰ ৰীতি নীতিৰে পৰিপূৰ্ণ, আৰু পলেষ্টীয়াসকলৰ দৰে ভৱিষ্যত পঢ়ালোক সকলে, বিদেশীৰ সন্তানসকলৰ লগত মিত্রতা কৰে। |
7 |
তেওঁলোকৰ দেশ ৰূপেৰে আৰু সোণেৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ধনসম্পত্তি সীমাহীন; তেওঁলোকৰ দেশ ঘোঁৰাৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ৰথৰ সীমাহীন। |
8 |
মূৰ্ত্তিৰে তেওঁলোকৰ দেশ পৰিপূৰ্ণ, তেওঁলোকে নিজৰ হাতেৰে গঢ়া, আৰু নিজৰ আঙুলিৰে সজা মূর্তিক সেৱা কৰে। |
9 |
লোকসকলে আঠুকাঢ়ি প্রণিপাত কৰিব, আৰু ব্যক্তিগতভাৱে তলত পৰিব, সেই কাৰণে তেওঁলোকক ক্ষ মা কৰা নহ’ব। |
10 |
যিহোৱাৰ ভয়ৰ পৰা, আৰু তেওঁ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা তোমালোক শিলাময় ঠাইলৈ যোৱা আৰু মাটিত লুকুৱা। |
11 |
মানুহৰ উৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু ভবিষ্যতৰ সেই সোধবিচাৰ দিনা কেৱল যিহোৱাই উন্নত হ’ব। |
12 |
কিয়নো গৰ্ব্বী, অহংকাৰী, আৰু উন্নত হোৱা সকলোৰে বিৰুদ্ধে বাহিনীসকলৰ যিহোৱা এদিন আহিব, আৰু সকলোকে নত কৰিব; |
13 |
আৰু লিবানোনৰ সকলো ওখ আৰু উন্নত এৰচ গছ, আৰু বাচানৰ সকলো ওক গছৰ বিৰুদ্ধে |
14 |
সকলো ওখ পৰ্ব্বত, সকলো ওখ পাহাৰ, |
15 |
সকলো ওখ স্তম্ভ, সকলো দৃঢ় দেৱাল, |
16 |
তৰ্চীচৰ সকলো জাহাজ, আৰু সকলো ধুনীয়া নাও ৰ বিৰুদ্ধে, |
17 |
মানুহৰ অহংকাৰ নত কৰা হ’ব, আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব। |
18 |
মূৰ্ত্তিবোৰ সম্পূৰ্ণকৈ আঁতৰোৱা হ’ব। |
19 |
যিহোৱাৰ ভয়, আৰু তেওঁৰ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা বাচিবলৈ, লোকসকল শিলৰ গুহাত আৰু মাটিৰ গাতত সোমাব। |
20 |
সেইদিনা লোকসকলে ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব। |
21 |
যিহোৱাই যেতিয়া পৃথিৱী কঁপাব তেতিয়া তেওঁৰ ভয়ৰ পৰা আৰু তেওঁৰ ঐশ্বৰ্যৰ প্রতাপৰ পৰা, বাচিবলৈ লোকসকল শিলৰ গুহা, আৰু অসমান শিলৰ গাতৰ ভিতৰত সোমাব। |
22 |
নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে?
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
ইসাইয়া 2:1 |
ইসাইয়া 2:2 |
ইসাইয়া 2:3 |
ইসাইয়া 2:4 |
ইসাইয়া 2:5 |
ইসাইয়া 2:6 |
ইসাইয়া 2:7 |
ইসাইয়া 2:8 |
ইসাইয়া 2:9 |
ইসাইয়া 2:10 |
ইসাইয়া 2:11 |
ইসাইয়া 2:12 |
ইসাইয়া 2:13 |
ইসাইয়া 2:14 |
ইসাইয়া 2:15 |
ইসাইয়া 2:16 |
ইসাইয়া 2:17 |
ইসাইয়া 2:18 |
ইসাইয়া 2:19 |
ইসাইয়া 2:20 |
ইসাইয়া 2:21 |
ইসাইয়া 2:22 |
|
|
|
|
|
|
ইসাইয়া 1 / ইসা 1 |
ইসাইয়া 2 / ইসা 2 |
ইসাইয়া 3 / ইসা 3 |
ইসাইয়া 4 / ইসা 4 |
ইসাইয়া 5 / ইসা 5 |
ইসাইয়া 6 / ইসা 6 |
ইসাইয়া 7 / ইসা 7 |
ইসাইয়া 8 / ইসা 8 |
ইসাইয়া 9 / ইসা 9 |
ইসাইয়া 10 / ইসা 10 |
ইসাইয়া 11 / ইসা 11 |
ইসাইয়া 12 / ইসা 12 |
ইসাইয়া 13 / ইসা 13 |
ইসাইয়া 14 / ইসা 14 |
ইসাইয়া 15 / ইসা 15 |
ইসাইয়া 16 / ইসা 16 |
ইসাইয়া 17 / ইসা 17 |
ইসাইয়া 18 / ইসা 18 |
ইসাইয়া 19 / ইসা 19 |
ইসাইয়া 20 / ইসা 20 |
ইসাইয়া 21 / ইসা 21 |
ইসাইয়া 22 / ইসা 22 |
ইসাইয়া 23 / ইসা 23 |
ইসাইয়া 24 / ইসা 24 |
ইসাইয়া 25 / ইসা 25 |
ইসাইয়া 26 / ইসা 26 |
ইসাইয়া 27 / ইসা 27 |
ইসাইয়া 28 / ইসা 28 |
ইসাইয়া 29 / ইসা 29 |
ইসাইয়া 30 / ইসা 30 |
ইসাইয়া 31 / ইসা 31 |
ইসাইয়া 32 / ইসা 32 |
ইসাইয়া 33 / ইসা 33 |
ইসাইয়া 34 / ইসা 34 |
ইসাইয়া 35 / ইসা 35 |
ইসাইয়া 36 / ইসা 36 |
ইসাইয়া 37 / ইসা 37 |
ইসাইয়া 38 / ইসা 38 |
ইসাইয়া 39 / ইসা 39 |
ইসাইয়া 40 / ইসা 40 |
ইসাইয়া 41 / ইসা 41 |
ইসাইয়া 42 / ইসা 42 |
ইসাইয়া 43 / ইসা 43 |
ইসাইয়া 44 / ইসা 44 |
ইসাইয়া 45 / ইসা 45 |
ইসাইয়া 46 / ইসা 46 |
ইসাইয়া 47 / ইসা 47 |
ইসাইয়া 48 / ইসা 48 |
ইসাইয়া 49 / ইসা 49 |
ইসাইয়া 50 / ইসা 50 |
ইসাইয়া 51 / ইসা 51 |
ইসাইয়া 52 / ইসা 52 |
ইসাইয়া 53 / ইসা 53 |
ইসাইয়া 54 / ইসা 54 |
ইসাইয়া 55 / ইসা 55 |
ইসাইয়া 56 / ইসা 56 |
ইসাইয়া 57 / ইসা 57 |
ইসাইয়া 58 / ইসা 58 |
ইসাইয়া 59 / ইসা 59 |
ইসাইয়া 60 / ইসা 60 |
ইসাইয়া 61 / ইসা 61 |
ইসাইয়া 62 / ইসা 62 |
ইসাইয়া 63 / ইসা 63 |
ইসাইয়া 64 / ইসা 64 |
ইসাইয়া 65 / ইসা 65 |
ইসাইয়া 66 / ইসা 66 |