1 |
ৰাতি মোৰ শয্যাত মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো; মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ; |
2 |
মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম; ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম; তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।” মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ। |
3 |
প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে। মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?” |
4 |
তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই, মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, মই তেওঁক এৰি নিদিলোঁ; যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো। |
5 |
হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। |
6 |
মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে? তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ, গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে। |
7 |
চোৱা, সৌৱা চলোমনৰ দোলা; ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে; তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য। |
8 |
তেওঁলোক সকলোৰে লগত আছে তৰোৱাল; যুদ্ধত তেওঁলোক সুদক্ষ; তৰোৱাল ককালত বান্ধি লৈ তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে। |
9 |
ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে, এটি দোলা নির্মাণ কৰিলে। |
10 |
দোলাৰ খুটাবোৰ ৰূপেৰে পিছৰ ভাগ সোণেৰে, আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী; যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰে তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল |
11 |
হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
পরম গীত 3:1 |
পরম গীত 3:2 |
পরম গীত 3:3 |
পরম গীত 3:4 |
পরম গীত 3:5 |
পরম গীত 3:6 |
পরম গীত 3:7 |
পরম গীত 3:8 |
পরম গীত 3:9 |
পরম গীত 3:10 |
পরম গীত 3:11 |
|
|
|
|
|
|
পরম গীত 1 / পরগী 1 |
পরম গীত 2 / পরগী 2 |
পরম গীত 3 / পরগী 3 |
পরম গীত 4 / পরগী 4 |
পরম গীত 5 / পরগী 5 |
পরম গীত 6 / পরগী 6 |
পরম গীত 7 / পরগী 7 |
পরম গীত 8 / পরগী 8 |