1 |
হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা, |
2 |
তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা। |
3 |
হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা। |
4 |
তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা। |
5 |
হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা। |
6 |
হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা। |
7 |
সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই, |
8 |
তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়। |
9 |
হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা? |
10 |
“আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”- |
11 |
তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব। |
12 |
এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে। |
13 |
তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে। |
14 |
তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে, |
15 |
সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে। |
16 |
যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক। |
17 |
গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত, |
18 |
বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি, |
19 |
মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক। |
20 |
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা। |
21 |
সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা। |
22 |
তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব। |
23 |
কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়। |
24 |
অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে, |
25 |
তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা। |
26 |
বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে। |
27 |
কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, জুই ৰাখিব পাৰে নে? |
28 |
কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে? |
29 |
সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে। |
30 |
চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে; |
31 |
কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব। |
32 |
যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে। |
33 |
তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব। |
34 |
কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়। |
35 |
তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।
|
Russian Synodal (RUSV) 1876 |
Public Domain: Синодальная Библия 1876 |
|
|
|
|
|
|
|
|
|
|
প্রবচন 6:1 |
প্রবচন 6:2 |
প্রবচন 6:3 |
প্রবচন 6:4 |
প্রবচন 6:5 |
প্রবচন 6:6 |
প্রবচন 6:7 |
প্রবচন 6:8 |
প্রবচন 6:9 |
প্রবচন 6:10 |
প্রবচন 6:11 |
প্রবচন 6:12 |
প্রবচন 6:13 |
প্রবচন 6:14 |
প্রবচন 6:15 |
প্রবচন 6:16 |
প্রবচন 6:17 |
প্রবচন 6:18 |
প্রবচন 6:19 |
প্রবচন 6:20 |
প্রবচন 6:21 |
প্রবচন 6:22 |
প্রবচন 6:23 |
প্রবচন 6:24 |
প্রবচন 6:25 |
প্রবচন 6:26 |
প্রবচন 6:27 |
প্রবচন 6:28 |
প্রবচন 6:29 |
প্রবচন 6:30 |
প্রবচন 6:31 |
প্রবচন 6:32 |
প্রবচন 6:33 |
প্রবচন 6:34 |
প্রবচন 6:35 |
|
|
|
|
|
|
প্রবচন 1 / При 1 |
প্রবচন 2 / При 2 |
প্রবচন 3 / При 3 |
প্রবচন 4 / При 4 |
প্রবচন 5 / При 5 |
প্রবচন 6 / При 6 |
প্রবচন 7 / При 7 |
প্রবচন 8 / При 8 |
প্রবচন 9 / При 9 |
প্রবচন 10 / При 10 |
প্রবচন 11 / При 11 |
প্রবচন 12 / При 12 |
প্রবচন 13 / При 13 |
প্রবচন 14 / При 14 |
প্রবচন 15 / При 15 |
প্রবচন 16 / При 16 |
প্রবচন 17 / При 17 |
প্রবচন 18 / При 18 |
প্রবচন 19 / При 19 |
প্রবচন 20 / При 20 |
প্রবচন 21 / При 21 |
প্রবচন 22 / При 22 |
প্রবচন 23 / При 23 |
প্রবচন 24 / При 24 |
প্রবচন 25 / При 25 |
প্রবচন 26 / При 26 |
প্রবচন 27 / При 27 |
প্রবচন 28 / При 28 |
প্রবচন 29 / При 29 |
প্রবচন 30 / При 30 |
প্রবচন 31 / При 31 |