1 |
হে মোৰ পুত্রসকল, পিতৃৰ উপদেশ শুনা, আৰু মনোযোগ দিয়া, যাতে তুমি সুবিবেচনা বুজিব পাৰা। |
2 |
মই তোমালোকক উত্তম কৰ্মবিধি দিওঁ। মোৰ শিক্ষা প্রণালী পৰিত্যাগ নকৰিবা। |
3 |
মই যেতিয়া মোৰ পিতৃৰ পুত্ৰ আছিলোঁ, মোৰ মাতৃৰ মৰমৰ একমাত্র সন্তান আছিলোঁ। |
4 |
তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল, “তোমাৰ হৃদয়ত মোৰ বাক্য ধৰি ৰাখা; মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা।” |
5 |
প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা; মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা। |
6 |
প্ৰজ্ঞাক ত্যাগ নকৰিবা, তেতিয়া তেওঁ তোমাৰ ওপৰত দৃষ্টি ৰাখিব; তেওঁক প্ৰেম কৰা, আৰু তেওঁ তোমাক সুৰক্ষিত কৰি ৰাখিব। |
7 |
প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা। |
8 |
প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা, তেওঁ তোমাক উচ্চ স্হানত স্হাপন কৰিব; তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব। |
9 |
তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব, তেওঁ তোমাক এটা সুন্দৰ মুকুট দিব।” |
10 |
হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া; তেতিয়া তুমি বহু বছৰ জীয়াই থাকিবা। |
11 |
মই তোমাক প্রজ্ঞাৰ পথত পৰিচালনা কৰিছোঁ, মই তোমাক সৰল পথত নেতৃত্ব দিছোঁ। |
12 |
তুমি যেতিয়া খোজ দিবা, তেতিয়া কোনো এজনেও তোমাৰ পথত থিয় নহ’ব; আৰু তুমি দৌৰ মাৰিলেও উজুটি নাখাবা। |
13 |
নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা; ইয়াক পহৰা দিয়া, কাৰণ এয়ে তোমাৰ জীৱন। |
14 |
পাপীবোৰৰ পথ অনুসৰণ নকৰিবা, আৰু যিসকলে দুষ্টকৰ্ম কৰে, তেওঁলোকৰ পথত নাযাবা। |
15 |
তেওঁলোকৰ পৰা দূৰত থাকিবা, সেই পথত নাযাবা, সেই পথৰ পৰা ঘূৰি আহাঁ, আৰু অন্য পথত যোৱা; |
16 |
কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে। |
17 |
কাৰণ তেওঁলোকে দুষ্টতাৰূপ পিঠা ভোজন কৰে, আৰু উপদ্ৰৱৰূপ দ্ৰাক্ষাৰস পান কৰে। |
18 |
ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে, সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে। |
19 |
দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে। |
20 |
হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা। |
21 |
সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা। |
22 |
কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ, আৰু তেওঁলোকৰ সৰ্ব্বশৰীৰলৈ সুস্বাস্থ্যস্বৰূপ। |
23 |
সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়। |
24 |
তোমাৰ মুখৰ পৰা কটুকথা দূৰ কৰা, আৰু নৈতিকতাহীন কথা তোমাৰ পৰা দূৰ কৰা। |
25 |
তোমাৰ চকুৱে সন্মুখলৈ চাওক, আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা। |
26 |
তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা, তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব। |
27 |
সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা, মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।”
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
প্রবচন 4:1 |
প্রবচন 4:2 |
প্রবচন 4:3 |
প্রবচন 4:4 |
প্রবচন 4:5 |
প্রবচন 4:6 |
প্রবচন 4:7 |
প্রবচন 4:8 |
প্রবচন 4:9 |
প্রবচন 4:10 |
প্রবচন 4:11 |
প্রবচন 4:12 |
প্রবচন 4:13 |
প্রবচন 4:14 |
প্রবচন 4:15 |
প্রবচন 4:16 |
প্রবচন 4:17 |
প্রবচন 4:18 |
প্রবচন 4:19 |
প্রবচন 4:20 |
প্রবচন 4:21 |
প্রবচন 4:22 |
প্রবচন 4:23 |
প্রবচন 4:24 |
প্রবচন 4:25 |
প্রবচন 4:26 |
প্রবচন 4:27 |
|
|
|
|
|
|
প্রবচন 1 / প্রবচ 1 |
প্রবচন 2 / প্রবচ 2 |
প্রবচন 3 / প্রবচ 3 |
প্রবচন 4 / প্রবচ 4 |
প্রবচন 5 / প্রবচ 5 |
প্রবচন 6 / প্রবচ 6 |
প্রবচন 7 / প্রবচ 7 |
প্রবচন 8 / প্রবচ 8 |
প্রবচন 9 / প্রবচ 9 |
প্রবচন 10 / প্রবচ 10 |
প্রবচন 11 / প্রবচ 11 |
প্রবচন 12 / প্রবচ 12 |
প্রবচন 13 / প্রবচ 13 |
প্রবচন 14 / প্রবচ 14 |
প্রবচন 15 / প্রবচ 15 |
প্রবচন 16 / প্রবচ 16 |
প্রবচন 17 / প্রবচ 17 |
প্রবচন 18 / প্রবচ 18 |
প্রবচন 19 / প্রবচ 19 |
প্রবচন 20 / প্রবচ 20 |
প্রবচন 21 / প্রবচ 21 |
প্রবচন 22 / প্রবচ 22 |
প্রবচন 23 / প্রবচ 23 |
প্রবচন 24 / প্রবচ 24 |
প্রবচন 25 / প্রবচ 25 |
প্রবচন 26 / প্রবচ 26 |
প্রবচন 27 / প্রবচ 27 |
প্রবচন 28 / প্রবচ 28 |
প্রবচন 29 / প্রবচ 29 |
প্রবচন 30 / প্রবচ 30 |
প্রবচন 31 / প্রবচ 31 |