1 |
যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব। |
2 |
সৎ কাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে। কিন্তু যেতিয়া এজন দুষ্টলোক শাসনকৰ্ত্তা হয়, তেতিয়া লোকসকল বিৰক্তি পায়। |
3 |
যি জনে প্ৰজ্ঞাক ভাল পায়, সেই জনে নিজৰ পিতৃক আনন্দিত কৰে; কিন্তু যি কোনোৱে বেশ্যাসকলৰ সৈতে সঙ্গী হয়, তেওঁ নিজৰ ধন-সম্পত্তি অপব্যয় কৰে। |
4 |
ৰজাই ন্যায় বিচাৰ কৰাৰ দ্বাৰাই দেশ প্রতিষ্ঠা কৰে; কিন্তু যিজনে উপহাৰ দাবী কৰে, সেই জনে দেশ নষ্ট কৰে। |
5 |
যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে, তেওঁ নিজৰ ভৰিলৈ জাল পাতে। |
6 |
দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফান্দত পৰে; কিন্তু সৎ কাৰ্য কৰে, সেই জনে হৰ্ষিত মনেৰে গীত গায়। |
7 |
ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে; কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়। |
8 |
নিন্দক লোকে নগৰত জুই জ্বলাই; কিন্তু যি সকল জ্ঞানী, তেওঁলোকে ক্ৰোধৰ পৰা আঁতৰি থাকে। |
9 |
যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়, তেতিয়া তেওঁ ক্রোধিত হৈ হাঁহে, আৰু কোনো শান্তি লাভ নকৰে। |
10 |
নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে; কিন্তু সৰল লোকসকলৰ প্রাণ বিচাৰি ফুৰে। |
11 |
অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে। |
12 |
যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়। |
13 |
দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়; আৰু যিহোৱাই দুয়ো জনৰ চকুত পোহৰ দিয়ে। |
14 |
যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে, তেতিয়া তেওঁৰ সিংহাসন চিৰকালৰ বাবে প্রতিষ্ঠিত হয়। |
15 |
চেকনী আৰু দোষাৰোপে প্ৰজ্ঞা দিয়ে; কিন্তু শাসন নকৰা সন্তানে নিজৰ মাতৃক লাজ দিয়ে। |
16 |
যেতিয়া দুষ্টলোক বৃদ্ধি হয়, তেতিয়া অপৰাধো বৃদ্ধি হয়; কিন্তু যি সকলে ন্যায় কাৰ্য কৰে, তেওঁলোকে তেওঁলোকৰ পতন দেখা পাই। |
17 |
তোমাৰ সন্তানক অনুশাসন কৰা; তাতে তেওঁ তোমাক শান্তি দিব, আৰু তোমাৰ প্ৰাণক আনন্দিত কৰিব। |
18 |
যি ঠাইত ভবিষ্য দৰ্শনৰ অভাৱ থাকে, তাত লোকসকল অবাধ্য হয়; কিন্তু যিজনে বিধান পালন কৰে, সেই জন সুখী হয়। |
19 |
কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি; যদিও তেওঁ বুজি পায়, তথাপিও তেওঁ প্রতিক্রিয়া নকৰে। |
20 |
দ্রুতগতিত কথা কোৱা লোকক চোৱা; তেওঁতকৈ অজ্ঞানী লোকৰ অধিক আশা আছে। |
21 |
যি জনে নিজৰ দাসক যৌৱন কালৰে পৰা প্রশ্রয় দিয়ে, ইয়াৰ কাৰণে সেই দাসে শেষত সমস্যাত পেলায়। |
22 |
ক্রোধি লোকে বিবাদ সৃষ্টি কৰে, আৰু ক্ৰোধেৰে পৰিচালিত লোকে অধিক পাপ কৰে। |
23 |
মানুহৰ অহঙ্কাৰে তেওঁক নত কৰায়; কিন্তু যিজনৰ নম্ৰ গুণ থাকে, তেওঁক সন্মান দিয়া হ’ব। |
24 |
যি জনে চোৰৰ সৈতে অংশীদাৰ হয়, সেই জনে নিজৰ প্ৰাণক ঘিণ কৰে; শাও দিয়া শুনিও তেওঁ একো নকয়। |
25 |
মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে; কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে। |
26 |
অনেক লোকে শাসনকৰ্ত্তাৰ অনুগ্ৰহ বিচাৰে; কিন্তু তেওঁৰ বাবে যিহোৱাৰ পৰাহে ন্যায় আহে। |
27 |
অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়; কিন্তু ন্যায়পৰায়ণ লোকৰ পথ দুষ্ট লোকৰ বাবে ঘৃণনীয়।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
প্রবচন 29:1 |
প্রবচন 29:2 |
প্রবচন 29:3 |
প্রবচন 29:4 |
প্রবচন 29:5 |
প্রবচন 29:6 |
প্রবচন 29:7 |
প্রবচন 29:8 |
প্রবচন 29:9 |
প্রবচন 29:10 |
প্রবচন 29:11 |
প্রবচন 29:12 |
প্রবচন 29:13 |
প্রবচন 29:14 |
প্রবচন 29:15 |
প্রবচন 29:16 |
প্রবচন 29:17 |
প্রবচন 29:18 |
প্রবচন 29:19 |
প্রবচন 29:20 |
প্রবচন 29:21 |
প্রবচন 29:22 |
প্রবচন 29:23 |
প্রবচন 29:24 |
প্রবচন 29:25 |
প্রবচন 29:26 |
প্রবচন 29:27 |
|
|
|
|
|
|
প্রবচন 1 / প্রবচ 1 |
প্রবচন 2 / প্রবচ 2 |
প্রবচন 3 / প্রবচ 3 |
প্রবচন 4 / প্রবচ 4 |
প্রবচন 5 / প্রবচ 5 |
প্রবচন 6 / প্রবচ 6 |
প্রবচন 7 / প্রবচ 7 |
প্রবচন 8 / প্রবচ 8 |
প্রবচন 9 / প্রবচ 9 |
প্রবচন 10 / প্রবচ 10 |
প্রবচন 11 / প্রবচ 11 |
প্রবচন 12 / প্রবচ 12 |
প্রবচন 13 / প্রবচ 13 |
প্রবচন 14 / প্রবচ 14 |
প্রবচন 15 / প্রবচ 15 |
প্রবচন 16 / প্রবচ 16 |
প্রবচন 17 / প্রবচ 17 |
প্রবচন 18 / প্রবচ 18 |
প্রবচন 19 / প্রবচ 19 |
প্রবচন 20 / প্রবচ 20 |
প্রবচন 21 / প্রবচ 21 |
প্রবচন 22 / প্রবচ 22 |
প্রবচন 23 / প্রবচ 23 |
প্রবচন 24 / প্রবচ 24 |
প্রবচন 25 / প্রবচ 25 |
প্রবচন 26 / প্রবচ 26 |
প্রবচন 27 / প্রবচ 27 |
প্রবচন 28 / প্রবচ 28 |
প্রবচন 29 / প্রবচ 29 |
প্রবচন 30 / প্রবচ 30 |
প্রবচন 31 / প্রবচ 31 |