1 |
দায়ূদৰ পুত্র চলোমন, ইস্রায়েলৰ ৰজা আছিল। চলোমনৰ নীতিবচন। |
2 |
প্রজ্ঞা আৰু শিক্ষা লাভ কৰিবলৈ, সূক্ষ্মদৃষ্টিৰে বাক্য শিকোৱা, |
3 |
সংশোধন গ্রহণ কৰা, তেতিয়া তুমি সত্য, ন্যায়পৰায়ণ, আৰু যথাৰ্থতাত জীয়াই থাকিব পাৰিবা। |
4 |
যিসকলক শিক্ষা দিয়া হোৱা নাই, তেওঁলোকক প্রজ্ঞা দান কৰা; আৰু যুৱক সকলক জ্ঞান আৰু বিবেচনা দিয়া। |
5 |
জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা; |
6 |
যাতে নীতিবচন আৰু বাণী, জ্ঞানীলোকৰ বাক্য আৰু তেওঁলোকৰ নিগূঢ়তত্ব বুজিব পাৰে। |
7 |
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে। |
8 |
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা, আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা; |
9 |
তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব, আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব। |
10 |
হে মোৰ পুত্র, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্রলোভিত কৰে, তেওঁলোকক অনুসৰণ নকৰিবা। |
11 |
তেওঁলোকে যদি কয়, “আমাৰ লগত আহাঁ, আমি ৰক্তপাত কৰিবলৈ খাপ দি থাকোঁ; বিনা কাৰণে নিৰ্দ্দোষী লোকক আক্রমণ কৰিবলৈ লুকাই থাকোঁহক। |
12 |
আহাঁ আমি চিয়োলৰ দৰে স্বাস্থ্যৱান লোকসকলক জীয়াই জীয়াই গিলি পেলাওঁ, আৰু তেওঁলোকক গাতত পৰি থকা লোকৰ দৰে কৰোঁহক। |
13 |
আমি সকলো বিধৰ বহুমুল্য বস্তু বিচাৰিম, আৰু অন্য লোকৰ পৰা লুট কৰা বস্তুৰে আমাৰ ঘৰবোৰ পৰিপূৰ্ণ কৰিম। |
14 |
তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা, আমাৰ সকলোৰে এখনেই মোনা হ’ব।” |
15 |
হে মোৰ পুত্র, তেওঁলোকৰ পথত তুমি নাযাবা; তেওঁলোকৰ পথত তোমাৰ খোজ নিদিবা। |
16 |
তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে। |
17 |
যি সময়ত চৰাইয়ে চাই থাকে; সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা। |
18 |
সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে; তেওঁলোকে নিজেই নিজৰ বাবে ফাঁন্দ পাতে। |
19 |
সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়। |
20 |
প্রজ্ঞাই পথত চিঞৰি ক্রন্দন কৰে, তেওঁ মুকলি ঠাইত উচ্চস্বৰে কথা কয়। |
21 |
তেওঁ কোলাহলপূৰ্ণ ঘাই পথত ক্রন্দন কৰে, নগৰৰ প্রবেশ দুৱাৰত তেওঁ কয়, |
22 |
“হে প্রজ্ঞা নথকা লোকসকল, কিমান দিন তোমালোকে নুবুজা কথাবোৰ ভাল পাই থাকিবা? হে নিন্দকসকল কিমান দিন তোমালোকে নিন্দা কৰি সন্তুষ্ট হবা? আৰু হে অজ্ঞানীসকল কিমান দিন জ্ঞানক ঘিণ কৰিবা? |
23 |
মোৰ অনুযোগলৈ মনোযোগ দিয়া; মই তোমালোকৰ ওপৰত মোৰ চিন্তাধাৰা বাকি দিম, মই মোৰ কথা তোমালোকক জানিবলৈ দিম। |
24 |
মই মাতিলোঁ, আৰু তোমালোকে শুনিবলৈ অমান্তি হলা; মই মোৰ হাত মেলিলোঁ, কিন্তু কোনেও মনযোগ নিদিলা। |
25 |
কিন্তু তোমালোকে মোৰ সকলো পৰামৰ্শ উপেক্ষা কৰিলা; আৰু মোৰ দোষাৰোপলৈ মনোযোগ নিদিলা। |
26 |
তোমালোকৰ দুৰ্যোগৰ সময়ত মই হাঁহিম, আৰু যেতিয়া তোমালোকলৈ সন্ত্রাস আহিব, তেতিয়া মই ঠাট্টা কৰিম। |
27 |
যেতিয়া সন্ত্রাস ভয়ঙ্কৰ ধুমুহাৰ দৰে তোমালোকলৈ আহিব, আৰু বা’মাৰলিৰ দৰে তোমালোকৰ ওপৰত দুৰ্যোগ ঘটিব, যেতিয়া বেদনা আৰু ক্লেশ তোমালোকৰ ওপৰলৈ আহিব, |
28 |
তেতিয়া তেওঁলোকে মোৰ ওচৰত প্রাৰ্থনা কৰিব, কিন্তু মই উত্তৰ নিদিম, তেওঁলোকে নিদাৰুণভাবে মোক মাতিব, কিন্তু তেওঁলোকে মোক বিচাৰি নাপাব; |
29 |
কাৰণ তেওঁলোকে জ্ঞানক ঘিণ কৰে, আৰু যিহোৱাক তেওঁলোকে ভয় কৰিবলৈ ইচ্ছা নকৰে। |
30 |
তেওঁলোকে মোৰ আদেশ অনুসৰণ নকৰে, আৰু তেওঁলোকে মোৰ সকলো শাসন প্রণালী হেয়জ্ঞান কৰে। |
31 |
তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব, তেওঁলোকে নিজৰ পৰিকল্পনাৰ ফলেৰে পৰিপূৰ্ণ হ’ব। |
32 |
অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়। মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব। |
33 |
কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব, আৰু দুৰ্যোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত হৈ জিৰণী ল’ব।”
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
প্রবচন 1:1 |
প্রবচন 1:2 |
প্রবচন 1:3 |
প্রবচন 1:4 |
প্রবচন 1:5 |
প্রবচন 1:6 |
প্রবচন 1:7 |
প্রবচন 1:8 |
প্রবচন 1:9 |
প্রবচন 1:10 |
প্রবচন 1:11 |
প্রবচন 1:12 |
প্রবচন 1:13 |
প্রবচন 1:14 |
প্রবচন 1:15 |
প্রবচন 1:16 |
প্রবচন 1:17 |
প্রবচন 1:18 |
প্রবচন 1:19 |
প্রবচন 1:20 |
প্রবচন 1:21 |
প্রবচন 1:22 |
প্রবচন 1:23 |
প্রবচন 1:24 |
প্রবচন 1:25 |
প্রবচন 1:26 |
প্রবচন 1:27 |
প্রবচন 1:28 |
প্রবচন 1:29 |
প্রবচন 1:30 |
প্রবচন 1:31 |
প্রবচন 1:32 |
প্রবচন 1:33 |
|
|
|
|
|
|
প্রবচন 1 / প্রবচ 1 |
প্রবচন 2 / প্রবচ 2 |
প্রবচন 3 / প্রবচ 3 |
প্রবচন 4 / প্রবচ 4 |
প্রবচন 5 / প্রবচ 5 |
প্রবচন 6 / প্রবচ 6 |
প্রবচন 7 / প্রবচ 7 |
প্রবচন 8 / প্রবচ 8 |
প্রবচন 9 / প্রবচ 9 |
প্রবচন 10 / প্রবচ 10 |
প্রবচন 11 / প্রবচ 11 |
প্রবচন 12 / প্রবচ 12 |
প্রবচন 13 / প্রবচ 13 |
প্রবচন 14 / প্রবচ 14 |
প্রবচন 15 / প্রবচ 15 |
প্রবচন 16 / প্রবচ 16 |
প্রবচন 17 / প্রবচ 17 |
প্রবচন 18 / প্রবচ 18 |
প্রবচন 19 / প্রবচ 19 |
প্রবচন 20 / প্রবচ 20 |
প্রবচন 21 / প্রবচ 21 |
প্রবচন 22 / প্রবচ 22 |
প্রবচন 23 / প্রবচ 23 |
প্রবচন 24 / প্রবচ 24 |
প্রবচন 25 / প্রবচ 25 |
প্রবচন 26 / প্রবচ 26 |
প্রবচন 27 / প্রবচ 27 |
প্রবচন 28 / প্রবচ 28 |
প্রবচন 29 / প্রবচ 29 |
প্রবচন 30 / প্রবচ 30 |
প্রবচন 31 / প্রবচ 31 |