1 |
তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৰৌণৰ আগত মই তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায়েৰা হাৰোণ তোমাৰ ভাববাদী হ’ব। |
2 |
মই তোমাক যি আজ্ঞা দিওঁ, সেই সকলোকে তুমি ক’বা; তাতে ফৰৌণে ইস্ৰায়েলী লোক সকলক নিজৰ দেশৰ পৰা যাবৰ বাবে এৰি দিবলৈ, তোমাৰ ককায়েৰ হাৰোণে সেই সকলো কথা ফৰৌণক ক’ব। |
3 |
কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম। |
4 |
তথাপিও ফৰৌণে তোমালোকৰ কথা নুশুনিব। সেয়ে মই মিচৰৰ ওপৰত আঘাত কৰিম, আৰু মোৰ ইস্ৰায়েলী লোকসকল, যুদ্ধাৰু দল, ইস্রায়েলৰ বংশধৰ সকলক দণ্ডৰ পৰাক্রমী কাৰ্য কৰি মিচৰ দেশৰ পৰা উলিয়াই আনিম। |
5 |
মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে মিচৰীয়া সকলে জানিব পাৰিব।” |
6 |
মোচি আৰু হাৰোণে সেইদৰে কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে। |
7 |
তেওঁলোকে যেতিয়া ফৰৌণৰ লগত কথা পাতিছিল, তেতিয়া মোচিৰ আশী বছৰ আৰু হাৰোণৰ তিৰাশী বছৰ বয়স হৈছিল। |
8 |
যিহোৱাই মোচি আৰু হাৰোণক ক’লে, |
9 |
“যেতিয়া ফৰৌণে তোমালোকক ক’ব, তোমালোকে কোনো এটা আচৰিত কাৰ্য কৰি দেখুউৱা, তেতিয়া তুমি হাৰোণক ক’বা যে, তোমাৰ লাখুটি সাপ হ’বৰ বাবে, লাখুটিডাল ফৌৰণৰ সন্মুখত পেলোৱা।” |
10 |
তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল। |
11 |
তেতিয়া ফৰৌণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। |
12 |
তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ লাখুটি তলত পেলাই দিলে, আৰু সেইবোৰো সাপ হ’ল। কিন্তু হাৰোণৰ লাখুটিয়ে তেওঁলোকৰ সাপবোৰ গিলি পেলালে। |
13 |
তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে। |
14 |
যিহোৱাই মোচিক ক’লে, “ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ লোকসকলক এৰি দিবলৈ অমান্তি হৈছে। |
15 |
ৰাতিপুৱা যেতিয়া ফৰৌণে পানীৰ ওচৰলৈ যায়, সেই সময়ত তুমি তেওঁৰ ওচৰলৈ যাবা। তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ পাৰত থিয় হৈ থাকিবা; আৰু যি লাখুটিডাল সাপ হৈছিল, সেই লাখুটি ডালো তোমাৰ হাতত ল’বা। |
16 |
তুমি তেওঁক ক’বা, ‘ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই আপোনাৰ ওচৰলৈ মোক ক’বলৈ পঠিয়াইছে, “মৰুভূমিত ঈশ্বৰৰ আৰধনা কৰিবৰ অৰ্থে ঈশ্বৰৰ লোক সকলক যাবলৈ দিয়ক। কিন্তু আপুনি এতিয়ালৈকে শুনা নাই।” |
17 |
যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব। |
18 |
তেতিয়া নদীত থকা মাছবোৰ মৰিব, আৰু নদী দুৰ্গন্ধময় হ’ব। দুৰ্গন্ধময় পানী হোৱাৰ বাবে মিচৰীয়া সকলে নদীৰ পানী খাব নোৱাৰিব’।” |
19 |
তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।” |
20 |
তেতিয়া মোচি আৰু হাৰোণে যিহোৱাই আজ্ঞা দিয়াৰ দৰেই সেই কাৰ্য কৰিলে। হাৰোণে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত নদীৰ পানীত লাখুটি দাঙি প্ৰহাৰ কৰিলে; তেতিয়া নদীৰ সকলো পানী তেজ হ’ল। |
21 |
নদীৰ মাছবোৰ মৰিল, আৰু নদী দুৰ্গন্ধময় হ’ল। মিচৰীয়া লোক সকলে নদীৰ পানী খাব নোৱাৰিলে; আৰু সেই তেজ মিচৰ দেশৰ সকলো ঠাইতে হ’ল। |
22 |
কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল। |
23 |
তাৰ পাছত ফৰৌণে সেই আচৰিত কাৰ্যলৈ মনযোগ নিদি, নিজৰ ঘৰলৈ উভটি গ’ল। |
24 |
সকলো মিচৰীয়া লোকে খোৱা পানীৰ বাবে নদীৰ চাৰিওফালে গাত খানিলে; কিন্তু সেই পানীও নদীৰ পানী দৰে হোৱা বাবে তেওঁলোকে খাব নোৱাৰিলে। |
25 |
যিহোৱাই নদী প্ৰহাৰ কৰা সাত দিন পূৰ হ’ল।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
যাত্রাপুস্তক 7:1 |
যাত্রাপুস্তক 7:2 |
যাত্রাপুস্তক 7:3 |
যাত্রাপুস্তক 7:4 |
যাত্রাপুস্তক 7:5 |
যাত্রাপুস্তক 7:6 |
যাত্রাপুস্তক 7:7 |
যাত্রাপুস্তক 7:8 |
যাত্রাপুস্তক 7:9 |
যাত্রাপুস্তক 7:10 |
যাত্রাপুস্তক 7:11 |
যাত্রাপুস্তক 7:12 |
যাত্রাপুস্তক 7:13 |
যাত্রাপুস্তক 7:14 |
যাত্রাপুস্তক 7:15 |
যাত্রাপুস্তক 7:16 |
যাত্রাপুস্তক 7:17 |
যাত্রাপুস্তক 7:18 |
যাত্রাপুস্তক 7:19 |
যাত্রাপুস্তক 7:20 |
যাত্রাপুস্তক 7:21 |
যাত্রাপুস্তক 7:22 |
যাত্রাপুস্তক 7:23 |
যাত্রাপুস্তক 7:24 |
যাত্রাপুস্তক 7:25 |
|
|
|
|
|
|
যাত্রাপুস্তক 1 / যাত্রা 1 |
যাত্রাপুস্তক 2 / যাত্রা 2 |
যাত্রাপুস্তক 3 / যাত্রা 3 |
যাত্রাপুস্তক 4 / যাত্রা 4 |
যাত্রাপুস্তক 5 / যাত্রা 5 |
যাত্রাপুস্তক 6 / যাত্রা 6 |
যাত্রাপুস্তক 7 / যাত্রা 7 |
যাত্রাপুস্তক 8 / যাত্রা 8 |
যাত্রাপুস্তক 9 / যাত্রা 9 |
যাত্রাপুস্তক 10 / যাত্রা 10 |
যাত্রাপুস্তক 11 / যাত্রা 11 |
যাত্রাপুস্তক 12 / যাত্রা 12 |
যাত্রাপুস্তক 13 / যাত্রা 13 |
যাত্রাপুস্তক 14 / যাত্রা 14 |
যাত্রাপুস্তক 15 / যাত্রা 15 |
যাত্রাপুস্তক 16 / যাত্রা 16 |
যাত্রাপুস্তক 17 / যাত্রা 17 |
যাত্রাপুস্তক 18 / যাত্রা 18 |
যাত্রাপুস্তক 19 / যাত্রা 19 |
যাত্রাপুস্তক 20 / যাত্রা 20 |
যাত্রাপুস্তক 21 / যাত্রা 21 |
যাত্রাপুস্তক 22 / যাত্রা 22 |
যাত্রাপুস্তক 23 / যাত্রা 23 |
যাত্রাপুস্তক 24 / যাত্রা 24 |
যাত্রাপুস্তক 25 / যাত্রা 25 |
যাত্রাপুস্তক 26 / যাত্রা 26 |
যাত্রাপুস্তক 27 / যাত্রা 27 |
যাত্রাপুস্তক 28 / যাত্রা 28 |
যাত্রাপুস্তক 29 / যাত্রা 29 |
যাত্রাপুস্তক 30 / যাত্রা 30 |
যাত্রাপুস্তক 31 / যাত্রা 31 |
যাত্রাপুস্তক 32 / যাত্রা 32 |
যাত্রাপুস্তক 33 / যাত্রা 33 |
যাত্রাপুস্তক 34 / যাত্রা 34 |
যাত্রাপুস্তক 35 / যাত্রা 35 |
যাত্রাপুস্তক 36 / যাত্রা 36 |
যাত্রাপুস্তক 37 / যাত্রা 37 |
যাত্রাপুস্তক 38 / যাত্রা 38 |
যাত্রাপুস্তক 39 / যাত্রা 39 |
যাত্রাপুস্তক 40 / যাত্রা 40 |