1 |
ঈশ্বৰে এই সকলো কথা ক’লে: |
2 |
“মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই। |
3 |
মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক। |
4 |
তোমালোকে নিজৰ বাবে, স্বৰ্গত থকা, অথবা পৃথিবীত থকা, বা পানীৰ তলত থকা কোনো আকৃতিৰ মূৰ্ত্তি নাসাজিবা। |
5 |
সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ। |
6 |
কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাও। |
7 |
তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নাম অনৰ্থকৰূপে নলবা; কিয়নো, যি কোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দ্দোষী নকৰিব। |
8 |
মোৰ উদ্দেশ্যে বিশ্ৰাম-দিন সোঁৱৰণ কৰি পবিত্ৰ কৰিবা। |
9 |
ছয় দিন পৰিশ্ৰম কৰি তোমালোকে সকলো কাৰ্য কৰিবা। |
10 |
কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন। সেই দিনা তোমালোকে, অথবা তোমালোকৰ পুত্র, ছোৱালী, বা তোমালোকৰ দাস, বা দাসী, বা তোমালোকৰ পশু, বা তোমালোকৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা। |
11 |
কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ। |
12 |
তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা। |
13 |
নৰ-বধ নকৰিবা। |
14 |
কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা। |
15 |
কাৰো পৰা চুৰ নকৰিবা। |
16 |
তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা। |
17 |
তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।” |
18 |
তেতিয়া লোকসকলে মেঘ-গৰ্জ্জন, বিজুলী, শিঙাধ্বনি, আৰু পৰ্ব্বত ধোঁৱাময় হোৱা দেখিলে। লোকসকলে এইদৰে হোৱা দেখি ভয়ত কম্পমান হৈ তেওঁলোক দূৰত থিয় হ’ল। |
19 |
তেওঁলোকে মোচিক ক’লে, “আপুনিয়ে আমাক কথা কওক; আমি শুনিম। কিন্তু আমাৰ সৈতে ঈশ্বৰক কথা ক’বলৈ নিদিব, নহ’লে আমি মৰিম।” |
20 |
তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ভয় নকৰিব; আপোনালোকে যেন ঈশ্বৰলৈ ভয়ভক্তি ৰাখে আৰু পাপ নকৰে, সেই বাবে আপোনালোকক পৰীক্ষা কৰিবলৈ তেওঁ আপোনালোকৰ ওচৰলৈ আহিল।” |
21 |
সেয়ে লোকসকল দূৰত থিয় হৈ আছিল; কিন্তু মোচিয়ে যি ঠাইত ঈশ্বৰ আছিল, সেই ঘোৰ অন্ধকাৰৰ ফালে গতি কৰিলে। |
22 |
যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কবা: ‘মই যে স্বৰ্গৰ পৰা তোমালোকৰ সৈতে কথা পাতিলোঁ, তোমালোকে নিজেই তাক দেখিলা। |
23 |
তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা। |
24 |
তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা, আৰু তাৰ ওপৰতে তোমালোকৰ হোম-বলি, সমজুৱা বলি, মেৰ-ছাগ, আৰু ষাঁড়গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱম্বানিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্ব্বাদ কৰিম। |
25 |
তুমি যদি মোৰ অৰ্থে শিলৰ যজ্ঞবেদী নিৰ্মাণ কৰা, তেনেহলে তুমি সেই বেদী কটা-শিলেৰে নিৰ্মাণ নকৰিবা; কাৰণ তাৰ ওপৰত যদি তুমি তোমাৰ অস্ত্ৰ লগোৱা, তেন্তে তুমি তাক অপবিত্ৰহে কৰিবা। |
26 |
তোমাৰ গোপনীয় অংশ যেন দেখা নাযায়, সেই বাবে মোৰ যজ্ঞবেদীলৈ তুমি খটখটিয়েদি নাযাবা’।”
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
যাত্রাপুস্তক 20:1 |
যাত্রাপুস্তক 20:2 |
যাত্রাপুস্তক 20:3 |
যাত্রাপুস্তক 20:4 |
যাত্রাপুস্তক 20:5 |
যাত্রাপুস্তক 20:6 |
যাত্রাপুস্তক 20:7 |
যাত্রাপুস্তক 20:8 |
যাত্রাপুস্তক 20:9 |
যাত্রাপুস্তক 20:10 |
যাত্রাপুস্তক 20:11 |
যাত্রাপুস্তক 20:12 |
যাত্রাপুস্তক 20:13 |
যাত্রাপুস্তক 20:14 |
যাত্রাপুস্তক 20:15 |
যাত্রাপুস্তক 20:16 |
যাত্রাপুস্তক 20:17 |
যাত্রাপুস্তক 20:18 |
যাত্রাপুস্তক 20:19 |
যাত্রাপুস্তক 20:20 |
যাত্রাপুস্তক 20:21 |
যাত্রাপুস্তক 20:22 |
যাত্রাপুস্তক 20:23 |
যাত্রাপুস্তক 20:24 |
যাত্রাপুস্তক 20:25 |
যাত্রাপুস্তক 20:26 |
|
|
|
|
|
|
যাত্রাপুস্তক 1 / যাত্রা 1 |
যাত্রাপুস্তক 2 / যাত্রা 2 |
যাত্রাপুস্তক 3 / যাত্রা 3 |
যাত্রাপুস্তক 4 / যাত্রা 4 |
যাত্রাপুস্তক 5 / যাত্রা 5 |
যাত্রাপুস্তক 6 / যাত্রা 6 |
যাত্রাপুস্তক 7 / যাত্রা 7 |
যাত্রাপুস্তক 8 / যাত্রা 8 |
যাত্রাপুস্তক 9 / যাত্রা 9 |
যাত্রাপুস্তক 10 / যাত্রা 10 |
যাত্রাপুস্তক 11 / যাত্রা 11 |
যাত্রাপুস্তক 12 / যাত্রা 12 |
যাত্রাপুস্তক 13 / যাত্রা 13 |
যাত্রাপুস্তক 14 / যাত্রা 14 |
যাত্রাপুস্তক 15 / যাত্রা 15 |
যাত্রাপুস্তক 16 / যাত্রা 16 |
যাত্রাপুস্তক 17 / যাত্রা 17 |
যাত্রাপুস্তক 18 / যাত্রা 18 |
যাত্রাপুস্তক 19 / যাত্রা 19 |
যাত্রাপুস্তক 20 / যাত্রা 20 |
যাত্রাপুস্তক 21 / যাত্রা 21 |
যাত্রাপুস্তক 22 / যাত্রা 22 |
যাত্রাপুস্তক 23 / যাত্রা 23 |
যাত্রাপুস্তক 24 / যাত্রা 24 |
যাত্রাপুস্তক 25 / যাত্রা 25 |
যাত্রাপুস্তক 26 / যাত্রা 26 |
যাত্রাপুস্তক 27 / যাত্রা 27 |
যাত্রাপুস্তক 28 / যাত্রা 28 |
যাত্রাপুস্তক 29 / যাত্রা 29 |
যাত্রাপুস্তক 30 / যাত্রা 30 |
যাত্রাপুস্তক 31 / যাত্রা 31 |
যাত্রাপুস্তক 32 / যাত্রা 32 |
যাত্রাপুস্তক 33 / যাত্রা 33 |
যাত্রাপুস্তক 34 / যাত্রা 34 |
যাত্রাপুস্তক 35 / যাত্রা 35 |
যাত্রাপুস্তক 36 / যাত্রা 36 |
যাত্রাপুস্তক 37 / যাত্রা 37 |
যাত্রাপুস্তক 38 / যাত্রা 38 |
যাত্রাপুস্তক 39 / যাত্রা 39 |
যাত্রাপুস্তক 40 / যাত্রা 40 |