A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

সামসঙ্গীত 69



1
হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা; কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ।
2
মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই; গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।
3
মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল; মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।
4
অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক; অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী; মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।
5
হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা; আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।
6
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে; হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।
7
তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে; তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।
8
মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ; তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে।
9
কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।
10
যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ; তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।
11
যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ; তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ।
12
নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে; মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।
13
কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা; তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।
14
বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা; মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।
15
ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক; আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক।
16
হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম; তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।
17
তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা; কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।
18
তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা; মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।
19
মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা; মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।
20
তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।
21
তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।
22
তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব; আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব ।
23
তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক; তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।
24
তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা; তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।
25
তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।
26
কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা; তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।
27
তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া; তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।
28
জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।
29
কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো; হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।
30
মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।
31
তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম; নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।
32
নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব; হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।
33
কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।
34
আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক; সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।
35
কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।
36
তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব; তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।











সামসঙ্গীত 69:1
সামসঙ্গীত 69:2
সামসঙ্গীত 69:3
সামসঙ্গীত 69:4
সামসঙ্গীত 69:5
সামসঙ্গীত 69:6
সামসঙ্গীত 69:7
সামসঙ্গীত 69:8
সামসঙ্গীত 69:9
সামসঙ্গীত 69:10
সামসঙ্গীত 69:11
সামসঙ্গীত 69:12
সামসঙ্গীত 69:13
সামসঙ্গীত 69:14
সামসঙ্গীত 69:15
সামসঙ্গীত 69:16
সামসঙ্গীত 69:17
সামসঙ্গীত 69:18
সামসঙ্গীত 69:19
সামসঙ্গীত 69:20
সামসঙ্গীত 69:21
সামসঙ্গীত 69:22
সামসঙ্গীত 69:23
সামসঙ্গীত 69:24
সামসঙ্গীত 69:25
সামসঙ্গীত 69:26
সামসঙ্গীত 69:27
সামসঙ্গীত 69:28
সামসঙ্গীত 69:29
সামসঙ্গীত 69:30
সামসঙ্গীত 69:31
সামসঙ্গীত 69:32
সামসঙ্গীত 69:33
সামসঙ্গীত 69:34
সামসঙ্গীত 69:35
সামসঙ্গীত 69:36






সামসঙ্গীত 1 / সামস 1
সামসঙ্গীত 2 / সামস 2
সামসঙ্গীত 3 / সামস 3
সামসঙ্গীত 4 / সামস 4
সামসঙ্গীত 5 / সামস 5
সামসঙ্গীত 6 / সামস 6
সামসঙ্গীত 7 / সামস 7
সামসঙ্গীত 8 / সামস 8
সামসঙ্গীত 9 / সামস 9
সামসঙ্গীত 10 / সামস 10
সামসঙ্গীত 11 / সামস 11
সামসঙ্গীত 12 / সামস 12
সামসঙ্গীত 13 / সামস 13
সামসঙ্গীত 14 / সামস 14
সামসঙ্গীত 15 / সামস 15
সামসঙ্গীত 16 / সামস 16
সামসঙ্গীত 17 / সামস 17
সামসঙ্গীত 18 / সামস 18
সামসঙ্গীত 19 / সামস 19
সামসঙ্গীত 20 / সামস 20
সামসঙ্গীত 21 / সামস 21
সামসঙ্গীত 22 / সামস 22
সামসঙ্গীত 23 / সামস 23
সামসঙ্গীত 24 / সামস 24
সামসঙ্গীত 25 / সামস 25
সামসঙ্গীত 26 / সামস 26
সামসঙ্গীত 27 / সামস 27
সামসঙ্গীত 28 / সামস 28
সামসঙ্গীত 29 / সামস 29
সামসঙ্গীত 30 / সামস 30
সামসঙ্গীত 31 / সামস 31
সামসঙ্গীত 32 / সামস 32
সামসঙ্গীত 33 / সামস 33
সামসঙ্গীত 34 / সামস 34
সামসঙ্গীত 35 / সামস 35
সামসঙ্গীত 36 / সামস 36
সামসঙ্গীত 37 / সামস 37
সামসঙ্গীত 38 / সামস 38
সামসঙ্গীত 39 / সামস 39
সামসঙ্গীত 40 / সামস 40
সামসঙ্গীত 41 / সামস 41
সামসঙ্গীত 42 / সামস 42
সামসঙ্গীত 43 / সামস 43
সামসঙ্গীত 44 / সামস 44
সামসঙ্গীত 45 / সামস 45
সামসঙ্গীত 46 / সামস 46
সামসঙ্গীত 47 / সামস 47
সামসঙ্গীত 48 / সামস 48
সামসঙ্গীত 49 / সামস 49
সামসঙ্গীত 50 / সামস 50
সামসঙ্গীত 51 / সামস 51
সামসঙ্গীত 52 / সামস 52
সামসঙ্গীত 53 / সামস 53
সামসঙ্গীত 54 / সামস 54
সামসঙ্গীত 55 / সামস 55
সামসঙ্গীত 56 / সামস 56
সামসঙ্গীত 57 / সামস 57
সামসঙ্গীত 58 / সামস 58
সামসঙ্গীত 59 / সামস 59
সামসঙ্গীত 60 / সামস 60
সামসঙ্গীত 61 / সামস 61
সামসঙ্গীত 62 / সামস 62
সামসঙ্গীত 63 / সামস 63
সামসঙ্গীত 64 / সামস 64
সামসঙ্গীত 65 / সামস 65
সামসঙ্গীত 66 / সামস 66
সামসঙ্গীত 67 / সামস 67
সামসঙ্গীত 68 / সামস 68
সামসঙ্গীত 69 / সামস 69
সামসঙ্গীত 70 / সামস 70
সামসঙ্গীত 71 / সামস 71
সামসঙ্গীত 72 / সামস 72
সামসঙ্গীত 73 / সামস 73
সামসঙ্গীত 74 / সামস 74
সামসঙ্গীত 75 / সামস 75
সামসঙ্গীত 76 / সামস 76
সামসঙ্গীত 77 / সামস 77
সামসঙ্গীত 78 / সামস 78
সামসঙ্গীত 79 / সামস 79
সামসঙ্গীত 80 / সামস 80
সামসঙ্গীত 81 / সামস 81
সামসঙ্গীত 82 / সামস 82
সামসঙ্গীত 83 / সামস 83
সামসঙ্গীত 84 / সামস 84
সামসঙ্গীত 85 / সামস 85
সামসঙ্গীত 86 / সামস 86
সামসঙ্গীত 87 / সামস 87
সামসঙ্গীত 88 / সামস 88
সামসঙ্গীত 89 / সামস 89
সামসঙ্গীত 90 / সামস 90
সামসঙ্গীত 91 / সামস 91
সামসঙ্গীত 92 / সামস 92
সামসঙ্গীত 93 / সামস 93
সামসঙ্গীত 94 / সামস 94
সামসঙ্গীত 95 / সামস 95
সামসঙ্গীত 96 / সামস 96
সামসঙ্গীত 97 / সামস 97
সামসঙ্গীত 98 / সামস 98
সামসঙ্গীত 99 / সামস 99
সামসঙ্গীত 100 / সামস 100
সামসঙ্গীত 101 / সামস 101
সামসঙ্গীত 102 / সামস 102
সামসঙ্গীত 103 / সামস 103
সামসঙ্গীত 104 / সামস 104
সামসঙ্গীত 105 / সামস 105
সামসঙ্গীত 106 / সামস 106
সামসঙ্গীত 107 / সামস 107
সামসঙ্গীত 108 / সামস 108
সামসঙ্গীত 109 / সামস 109
সামসঙ্গীত 110 / সামস 110
সামসঙ্গীত 111 / সামস 111
সামসঙ্গীত 112 / সামস 112
সামসঙ্গীত 113 / সামস 113
সামসঙ্গীত 114 / সামস 114
সামসঙ্গীত 115 / সামস 115
সামসঙ্গীত 116 / সামস 116
সামসঙ্গীত 117 / সামস 117
সামসঙ্গীত 118 / সামস 118
সামসঙ্গীত 119 / সামস 119
সামসঙ্গীত 120 / সামস 120
সামসঙ্গীত 121 / সামস 121
সামসঙ্গীত 122 / সামস 122
সামসঙ্গীত 123 / সামস 123
সামসঙ্গীত 124 / সামস 124
সামসঙ্গীত 125 / সামস 125
সামসঙ্গীত 126 / সামস 126
সামসঙ্গীত 127 / সামস 127
সামসঙ্গীত 128 / সামস 128
সামসঙ্গীত 129 / সামস 129
সামসঙ্গীত 130 / সামস 130
সামসঙ্গীত 131 / সামস 131
সামসঙ্গীত 132 / সামস 132
সামসঙ্গীত 133 / সামস 133
সামসঙ্গীত 134 / সামস 134
সামসঙ্গীত 135 / সামস 135
সামসঙ্গীত 136 / সামস 136
সামসঙ্গীত 137 / সামস 137
সামসঙ্গীত 138 / সামস 138
সামসঙ্গীত 139 / সামস 139
সামসঙ্গীত 140 / সামস 140
সামসঙ্গীত 141 / সামস 141
সামসঙ্গীত 142 / সামস 142
সামসঙ্গীত 143 / সামস 143
সামসঙ্গীত 144 / সামস 144
সামসঙ্গীত 145 / সামস 145
সামসঙ্গীত 146 / সামস 146
সামসঙ্গীত 147 / সামস 147
সামসঙ্গীত 148 / সামস 148
সামসঙ্গীত 149 / সামস 149
সামসঙ্গীত 150 / সামস 150