1 |
ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ; যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে। |
2 |
ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে; যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে। |
3 |
তেওঁলোকে অন্যায় নকৰে, যিহোৱাৰ পথত চলে। |
4 |
তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা। |
5 |
ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক; মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰোঁ! |
6 |
যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম, তেতিয়া মই লজ্জিত নহ’ম। |
7 |
তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকোঁ, তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম। |
8 |
মই তোমাৰ বিধিবোৰ পালন কৰিম; মোক নিচেইকৈ পৰিত্যাগ নকৰিবা। |
9 |
যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে? তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে। |
10 |
মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ; তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা। |
11 |
তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো, যেন তোমাৰ অহিতে পাপ নকৰোঁ। |
12 |
ধন্য তুমি, হে যিহোৱা; মোক তোমাৰ বিধিবোৰ শিকোৱা। |
13 |
তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী, মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ; |
14 |
ধন-সম্পদত লোকে যিমান আনন্দ পায়, তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ। |
15 |
মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, তোমাৰ সকলো পথলৈ মনোযোগ দিম। |
16 |
মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম; মই তোমাৰ বাক্য নাপাহৰিম। |
17 |
তোমাৰ দাসলৈ প্রচুৰ মঙ্গল কৰা যাতে মই জীয়াই থাকো, আৰু তোমাৰ বাক্য পালন কৰিব পাৰোঁ। |
18 |
মোৰ চকু মুকলি কৰি দিয়া, যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ। |
19 |
মই পৃথিৱীত প্রবাসী মাথোন, তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা। |
20 |
সকলো সময়তে তোমাৰ শাসন-প্রণালীবোৰ জানিবলৈ, মোৰ প্রাণ আকাঙ্ক্ষাত ভগ্ন হৈছে। |
21 |
তুমি অহঙ্কাৰীবোৰক ধমক দিছা; তেওঁলোকতো শাপগ্ৰস্ত, তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে। |
22 |
তেওঁলোকৰ অপমান আৰু নিন্দা মোৰ পৰা দূৰ কৰা; কিয়নো মই তোমাৰ আজ্ঞাবোৰ পালন কৰি আহিছোঁ। |
23 |
যদি শাসনকর্তাসকলেও বহি মোৰ অহিতে কথা কয়, তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব। |
24 |
তোমাৰ আজ্ঞাবোৰ মোৰ আনন্দৰ বিষয়, সেইবোৰে মোক পৰামৰ্শ দিয়ে। |
25 |
মোৰ প্রাণ ধুলিত সংলগ্ন; তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা। |
26 |
মোৰ জীৱনৰ পথৰ কথা মই তোমাক জনালোঁ, আৰু তুমি মোক উত্তৰ দিলা। মোক তোমাৰ বিধিবোৰ শিকোঁৱা। |
27 |
তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া; তাতে মই তোমাৰ আচৰিত কাৰ্যবোৰ ধ্যান কৰিম। |
28 |
দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে; তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা। |
29 |
মোৰ পৰা মিছা কথাৰ পথ দূৰ কৰা; দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা। |
30 |
মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ; মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ। |
31 |
হে যিহোৱা, মই তোমাৰ আজ্ঞাবোৰত আসক্ত হৈছোঁ; তুমি মোক লজ্জিত হ’বলৈ নিদিবা। |
32 |
তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম, কাৰণ তুমি মোৰ হৃদয় মেলি দিলা। |
33 |
হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা; তাতে মই শেষলৈকে তাক পালন কৰিম। |
34 |
তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ, সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ। |
35 |
তোমাৰ আজ্ঞা- পথত মোক চলোৱা; কিয়নো তাতেই মই সন্তোষ পাওঁ। |
36 |
তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা, স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা। |
37 |
অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা। |
38 |
তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা; যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা। |
39 |
মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ; কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়। |
40 |
চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ; তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা। |
41 |
হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া; তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা। |
42 |
তেতিয়া মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম; কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ। |
43 |
তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা; কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে। |
44 |
যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম। |
45 |
মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ। |
46 |
তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম। |
47 |
তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ; কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ। |
48 |
তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ, কাৰণ মই সেইবোৰ ভাল পাওঁ; মই তোমাৰ বিধিবোৰ ধ্যান কৰিম। |
49 |
তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা। |
50 |
দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে। |
51 |
অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে; তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই। |
52 |
হে যিহোৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ, আৰু মই নিজে শান্ত্বনা লভো। |
53 |
দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে। |
54 |
মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে। |
55 |
হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ, আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ। |
56 |
এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলোঁ। |
57 |
যিহোৱা মোৰ অধিকাৰৰ অংশ; মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ। |
58 |
মই মোৰ সমস্ত চিত্তেৰে তোমাৰ অনুগ্ৰহ বিচাৰিছোঁ; তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা। |
59 |
মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলোঁ, আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ। |
60 |
মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলোঁ, পলম নকৰিলোঁ। |
61 |
যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছোঁ, তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ। |
62 |
তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তৱ কৰিবলৈ উঠো। |
63 |
যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী। |
64 |
হে যিহোৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ; মোক তোমাৰ বিধিবোৰ শিকোৱা। |
65 |
তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা; হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা। |
66 |
তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ। |
67 |
কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ। |
68 |
তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা; মোক তোমাৰ বিধিবোৰ শিকোৱা। |
69 |
অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে; কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ। |
70 |
তেওঁলোকৰ হৃদয়ত সত্যতা নাই; কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ। |
71 |
মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক, তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ। |
72 |
তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য। |
73 |
তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা। |
74 |
তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব; কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ। |
75 |
হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা। |
76 |
তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক। |
77 |
মোলৈ তোমাৰ কৃপা নামি আহঁক, যাতে মই জীয়াই থাকিব পাৰোঁ; কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে। |
78 |
অহংকাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে; কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম; |
79 |
যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক, যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব। |
80 |
মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম। |
81 |
তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ। |
82 |
তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে; মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?” |
83 |
কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই। |
84 |
তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব? মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা? |
85 |
অহঙ্কাৰীবোৰে মোৰ বাবে গাত খান্দিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়। |
86 |
তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য; লোকসকলে অকাৰণতে মোক তাড়না কৰে; তুমি মোক সহায় কৰা। |
87 |
তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে; কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই। |
88 |
তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা, তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম। |
89 |
যিহোৱা অনন্ত কাললৈকে বিদ্যমান; তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে। |
90 |
পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে। |
91 |
তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস। |
92 |
তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন। |
93 |
মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা। |
94 |
মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ। |
95 |
দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ। |
96 |
মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম। |
97 |
ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ! সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়। |
98 |
তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে। |
99 |
মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়। |
100 |
মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ। |
101 |
মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ। |
102 |
মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই; কিয়নো তুমি নিজেই মোক শিক্ষা দিলা। |
103 |
তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে! সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে। |
104 |
তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ; সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ। |
105 |
তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ। |
106 |
তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ। |
107 |
হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ; তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা। |
108 |
হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা, আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা। |
109 |
মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছোঁ; তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই। |
110 |
দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই। |
111 |
তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক। |
112 |
চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ। |
113 |
দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ। |
114 |
তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ। |
115 |
হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম। |
116 |
তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম; মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা। |
117 |
মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম। |
118 |
তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা; কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ। |
119 |
পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা; এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ। |
120 |
তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ। |
121 |
মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা। |
122 |
তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা; অহঙ্কাৰীবোৰক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা। |
123 |
তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে। |
124 |
তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা; তোমাৰ বিধিবোৰ মোক শিকোঁৱা। |
125 |
মই তোমাৰ দাস; মোক বোধশক্তি দিয়া, যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰোঁ। |
126 |
হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে। |
127 |
মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ; সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ। |
128 |
এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ। |
129 |
তোমাৰ আজ্ঞাবোৰ আচৰিত; সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে। |
130 |
তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে; সৰল মনৰ লোকক বুজন শক্তি দান কৰে। |
131 |
মই মুখ মেলি ফোপাইছিলো; কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ। |
132 |
তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা, তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা। |
133 |
তোমাৰ প্রতিজ্ঞা অনুসাৰে মোৰ খোজ সুস্থিৰ কৰি ৰাখা আৰু কোনো অধৰ্মক মোৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিবা। |
134 |
মানুহৰ উপদ্ৰৱৰ পৰা মোক মুক্ত কৰা, তাতে মই তোমাৰ আদেশবোৰ পালন কৰিম। |
135 |
তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ বিধিবোৰ মোক শিকোৱা। |
136 |
মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে; কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে। |
137 |
হে যিহোৱা, তুমি ধাৰ্মিক, আৰু তোমাৰ ন্যায় বিচাৰ যথাৰ্থ। |
138 |
তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা। |
139 |
তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে; কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে। |
140 |
তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে; সেয়ে তোমাৰ দাসে তাক ভাল পায়। |
141 |
যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই। |
142 |
তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য। |
143 |
সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল; তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ। |
144 |
তোমাৰ আজ্ঞাবোৰ অনন্ত কাললৈকে ধাৰ্মিক; মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম। |
145 |
মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া; মই তোমাৰ বিধিবোৰ পালন কৰিম। |
146 |
মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা; মই তোমাৰ সকলো আজ্ঞা মানি চলিম। |
147 |
মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ; তোমাৰ বাক্যবোৰত আশা কৰিলোঁ। |
148 |
ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়, যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ। |
149 |
তোমাৰ গভীৰ প্রেম অনুসাৰে মোৰ স্বৰ শুনা; হে যিহোৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা। |
150 |
কু-কার্য কৰি মোক তাড়না কৰাসকল ওচৰ চাপি আহিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ পৰা দূৰৈত থাকে। |
151 |
কিন্তু হে যিহোৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য; |
152 |
বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছোঁ যে, তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা। |
153 |
তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা; কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো। |
154 |
মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা; তোমাৰ বাক্যত কৰা প্রতিজ্ঞা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা; |
155 |
দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে; কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে। |
156 |
হে যিহোৱা, তোমাৰ কৰুণা অনেক বেচি; তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা। |
157 |
মোৰ তাড়নাকাৰী আৰু শত্ৰু অনেক; কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আঁতৰি যোৱা নাই। |
158 |
মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে। |
159 |
চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ! হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা। |
160 |
তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী। |
161 |
অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে। |
162 |
মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে। |
163 |
মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ। |
164 |
তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ। |
165 |
যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়; একোতেই তেওঁলোক উজুটি নাখায়। |
166 |
হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছোঁ; মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ। |
167 |
মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে; মই সেইবোৰক অতি প্ৰেম কৰোঁ। |
168 |
মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ; কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে। |
169 |
হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা। |
170 |
মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা। |
171 |
মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক; কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা। |
172 |
মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক; কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ। |
173 |
তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ। |
174 |
হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাংক্ষা কৰিছোঁ; তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয় |
175 |
মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ; তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক। |
176 |
হেৰোৱা মেৰ-ছাগৰ দৰে মই ভ্ৰান্ত হলোঁ; তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
সামসঙ্গীত 119:1 |
সামসঙ্গীত 119:2 |
সামসঙ্গীত 119:3 |
সামসঙ্গীত 119:4 |
সামসঙ্গীত 119:5 |
সামসঙ্গীত 119:6 |
সামসঙ্গীত 119:7 |
সামসঙ্গীত 119:8 |
সামসঙ্গীত 119:9 |
সামসঙ্গীত 119:10 |
সামসঙ্গীত 119:11 |
সামসঙ্গীত 119:12 |
সামসঙ্গীত 119:13 |
সামসঙ্গীত 119:14 |
সামসঙ্গীত 119:15 |
সামসঙ্গীত 119:16 |
সামসঙ্গীত 119:17 |
সামসঙ্গীত 119:18 |
সামসঙ্গীত 119:19 |
সামসঙ্গীত 119:20 |
সামসঙ্গীত 119:21 |
সামসঙ্গীত 119:22 |
সামসঙ্গীত 119:23 |
সামসঙ্গীত 119:24 |
সামসঙ্গীত 119:25 |
সামসঙ্গীত 119:26 |
সামসঙ্গীত 119:27 |
সামসঙ্গীত 119:28 |
সামসঙ্গীত 119:29 |
সামসঙ্গীত 119:30 |
সামসঙ্গীত 119:31 |
সামসঙ্গীত 119:32 |
সামসঙ্গীত 119:33 |
সামসঙ্গীত 119:34 |
সামসঙ্গীত 119:35 |
সামসঙ্গীত 119:36 |
সামসঙ্গীত 119:37 |
সামসঙ্গীত 119:38 |
সামসঙ্গীত 119:39 |
সামসঙ্গীত 119:40 |
সামসঙ্গীত 119:41 |
সামসঙ্গীত 119:42 |
সামসঙ্গীত 119:43 |
সামসঙ্গীত 119:44 |
সামসঙ্গীত 119:45 |
সামসঙ্গীত 119:46 |
সামসঙ্গীত 119:47 |
সামসঙ্গীত 119:48 |
সামসঙ্গীত 119:49 |
সামসঙ্গীত 119:50 |
সামসঙ্গীত 119:51 |
সামসঙ্গীত 119:52 |
সামসঙ্গীত 119:53 |
সামসঙ্গীত 119:54 |
সামসঙ্গীত 119:55 |
সামসঙ্গীত 119:56 |
সামসঙ্গীত 119:57 |
সামসঙ্গীত 119:58 |
সামসঙ্গীত 119:59 |
সামসঙ্গীত 119:60 |
সামসঙ্গীত 119:61 |
সামসঙ্গীত 119:62 |
সামসঙ্গীত 119:63 |
সামসঙ্গীত 119:64 |
সামসঙ্গীত 119:65 |
সামসঙ্গীত 119:66 |
সামসঙ্গীত 119:67 |
সামসঙ্গীত 119:68 |
সামসঙ্গীত 119:69 |
সামসঙ্গীত 119:70 |
সামসঙ্গীত 119:71 |
সামসঙ্গীত 119:72 |
সামসঙ্গীত 119:73 |
সামসঙ্গীত 119:74 |
সামসঙ্গীত 119:75 |
সামসঙ্গীত 119:76 |
সামসঙ্গীত 119:77 |
সামসঙ্গীত 119:78 |
সামসঙ্গীত 119:79 |
সামসঙ্গীত 119:80 |
সামসঙ্গীত 119:81 |
সামসঙ্গীত 119:82 |
সামসঙ্গীত 119:83 |
সামসঙ্গীত 119:84 |
সামসঙ্গীত 119:85 |
সামসঙ্গীত 119:86 |
সামসঙ্গীত 119:87 |
সামসঙ্গীত 119:88 |
সামসঙ্গীত 119:89 |
সামসঙ্গীত 119:90 |
সামসঙ্গীত 119:91 |
সামসঙ্গীত 119:92 |
সামসঙ্গীত 119:93 |
সামসঙ্গীত 119:94 |
সামসঙ্গীত 119:95 |
সামসঙ্গীত 119:96 |
সামসঙ্গীত 119:97 |
সামসঙ্গীত 119:98 |
সামসঙ্গীত 119:99 |
সামসঙ্গীত 119:100 |
সামসঙ্গীত 119:101 |
সামসঙ্গীত 119:102 |
সামসঙ্গীত 119:103 |
সামসঙ্গীত 119:104 |
সামসঙ্গীত 119:105 |
সামসঙ্গীত 119:106 |
সামসঙ্গীত 119:107 |
সামসঙ্গীত 119:108 |
সামসঙ্গীত 119:109 |
সামসঙ্গীত 119:110 |
সামসঙ্গীত 119:111 |
সামসঙ্গীত 119:112 |
সামসঙ্গীত 119:113 |
সামসঙ্গীত 119:114 |
সামসঙ্গীত 119:115 |
সামসঙ্গীত 119:116 |
সামসঙ্গীত 119:117 |
সামসঙ্গীত 119:118 |
সামসঙ্গীত 119:119 |
সামসঙ্গীত 119:120 |
সামসঙ্গীত 119:121 |
সামসঙ্গীত 119:122 |
সামসঙ্গীত 119:123 |
সামসঙ্গীত 119:124 |
সামসঙ্গীত 119:125 |
সামসঙ্গীত 119:126 |
সামসঙ্গীত 119:127 |
সামসঙ্গীত 119:128 |
সামসঙ্গীত 119:129 |
সামসঙ্গীত 119:130 |
সামসঙ্গীত 119:131 |
সামসঙ্গীত 119:132 |
সামসঙ্গীত 119:133 |
সামসঙ্গীত 119:134 |
সামসঙ্গীত 119:135 |
সামসঙ্গীত 119:136 |
সামসঙ্গীত 119:137 |
সামসঙ্গীত 119:138 |
সামসঙ্গীত 119:139 |
সামসঙ্গীত 119:140 |
সামসঙ্গীত 119:141 |
সামসঙ্গীত 119:142 |
সামসঙ্গীত 119:143 |
সামসঙ্গীত 119:144 |
সামসঙ্গীত 119:145 |
সামসঙ্গীত 119:146 |
সামসঙ্গীত 119:147 |
সামসঙ্গীত 119:148 |
সামসঙ্গীত 119:149 |
সামসঙ্গীত 119:150 |
সামসঙ্গীত 119:151 |
সামসঙ্গীত 119:152 |
সামসঙ্গীত 119:153 |
সামসঙ্গীত 119:154 |
সামসঙ্গীত 119:155 |
সামসঙ্গীত 119:156 |
সামসঙ্গীত 119:157 |
সামসঙ্গীত 119:158 |
সামসঙ্গীত 119:159 |
সামসঙ্গীত 119:160 |
সামসঙ্গীত 119:161 |
সামসঙ্গীত 119:162 |
সামসঙ্গীত 119:163 |
সামসঙ্গীত 119:164 |
সামসঙ্গীত 119:165 |
সামসঙ্গীত 119:166 |
সামসঙ্গীত 119:167 |
সামসঙ্গীত 119:168 |
সামসঙ্গীত 119:169 |
সামসঙ্গীত 119:170 |
সামসঙ্গীত 119:171 |
সামসঙ্গীত 119:172 |
সামসঙ্গীত 119:173 |
সামসঙ্গীত 119:174 |
সামসঙ্গীত 119:175 |
সামসঙ্গীত 119:176 |
|
|
|
|
|
|
সামসঙ্গীত 1 / সামস 1 |
সামসঙ্গীত 2 / সামস 2 |
সামসঙ্গীত 3 / সামস 3 |
সামসঙ্গীত 4 / সামস 4 |
সামসঙ্গীত 5 / সামস 5 |
সামসঙ্গীত 6 / সামস 6 |
সামসঙ্গীত 7 / সামস 7 |
সামসঙ্গীত 8 / সামস 8 |
সামসঙ্গীত 9 / সামস 9 |
সামসঙ্গীত 10 / সামস 10 |
সামসঙ্গীত 11 / সামস 11 |
সামসঙ্গীত 12 / সামস 12 |
সামসঙ্গীত 13 / সামস 13 |
সামসঙ্গীত 14 / সামস 14 |
সামসঙ্গীত 15 / সামস 15 |
সামসঙ্গীত 16 / সামস 16 |
সামসঙ্গীত 17 / সামস 17 |
সামসঙ্গীত 18 / সামস 18 |
সামসঙ্গীত 19 / সামস 19 |
সামসঙ্গীত 20 / সামস 20 |
সামসঙ্গীত 21 / সামস 21 |
সামসঙ্গীত 22 / সামস 22 |
সামসঙ্গীত 23 / সামস 23 |
সামসঙ্গীত 24 / সামস 24 |
সামসঙ্গীত 25 / সামস 25 |
সামসঙ্গীত 26 / সামস 26 |
সামসঙ্গীত 27 / সামস 27 |
সামসঙ্গীত 28 / সামস 28 |
সামসঙ্গীত 29 / সামস 29 |
সামসঙ্গীত 30 / সামস 30 |
সামসঙ্গীত 31 / সামস 31 |
সামসঙ্গীত 32 / সামস 32 |
সামসঙ্গীত 33 / সামস 33 |
সামসঙ্গীত 34 / সামস 34 |
সামসঙ্গীত 35 / সামস 35 |
সামসঙ্গীত 36 / সামস 36 |
সামসঙ্গীত 37 / সামস 37 |
সামসঙ্গীত 38 / সামস 38 |
সামসঙ্গীত 39 / সামস 39 |
সামসঙ্গীত 40 / সামস 40 |
সামসঙ্গীত 41 / সামস 41 |
সামসঙ্গীত 42 / সামস 42 |
সামসঙ্গীত 43 / সামস 43 |
সামসঙ্গীত 44 / সামস 44 |
সামসঙ্গীত 45 / সামস 45 |
সামসঙ্গীত 46 / সামস 46 |
সামসঙ্গীত 47 / সামস 47 |
সামসঙ্গীত 48 / সামস 48 |
সামসঙ্গীত 49 / সামস 49 |
সামসঙ্গীত 50 / সামস 50 |
সামসঙ্গীত 51 / সামস 51 |
সামসঙ্গীত 52 / সামস 52 |
সামসঙ্গীত 53 / সামস 53 |
সামসঙ্গীত 54 / সামস 54 |
সামসঙ্গীত 55 / সামস 55 |
সামসঙ্গীত 56 / সামস 56 |
সামসঙ্গীত 57 / সামস 57 |
সামসঙ্গীত 58 / সামস 58 |
সামসঙ্গীত 59 / সামস 59 |
সামসঙ্গীত 60 / সামস 60 |
সামসঙ্গীত 61 / সামস 61 |
সামসঙ্গীত 62 / সামস 62 |
সামসঙ্গীত 63 / সামস 63 |
সামসঙ্গীত 64 / সামস 64 |
সামসঙ্গীত 65 / সামস 65 |
সামসঙ্গীত 66 / সামস 66 |
সামসঙ্গীত 67 / সামস 67 |
সামসঙ্গীত 68 / সামস 68 |
সামসঙ্গীত 69 / সামস 69 |
সামসঙ্গীত 70 / সামস 70 |
সামসঙ্গীত 71 / সামস 71 |
সামসঙ্গীত 72 / সামস 72 |
সামসঙ্গীত 73 / সামস 73 |
সামসঙ্গীত 74 / সামস 74 |
সামসঙ্গীত 75 / সামস 75 |
সামসঙ্গীত 76 / সামস 76 |
সামসঙ্গীত 77 / সামস 77 |
সামসঙ্গীত 78 / সামস 78 |
সামসঙ্গীত 79 / সামস 79 |
সামসঙ্গীত 80 / সামস 80 |
সামসঙ্গীত 81 / সামস 81 |
সামসঙ্গীত 82 / সামস 82 |
সামসঙ্গীত 83 / সামস 83 |
সামসঙ্গীত 84 / সামস 84 |
সামসঙ্গীত 85 / সামস 85 |
সামসঙ্গীত 86 / সামস 86 |
সামসঙ্গীত 87 / সামস 87 |
সামসঙ্গীত 88 / সামস 88 |
সামসঙ্গীত 89 / সামস 89 |
সামসঙ্গীত 90 / সামস 90 |
সামসঙ্গীত 91 / সামস 91 |
সামসঙ্গীত 92 / সামস 92 |
সামসঙ্গীত 93 / সামস 93 |
সামসঙ্গীত 94 / সামস 94 |
সামসঙ্গীত 95 / সামস 95 |
সামসঙ্গীত 96 / সামস 96 |
সামসঙ্গীত 97 / সামস 97 |
সামসঙ্গীত 98 / সামস 98 |
সামসঙ্গীত 99 / সামস 99 |
সামসঙ্গীত 100 / সামস 100 |
সামসঙ্গীত 101 / সামস 101 |
সামসঙ্গীত 102 / সামস 102 |
সামসঙ্গীত 103 / সামস 103 |
সামসঙ্গীত 104 / সামস 104 |
সামসঙ্গীত 105 / সামস 105 |
সামসঙ্গীত 106 / সামস 106 |
সামসঙ্গীত 107 / সামস 107 |
সামসঙ্গীত 108 / সামস 108 |
সামসঙ্গীত 109 / সামস 109 |
সামসঙ্গীত 110 / সামস 110 |
সামসঙ্গীত 111 / সামস 111 |
সামসঙ্গীত 112 / সামস 112 |
সামসঙ্গীত 113 / সামস 113 |
সামসঙ্গীত 114 / সামস 114 |
সামসঙ্গীত 115 / সামস 115 |
সামসঙ্গীত 116 / সামস 116 |
সামসঙ্গীত 117 / সামস 117 |
সামসঙ্গীত 118 / সামস 118 |
সামসঙ্গীত 119 / সামস 119 |
সামসঙ্গীত 120 / সামস 120 |
সামসঙ্গীত 121 / সামস 121 |
সামসঙ্গীত 122 / সামস 122 |
সামসঙ্গীত 123 / সামস 123 |
সামসঙ্গীত 124 / সামস 124 |
সামসঙ্গীত 125 / সামস 125 |
সামসঙ্গীত 126 / সামস 126 |
সামসঙ্গীত 127 / সামস 127 |
সামসঙ্গীত 128 / সামস 128 |
সামসঙ্গীত 129 / সামস 129 |
সামসঙ্গীত 130 / সামস 130 |
সামসঙ্গীত 131 / সামস 131 |
সামসঙ্গীত 132 / সামস 132 |
সামসঙ্গীত 133 / সামস 133 |
সামসঙ্গীত 134 / সামস 134 |
সামসঙ্গীত 135 / সামস 135 |
সামসঙ্গীত 136 / সামস 136 |
সামসঙ্গীত 137 / সামস 137 |
সামসঙ্গীত 138 / সামস 138 |
সামসঙ্গীত 139 / সামস 139 |
সামসঙ্গীত 140 / সামস 140 |
সামসঙ্গীত 141 / সামস 141 |
সামসঙ্গীত 142 / সামস 142 |
সামসঙ্গীত 143 / সামস 143 |
সামসঙ্গীত 144 / সামস 144 |
সামসঙ্গীত 145 / সামস 145 |
সামসঙ্গীত 146 / সামস 146 |
সামসঙ্গীত 147 / সামস 147 |
সামসঙ্গীত 148 / সামস 148 |
সামসঙ্গীত 149 / সামস 149 |
সামসঙ্গীত 150 / সামস 150 |