A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

যোব 40



1
যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,
2
দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
3
তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,
4
“চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ।
5
মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”
6
তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,
7
“তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা।
8
মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে? বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?
9
তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
10
তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
11
তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।
12
প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
13
সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
14
তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।
15
ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়।
16
চোৱা, তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।
17
সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।
18
তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।
19
ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
20
পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।
21
সি পদুমনিৰ তলত শোৱে, নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।
22
পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।
23
চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।
24
সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?











যোব 40:1
যোব 40:2
যোব 40:3
যোব 40:4
যোব 40:5
যোব 40:6
যোব 40:7
যোব 40:8
যোব 40:9
যোব 40:10
যোব 40:11
যোব 40:12
যোব 40:13
যোব 40:14
যোব 40:15
যোব 40:16
যোব 40:17
যোব 40:18
যোব 40:19
যোব 40:20
যোব 40:21
যোব 40:22
যোব 40:23
যোব 40:24






যোব 1 / যোব 1
যোব 2 / যোব 2
যোব 3 / যোব 3
যোব 4 / যোব 4
যোব 5 / যোব 5
যোব 6 / যোব 6
যোব 7 / যোব 7
যোব 8 / যোব 8
যোব 9 / যোব 9
যোব 10 / যোব 10
যোব 11 / যোব 11
যোব 12 / যোব 12
যোব 13 / যোব 13
যোব 14 / যোব 14
যোব 15 / যোব 15
যোব 16 / যোব 16
যোব 17 / যোব 17
যোব 18 / যোব 18
যোব 19 / যোব 19
যোব 20 / যোব 20
যোব 21 / যোব 21
যোব 22 / যোব 22
যোব 23 / যোব 23
যোব 24 / যোব 24
যোব 25 / যোব 25
যোব 26 / যোব 26
যোব 27 / যোব 27
যোব 28 / যোব 28
যোব 29 / যোব 29
যোব 30 / যোব 30
যোব 31 / যোব 31
যোব 32 / যোব 32
যোব 33 / যোব 33
যোব 34 / যোব 34
যোব 35 / যোব 35
যোব 36 / যোব 36
যোব 37 / যোব 37
যোব 38 / যোব 38
যোব 39 / যোব 39
যোব 40 / যোব 40
যোব 41 / যোব 41
যোব 42 / যোব 42