1 |
তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে, |
2 |
“তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা! আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা! |
3 |
আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা! আৰু মূল কথা বৰ ভালকৈ বুজালা! |
4 |
তুমি নো কাৰ আগত কথা কলা? কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?” |
5 |
বিল্দদে উত্তৰ কৰি ক’লে, “যি সকল সম্প্রতি মৃত, অবহেলিত, উদ্বিগ্ন, যিসকলে জল সমূহৰ তলত নিবাস কৰে --- |
6 |
তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই। |
7 |
তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে, আৰু পৃথিবীক শূন্যত ওলোমাই থয়। |
8 |
তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে; তথাপি জলৰ ভৰত মেঘ নাফাটে। |
9 |
তেওঁ পূৰ্ণিমাৰ চন্দ্রৰ মূখ ঢাকি দিয়ে, আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে। |
10 |
যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে, |
11 |
তেওঁৰ ধমকিত আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে, আৰু বিচুৰ্ত্তি হয়, |
12 |
তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায়, আৰু নিজ বুদ্ধিৰে ৰাহবক ডোখৰ ডোখৰ কৰে। |
13 |
তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে। |
14 |
চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
যোব 26:1 |
যোব 26:2 |
যোব 26:3 |
যোব 26:4 |
যোব 26:5 |
যোব 26:6 |
যোব 26:7 |
যোব 26:8 |
যোব 26:9 |
যোব 26:10 |
যোব 26:11 |
যোব 26:12 |
যোব 26:13 |
যোব 26:14 |
|
|
|
|
|
|
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |