1 |
সৰ্ব্বশক্তিমান জনাৰ দ্বাৰাই কিয় সময় নিৰূপিত নহয়? তেওঁক জনালোকে কিয় তেওঁৰ দিন দেখিবলৈ নাপায়? |
2 |
কোনো কোনোৱে মাটিৰ সীমাৰ চিন লৰায়, আৰু মেৰৰ জাকক বলেৰে লৈ চৰায়। |
3 |
সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়। |
4 |
সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়। |
5 |
চোৱা, কোনোৱে অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ, নিজৰ আহাৰ যত্নেৰে বিচাৰা কামলৈ ওলাই যায়; অৰণ্যে সিহঁতৰ সন্তানসকলৰ নিমিত্তে সিহঁতক আহাৰ দিয়ে। |
6 |
সিহঁতে খাবৰ নিমিত্তে পথাৰত পহুৰ যোগ্য শস্য কাটে; আৰু দুৰ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি চপায়। |
7 |
সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই। |
8 |
সিহঁতে পৰ্ব্বতৰ বৰষুণত তিতে, আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আঁকোৱাল মাৰি ধৰে। |
9 |
কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়, আৰু দুখীয়াৰ পৰা বন্ধক লয়। |
10 |
তাতে সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ফুৰে, আৰু ভোকতে থাকি ডাঙৰি কঢ়িয়ায়। |
11 |
সিহঁতে সেই দুষ্টবোৰৰ বেৰৰ ওচৰত তেল পেৰে, আৰু দ্ৰাক্ষাশালত দ্ৰাক্ষাগুটি গচকি পিয়াহত আতুৰ হৈ থাকে। |
12 |
জনপূৰ্ণ নগৰৰ মাজত লোকবিলাকে কেঁকাই, আৰু সাংঘাতিকৰূপে আঘাত পোৱালোকৰ প্ৰাণে চিঞৰে; তথাপি ঈশ্বৰে এই অন্যায়লৈ মন নিদিয়ে। |
13 |
আৰু কোনোৱে পোহৰৰ বিদ্ৰোহী হয়, তাৰ আওভাও নাজানে, আৰু তাৰ পথতো নচলে। |
14 |
নৰবধীয়ে দোকমোকালিতে উঠে; সি দুখী-দৰিদ্ৰক মাৰি পেলাই; আৰু ৰাতি সি চোৰৰ নিচিনা হয়। |
15 |
কাৰো চকুৱে মোক নেদেখিব, এইবুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধিয়া কাললৈ বাট চাই থাকে; সি কয়, ‘কোনোৱে চকুৰে মোক দেখা নাই”। সি নিজৰ মুখ ঢাকি ৰাখে। |
16 |
কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে; সিহঁতে দিনত দুৱাৰ বন্ধ কৰি সোমাই থাকে; পোহৰ কি, সিহঁতে নাজানে। |
17 |
কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ; কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানক কথা জানে। |
18 |
এনে লোক পানীৰ সোঁতত বেগেৰে উটি যায়; সিহঁতৰ আধিপত্যৰ ভাগ দেশত অভিশপ্ত হয়; সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰায়। |
19 |
অনাবৃষ্টি আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই নিয়ে, তেনেকৈ চিয়োলে পাপীবোৰক গ্ৰাস কৰে। |
20 |
যিজনে সন্তান নোপজোৱা বাঁজী তিৰোতাক লুটে, আৰু বিধবালৈ কোনো অনুগ্ৰহ নকৰে, |
21 |
এনে লোকক মাতৃ-গৰ্ভেও পাহৰে, পোকে তাক সন্তোষেৰে খায়; কোনেও তাক সোঁৱৰণ নকৰে; এইদৰে অধাৰ্মিকতা গছৰ নিচিনাকৈ ভাগি যায়। |
22 |
তেওঁ নিজ পৰাক্ৰমৰ দ্বাৰাই বলৱন্তসকলৰ আয়ুস দীঘল কৰে; এনেকুৱা লোকে নিজীম বুলি নিৰাশ হৈয়ো শয্যাৰ পৰা উঠে। |
23 |
তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে; আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে। |
24 |
সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়; এনে কি, সিহঁতক নত কৰি, আন সকলোৰ দৰে নিয়া হয়, আৰু ধানৰ থোকৰ দৰে কটা হয়। |
25 |
এনেকুৱা যদি নহয়, তেন্তে কোনে মোক মিছলীয়া বুলি প্ৰমাণ কৰিব? আৰু কোনে মোৰ বাক্য অসাৰ্থক বুলি ক’ব?”
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
যোব 24:1 |
যোব 24:2 |
যোব 24:3 |
যোব 24:4 |
যোব 24:5 |
যোব 24:6 |
যোব 24:7 |
যোব 24:8 |
যোব 24:9 |
যোব 24:10 |
যোব 24:11 |
যোব 24:12 |
যোব 24:13 |
যোব 24:14 |
যোব 24:15 |
যোব 24:16 |
যোব 24:17 |
যোব 24:18 |
যোব 24:19 |
যোব 24:20 |
যোব 24:21 |
যোব 24:22 |
যোব 24:23 |
যোব 24:24 |
যোব 24:25 |
|
|
|
|
|
|
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |