1 |
তাতে নামাথীয়া চোফৰে উত্তৰ দিলে আৰু ক’লে, |
2 |
ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে? বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব? |
3 |
তোমাৰ বলকনিয়ে জানো মানুহক নিমাত কৰিব? তুমি নিন্দা কৰিলে, কোনেও তোমাক লাজ নিদিব নে? |
4 |
কিয়নো তুমি কৈছা, “মোৰ মত ঠিক, আৰু মই তোমাৰ দৃষ্টিতে শুচি।” |
5 |
কিন্তু অস, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে, আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলিলে; |
6 |
জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰিলে, ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল! এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে। |
7 |
তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে? তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে? |
8 |
সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা? সেয়ে চিয়োলতকৈ অগাধ; তুমি কি জানিব পাৰা? |
9 |
তাৰ পৰিমাণ পৃথিবীতকৈয়ো দীঘল, আৰু সমুদ্ৰতকৈয়ো বহল। |
10 |
তেওঁ যদি পোনে পোনে আহে আৰু কোনোবা এজনক যদি আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে, তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে? |
11 |
কিয়নো তেওঁ দুষ্ট লোকক জানে, আৰু মনযোগ নিদিলেও তেওঁ অধৰ্ম দেখে। |
12 |
কিন্তু অসাৰ মানুহ জ্ঞনশূন্য, এনে কি, মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালিস্বৰূপ। |
13 |
তুমি যদি নিজৰ মন শুদ্ধ কৰা, আৰু তেওঁৰ ফাললৈ হাত মেলা, |
14 |
কিন্তু হাতত অধৰ্ম থাকিলে, তাক দূৰ কৰা, আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা; |
15 |
তেন্তে তুমি অৱশ্যে নিষ্কলঙ্ক মুখ তুলিব পাৰিবা; এনে কি, সুস্থিৰে থাকিবা, ভয় নাপাবা, |
16 |
কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা, ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব। |
17 |
তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্ম্মল হ’ব, আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব। |
18 |
আশা থকা কাৰণে তুমি সাহিয়াল হবা; আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা। |
19 |
তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব; বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব। |
20 |
কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব, সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
যোব 11:1 |
যোব 11:2 |
যোব 11:3 |
যোব 11:4 |
যোব 11:5 |
যোব 11:6 |
যোব 11:7 |
যোব 11:8 |
যোব 11:9 |
যোব 11:10 |
যোব 11:11 |
যোব 11:12 |
যোব 11:13 |
যোব 11:14 |
যোব 11:15 |
যোব 11:16 |
যোব 11:17 |
যোব 11:18 |
যোব 11:19 |
যোব 11:20 |
|
|
|
|
|
|
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |