1 |
হিষ্কিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ অবিয়া, জখৰিয়াৰ জীয়েক আছিল। |
2 |
তেওঁ ওপৰ পিতৃ দায়ূদে কৰা কৰ্মৰ দৰে সকলো কৰ্ম কৰিছিল, তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিল। |
3 |
তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল। |
4 |
তেওঁ পুৰোহিত আৰু লেবীয়াসকলক মাতি আনি, পূবফালে থকা চোতালত তেওঁলোকক এক গোট কৰিছিল৷ |
5 |
তেওঁ তেখেতসকলক ক’লে, “হে লেবীয়াসকল, আপোনালোকে মোৰ কথা শুনক! আপোনালোকে এতিয়া নিজক পবিত্ৰ কৰি নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ পবিত্ৰ কৰক আৰু পবিত্ৰ স্থানৰ পৰা অশুচি বস্তুবোৰ উলিয়াই পেলাওঁক। |
6 |
কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে। |
7 |
তেওঁলোকে আনকি বাৰাণ্ডাৰ দুৱাৰবোৰ বন্ধ কৰিলে আৰু প্ৰদীপবোৰ নুমুৱাই ৰাখিলে; তেওঁলোকে পবিত্ৰ স্থানৰ মাজত ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে ধূপ নজ্বলালে আৰু হোম-বলি নিদিলে। |
8 |
এই কাৰণে যিহূদা আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে আৰু আপোনালোকে নিজ চকুৰে এতিয়া দেখাৰ দৰে, ত্ৰাসৰ বিষয়, আচৰিত আৰু ঘৃণাৰ বিষয় হ’বলৈ তেওঁ তেওঁলোকক শোধাই দিলে। |
9 |
এই কাৰণে আমাৰ পিতৃসকল তৰোৱালৰ আঘাতত পতিত হ’ল, আৰু আমাৰ পো, জী আৰু ভাৰ্য্যাসকলক এই কাৰণেই বন্দী কৰি নিয়া হ’ল। |
10 |
আমাৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যেন আতৰে, তাৰ বাবে তেৱেঁ সৈতে এটি নিয়ম-চুক্তি স্থাপন কৰিবলৈ এতিয়া মোৰ মনে স্থিৰ কৰিছে। |
11 |
হে মোৰ বোপাহঁত, তোমালোকে এতিয়া অৱহেলা নকৰিবা, কিয়নো তোমালোকে যেন যিহোৱাৰ আগত থিয় হৈ তেওঁৰ পৰিচৰ্যা কৰা আৰু তেওঁৰ পৰিচাৰক ও ধূপ জ্বলাওঁতা হোৱা, এই কাৰণে তেওঁ তোমালোককেই মনোনীত কৰিলে।” |
12 |
তেতিয়া সেই লেবীয়াসকল উঠিল: কহাতৰ সন্তান সকলৰ মাজৰ অমাচয়ৰ পুত্ৰ মহৎ আৰু অজৰিয়াৰ পুত্ৰ যোৱেল, মৰাৰীৰ সন্তান সকলৰ মাজৰ অব্দীৰ পুত্ৰ কীচ আৰু যিহল্লেলৰ পুত্ৰ অজৰিয়া; গেৰ্চোনীয়াসকলৰ মাজৰ জিম্মাৰ পুত্ৰ যোৱাহ আৰু যোৱাহৰ পুত্ৰ এদন; |
13 |
ইলিচাফনৰ সন্তান সকলৰ মাজৰ চিম্ৰী আৰু যুৱেল; আচফৰ সন্তান সকলৰ মাজৰ জখৰিয়া আৰু মত্তনিয়া; |
14 |
হেমনৰ সন্তান সকলৰ মাজৰ যিহীয়েল আৰু চিমিয়ী আৰু যিদূথূনৰ সন্তান সকলৰ মাজৰ চময়িয়া আৰু উজ্জীয়েল৷ |
15 |
তেওঁলোকে নিজৰ ভাইসকলক গোটাই নিজক পবিত্ৰ কৰিলে আৰু যিহোৱাৰ বাক্য অনুসাৰে অহা ৰজাৰ আজ্ঞা পালন কৰি যিহোৱাৰ গৃহ শুচি কৰিবলৈ সোমাল। |
16 |
পুৰোহিতসকলে শুচি কৰিবৰ অৰ্থে যিহোৱাৰ গৃহৰ ভিতৰলৈ গ’ল৷ যিহোৱাৰ মন্দিৰৰ ভিতৰত যি যি অশুচি বস্তু তেওঁলোকে পালে, সেই সকলোকে উলিয়াই আনি যিহোৱাৰ গৃহৰ চোতালত ৰাখিলে৷ পাছত লেবীয়াসকলে সেইবোৰ বাহিৰলৈ উলিয়াই আনিলে আৰু কিদ্ৰোণ জুৰিত পেলাই দিবৰ কাৰণে সেইবোৰ কঢ়িয়াই লৈ গ’ল। |
17 |
এইদৰে তেওঁলোকে প্ৰথম মাহৰ প্ৰথম দিনা সেই গৃহ পবিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু মাহৰ অষ্টম দিনত যিহোৱাৰ গৃহৰ বাৰাণ্ডা পাইছিল৷ তেওঁলোকে আঠ দিনৰ ভিতৰত যিহোৱাৰ গৃহ পবিত্ৰ কৰিছিল; আৰু প্ৰথম মাহৰ ষোল্ল দিনৰ দিনা তেওঁলোকে কাম শেষ কৰিছিল। |
18 |
পাছত তেওঁলোকে ৰজা হিষ্কিয়াৰ ওচৰলৈ গৈছিল আৰু কৈছিল, “আমি যিহোৱাৰ গৃহৰ আটাইবোৰ বস্তু, হোম-বেদি আৰু তাৰ সকলো সঁজুলি আৰু দৰ্শন-পিঠাৰ মেজ আৰু তাৰ সকলো পাত্ৰ শুচি কৰিলোঁ। |
19 |
তাৰ উপৰিও ৰজা আহজে ৰাজত্ব কৰা কালত সত্যলঙ্ঘন কৰি যি যি পাত্ৰ পেলাই দিছিল, সেই সকলোকে আমি যুগুত কৰি পবিত্ৰ কৰিলোঁ। চাওঁক, সেইবোৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত আছে।” |
20 |
তেতিয়া হিষ্কিয়া ৰজাই অতি পুৱাই উঠি নগৰৰ অধ্যক্ষসকলক গোট খুৱালে আৰু তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গ’ল। |
21 |
তেতিয়া তেওঁলোকে ৰাজ্যৰ, ধৰ্মধামৰ আৰু যিহূদাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে সাতোটা ভতৰা, সাতোটা মতা ভেড়া, সাতোটা ভেড়া পোৱালি আৰু সাতোটা মতা ছাগলী অানিলে৷ তাতে তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিবলৈ হাৰোণৰ সন্তান পুৰোহিতসকলক আজ্ঞা দিলে। |
22 |
এই হেতুকে, তেওঁলোকে ভতৰাবোৰ মাৰিলে আৰু পুৰোহিতসকলে সেইবোৰৰ তেজ লৈ বেদীত ছটিয়ালে; আৰু মতা ভেড়াবোৰ মাৰি সেই তেজবোৰ বেদীত ছটিয়ালে; আৰু ভেড়া পোৱালিবোৰ মাৰি, সেইবোৰৰ তেজ বেদীত ছটিয়ালে। |
23 |
পাছত তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে সেই ছাগলীবোৰ ৰজা আৰু সমাজৰ আগলৈ আনিলে৷ তাৰ পাছত তেওঁলোকে সেইবোৰৰ ওপৰত হাত ৰাখিলে। |
24 |
তাতে পুৰোহিতসকলে সেইবোৰ মাৰি গোটেই ইস্ৰায়েলক প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে, বেদীত পাপনাশক নৈবেদ্ৰস্বৰূপে সেইবোৰৰ তেজ চতিয়াই দিলে; কিয়নো গোটেই ইস্ৰায়েলৰ কাৰণে হোমবলি আৰু পাপাৰ্থক বলি দান কৰিবলৈ ৰজাই আজ্ঞা দিছিল। |
25 |
হিষ্কিয়াই ৰজা দায়ূদৰ দৰ্শক গাদ আৰু নাথন ভাববাদীৰ আজ্ঞা অনুসাৰে তাল, নেবল আৰু বীণা লোৱা লেবীয়াসকলক যিহোৱাৰ গৃহত উপস্থিত কৰালে; কিয়নো যিহোৱাই তেওঁৰ ভাববাদীসকলৰ দ্বাৰাই ইয়াকে কৰিবলৈ আজ্ঞা দিছিল। |
26 |
এই হেতুকে লেবীয়াসকলে দায়ূদৰ বাদ্যযন্ত্ৰ আৰু পুৰোহিতসকলে তুৰী হাতত লৈ থিয় হ’ল। |
27 |
পাছত হিষ্কিয়াই যজ্ঞবেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে৷ যেতিয়া হোমৰ আৰম্ভ হ’ল, তেতিয়া তুৰীৰ লগতে ইস্ৰায়েলৰ ৰজা দায়ূদৰ বাদ্যযন্ত্ৰৰে সৈতে যিহোৱাৰ গান আৰম্ভ হ’ল। |
28 |
তাতে গোটেই সমাজে প্ৰণিপাত কৰিলে৷ গায়কসকলে গীত গালে আৰু তুৰী বজোৱাসকলে তুৰী বজালে; হোম-বলি শেষ নোহোৱালৈকে এনেদৰেই চলি থাকিল। |
29 |
হোম-বলি শেষ হোৱাৰ পাছত, ৰজা আৰু তেওঁৰ লগৰ সকলো মানুহে আঁঠুকাঢ়ি প্ৰণিপাত কৰিলে। |
30 |
ইয়াৰ বাহিৰেও হিষ্কিয়া আৰু অধ্যক্ষসকলে, দায়ুদ আৰু আচফ দৰ্শকে লিখা বাক্যেৰে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিবলৈ লেবীয়াসকলক আজ্ঞা দিলে৷ তেওঁলোকে আনন্দেৰে প্ৰশংশাৰ গান কৰিলে আৰু মূৰ দোঁৱাই প্ৰণিপাত কৰিলে। |
31 |
তেতিয়া হিষ্কিয়াই উত্তৰ দি ক’লে, “এতিয়া আপোনালোকে যিহোৱাৰ উদ্দেশ্যে নিজকে পবিত্ৰ কৰিলে; আপোনালোক ওচৰলৈ আহক আৰু যিহোৱাৰ গৃহলৈ মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনক।” তেতিয়া সমাজে মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি অানিলে আৰু যিমান লোকৰ ইচ্ছা আছিল, সেই সকলোৱেও হোম-বলি আনিলে। |
32 |
সমাজে অনা হোম-বলিৰ সংখ্যা এনে; সত্তৰটা ষাঁড়, এশ মতা মেৰ-ছাগ আৰু দুশ মেৰ-ছাগ পোৱালি৷ এই সকলো যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি আছিল। |
33 |
আৰু ছশ ষাঁড়, তিনি হাজাৰ মেৰ-ছাগ আৰু ছাগলী পবিত্ৰ কৰা হ’ল। |
34 |
কিন্তু পুৰোহিতসকল তাকৰ হোৱা বাবে, তেওঁলোকে আটাইবোৰ হোম-বলিৰ ছাল বখলিয়াবলৈ অসমৰ্থক হ’ল; এই বাবে সেই কাম নোহোৱালৈকে, আন পুৰোহিতসকলে নিজক পবিত্ৰ নকৰিলে। পাছত তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকক সহায় কৰিলে; কিয়নো নিজক পবিত্ৰ কৰা কথাত পুৰোহিতসকলতকৈ লেবীয়াসকলৰ মন অধিক সৰল আছিল। |
35 |
তাৰ ওপৰিও মঙ্গলাৰ্থক বলিবোৰৰ তেলেৰে আৰু হোম-বলিবোৰৰ উপযুক্ত পেয় নৈবেদ্যেৰে সৈতে সেই হোম-বলি অধিক আছিল। এইদৰে যিহোৱাৰ গৃহৰ সম্বন্ধীয় কাৰ্য পৰিপাটিকৈ চলিছিল। |
36 |
ঈশ্বৰে এইদৰে লোকসকলৰ মন যুগুত কৰা বাবে, হিষ্কিয়া আৰু আন সকলো লোকে আনন্দ কৰিলে; কিয়নো এই কাম সোনকালে কৰা হৈছিল।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
২ বংশাবলি 29:1 |
২ বংশাবলি 29:2 |
২ বংশাবলি 29:3 |
২ বংশাবলি 29:4 |
২ বংশাবলি 29:5 |
২ বংশাবলি 29:6 |
২ বংশাবলি 29:7 |
২ বংশাবলি 29:8 |
২ বংশাবলি 29:9 |
২ বংশাবলি 29:10 |
২ বংশাবলি 29:11 |
২ বংশাবলি 29:12 |
২ বংশাবলি 29:13 |
২ বংশাবলি 29:14 |
২ বংশাবলি 29:15 |
২ বংশাবলি 29:16 |
২ বংশাবলি 29:17 |
২ বংশাবলি 29:18 |
২ বংশাবলি 29:19 |
২ বংশাবলি 29:20 |
২ বংশাবলি 29:21 |
২ বংশাবলি 29:22 |
২ বংশাবলি 29:23 |
২ বংশাবলি 29:24 |
২ বংশাবলি 29:25 |
২ বংশাবলি 29:26 |
২ বংশাবলি 29:27 |
২ বংশাবলি 29:28 |
২ বংশাবলি 29:29 |
২ বংশাবলি 29:30 |
২ বংশাবলি 29:31 |
২ বংশাবলি 29:32 |
২ বংশাবলি 29:33 |
২ বংশাবলি 29:34 |
২ বংশাবলি 29:35 |
২ বংশাবলি 29:36 |
|
|
|
|
|
|
২ বংশাবলি 1 / ২বং 1 |
২ বংশাবলি 2 / ২বং 2 |
২ বংশাবলি 3 / ২বং 3 |
২ বংশাবলি 4 / ২বং 4 |
২ বংশাবলি 5 / ২বং 5 |
২ বংশাবলি 6 / ২বং 6 |
২ বংশাবলি 7 / ২বং 7 |
২ বংশাবলি 8 / ২বং 8 |
২ বংশাবলি 9 / ২বং 9 |
২ বংশাবলি 10 / ২বং 10 |
২ বংশাবলি 11 / ২বং 11 |
২ বংশাবলি 12 / ২বং 12 |
২ বংশাবলি 13 / ২বং 13 |
২ বংশাবলি 14 / ২বং 14 |
২ বংশাবলি 15 / ২বং 15 |
২ বংশাবলি 16 / ২বং 16 |
২ বংশাবলি 17 / ২বং 17 |
২ বংশাবলি 18 / ২বং 18 |
২ বংশাবলি 19 / ২বং 19 |
২ বংশাবলি 20 / ২বং 20 |
২ বংশাবলি 21 / ২বং 21 |
২ বংশাবলি 22 / ২বং 22 |
২ বংশাবলি 23 / ২বং 23 |
২ বংশাবলি 24 / ২বং 24 |
২ বংশাবলি 25 / ২বং 25 |
২ বংশাবলি 26 / ২বং 26 |
২ বংশাবলি 27 / ২বং 27 |
২ বংশাবলি 28 / ২বং 28 |
২ বংশাবলি 29 / ২বং 29 |
২ বংশাবলি 30 / ২বং 30 |
২ বংশাবলি 31 / ২বং 31 |
২ বংশাবলি 32 / ২বং 32 |
২ বংশাবলি 33 / ২বং 33 |
২ বংশাবলি 34 / ২বং 34 |
২ বংশাবলি 35 / ২বং 35 |
২ বংশাবলি 36 / ২বং 36 |