1 |
ঈশ্বৰে নোহ আৰু তেওঁৰ পুত্ৰসকলক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা। |
2 |
পৃথিৱীৰ সকলো জীৱ-জন্তু, আকাশৰ চৰাই, মাটিত বগাই ফুৰা সকলোবোৰ প্রাণী আৰু সমুদ্ৰৰ সকলো মাছে তোমালোকক ভয় কৰিব; সেইবোৰ তোমালোকৰ হাতত শোধাই দিয়া হৈছে। |
3 |
সকলো চলা-ফুৰা কৰা প্রাণীয়েই তোমালোকৰ আহাৰ হ’ব; যি দৰে তোমালোকক সকলো সেউজীয়া শস্য আদি আহাৰ হিচাবে দিলোঁ, তেনেদৰে এতিয়া মই এই সকলোবোৰ তোমালোকক দিছোঁ। |
4 |
কিন্তু প্রাণে সৈতে অৰ্থাৎ তেজেৰে সৈতে তোমালোকে মঙহ নাখাবা। |
5 |
কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম। |
6 |
ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব; |
7 |
তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।” |
8 |
তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰসকলক ক’লে, |
9 |
“চোৱা! মই তোমালোকৰ আৰু তোমালোকৰ বংশধৰসকলৰ সৈতে আৰু |
10 |
যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ। |
11 |
মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।” |
12 |
ঈশ্বৰে আৰু ক’লে, “মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে সৈতে ভৱিষ্যতৰ সকলো বংশৰ কাৰণে যি নিয়ম স্থাপন কৰিলোঁ, তাৰ চিন এই: |
13 |
মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন। |
14 |
যেতিয়া মই পৃথিৱীৰ ওপৰলৈ মেঘ আনিম, তেতিয়া তোমালোকে সেই মেঘৰ মাজত মেঘধনু দেখা পাবা; |
15 |
তেতিয়া মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে বাবে কৰা মোৰ নিয়মৰ কথা মই সুঁৱৰিম; তাতে পানীয়ে সকলো প্ৰাণী ধ্বংস কৰাকৈ কেতিয়াও আৰু জলপ্লাৱন নহ’ব। |
16 |
মেঘত যেতিয়া মেঘধনু ওলাব, তেতিয়া মই তাক দেখি পৃথিৱীৰ সকলো প্ৰাণীৰ কাৰণে মোৰ এই চিৰস্থায়ী নিয়মৰ কথা মই সোঁৱৰণ কৰিম।” |
17 |
ঈশ্বৰে নোহক ক’লে, “মোৰ আৰু পৃথিবীত থকা সকলো প্ৰাণীৰে মাজত মই যি নিয়ম স্থাপন কৰিছোঁ, ইয়েই হৈছে তাৰ চিন। |
18 |
জাহাজৰ পৰা নোহৰ পুত্ৰ চেম, হাম আৰু যেফৎ বাহিৰলৈ ওলাই আহিল। পাছত কনান নামেৰে হামৰ এটি পুত্র জন্মিল। |
19 |
গোটেই পৃথিৱীতে নোহৰ এই তিনি জন পুত্ৰৰ বংশধৰসকল বিয়পি পৰিল। |
20 |
নোহ এজন কৃষক হ’ল আৰু তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে। |
21 |
তেওঁ এদিন দ্রাক্ষাৰস খাই মতলীয়া হ’ল আৰু নিজৰ তম্বুৰ ভিতৰত বিবস্ত্ৰ হৈ পৰি আছিল। |
22 |
তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে। |
23 |
তাতে চেম আৰু যেফতে এখন কাপোৰ তেওঁলোকৰ কান্ধত তুলি ল’লে আৰু পাছ হুঁহকি হুঁহকি গৈ বাপেকৰ বিবস্ত্ৰতা ঢাকিলে। তেওঁলোকৰ মুখ বিপৰীত দিশত আছিল বাবে বাপেকৰ নগ্নতা তেওঁলোকে দেখা নাপালে। |
24 |
পাছত নোহৰ চেতনা অহাত তেওঁৰ সৰু পুতেকে তেওঁলৈ যি কৰিলে, তাক জানিবলৈ পালে। |
25 |
তেতিয়া তেওঁ ক’লে, “কনানৰ ওপৰত অভিশাপ আহঁক; সি তাৰ ভাতৃসকলৰ দাসবোৰৰো দাস হওক।” |
26 |
তেওঁ পুনৰ ক’লে, “চেমৰ ঈশ্বৰ যিহোৱা ধন্য; কনান চেমৰ দাস হওক। |
27 |
ঈশ্বৰে যেফতক যেন বিস্তাৰিত কৰে, সি চেমৰ তম্বুত বসতি কৰক, আৰু কনান তাৰ দাস হওঁক।” |
28 |
জল-প্লাৱনৰ পাছত নোহ পুনৰ তিনিশ পঞ্চাশ বছৰ জীয়াই থাকিল। |
29 |
পাছত নোহৰ সৰ্ব্বমুঠ ন শ পঞ্চাশ বছৰ বয়সত তেওঁৰ মৃত্যু হ’ল।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
আদিপুস্তক 9:1 |
আদিপুস্তক 9:2 |
আদিপুস্তক 9:3 |
আদিপুস্তক 9:4 |
আদিপুস্তক 9:5 |
আদিপুস্তক 9:6 |
আদিপুস্তক 9:7 |
আদিপুস্তক 9:8 |
আদিপুস্তক 9:9 |
আদিপুস্তক 9:10 |
আদিপুস্তক 9:11 |
আদিপুস্তক 9:12 |
আদিপুস্তক 9:13 |
আদিপুস্তক 9:14 |
আদিপুস্তক 9:15 |
আদিপুস্তক 9:16 |
আদিপুস্তক 9:17 |
আদিপুস্তক 9:18 |
আদিপুস্তক 9:19 |
আদিপুস্তক 9:20 |
আদিপুস্তক 9:21 |
আদিপুস্তক 9:22 |
আদিপুস্তক 9:23 |
আদিপুস্তক 9:24 |
আদিপুস্তক 9:25 |
আদিপুস্তক 9:26 |
আদিপুস্তক 9:27 |
আদিপুস্তক 9:28 |
আদিপুস্তক 9:29 |
|
|
|
|
|
|
আদিপুস্তক 1 / আদি 1 |
আদিপুস্তক 2 / আদি 2 |
আদিপুস্তক 3 / আদি 3 |
আদিপুস্তক 4 / আদি 4 |
আদিপুস্তক 5 / আদি 5 |
আদিপুস্তক 6 / আদি 6 |
আদিপুস্তক 7 / আদি 7 |
আদিপুস্তক 8 / আদি 8 |
আদিপুস্তক 9 / আদি 9 |
আদিপুস্তক 10 / আদি 10 |
আদিপুস্তক 11 / আদি 11 |
আদিপুস্তক 12 / আদি 12 |
আদিপুস্তক 13 / আদি 13 |
আদিপুস্তক 14 / আদি 14 |
আদিপুস্তক 15 / আদি 15 |
আদিপুস্তক 16 / আদি 16 |
আদিপুস্তক 17 / আদি 17 |
আদিপুস্তক 18 / আদি 18 |
আদিপুস্তক 19 / আদি 19 |
আদিপুস্তক 20 / আদি 20 |
আদিপুস্তক 21 / আদি 21 |
আদিপুস্তক 22 / আদি 22 |
আদিপুস্তক 23 / আদি 23 |
আদিপুস্তক 24 / আদি 24 |
আদিপুস্তক 25 / আদি 25 |
আদিপুস্তক 26 / আদি 26 |
আদিপুস্তক 27 / আদি 27 |
আদিপুস্তক 28 / আদি 28 |
আদিপুস্তক 29 / আদি 29 |
আদিপুস্তক 30 / আদি 30 |
আদিপুস্তক 31 / আদি 31 |
আদিপুস্তক 32 / আদি 32 |
আদিপুস্তক 33 / আদি 33 |
আদিপুস্তক 34 / আদি 34 |
আদিপুস্তক 35 / আদি 35 |
আদিপুস্তক 36 / আদি 36 |
আদিপুস্তক 37 / আদি 37 |
আদিপুস্তক 38 / আদি 38 |
আদিপুস্তক 39 / আদি 39 |
আদিপুস্তক 40 / আদি 40 |
আদিপুস্তক 41 / আদি 41 |
আদিপুস্তক 42 / আদি 42 |
আদিপুস্তক 43 / আদি 43 |
আদিপুস্তক 44 / আদি 44 |
আদিপুস্তক 45 / আদি 45 |
আদিপুস্তক 46 / আদি 46 |
আদিপুস্তক 47 / আদি 47 |
আদিপুস্তক 48 / আদি 48 |
আদিপুস্তক 49 / আদি 49 |
আদিপুস্তক 50 / আদি 50 |