1 |
ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে। |
2 |
ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।” |
3 |
ঈশ্বৰে ক’লে, “মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। মিচৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা; কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতিৰ সৃষ্টি কৰিম। |
4 |
মই তোমাৰ সংগে সংগে মিচৰলৈ নামি যাম আৰু পুনৰ ময়েই তোমাক নিশ্চয় উভটাই আনিম। মৃত্যুকালত যোচেফে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব।” |
5 |
তাৰ পাছত যাকোব বেৰ-চেবাৰ পৰা ৰাওনা হ’ল; ইস্ৰায়েলৰ পুত্রসকলে তেওঁলোকৰ পিতৃ যাকোবক আৰু তেওঁলোকৰ ভার্য্যাৰে সৈতে লৰা-ছোৱালীকবোৰক লৈ ফৰৌণে যাকোবক নিবৰ কাৰণে পঠোৱা বাহনবোৰত উঠি যাত্রা কৰিলে। |
6 |
যি সকলো পশুধন আৰু ধন-সম্পত্তি তেওঁলোকে কনান দেশত লাভ কৰিছিল, সেই সকলোবোৰ লগত লৈ যাকোব আৰু তেওঁৰ সকলো বংশধৰেই মিচৰ দেশ অভিমুখে যাত্ৰা কৰিলে। |
7 |
এইদৰে যাকোবে তেওঁৰ পুতেক-জীয়েক, নাতি-নাতিনী আৰু তেওঁৰ বংশধৰ সকলোকে নিজৰ লগত লৈ মিচৰ দেশলৈ গ’ল। |
8 |
ইস্ৰায়েলীয়াসকল অর্থাৎ যাকোব আৰু তেওঁৰ বংশৰ যি সন্তান সকল মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই: যাকোবৰ জেষ্ঠ পুত্ৰ ৰূবেণ। |
9 |
ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী। |
10 |
চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র। |
11 |
লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী। |
12 |
যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল। |
13 |
ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ। |
14 |
জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল। |
15 |
জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল। |
16 |
গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী। |
17 |
আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল। |
18 |
এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ যোগেদি; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন। |
19 |
যাকোবৰ ভাৰ্যা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামীন। |
20 |
ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল। |
21 |
বিন্যামীনৰ পুত্র বেলা, বেখৰ, অচবেল, গেৰা, নামন, এহী, ৰোচ, মূপপীম, হুপপীম আৰু অৰ্দ। |
22 |
এওঁলোক ৰাহেলে জন্ম দিয়া যাকোবৰ সন্তান; এওঁলোক আছিল সৰ্ব্বমুঠ চৌদ্ধ জন। |
23 |
দানৰ পুত্র হূচীম। |
24 |
নপ্তালীৰ পুত্র যহচিয়েল, গূনী, যেচৰ, আৰু চিল্লেম। |
25 |
এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা যাকোবৰ সন্তান। এওঁলোক সৰ্ব্বমুঠ সাতজন আছিল। |
26 |
পুত্র-বোৱাৰীৰ উপৰিও যাকোবৰ লগত মিচৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁৰ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্ব্বমুঠ ছয়ষষ্ঠী জন। |
27 |
মিচৰ দেশত যোচেফৰ যি দুজন পুত্ৰ জন্মিছিল আৰু যাকোবৰ পৰিয়ালৰ যিসকল লোক মিচৰলৈ গৈছিল, তেওঁলোক সৰ্ব্বমুঠ সত্তৰ জন আছিল। |
28 |
যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে। |
29 |
যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে। |
30 |
ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলোঁ; এতিয়া মই মৰিবলৈ প্রস্তুত আছোঁ।” |
31 |
তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে। |
32 |
এই লোকসকল মেৰ-ছাগৰ ৰখীয়া; পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে মেৰ-ছাগ আৰু ছাগলী, গৰুৰ জাক আদি যি যি আছিল, সেই সকলোকে লৈ আনিছে’। |
33 |
তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব, ‘আপোনালোকে কি কাম কৰে?’ |
34 |
তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
আদিপুস্তক 46:1 |
আদিপুস্তক 46:2 |
আদিপুস্তক 46:3 |
আদিপুস্তক 46:4 |
আদিপুস্তক 46:5 |
আদিপুস্তক 46:6 |
আদিপুস্তক 46:7 |
আদিপুস্তক 46:8 |
আদিপুস্তক 46:9 |
আদিপুস্তক 46:10 |
আদিপুস্তক 46:11 |
আদিপুস্তক 46:12 |
আদিপুস্তক 46:13 |
আদিপুস্তক 46:14 |
আদিপুস্তক 46:15 |
আদিপুস্তক 46:16 |
আদিপুস্তক 46:17 |
আদিপুস্তক 46:18 |
আদিপুস্তক 46:19 |
আদিপুস্তক 46:20 |
আদিপুস্তক 46:21 |
আদিপুস্তক 46:22 |
আদিপুস্তক 46:23 |
আদিপুস্তক 46:24 |
আদিপুস্তক 46:25 |
আদিপুস্তক 46:26 |
আদিপুস্তক 46:27 |
আদিপুস্তক 46:28 |
আদিপুস্তক 46:29 |
আদিপুস্তক 46:30 |
আদিপুস্তক 46:31 |
আদিপুস্তক 46:32 |
আদিপুস্তক 46:33 |
আদিপুস্তক 46:34 |
|
|
|
|
|
|
আদিপুস্তক 1 / আদি 1 |
আদিপুস্তক 2 / আদি 2 |
আদিপুস্তক 3 / আদি 3 |
আদিপুস্তক 4 / আদি 4 |
আদিপুস্তক 5 / আদি 5 |
আদিপুস্তক 6 / আদি 6 |
আদিপুস্তক 7 / আদি 7 |
আদিপুস্তক 8 / আদি 8 |
আদিপুস্তক 9 / আদি 9 |
আদিপুস্তক 10 / আদি 10 |
আদিপুস্তক 11 / আদি 11 |
আদিপুস্তক 12 / আদি 12 |
আদিপুস্তক 13 / আদি 13 |
আদিপুস্তক 14 / আদি 14 |
আদিপুস্তক 15 / আদি 15 |
আদিপুস্তক 16 / আদি 16 |
আদিপুস্তক 17 / আদি 17 |
আদিপুস্তক 18 / আদি 18 |
আদিপুস্তক 19 / আদি 19 |
আদিপুস্তক 20 / আদি 20 |
আদিপুস্তক 21 / আদি 21 |
আদিপুস্তক 22 / আদি 22 |
আদিপুস্তক 23 / আদি 23 |
আদিপুস্তক 24 / আদি 24 |
আদিপুস্তক 25 / আদি 25 |
আদিপুস্তক 26 / আদি 26 |
আদিপুস্তক 27 / আদি 27 |
আদিপুস্তক 28 / আদি 28 |
আদিপুস্তক 29 / আদি 29 |
আদিপুস্তক 30 / আদি 30 |
আদিপুস্তক 31 / আদি 31 |
আদিপুস্তক 32 / আদি 32 |
আদিপুস্তক 33 / আদি 33 |
আদিপুস্তক 34 / আদি 34 |
আদিপুস্তক 35 / আদি 35 |
আদিপুস্তক 36 / আদি 36 |
আদিপুস্তক 37 / আদি 37 |
আদিপুস্তক 38 / আদি 38 |
আদিপুস্তক 39 / আদি 39 |
আদিপুস্তক 40 / আদি 40 |
আদিপুস্তক 41 / আদি 41 |
আদিপুস্তক 42 / আদি 42 |
আদিপুস্তক 43 / আদি 43 |
আদিপুস্তক 44 / আদি 44 |
আদিপুস্তক 45 / আদি 45 |
আদিপুস্তক 46 / আদি 46 |
আদিপুস্তক 47 / আদি 47 |
আদিপুস্তক 48 / আদি 48 |
আদিপুস্তক 49 / আদি 49 |
আদিপুস্তক 50 / আদি 50 |