1 |
যিহোৱাৰ দূতে গিলগলৰ পৰা বোখীমলৈ উঠি আহি ইস্রায়েলীসকলক ক’লে, “মই মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলো অাৰু যি দেশ দিম বুলি মই তোমালোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক লৈ আহিলোঁ; মই কৈছিলোঁ, ‘তোমালোকৰ সৈতে স্থাপন কৰা মোৰ নিয়মটি মই কেতিয়াও নাভাঙিম। |
2 |
তোমালোকেও এই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা; সিহঁতৰ বেদিবোৰ ভাঙি পেলাবা।’ কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কার্য কৰিলা? |
3 |
এই কাৰণে মই এতিয়া তোমালোকক কওঁ যে, ‘মই তোমালোকৰ ওচৰৰ পৰা কনানীয়াসকলক দূৰ নকৰিম; তেওঁলোক তোমালোকৰ কাৰণে কাঁইটস্বৰূপ হ’ব আৰু তেওঁলোকৰ দেৱতাবোৰ তোমালোকৰ কাৰণে এক ফান্দ হৈ পৰিব’।” |
ইণ্ডিয়ান ৰিভাইচ ভাৰচন |
|