1 |
অম্মোনীয়া নাহচে উঠি আহি যাবেচ-গিলিয়দৰ বিৰুদ্ধে ছাউনি পাতিলে। যাবেচৰ আটাই লোকে নাহচক ক’লে, “আপুনি আমাৰ সৈতে এটা চুক্তি কৰক; তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম।” |
2 |
কিন্তু অম্মোনীয়া নাহচে তেওঁলোকক ক’লে, “মই এইদৰে তোমালোকৰ লগত চুক্তি কৰিম, তোমালোক সকলোৰে সোঁ চকু কঢ়া যাব আৰু তাৰ দ্বাৰাই মই গোটেই ইস্ৰায়েলক অপমান কৰিম।” |
3 |
তেতিয়া যাবেচৰ বৃদ্ধ লোকসকলে তেওঁক ক’লে, “আমি ইস্ৰায়েল দেশৰ সকলো ফালে যেন দূত পঠাব পাৰোঁ এই কাৰণে আপুনি সাত দিন আমাক অকলে এৰি দিয়ক। কোনোৱে যদি আমাক উদ্ধাৰ নকৰে, তেন্তে আমি আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিম।” |
ইণ্ডিয়ান ৰিভাইচ ভাৰচন |
|