1 |
ইফ্ৰয়িম ফৈদৰ লোকসকলে গিদিয়োনক সুধিলে, “আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিদিয়নীয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে।” এইদৰে তেওঁলোকে গিদিয়োনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে। |
2 |
তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়াচৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্ৰয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়? |
3 |
ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাতিলোঁ?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল। |
ইণ্ডিয়ান ৰিভাইচ ভাৰচন |
|