1 |
সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল আৰু দান ফৈদে নিজে বাস কৰিবৰ অৰ্থে কোনো স্হায়ী ঠাই পোৱা নাছিল; কিয়নো তেওঁলোকৰ নিজৰ মাটি-বাৰী নাছিল। ইস্ৰায়েলৰ পৰিয়ালৰ আন লোকসকলে ইতিমধ্যে মাটি-বাৰী পাইছিল। কিন্তু দানৰ গোষ্ঠীৰ লোকসকলে মাটি-বাৰী পোৱা নাছিল। |
2 |
তেতিয়া দানৰ সন্তান সকলে নিজৰ বংশৰ মাজৰ পৰা পাঁচজন বীৰক দেশ চাই বুজ-বিচাৰ লবলৈ, চৰা আৰু ইষ্টায়োলৰ পৰা পঠিয়াই দিলে; আৰু তেওঁলোকক ক’লে, “তোমালোকে গৈ দেশৰ বুজ-বিচাৰ লোৱা।” তাতে তেওঁলোকে গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সেই মীখাৰ ঘৰৰ ওচৰ পাই তাতে ৰাতি থাকিল। |
3 |
তেওঁলোকে মীখাৰ ঘৰৰ ওচৰত থাকোঁতে, সেই লেবীয়া ডেকাৰ উচ্ছাৰণত তেওঁক চিনি পালে আৰু তেওঁৰ ওচৰলৈ গৈ সুধিলে, “এই ঠাইলৈ তোমাক কোনে আনিলে? আৰু ইয়াত তোমাৰ কি কাম?” |
ইণ্ডিয়ান ৰিভাইচ ভাৰচন |
|