1 |
যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে। |
2 |
যেতিয়া আপোনালোকে যুদ্ধলৈ যাবলৈ সাজু হ’ব, পুৰোহিতে আগবাঢ়ি আহি সৈন্যদলক উদ্দেশ্যি ক’ব, |
3 |
“হে ইস্ৰায়েলীয়াসকল, শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রুপক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা। |
ইণ্ডিয়ান ৰিভাইচ ভাৰচন |
|