1 |
আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক আধিপত্যৰ বাবে দিব, সেই ঠাইৰ জাতিবোৰক যেতিয়া উচ্ছন্ন কৰিব, আৰু আপোনালোকে তেওঁলোকৰ নগৰ আৰু ঘৰবোৰত বাস কৰিবলৈ ধৰিব, |
2 |
তেতিয়া যি দেশ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে আপোনালোকক দিব, আপোনালোকে সেই দেশৰ মধ্য ভাগত তিনিখন নগৰ নিজৰ কাৰণে মনোনীত কৰি ল’ব লাগিব। |
3 |
সেই ঠাইলৈ যাবলৈ এটা পথও আপোনালোকে নির্মাণ কৰি ল’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশত প্রৱেশ কৰাবলৈ আপোনালোকক নিছে, সেই দেশৰ সীমা আপোনালোকে তিনি ভাগত ভাগ কৰিব যাতে কোনো ব্যক্তিক হত্যা কৰা প্ৰতিজন হত্যাকাৰী তালৈ পলাই যাব পাৰে। |
ইণ্ডিয়ান ৰিভাইচ ভাৰচন |
|