A A A A A
লূক 16
1
যীচুৱে শিষ্য সকলক ক’লে, “এজন ধনী মানুহৰ এজন ঘৰগিৰী আছিল, এই ঘৰগিৰীয়ে ধনী মানুহ জনৰ সম্পদ নষ্ট কৰিছে বুলি অভিযোগ আনিলে৷
2
তেতিয়া সেই ধনী ব্যক্তি জনে ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনক মাতি ক’লে, ‘এইবোৰ তোমাৰ বিষয়ে মই কি শুনিছো? তোমাৰ কামৰ হিচাব মোক দিয়া, তুমি আৰু মোৰ ঘৰগিৰী দায়িত্বত থাকিব নোৱাৰা৷’
3
তেতিয়া সেই ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনে মনতে ভাবিলে, ‘এতিয়া মই কি কৰিম, যদি মোক এই কর্মৰ পৰা অাতৰাই দিয়ে, মই দিন হাজিৰা কৰি খাবলৈ মোৰ শক্তি নাই আৰু ভিক্ষা কৰিবলৈও মোৰ লাজ লাগে৷
ইণ্ডিয়ান ৰিভাইচ ভাৰচন