1 |
পাছত আহাবে, এলিয়াই কৰা সেই সকলো কাৰ্যৰ কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰা কথা ঈজেবলৰ আগত ক’লে। |
2 |
তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।” |
3 |
সেই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণৰক্ষাৰ বাবে পলাই গ’ল আৰু যিহূদাৰ অধীনত থকা বেৰ-চেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে। |
ইণ্ডিয়ান ৰিভাইচ ভাৰচন |
|