A A A A A

ইসাইয়া 5:1-30
1. মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাঁও, তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাঁও। মোৰ প্রিয়ৰ অতি উৰ্ব্বৰা এক পাহাৰত এখন দ্ৰাক্ষাবাৰী আছিল।
2. তেওঁ তাক খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে, আৰু তাত উত্তম দ্ৰাক্ষালতা ৰুলে, তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে, আৰু এটা দ্ৰাক্ষাকুণ্ডও নিৰ্মাণ কৰিলে; তেওঁ উত্তম দ্ৰাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল।
3. সেয়ে এতিয়া হে যিৰূচালেম নিবাসীসকল আৰু যিহূদাৰ লোকসকল, মোৰ আৰু মোৰ দ্ৰাক্ষাবাৰীৰ মাজত বিচাৰ কৰা।
4. মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাতিলোঁ হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?
5. মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।
6. মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
7. কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
8. ঘৰৰ লগত ঘৰ, আৰু পথাৰৰ লগত পথাৰ যোগ দিয়া সকলৰ সন্তাপ হওক; কোঠালি অৱশিষ্ট নাথকালৈকে, দেশত কেৱল তোমালোক অবশিষ্ট থাকিবা।
9. বাহিনীসকলৰ যিহোৱাই মোক কৈছিল, “অনেক ঘৰ খালী হৈ থাকিব, এনে কি, ডাঙৰ আৰু সুন্দৰ ঘৰবোৰতো কোনো প্ৰাণী বাস নকৰাকৈ থাকিব।
10. কিয়নো দহ একৰ আসক্ত হ’বলৈ অতি ৰাতিপুৱাতে উঠে, আৰু এক হোমৰ বীজত এক ঐফা উৎপন্ন হয়।
11. আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নোহোৱালৈকে বহু ৰাতিলৈকে বহি থাকে তেওঁলোকৰ সন্তাপ হ’ব।
12. তেওঁলোকৰ ভোজৰ আয়োজন বীণা, নেবল, খঞ্জৰী, বাঁহী, আৰু দ্ৰাক্ষাৰস; কিন্তু তেওঁলোকে যিহোৱাৰ কার্য বুজি নাপায়, নাইবা তেওঁৰ হাতৰ কার্য বিবেচনা নকৰে।
13. এই হেতুকে জ্ঞানৰ অভাৱত মোৰ লোকসকলক বন্দীত্বলৈ নিয়া হৈছে; তেওঁলোকৰ মূখ্যলোক সকল ভোকাতুৰ হৈছে, আৰু তেওঁৰ লোক সকলৰ পান কৰিবলৈ পানী নাছিল।
14. সেই কাৰণে মৃত্যুৱে তেওঁলোকৰ ভোক বঢ়াইছে, আৰু নিজৰ মুখ বহলকৈ মেলিছে, তেওঁলোকৰ মাজৰ অভিজাতলোক, লোক সমূহ, মূখ্যলোক, আনন্দকৰা লোক, আৰু উল্লাসিত লোকসকল চিয়োললৈ নামি গৈছে।
15. মানুহবোৰে তলমুখ কৰিছে, আৰু মহান লোক নম্র হৈছে, আৰু অহঙ্কাৰীবোৰৰ দৃষ্টি নত হৈছে।
16. বাহিনীসকলৰ যিহোৱা ন্যায় বিচাৰত উন্নত হৈছে, আৰু পবিত্ৰ ঈশ্বৰ নিজৰ ধাৰ্মিকতাত পবিত্ৰীকৃত হৈছে।
17. তাৰ পাছত মেৰ-ছাগবোৰে নিজৰ চৰণীয়া পথাৰত চৰাৰ দৰে চৰিছে, আৰু ধনী লোকৰ ধ্বংসাৱশেষৰ মেৰ-ছাগবোৰে চৰিছে ।
18. যিসকলে অসাৰতাৰূপ ৰছীৰে অপৰাধ আৰু ৰছীৰে গাড়ী টনা জৰী সৈতে পাপ টানি নিয়ে, তেওঁলোকৰ সন্তাপ হ’ব;
19. যি সকলে কয়, ঈশ্বৰ লৰালৰি কৰক, তেওঁৰ কাৰ্য শীঘ্ৰে কৰক,সেয়ে আমি ইয়াক ঘটা দেখিবলৈ পাম; আৰু আমি যেন জানিব পৰো তাৰ বাবে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ কল্পনাই আকৃতিলৈ আহক।”
20. যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
21. যি সকল নিজৰ দৃষ্টিত জ্ঞানী, আৰু নিজৰ বিবেচনাত বিচক্ষণ, তেওঁলোকৰ সন্তাপ হ’ব।
22. যি সকল দ্ৰাক্ষাৰস পান কৰাত প্রথমশ্রেণীৰ, আৰু সুৰা মিহলি কৰাত নিপুণ, তেওঁলোকৰ সন্তাপ হ’ব।
23. ভেঁটীৰ বাবে যি সকলে দুষ্টক নিৰ্দ্দোষী কৰে, আৰু নির্দ্দোষীক ধাৰ্মিকতাৰ পৰা বঞ্চিত কৰে।
24. এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰৰ বাক্য তুচ্ছ জ্ঞান কৰিলে।
25. এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও তেওঁ দণ্ড দিবলৈ হাত দাঙি আছে।
26. তেওঁ দূৰৰ দেশবোৰৰ বাবে সঙ্কেত দিয়া পতাকা তুলিব, আৰু পৃথিৱীৰ অন্তৰ পৰা তেওঁলোকৰ বাবে সুহুৰি মাৰিব; চোৱা তেওঁলোক ক্ষিপ্রতাৰে আৰু শীঘ্ৰে আহিব!
27. তেওঁলোকৰ মাজৰ কোনেও ক্লান্ত নহ’ব, নাইবা উজুটি নাখাব, আৰু টোপনি নাযাব নাইবা গভীৰ টোপনি নাযাব; নাইবা তেওঁলোকৰ কটিবন্ধন ঢিলা নহ’ব, নাইবা তেওঁলোকৰ জোতাৰ আগভাগো নাভাঙিব।
28. তেওঁলোকৰ কাঁড়বোৰ চোকা, আৰু আটাই ধনু ভিৰোৱা; তেওঁলোকৰ ঘোঁৰাবোৰৰ খুৰা চকমকিয়া পাথৰৰ দৰে, আৰু তেওঁলোকৰ ৰথৰ চক্ৰবোৰ ধুমুহাৰ দৰে;
29. তেওঁলোকৰ গৰ্জ্জন সিংহৰ গৰ্জ্জনৰ দৰে হ’ব; তেওঁলোকে যুবা সিংহৰ দৰে গুজৰিব এনে কি, কোনেও উদ্ধাৰ কৰিব নোৱাৰাকৈ তেওঁলোকে গুজৰি চিকাৰ ধৰিব আৰু টানি লৈ যাব।
30. সেই দিনা তেওঁলোকে সমুদ্ৰই গৰ্জ্জন কৰাৰ দৰে চিকাৰৰ বিৰুদ্ধে গৰ্জ্জন কৰিব, কোনোৱে যদি ভূমিৰ ওপৰেৰে চায় তেওঁ কেৱল অন্ধকাৰ আৰু সঙ্কট দেখিব, আৰু মেঘৰ দ্বাৰাই পোহৰ অন্ধকাৰময় হ’ব।

ইসাইয়া 6:1-13
1. উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল।
2. তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল; তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়।
3. প্রতিজনে আন জনক মাতি ক’লে, “পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীসকলৰ যিহোৱা! সমগ্র পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।”
4. আটাহ পাৰা সকলৰ মাতত দুৱাৰ আৰু প্রবেশস্থল কঁপিবলৈ ধৰিছে, আৰু গৃহটি ধোঁৱাৰে পৰিপূৰ্ণ হৈছে।
5. মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছোঁ।
6. তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।
7. তেওঁ তাৰে মোৰ মুখত স্পৰ্শ কৰি ক’লে, “চোৱা, ই তোমাৰ ওঁঠত স্পৰ্শ কৰিছে; তোমাৰ অপৰাধ গুচোৱা হ’ল, আৰু তোমাৰ পাপ প্ৰায়শ্চিত্ত হ’ল।”
8. মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।”
9. তেওঁ মোক ক’লে, “যোৱা আৰু সেই লোকসকলক কোৱা, ‘তোমালোক শুনা, কিন্তু বুজি নোপোৱা; চোৱা, কিন্তু উপলদ্ধি কৰিব নোৱাৰা।
10. এই লোকসকলৰ অন্তৰ অনুভুতিহীন কৰা, তেওঁলোকৰ কাণ কলা কৰা, আৰু তেওঁলোকৰ চকু অন্ধ কৰা; সেয়ে তেওঁলোকে চকুৰে নেদেখিব, কাণেৰে নুশুনিব, আৰু অন্তৰেৰে বুজি নাপাব, আৰু তেতিয়াহে পুনৰ ঘুৰি আহিব, আৰু সুস্থ হ’ব।”
11. তেতিয়া মই সুধিলোঁ, “হে প্ৰভু, কিমান সময়?” তেওঁ উত্তৰ দিলে, যেতিয়ালৈকে নগৰবোৰ ধ্বংস হয়, এটাও প্রাণী নাবাচে, আৰু ঘৰবোৰ মানুহ নোহোৱাকৈ উচ্ছন্ন নহ’ব, আৰু দেশ জনশূন্য হোৱা জাবৰৰ দ্বৰে নহয়,
12. যিহোৱাই যেতিয়ালৈকে লোকসকলক বহু দূৰলৈ নপঠিয়াই, আৰু দেশ নিৰ্জনতাৰে পৰিত্যক্ত নহ’ব।
13. যদিও তাত দহ ভাগৰ এভাগ লোক অৱশিষ্ট থাকিব, তথাপি পুনৰায় তাক ধ্বংস কৰা হ’ব; যি দৰে এলা আৰু ওক গছ কটা হ’য়, কিন্তু তাৰ গছৰ গুৰি অৱশিষ্ট থাকে, পবিত্ৰ বীজ তাৰ গছৰ গুৰিত থাকি যায়।”

সামসঙ্গীত 105:23-26
23. তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।
24. ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে, শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে।
25. তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।
26. তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;

প্রবচন 24:28-29
28. কাৰণ নোহোৱাকৈ তোমাৰ চুবুৰীয়াৰ অহিতে সাক্ষী নহবা; আৰু তোমাৰ মুখেৰে প্ৰতাৰণা নকৰিবা।
29. এইদৰে নকবা, “তেওঁ মোলৈ যিদৰে কৰিলে, মইয়ো তালৈ সেইদৰেই কৰিম; তেওঁ যি কৰিলে তাৰ প্রতিফল মই তেওঁক দিম।”

১ কৰিন্থীয়া 15:29-58
29. আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?
30. আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো?
31. হে প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতি দিনেই মই মৃত্যু-মুখত আছোঁ।
32. মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।
33. আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।
34. ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
35. কিন্তু কিছুমানে কয়, “মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?”
36. হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্য্যন্ত নগজে;
37. আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা;
38. কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।
39. সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে।
40. স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে; কিন্তু স্বৰ্গীয়বোৰৰ কান্তি এক প্ৰকাৰ আৰু পাৰ্থিৱবোৰৰ কান্তি এক প্ৰকাৰ।
41. সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয়।
42. সেইদৰে মৃতবোৰৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ;
43. যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দূৰ্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ শক্তি;
44. যিহক ৰোৱা যায়, সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয়, সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে, তেনেহলে আত্মিক দেহো আছে।
45. এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”।
46. তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ’ল।
47. প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা।
48. সেই মৃন্ময় জন যেনে আছিল, মৃন্ময়বোৰো তেনে; আৰু সেই স্বৰ্গীয়লোক সকল, সেই স্বর্গীয় লোক খ্ৰীষ্টৰ দৰে৷
49. আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম।
50. কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।
51. চাওক, মই আপোনালোকক এটি নিগূঢ়-তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ’ম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হ’ম।
52. এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
53. কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।
54. পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব”
55. “হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?”
56. মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷
57. কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
58. এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।