A A A A A
एक साल में बाइबल
सितंबर 4

পরম গীত 7:1-13
1. হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া! তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।
2. তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা; তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা, যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা।
3. তোমাৰ স্তন দুটা যেন হৰিণীৰ দুটি পোৱালি, এটি কৃষ্ণসাৰৰ যমজ পোৱালি।
4. হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠণ; তোমাৰ নয়ন দুটি, হিচবোনত বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা; তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ।
5. তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোছা ঘন বেঙেনা বৰণীয়া; সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে।
6. হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!
7. তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক।
8. মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক;
9. তোমাৰ মূখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা । সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক।
10. মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ;
11. হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁ বোৰত গৈ থাকোঁগৈ।
12. ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম।
13. দুদা ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে; ন-পুৰণি সকলো ধৰণৰ ফল আমি থকা ঠাইৰ দুৱাৰতে আছে। হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।

পরম গীত 8:1-14
1. অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
2. মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব । আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
3. তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
4. হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
5. নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
6. মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
7. জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।
8. আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
9. তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম।
10. মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত ।
11. বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।
12. মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে।
13. হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া।
14. হে মোৰ প্ৰিয়, শীঘ্ৰে আহা, সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণসাৰৰ দৰে হোৱা; অথবা যুবা হৰিণৰ সদৃশ হোৱা।

সামসঙ্গীত 104:31-35
31. যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।
32. তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
33. মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
34. তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
35. পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

প্রবচন 24:21-22
21. হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা। তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা সকলৰ সৈতে সহযোগ নকৰিবা।
22. কাৰণ হঠাতে তেওঁলোকলৈ বিপৰ্যয় আহিব, তেওঁলোক দুয়োৰে পৰা বিনাশ কিমান পৰিমানে হ’ব কোনে জানে?

১ কৰিন্থীয়া 14:1-20
1. আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক।
2. কিয়নো যি জনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে, তেওঁ কোনো মানুহৰ সতে নহয় ঈশ্বৰৰ সতেহে কথা কয়; কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগূঢ়-তত্ববোৰৰ বিষয়ে কয়।
3. কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মানুহবোৰক ধাৰ্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্ত্বনা দিবলৈ কথা কয়।
4. যি জনৰ পৰভাষা কবলৈ ক্ষমতা আছে, তেওঁ নিজকে ধৰ্মত বৃদ্ধি কৰে; কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক গঢ়ি তোলে।
5. আপোনালোকে যেন পৰভাষা কয়, এই মোৰ ইচ্ছা; কিন্তু তাতকৈ ভাবোক্তি যেন প্ৰচাৰ কৰে, ইয়ালৈ মোৰ বৰ ইচ্ছা; আৰু পৰভাষা কোৱা জনে, মণ্ডলীয়ে ধৰ্মত বৃদ্ধি পাবলৈ যদি অৰ্থ নুবুজায়, তেনেহলে এনে জনতকৈ ভাবোক্তি প্ৰচাৰ কৰা জন শ্ৰেষ্ঠ।
6. এতিয়া, হে প্ৰিয় ভাই আৰু ভনী সকল, মই আপোনালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ, কিন্তু আপোনালোকৰ ওচৰত গৈ প্ৰকাশিত সত্য ঞ্জান বা ভাববাণী বা কোনো শিক্ষা বিষয়ে যদি নকওঁ, তেনেহলে আপোনালোকৰ কিবা লাভ হবনে?
7. শব্দ কৰা নিষ্প্ৰাণ বস্তুৰ মাজতো বাঁহী হওক, বা বীণা হওক, শুৱলা স্বৰ সৃষ্টি কৰি স্পষ্টকৈ শুৱলা ধ্বনিত যদি নাবাজে, তেনেহলে বাঁহীৰে বা বীণাৰে কি সুৰ বজোৱা হয়, সেই বিষয়ে কেনেকৈ জনা যাব?
8. কাৰণ ৰণ-শিঙাৰ মাত যদি অস্পষ্ট হয়, তেনেহলে যুদ্ধলৈ কোনে নিজকে সজাব?
9. ঠিক সেইদৰে আপোনালোকেও যদি সহজে বুজিব পৰা কথা জিভাৰে নকয়, তেনেহলে যি কোৱা হয়, সেই বিষয়ে কেনেকৈ জানিব? কিয়নো এইবোৰ কথা আপোনালোকে বতাহত কোৱাৰ নিচিনা হ’ব।
10. জগতত বহু প্ৰকাৰৰ ভাষা আছে, তথাপি তাৰ অৰ্থ নোহোৱা ভাষা এটাও নাই।
11. কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজোঁ, তেনেহলে যি জনে কয়, তেওঁৰ বাবে মই বিদেশীৰ নিচিনা হ’ম; আৰু সেই কোৱা জনো মোৰ বাবে বিদেশীৰ নিচিনা হ’ব।
12. এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনে ধৰণৰেই, আপোনালোকে আত্মাৰ বিবিধ বৰলৈ হাবিয়াহ কৰিছে যেতিয়া, মণ্ডলীক ধৰ্মত বৃদ্ধি কৰিবৰ বাবে উপচি পৰিবলৈ যত্ন কৰক।
13. এই কাৰণে যি জনে পৰভাষা কয়, তেওঁ যেন অৰ্থও বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰক।
14. কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ, তেনেহলে মোৰ আত্মাই প্ৰার্থনা কৰে, কিন্তু মোৰ হৃদয় ফলহীন হয়।
15. তেনেহলে আমি কি কৰা উচিত? অামি আত্মাৰে প্ৰাৰ্থনা কৰিম নে, মনৰে প্ৰার্থনা কৰিম? আমি আত্মাৰে গীত গাম নে, মনেৰে গীত গাম?
16. নতুবা তুমি যদি আত্মাৰে ঈশ্বৰৰ প্ৰশংসা কৰিছা, কিন্তু যি সকলে শুনিবলৈ দর্শক হিচাপে তালৈ আহে, তেওঁ যদি বুজি নাপাই, কেনেকৈ তোমাৰ সেই ধন্যবাদত ‘আমেন’ ক’ব? কাৰণ তুমি কি কৈছা, তেওঁলোকে বুজি নাপালে।
17. কিয়নো তুমি হ’লে, বহুত ভালকৈ ধন্যবাদ কৰিছা, কিন্তু অন্য লোক সকলক আত্মিক ভাবে গঢ়ি তোলা নহল।
18. মই যে আপোনালোকতকৈ বেছি পৰভাষা কওঁ, তাৰ কাৰণে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ;
19. তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ, মানুহক শিক্ষা দিবলৈ, বুজি পোৱাকৈ বুদ্ধিৰে পাঁচটা কথা কোৱা ভাল বুলি ভাবো।
20. হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।