A A A A A

ইসাইয়া 49:1-26
1. হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
2. তেওঁ মোৰ মুখ চোকা তৰোৱালৰ দৰে কৰিলে, তেওঁ নিজৰ হাতৰ ছাঁত মোক লুকুৱাই থলে; তেওঁ মোক শানত দিয়া কাঁড় কৰিলে, তেওঁ নিজৰ তূণৰ ভিতৰত মোক লুকুৱাই ৰাখিলে।
3. তেওঁ মোক ক’লে, “ইস্রায়েল তুমি মোৰ দাস, যাৰ যোগেদি মই মোৰ গৌৰৱ দেখিবলৈ পাম।”
4. যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ,মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে।
5. আৰু এতিয়া যিহোৱাই কৈছে,মই নিজৰ ওচৰলৈ যাকোবক পুনৰায় আনিবৰ বাবে, আৰু ইস্ৰায়েলক তেওঁৰ ওচৰত গোট খুৱাবৰ অৰ্থে, তেওঁৰ দাস হ’বলৈ মোক জন্মৰ পৰাই গঠন কৰিলে, মই যিহোৱাৰ দৃষ্টিত মৰ্যদাৱান, আৰু মোৰ ঈশ্বৰ মোৰ বলস্বৰূপ।
6. তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্ৰাণৰ উপায় হ’বা
7. ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।
8. যিহোৱাই এই কথা কৈছে, একে সময়তে মই তোমাক মোৰ অনুগ্ৰহ আৰু উত্তৰ দিবলৈ সিদ্ধান্ত ল’ম, আৰু পৰিত্ৰাণৰ দিনা মই তোমাক সহায় কৰিম; উত্তৰাধিকাৰি সূত্রে পোৱা উচ্ছন্ন হৈ যোৱা দেশ পুনৰ নির্দিষ্ট কৰি গঠন কৰিবলৈ, মই তোমাক সুৰক্ষা দিম,আৰু তোমাক চুক্তি হিচাবে লোকসকলৰ কাৰণে দিম।
9. অন্ধকূপত থকা বন্দীসকলক তুমি কোৱা ‘ওলাই আহাঁ,’আৰু ‘নিজক দেখুৱা।’ তেওঁলোকে পশুবোৰক বাটৰ কাষে কাষে চৰাব, আৰু আটাই খালী এঢলীয়া ঠাই সিহঁতৰ চৰণীয়া ঠাই হ’ব।
10. তেওঁলোক ক্ষুধাতুৰ বা তৃষ্ণাতুৰ নহ’ব; গৰমে বা সূৰ্যৰ তাপে তেওঁলোকক কষ্ট নিদিব; কাৰণ যি জনাই তেওঁলোকক দয়া কৰে, তেওঁ তেওঁলোকক চলাই লৈ যাব, আৰু জলৰ ভুমুকলৈ পথ দর্শক হৈ তেওঁলোকক চলাই নিব।
11. আৰু মই মোৰ পৰ্ব্বতবোৰ বাটলৈ পৰিনত কৰিম আৰু মোৰ ৰাজবাটবোৰ সমান কৰিম।”
12. চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা; আৰু আনবোৰ চিনীম দেশৰ পৰা আহিব।
13. হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিৱী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব।
14. কিন্তু চিয়োনে ক’লে, “যিহোৱাই মোক ত্যাগ কৰিলে আৰু প্ৰভুৱে মোক পাহৰিলে।”
15. মহিলাই নিজে জন্ম দিয়া সন্তানক জানো পাহৰিব পাৰে,সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে? হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো।
16. চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব।
17. তোমাৰ সন্তান সকল যেতিয়া বেগাবেগি ঘুৰি আহিব; তেতিয়া তোমাক ধ্বংস কৰাসকল আঁতৰি যাব।
18. চাৰিওফালে চোৱা; তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। “নিশ্চিতভাবে যি দৰে মই জীয়াই আছোঁ” এয়া যিহোৱাৰ ঘোষনা- “তোমালোকে সেইবোৰ অলঙ্কাৰৰ দৰে নিশ্চয় পিন্ধিবা; তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা।
19. ধ্বংস হোৱা দেশত যদিও তোমালোক পতিত আৰু উচ্চন্ন হৈছিলা, এতিয়া বাসিন্দা হ’বৰ বাবে তোমালোক অতি তাকৰ, আৰু যিসকলে তোমালোকক গ্ৰাস কৰিছিল তেওঁলোক এতিয়া বহু দূৰত।
20. তোমালোকৰ সন্তাপৰ সময়ত জন্ম হোৱা সন্তান সকলে তোমালোকে শুনাকৈ ক’ব, ‘এই ঠাই আমাৰ কাৰণে অতি ঠেক, আমাৰ বাবে ঠাই যুগুত কৰা; আমি যেন ইয়াত বাস কৰিব পাৰোঁ।’
21. তেতিয়া তোমালোকে নিজকে কবা, “কোনে মোৰ কাৰণে এই সন্তান জন্ম দিলে?” মই সন্তাপ আৰু বাঁজী, দেশান্তৰিত আৰু বিবাহ-বিচ্ছেদ ব্যক্তি আছিলোঁ। এই সন্তান সকলক কোনে প্রতিপালন কৰিলে? চোৱা, মোক অকলে এৰিলে; এইসকল ক’ৰ পৰা আহিলে?’”
22. প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মই দেশ নিবাসী সকললৈ মোৰ হাত দাঙিম, লোকসকললৈ মোৰ চিহ্ন ধ্বজা তুলিম। তেওঁলোকে তোমালোকৰ পুত্ৰসকলক বাহুত আনিব, আৰু তোমাৰ জীয়াৰীসকলক কান্ধত তুলি অনিব।
23. ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
24. যুদ্ধাৰোসকলে লুন্ঠন কৰি অনা বস্তু জানো তেওঁলোকৰ হাতৰ পৰা ল’ব পাৰি; বা বন্দীসকলক অত্যাচাৰীৰ পৰা উদ্ধাৰ?
25. কিন্তু যিহোৱাই এই কথা কৈছে: হ’য় যোদ্ধাৰোসকলৰ পৰা বন্দীসকলক উলিয়াই অনা হ’ব, আৰু লুন্ঠন কৰি অনা বস্তু উদ্ধাৰকৰা হ’ব; কাৰণ মই তোমালোকৰ প্রতিদ্বন্দীক বাধা দিম আৰু তোমালোকৰ সন্তান সকলক ৰক্ষা কৰিম।
26. আৰু তোমালোকক উপদ্ৰৱ কৰোঁতা সকলক মই তেওঁলোকৰ নিজৰেই মঙহ খুৱাম; আৰু তেওঁলোকে দ্ৰাক্ষাৰস বুলি নিজৰ তেজকেই নিজে পান কৰি মতলীয়া হ’ব; সেয়ে, ময়েই যে যিহোৱা, তোমালোকৰ ত্ৰাণকৰ্ত্তা আৰু মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, সেই কথা সকলো মানৱজাতিয়ে জানিব।

ইসাইয়া 50:1-11
1. যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।
2. তাত কোনো এজন নাছিল তথাপি মই কিয় আহিছিলো? কোনো এজনে উত্তৰ দিয়া নাছিল তথাপি মই কিয় মাতিছিলোঁ? তোমালোকক মুক্ত কৰিবলৈ মোৰ হাত ইমান চুটি নে? তোমালোকক উদ্ধাৰ কৰিবলৈ মোৰ কোনো শক্তি নাই নে? চোৱা, মোৰ ধমকিতেই মই সমুদ্ৰ শুকুৱাও; মই নদীবোৰক মৰুভূমি কৰোঁ; পানীৰ অভাৱত তাত থকা মাছবোৰ মৰিব আৰু গেলিব।
3. মই আন্ধাৰেৰে আকাশ আচ্ছাদিত কৰোঁ, আৰু চট কাপোৰেৰে ইয়াক ঢাকি ধৰোঁ।
4. মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
5. প্ৰভু যিহোৱাই মোৰ কাণ মুকলি কৰিলে; আৰু মই বিদ্ৰোহী নাছিলোঁ, বা মই পিছফালেও ঘুৰা নাছিলোঁ।
6. প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ,আৰু মোৰ ডাঢ়ি উঘালোঁতাবিলাকলৈ মোৰ গাল পাতি দিলোঁ, অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই।
7. কাৰণ প্ৰভু যিহোৱাই মোক সহায় কৰিব; সেই বাবে মই অপমানিত নহম; সেয়ে মই মোৰ মুখ চকমকি পাথৰৰ দৰে কৰিলোঁ; কাৰণ মই জানো যে মই লাজ নাপাম।
8. যি জনে মোক ন্যায্য বুলি প্রমান কৰিলে যিহোৱা মোৰ ওচৰত আছে; কোনে মোৰ বিৰোধিতা কৰিব? আহাঁ আমি থিয় হওঁ আৰু ইজনে সিজনৰ সন্মুখীন হ’ও। মোক দোষাৰোপ কৰা জন কোন? তেওঁক মোৰ ওচৰলৈ আহিব দিয়া।
9. চোৱা, প্ৰভু যিহোৱাই মোক সহায় কৰিব; কোনে মোক দোষী কৰিব? চোৱা, তেওঁলোক সকলোৱেই কাপোৰৰ দৰে ক্ষয় হ’ব; পোকে তেওঁলোকক খাই পেলাব।
10. তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভাৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।
11. চোৱা, তোমালোক যিসকলোৱে জুই জ্বলোৱা, আৰু যি জনে নিজকে টর্চলাইটেৰে সজ্জিত কৰা: তোমালোকে নিজৰ জুইৰ পোহৰত আৰু তোমালোকে জ্বলোৱা সেই অগ্নিশিখাৰ পোহৰত খোজ কাঢ়া। যিহোৱাই কৈছে ‘মোৰ হাতৰ পৰা’ ‘এই সকলো তোমালোকলৈ ঘতিব:কষ্টৰ ঠাইত তোমালোকে শয়ন কৰিবা।’

সামসঙ্গীত 112:1-4
1. তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।
2. তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব; ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
3. তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।
4. ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়; তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক।

প্রবচন 26:13-15
13. এলেহুৱা ব্যক্তিয়ে কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইৰ মাজত এটা সিংহ আছে।”
14. দুৱাৰ যেনেকৈ কবজাত ঘুৰে, এলেহুৱা ব্যক্তিও তেনেকৈ নিজৰ শোৱাপাটিত বাগৰে।
15. এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দিয়ে, কিন্তু তেওঁৰ মুখলৈ সেই আহাৰ নিবলৈ শক্তি নাথাকে।

ইফিচীয়া 1:1-23
1. মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত এজন পাঁচনি। ইফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুত বিশ্বাস কৰা পবিত্ৰ লোক সকলৰ সমীপলৈ;
2. আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক।
3. আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
4. জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে।
5. ঈশ্বৰে প্রেমৰ দ্বাৰাই পূর্বৰে পৰা আমাক যীচু খ্রীষ্টৰ মাধ্যমেদি নিজৰ তোলনীয়া সন্তান ৰূপে নিৰূপণ কৰিলে। এই কার্য ঈশ্বৰে আনন্দেৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে।
6. ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।
7. কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
8. সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে।
9. খ্রীষ্টত কার্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্রকাশ কৰিলে।
10. ঈশ্বৰে স্থিৰ কৰি ৰাখিছিলে যে নিৰূপিত সময় পূর্ণ হলে পৰিকল্পনাৰ কার্য-সাধনৰ অর্থে তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকা সকলোকে মিলন কৰাই খ্ৰীষ্টৰ অধীনলৈ আনিব।
11. ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে।
12. আমি যি সকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছো, সেই সকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেই বাবেই তেওঁ আমাক মনোনীত কৰি ললে।
13. আপোনালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল।
14. ঈশ্বৰে যি সকলো প্রতিজ্ঞা কৰিছে, সেই সকলো প্ৰতিজ্ঞা সম্পূর্ণকৈ প্রাপ্তি নোহোৱালৈকে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনা স্বৰূপ হৈ আছে। এই সকলোবোৰৰ দ্বাৰাই ঈশ্বৰৰ মহিমাৰ প্রশংসা হব।
15. এই কাৰণে মই যেতিয়া প্ৰভু যীচুত আপোনালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্র লোক সকলৰ প্রতি আপোনালোকৰ প্ৰেমৰ কথা শুনিলো,
16. তেতিয়াৰে পৰা মই আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত আপোনালোকৰ নাম উল্লেখ কৰিবলৈ ৰখা নাই।
17. মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।
18. ঈশ্বৰৰ আমন্ত্রণৰ যি আশা আৰু মনোনীত পবিত্র লোক সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়;
19. লগতে ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কার্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে।
20. সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে।
21. সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল।
22. ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে;
23. সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।