A A A A A
एक साल में बाइबल
सितंबर 25

ইসাইয়া 41:1-29
1. হে দ্বীপবোৰ, মোৰ আগত নিজম দি শুনা, দেশবাসীয়ে নতুন বল পাওক; তেওঁলোকক ওচৰত আহি কথা পাতিব দিয়া, আহাঁ আমি একে লগে বিবাদৰ বিচাৰলৈ যাওহঁক।
2. কোনে পূব দিশত এজনক উত্তেজিত কৰিলে? ধাৰ্মিকতা কাৰ্য কৰিবলৈ কোনে তেওঁক নিজৰ ভৰিৰ ওচৰলৈ মাতিছে? তেওঁ সেই জনৰ আগত দেশবসীক শোধাই দিছে, আৰু তেওঁক ৰজাসকলৰ পৰাভূত কৰাইছে; তেওঁ তেওঁলোকক তৰোৱালেৰে ধুলিৰ দৰে আৰু তেওঁৰ ধনুৰে উৰি যোৱা নৰাৰ দৰে কৰিছে।
3. তেওঁ তেওঁলোকৰ পাছে পাছে খেদি গৈছে, আৰু তেওঁ বাটত ভৰি নিদিয়াকৈ নিৰাপদে আগ বাঢ়ি গৈছে।
4. কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণীৰে পৰা প্রজন্মক উৎপন্ন কৰে? প্ৰথম যি মই, আৰু শেষৰ সঙ্গী যি মই যিহোৱা, ময়েই সেই জনা।
5. দ্বীপবোৰে দেখি ভয় কৰিলে, পৃথিৱীৰ অন্তবোৰ কঁপিল; সিহঁত ওচৰ চাপি আহিল।
6. প্ৰতিজনে নিজৰ ওচৰ চুবুৰীয়াক সহায় কৰিলে, আৰু প্রতিজনে ইজনে আন জনক ক’লে, ‘সাহ কৰা।’
7. সেই দৰে বাঢ়ৈয়ে সোণাৰীক, আৰু হাতুৰীৰে কাম কৰা জনক নিয়াৰিত খুন্দা জনক সাহস দিলে। ঢালাই কৰাৰ বিষয়ে ক’লে, এইটো উত্তম; আৰু সি গজাল মাৰি তাক সংলগ্ন কৰিলে যাতে সেইয়া তলত নপৰে।
8. কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলোঁ, মোৰ বন্ধু অব্ৰাহামৰ সন্তান,
9. যাক মই পৃথিৱীৰ অন্তৰ পৰা হাতেৰে ধৰি আনিলো, আৰু যাক মই অতি দূৰৰ পৰা মাতিলো আনিলো, যাক মই ক’লো, ‘তুমি মোৰ দাস;’ মই তোমাক মনোনীত কৰিলোঁ আৰু তোমাক ত্যাগ কৰা হোৱা নাই।
10. ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
11. চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্রোধ কৰিছে, সেই সকলোৱে লাজ পাই বিবৰ্ণ হ’ব; যিসকলে তোমাক প্রতিবাদ কৰে, তেওঁলোক একো নোহোৱা যেন হ’ব, আৰু বিনষ্ট হ’ব;
12. যিসকলে তোমাৰ বিৰোধ কৰে, তেওঁলোকক তুমি বিচাৰি নাপাবা; যিসকলে তোমাৰ লগত যুদ্ধ কৰে, তেওঁলোক শূন্য আৰু একো নোহোৱা যেন হ’ব।
13. কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
14. হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাৰ মুক্তিদাতা।
15. চোৱা, মই তোমাক এক নতুন চোকা দাঁত থকা মৰণা মৰা যন্ত্ৰস্বৰূপ কৰিম; তুমি পৰ্ব্বতবোৰ মৰণা মাৰি গুড়ি কৰিবা, আৰু পাহাৰবোৰক তুহঁৰ দৰে কৰিবা।
16. তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত গৌৰৱ কৰিবা।
17. দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।
18. মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ, আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম; মই মৰুভূমিক এক জলাশয় কৰিম, আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম।
19. মই অৰণ্যত বনৰীয়া এৰচ, বাবল, মেন্দি আৰু জলফাই গছ ৰুম; আৰু মৰুভূমিত দেৱদাৰু, তিধৰ, তাচুৰ গছ একেলগে ৰুই থম।
20. যিহোৱাই নিজ হাতে যে, এই কাৰ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই যে তাক সৃষ্টি কৰিলে, ইয়াক লোকসকলে যেন দেখিব আৰু বিবেচনা কৰি একে সময়তে বুজিব পাৰে, এনে অভিপ্ৰায়েৰে মই সেই কাৰ্য কৰিম।
21. যিহোৱাই কৈছে, “তোমালোকৰ গোচৰ উপস্থিত কৰা,” যাকোবৰ ৰজাই কৈছে, “তোমালোকৰ মুৰ্ত্তিৰ বাবে দৃঢ় প্ৰমাণ আনা।”
22. তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম।
23. তোমালোক যে ঈশ্বৰ, ইয়াক আমি জানিবলৈ ভবিষ্যতে কি ঘটিব, তাক প্ৰকাশ কৰা; আমি যাতে শঙ্কিত আৰু বিস্ময় মানি দেখিবৰ বাবে তোমালোকে মঙ্গল বা অমঙ্গল কৰা।
24. চোৱা, তোমালোকৰ মুৰ্ত্তিবোৰ একো নহয়, আৰু তোমালোকৰ কাৰ্যও একো নহয়; তোমালোকক মনোনীত কৰা জন ঘৃণনীয়।
25. মই উত্তৰ দিশত এজনক উৎপন্ন কৰিলোঁ, আৰু তেওঁ আহিছে; মোৰ নাম লোৱা জনক সূৰ্য উদয় হোৱা ফালে মই মাতিলোঁ; বোকা গচকাৰ দৰে, আৰু কুমাৰে মাটি খচাৰ দৰে, তেওঁ শাসনকৰ্ত্তাসকলক গচকিব।
26. কোনে ইয়াক আদিৰে পৰা প্ৰকাশ কৰিলে? আৰু কোনে আগতে কৰিলে? সেই কথা জানিবৰ বাবে, যাতে আমি ক’ব পাৰোঁ “তেওঁ সত্য” বাস্তৱিকতে তেওঁলোকৰ কোনোৱে এই আজ্ঞা দিয়া নাছিল, তুমি কোৱা কথা কোনো শুনা নাছিল।
27. মই প্ৰথমে চিয়োনক কৈছিলোঁ, “ইয়াত এওঁলোকক চোৱা,” মই এজন প্ৰচাৰক যিৰূচালেমলৈ পঠালোঁ।
28. যেতিয়া মই চালোঁ, তাত কোনো এজনো নাই; ভাল পৰামৰ্শ দিব পৰা কোনো এজনো তেওঁলোকৰ মাজত নাই, মই সুধিলে উত্তৰত এটা শব্দ ক’ব পৰা কোন আছে।
29. চোৱা, তেওঁলোকৰ সকলোৱে অসাৰ, আৰু তেওঁলোকৰ কাৰ্যও অসাৰ; তেওঁলোকৰ সাঁচত ঢলা মুৰ্ত্তিবোৰ ভাপ আৰু শূন্য মাথোন।

ইসাইয়া 42:1-25
1. সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তুষ্ট হৈছে; মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব।
2. তেওঁ নাকান্দিব অথবা নিচিঞঁৰিব, আৰু নিজৰ মাত পথত শুনাকৈ নক’ব।
3. তেওঁ থেতেলা নল নাভাঙিব, ধোঁৱাই থকা শলিতাও নুনুমাব; কিন্তু তেওঁ সত্যতাৰে ন্যায় বিচাৰ কৰিব।
4. তেওঁ পৃথিবীত ন্যায় বিচাৰ স্থাপন নকৰালৈকে দুৰ্ব্বল কি নিৰুৎসাহ নহ’ব; আৰু দ্বীপ বোৰে তেওঁৰ বিধানৰ বাবে অপেক্ষা কৰিব।
5. যিজনাই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেইজনাই পৃথিৱী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে, আৰু জীৱন দিলে; যি জনাই লোকসকলক নিশ্বাস দিলে জীয়াই থকা সকলক প্রাণ দিলে, সেই ঈশ্বৰ যিহোৱা কোৱা কথা এই,
6. মই তোমাক ধাৰ্মিকতালৈ মাতিলো, আৰু তোমাৰ হাত ধৰি ৰাখিম, মই লোকসকলৰ নিয়ম স্থাপকৰূপে, দেশবাসীসকলৰ দ্বীপ্তি স্বৰূপে তোমাক নিযুক্ত কৰিম।
7. অন্ধ লোকসকলৰ চকু মুকলি কৰিবলৈ, বন্দীশালৰ পৰা বন্দীসকলক মুক্ত কৰিবলৈ, আৰু কাৰাগাৰৰ অন্ধকাৰত বহি থকা সকলক তাৰ পৰা আনিবলৈ।
8. মই যিহোৱা, এয়ে মোৰ নাম; আৰু মই মোৰ গৌৰৱ আনক, বা মোৰ প্ৰশংসা কটা মুৰ্ত্তিবোৰক নিদিওঁ।
9. চোৱা, আগৰ কথা ফলিয়ালে এতিয়া নতুন বিষয় মই প্ৰকাশ কৰোঁ; সেইবোৰ সিদ্ধ নহওঁতেই সেইবোৰৰ বিষয়ে মই তোমালোকক কওঁ।”
10. হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা।
11. মৰুভূমি আৰু তাৰ নগৰবোৰে কান্দক, কেদৰে বসতি কৰা গাওঁবোৰে উচ্চধ্বনি কৰক; চেলা-নিবাসীসকল গান কৰক, পৰ্ব্বতৰ টিঙৰ পৰা জয় ধ্বনি কৰক।
12. তেওঁলোকে যিহোৱাৰ গৌৰৱ স্বীকাৰ কৰক, আৰু দ্বীপবোৰৰ মাজত তেওঁৰ প্ৰশংসা কৰক।
13. যিহোৱা বীৰৰ দৰে ওলাই আহিব; তেওঁ যুদ্ধাৰুৰ দৰে নিজৰ উৎসাহ বঢ়াব; তেওঁ জয় ধ্বনি কৰিব, এনে কি, মহা ধ্বনি কৰিব; তেওঁ শত্রুবোৰৰ বিৰুদ্ধে পৰাক্রমী কাৰ্য প্রদৰ্শন কৰিব।
14. মই বহু সময়ৰ বাবে নিজম দি থাকিলোঁ, এতিয়াও মই মোখ বন্ধ কৰিম, কিন্তু এতিয়া মই প্ৰসৱ কৰা তিৰোতাৰ দৰে চিঞৰিম, একেবাৰে নেথাম আৰু ঘনকৈ উশাহ ল’ম।
15. মই পৰ্ব্বত আৰু পাহাৰবোৰ ধ্বংস কৰিম, আৰু সেই বোৰৰ ওপৰত থকা সকলো গছ গছনি শুকুৱাম; আৰু মই নৈ বোৰ দ্বীপত পৰিনত কৰিম, আৰু জলাশয়বোৰ শুকুৱাম।
16. মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম; মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম।
17. যিসকলে কটা প্ৰতিমাবোৰত বিশ্বাস কৰে, আৰু যিসকলে সাঁচত ঢলা মুৰ্ত্তিবোৰক কয়, “তোমালোক আমাৰ ঈশ্বৰ,” সেই আটাইলোক সকলে বিমুখ হৈ সম্পূৰ্ণকৈ লাজ্জিত হ’ব।
18. হে কলাসকল শুনা; হে অন্ধসকল চকু মেলা তাতে দেখা পাবা।
19. কিন্তু মোৰ দাসৰ দৰে অন্ধ কোন? আৰু মই পঠোৱা দূতৰ দৰে কলা কোন? মোৰে সৈতে শান্তিৰে থকা লোকৰ দৰে অন্ধ কোন? যিহোৱাৰ দাসৰ দৰে অন্ধ কোন?
20. তুমি অনেক বিষয় দেখিছা, কিন্তু হৃদয়ঙ্গম নকৰা; কাণ মুকলি আছে, কিন্তু তেওঁ নুশুনে।
21. যিহোৱাই নিজৰ ধাৰ্মিকতালৈ চাই, ব্যৱস্থাক মহৎ আৰু আদৰণীয় কৰিবলৈ সন্তুষ্ট হ’ল।
22. কিন্তু এই লোকসকল ডকাইত আৰু লুট কৰি নিয়া লোক, তেওঁলোক সকলোৱেই গাতত ধৰা পৰিল, আৰু বন্দীশালত বন্দী কৰা হ’ল; তেওঁলোকক লুট কৰা হ’ল, কিন্তু তেওঁলোকক কোনেও উদ্ধাৰ কৰিব নোৱাৰে; আৰু কোনেও নকয় “ওভোটাই দিয়া” বুলি।
23. তোমাৰ মাজত কোনে এই কথা শুনিব? আৰু কোনে শুনি ভবিষ্যত কালৰ বাবে শুনিব?
24. কোনে যাকোবক লোট আৰু কোনে ইস্ৰায়েলক ডকাইতৰ হাতত সমৰ্পণ কৰিলে? যি জনাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ, আৰু যিজনাৰ পথত লোকসকলে চলিবলৈ অমান্তি হ’ল, আৰু যিজনাৰ ব্যৱস্থালৈ লোকসকলে কাণ নিদিলে, সেই যিহোৱাই নহয় নে?
25. সেই বাবে তেওঁ তাৰ ওপৰত নিজৰ ক্ৰোধাগ্নি আৰু যুদ্ধৰ প্ৰচণ্ডতা বৰষালে; তাতে সেয়ে চাৰিওফালে জ্বলি উঠিল, তথাপিও তেওঁলোকে উপলব্ধি নকৰিলে; সেয়ে তেওঁলোকক পুৰিলে, তথাপি তেওঁলোকে হৃদেয়েৰে গ্রহণ নকৰিলে।

সামসঙ্গীত 109:26-31
26. হে মোৰ ঈশ্বৰ যিহোৱা! মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা;
27. তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত; হে যিহোৱা, তুমিয়েই এই সকলো কার্য কৰিলা।
28. তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা; তেওঁলোকে উঠিলে লজ্জিত হ’ব; কিন্তু তোমাৰ দাস আনন্দিত হ’ব।
29. মোৰ বিৰোধীবোৰে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক; চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।
30. মই নিজ মুখেৰে অতিশয় ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম; লোক সমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম;
31. যিজন অভাৱী, তেওঁ সেইজনক সহায় কৰে; মৃত্যুদণ্ডৰ ৰায়ৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰে।

প্রবচন 26:3-4
3. ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম, আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনী।
4. অজ্ঞানীক উত্তৰ নিদিবা, আৰু অজ্ঞানীৰ অজ্ঞানতাত সহযোগ নকৰিবা; নহ’লে তুমি তেওঁৰ দৰেই হ’বা।

গালাতীয়া 3:1-29
1. হে অবুজ গালাতীয়া লোক, কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে? আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্রুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো?
2. মই কেৱল এই বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰো যে, আপোনালোকে কি বিধানৰ কার্যৰ দ্বাৰাই আত্মা পালে নেকি? নে বার্তা শুনি বিশ্বাস কৰাৰ দ্বাৰাই পালে?
3. আপোনালোক ইমানেই অবুজ নে? আত্মাৰে আৰম্ভ কৰি, এতিয়া মাংসিক আচৰণত কিয় সমাপ্ত কৰিবলৈ গৈ আছে?
4. আপোনালোকে বৃথাই ইমান দুখভোগ কৰিলে, যদি বাস্তৱিকতে সেই দুখভোগ অনর্থক হৈ থাকে?
5. গতিকে কওকচোন, যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে?
6. যেনেকৈ অব্ৰাহামে “ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই তেওঁৰ পক্ষে ধাৰ্মিকতাৰ স্বীকৃতি দিলে।”
7. তেনেদৰে আপোনালোকেও এই কথা জানক যে, যি সকলে বিশ্বাস কৰে, তেওঁলোকেই অব্ৰাহামৰ সন্তান।
8. ধৰ্মশাস্ত্ৰত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।”
9. সেয়েহে, অব্রাহাম বিশ্বাসী হোৱাত যেনেকৈ আশীর্বাদ পাইছিল, তেনেকৈ বিশ্বাসী সকলো অব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হয়।
10. কিয়নো যিমান মানুহে বিধান-শাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শাপগ্রস্ত।”
11. এতিয়া এইটো সুস্পষ্ট যে বিধানৰ দ্বাৰাই ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয়, কাৰণ “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।”
12. বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই। কিন্তু “যি জনে বিধানৰ সকলো কথা পালন কৰে, তেওঁ বিধানৰ মাজতে জীৱিত থাকিব।”
13. খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।”
14. খ্রীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে, যি আশীর্বাদ অব্ৰাহামে লাভ কৰিছিল, সেই আশীর্বাদ খ্রীষ্ট যীচুৰ দ্বাৰাই অনা-ইহুদী সকলেও যেন লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ।
15. ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম-পত্র থিৰ কৰা হয়, সেই নিয়ম-পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
16. ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচনত “বংশবোৰলৈ” বুলি অনেকৰ বিষয়ে কোৱা নাই, কিন্তু কেৱল এজনকহে “তোমাৰ বংশলৈ” বুলি ক’লে; সেই বংশ খ্রীষ্ট।
17. এতিয়া মই ইয়াকে কওঁ, পূৰ্বতে ঈশ্বৰৰ দ্বাৰাই নিয়মৰ চুক্তি থিৰ কৰা হ’ল আৰু তাৰ চাৰি শ ত্রিশ বছৰৰ পাছত বিধান আহিল। তাতে পূর্বৰ সেই নিয়মৰ চুক্তি প্ৰতিজ্ঞাৰ কৰাৰ দ্বাৰা বাতিল হৈ নাযায়।
18. উত্তৰাধিকাৰ যদি বিধান পালনৰ জৰিয়তে প্রাপ্ত হয়, তেনেহলে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নির্ভৰশীল হ’ব নোৱাৰে। কিন্তু ঈশ্বৰে বিনামূল্যে এই উত্তৰাধিকাৰ এক প্ৰতিজ্ঞাৰ দ্বাৰাই অব্ৰাহামক দান কৰিলে।
19. তেনেহলে ঈশ্বৰে বিধান কিয় দিলে? বিধান লঙ্ঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল; যি জনৰ ওচৰত ঈশ্বৰে প্রতিজ্ঞা কৰিছিল, অব্রাহামৰ সেই বংশ নহালৈকে, তাতে বর্তি থাকিবলৈ বিধান দিয়া হৈছিল। স্বর্গৰ দূত সকলৰ যোগেদি এজন মধ্যস্থকাৰীৰ দ্বাৰাই এই বিধান নিৰূপিত কৰা হৈছিল।
20. এতিয়া এজন মধ্যস্থকাৰীৰ উপস্থিতিয়ে ইয়াকে বুজায় যে, তাত এজনতকৈ অধিক লোক আছে; কিন্তু ঈশ্বৰ হ’লে এজনহে।
21. তেনেহলে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় নহয়! যদি এনে এক বিধান থাকিলহেঁতেন যিয়ে জীৱন দিব পাৰে, তেনেহলে ধাৰ্মিকতা অৱশ্যেই সেই বিধান পালন কৰাৰ দ্বাৰাই হ’লহেতেন।
22. কিন্তু শাস্ত্ৰই সকলোকে পাপৰ অধীনত ৰাখিলে। সেই বাবেই যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্রতিজ্ঞা; যেন যি সকলে বিশ্বাস কৰে, তেওঁলোক সেই প্রতিজ্ঞাৰ অধিকাৰী হয়।
23. খ্রীষ্টত এই বিশ্বাস অহাৰ আগেয়ে, যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ সেই কথা প্রকাশ নকৰিলে, আমি বিধানৰ অধীনত বন্দী আৰু ৰক্ষিত আছিলোঁ।
24. এইদৰে খ্রীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ’ল যাতে বিশ্বাসৰ দ্বাৰাই আমি ধাৰ্মিক বুলি গণিত হ’ব পাৰোঁ।
25. কিন্তু এতিয়া যিহেতু বিশ্বাস আমাৰ মাজত আহিল, আমি পুনৰ কঠোৰ অভিভাৱকৰ অধীন নহওঁ।
26. কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে।
27. কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে।
28. এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
29. আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।