A A A A A

ইসাইয়া 30:1-33
1. “হে সন্তাপ পোৱা বিদ্রোহী সন্তান” এইয়া যিহোৱাৰ ঘোষনা। তেওঁলোকে মোৰ নির্দেশ নমনাকৈ পৰিকল্পনা কৰে, আৰু আন দেশৰ সৈতে সন্ধি কৰে, কিন্তু মোৰ আত্মাৰ দ্বাৰাই তেওঁলোক পৰিচালিত নহয়, সেয়ে তেওঁলোকে পাপৰ উপৰি পাপ কৰে।
2. তেওঁলোকে মোৰ পৰামৰ্শ নোলোৱাকৈ মিচৰলৈ যাবলৈ ওলাইছে। তেওঁলোকে ফৰৌণৰ পৰা সুৰক্ষা বিছাৰিছে আৰু মিচৰৰ ছাঁত আশ্রয় লৈছে।
3. সেই বাবে ফৰৌণৰ সুৰক্ষা তোমালোকক লাজ দিওঁতা হ’ব, আৰু মিচৰৰ ছাঁত আশ্ৰয় লোৱাই তোমালোকৰ বাবে অপমান জনক হ’ব।
4. যদিও তেওঁলোকৰ প্ৰধান লোকসকল চোৱনত আছে, আৰু তেওঁলোকৰ বার্তাবাহসকল হানেচলৈ আহিল।
5. তথাপি তেওঁলোকক সহায় কৰিব নোৱাৰা লোকসকলৰ কাৰণে তেওঁলোক লজ্জিত হব, যি সহায় কৰা বা উপকাৰী নহয়, কিন্তু লাজ দিওঁতা আৰু দুৰ্ণামজনকহে হয়।”
6. দক্ষিণ অঞ্চল ৰ পশুবোৰ বিষয়ে কৰা ঘোষণা: মাইকী সিংহ আৰু সিংহ, কালসৰ্প আৰু জুইৰ দৰে উৰি ফুৰা সৰ্পৰ দ্বাৰা দেশত সঙ্কট আৰু ক্লেশ হৈছে, তেওঁলোকক সহায় নকৰা জনলৈ তেওঁলোকে গাধবোৰৰ পিঠিত ধন-সম্পত্তি, আৰু উটবোৰৰ কুঁজত বহুমুল্য বস্তু তুলি লৈ গৈছে।
7. মিচৰীয়াসকলৰ সহায় অৰ্থহীন, সেই বাবে মই তেওঁলোকক ৰাহব বুলি মাতিলোঁ, যি সকলে এতিয়াও বহি আছে।
8. এতিয়া যোৱা, সেই কথা তেওঁলোকৰ সন্মুখত ফলিত লিখা, আৰু নুৰীয়া পুথিত তালিকাভুক্ত কৰা, ভবিষ্যতলৈ যাতে সাক্ষ্য হ’ব পাৰে সেই বাবে এই সমূহ সংৰক্ষিত কৰি ৰাখা।
9. কিয়নো এওঁলোক বিদ্ৰোহী, আৰু মিছলীয়া সন্তান, এওঁলোক যিহোৱাৰ শিক্ষা নুশুনা সন্তান।
10. তেওঁলোকে দৰ্শনকাৰী সকলক কয়, “দৰ্শন নাচাবা;” আৰু ভাববাদীসকলক কয়, “আমালৈ সত্যবাক্যৰ যথাৰ্থ ভাববাণী নকবা; আমাৰ আগত খুচামোদি বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা।
11. গতিপথৰ পাৰ ঘূৰি আহাঁ, পথৰ পৰা ঘূৰি আহাঁ; ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক আমাৰ চকুৰ আগৰ পৰা দূৰ কৰা।”
12. এই হেতুকে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই কৈছে, “তোমালোকে এই বাক্য হেয়জ্ঞান কৰিছা, আৰু উপদ্ৰৱ আৰু বিপৰীত আচৰণত বিশ্বাস কৰি তাৰ ওপৰত নিৰ্ভয় কৰিছা;
13. সেয়ে যাৰ পতন অকস্মাতে মুহূৰ্ত্ততে হ’ব, ভগ্ন অংশ আৰু ওখ দেৱালৰ স্ফিত অংশ পৰিবলৈ প্রস্তুত হোৱাৰ দৰে, এই পাপ তোমালোকলৈ হ’ব।”
14. কুমাৰৰ পাত্ৰ ভঙাৰ দৰে তেওঁ তাক ভাঙিব; অলপো নৰখাকৈ তাক ডোখৰ ডোখৰ কৈ ভাঙিব; তাতে জুইশালৰ পৰা জুই লবলৈ, বা চৌবাচ্চা পৰা পানী তুলিবলৈ তাৰ টুকুৰাবোৰৰ মাজৰ এডোখৰো পোৱা নাযাব।
15. কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছিল, “মোলৈ ঘূৰি আহিলে আৰু বিশ্রাম ল’লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ’ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা।
16. তোমালোকে ক’লা, “নহয়; কাৰণ আমি ঘোঁৰাত পলাই যাম;’ সেয়ে তোমালোকো পলাবা; আৰু আমি বগী ঘোঁৰাত উঠি যাম, সেয়ে তোমালোকক খেদি যোৱাসকলো বেগী হ’ব।
17. এজনৰ ভয় প্রদৰ্শনত এক হাজাৰ জন পলাই যাব, আৰু পাঁচজনৰ ভয় প্রদৰ্শনত তোমালোক পলাবা; যেতিয়ালৈকে তোমালোকৰ অৱশিষ্ট ভাগ পৰ্ব্বতৰ টিঙত থকা পতাকা দণ্ড, আৰু পৰ্ব্বতৰ ওপৰত থকা পতাকাৰ দৰে হ’ব।”
18. তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল।
19. কিয়নো লোকসকল যিৰূচালেমৰ চিয়োনত বাস কৰিব; সেয়ে তোমালোকে আৰু নাকান্দিবা। তোমালোকৰ কাতৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমালোকক দয়া কৰিব। শুনা মাত্ৰকেই তেওঁ তোমালোকক উত্তৰ দিব।
20. যদিও প্ৰভুৱে তোমালোকক সঙ্কটযুক্ত আহাৰ, আৰু ক্লেশযুক্ত জল দিয়ে, তথাপি তোমালোকৰ শিক্ষকসকল আৰু লুকাই নাথাকিব, কিন্তু তোমালোকে নিজৰ চকুৰে শিক্ষকসকলক দেখিবলৈ পাব।
21. যেতিয়া তোমালোকে সোঁফালে কি বাঁওফালে ঘুৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, “এয়ে পথ, এই পথে চলা,”
22. তোমালোকে নিজৰ কটা-মূৰ্ত্তিত মৰা ৰূপৰ আৰু সোনৰ পতা অশুচি কৰিবা, তোমালোকে তাক অশুচি বস্তু দৰে পেলাই দি ক’বা, “ইয়াৰ পৰা দূৰ হোৱা।”
23. তোমালোকে যেতিয়া মাটিত গুটি সিঁচিবা,তেতিয়া তেওঁ তোমালোকৰ গুটিৰ অৰ্থে বৰষুণ দিব; আৰু তেওঁ ভুমিৰ পৰা অধিকপৰিমানে আহাৰ দিব।আৰু শষ্য প্রচুৰপৰিমানে হ’ব। সেই দিনা তোমালোকৰ পশুৰ জাকবোৰে বহল পথাৰত চৰিব।
24. মাটি চাহ কৰা ষাঁড়গৰু আৰু গাধবোৰেও, বেলচা আৰু কুলাৰে সৈতে জাৰা পুৰঠ দানা খাব
25. মহাহত্যাৰ দিনা যেতিয়া ওখ দুৰ্গবোৰ ভাগি পৰিব তেতিয়া প্ৰত্যেক উচ্চ পাহাৰৰ ওপৰত আৰু প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত নৈ আৰু পানীৰ জুৰি হ’ব।
26. যি দিনা যিহোৱাই তেওঁৰ লোকসকলৰ ভগা অঙ্গ জোৰা দিব, আৰু প্ৰহাৰত লগা ঘা সুস্থ কৰিব, সেই দিনা চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰৰ দৰে হ’ব, আৰু সূৰ্যৰ পোহৰ সাত গুণে অধিক হব, আৰু সাত দিনৰ পোহৰৰ দৰে হ’ব।
27. চোৱা, যিহোৱাৰ নাম দূৰৈৰ পৰা আহিছে; তেওঁৰ ক্ৰোধাগ্নি জ্বলিছে; ওপৰলৈ উঠা তেওঁৰ ধুৱাঁৰাশি অতি ডাঠ; তেওঁৰ ওঁঠ ক্ৰোধেৰে পৰিপূৰ্ণ, আৰু তেওঁৰ জিভা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ।
28. তেওঁৰ প্ৰশ্বাস-বায়ু প্লাৱিত হোৱা বন্যাৰ দৰে সেয়া ডিঙিৰ মাজ ভাগলৈকে উঠে, লোকসকলক ধ্বংসৰ চালনিৰে চালি নির্বাচন কৰিব। তেওঁৰ প্রশ্বাস-বায়ু লোকসকলৰ মুখত ভ্ৰান্তিজনক লাগাম হ’ব।
29. পবিত্ৰ ভোজ পালন কৰা ৰাতিৰ গীতৰ দৰে তোমালোকৰ গীত হ’ব, যিহোৱাৰ পৰ্ব্বতলৈ, ইস্ৰায়েলৰ শিলালৈ বাঁহী বজাই যোৱাৰ দৰে তোমালোকৰ মনত আনন্দ হ’ব।
30. যিহোৱাই নিজৰ জলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোঁতা অগ্নিশিখাৰে, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে, আৰু শিলাবৃষ্টিৰে, তেওঁ নিজৰ মহিমান্বিত স্বৰ শুনাব, আৰু নিজৰ বাহু লৰচৰ কৰি দেখুৱাব।
31. কিয়নো যি অচুৰে দণ্ডৰে আঘাত কৰিছিল, এনে অচূৰ যিহোৱাৰ মাতত অচূৰ ভাগি ডোখৰ ডোখৰ হ’ব,তেওঁ তেওঁলোকক দণ্ডেৰে প্রহাৰ কৰিব।
32. যিহোৱাই প্রত্যেক নিৰূপিত দণ্ড তেওঁলোকৰ ওপৰত পেলাব, তেওঁ তেওঁলোকৰ সৈতে খঞ্জৰী আৰু বীণাৰে যুদ্ধ আৰু বিবাদ কৰিব,
33. কাৰণ জলন্ত ঠাই এখন পূৰ্বৰে পৰা তৈয়াৰ কৰা আছে। বাস্তৱিকতে এইটো ৰজাৰ বাবে প্রস্তুত; আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্রস্তুত আছে। গন্ধক প্রবাহিত হোৱাৰ দৰে যিহোৱাৰ নিঃশ্বাসে ইয়াক জ্বলাব।

ইসাইয়া 31:1-9
1. যি সকলে সহায়ৰ বাবে মিচৰলৈ নামি যায়, আৰু ঘোঁৰাবোৰত ভাৰসা কৰে, তেওঁলোকৰ সন্তাপ হ’ব; তেওঁলোকে ৰথত আৰু অশ্বাৰোহীত ভাৰসা কৰে কিন্তু তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ প্রতি উদ্বিগ্ন নহয়, নাইবা যিহোৱাৰ ওচৰলৈ নাযায়।
2. তথাপি তেওঁ জ্ঞানবান, তেওঁ দুর্যোগ ঘটাব, আৰু নিজৰ বাক্য প্রত্যাহাৰ নকৰিব। কিন্তু কুকৰ্মীবোৰৰ বংশৰ বিৰুদ্ধে আৰু পাপ কার্য কৰিবলৈ সহায় কৰা সকলকৰ বিৰুদ্ধে তেওঁ উঠিব।
3. মিচৰীয়াসকল মানুহ মাথোন, ঈশ্বৰ নহয়; ঘোঁৰাবোৰো মাংস মাত্ৰ, আত্মা নহয়। যিহোৱাই যেতিয়া নিজৰ হাত মেলিব; তেতিয়া সহায় কৰা জনে উজুটি খাব, আৰু সহায় পোৱা জনেও পতিত হ’ব; দুয়ো একে লগে বিনষ্ট হ’ব।
4. কিয়নো যিহোৱাই মোক এই দৰে কৈছে, যেনেকৈ সিংহ, অথবা যুবা সিংহই ধৰা পশুৰ ওপৰত গুজৰি থাকোঁতে, যেতিয়া তাৰ বিৰুদ্ধে মেৰখীয়া সকলক মাত দিয়ে, কিন্তু তেওঁলোকৰ মাতত সি ভয় নকৰে, নাইবা তাৰ শব্দৰ পৰিৱর্তন নহয়, তেনেকৈ বাহিনীসকলৰ যিহোৱাই যুদ্ধ কৰিবলৈ চিয়োন পৰ্ব্বত আৰু তাৰ পাহাৰৰ ওপৰলৈ নামি আহিব।
5. জাক পাতি উৰি ফুৰা চৰাইৰ দৰে বাহিনীসকলৰ যিহোৱাই যিৰূচালেমক ৰক্ষা কৰিব, তেওঁ ৰক্ষা কৰিব আৰু ইয়াক অতিক্রম কৰি যাওঁতে উদ্ধাৰ কৰিব আৰু সংৰক্ষন কৰিব।
6. হে ইস্ৰায়েলৰ লোকসকল, তোমালোকে যি জনালৈ অতিশয় ভাবে পিঠি দিছিলা, সেই জনালৈ উভটি আহাঁ।
7. কাৰণ সেই দিনা তোমালোক প্ৰতিজনে পাপেৰে সৈতে নিজৰ হাতেৰে নির্মাণ কৰা ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাই দিবা।
8. সেই সময়ত অচুৰীয়া লোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব,আৰু মানুহৰ দ্বাৰাই চালিত নোহোৱা তৰোৱালে তেওঁক গ্রাস কৰিব। তেওঁ তৰোৱালৰ পৰা পলাব, আৰু তেওঁৰ যুবকসকলক কঠিন পৰিশ্রম কৰিবলৈ বাধ্য কৰাব।
9. যি জনাৰ অগ্নি চিয়োনত, আৰু যি জনাৰ অগ্নিকুণ্ড যিৰূচালেমত আছে, সেই যিহোৱাই কৈছে, তেওঁলোকে ভয়াবহ অৱস্হাৰ কাৰণে আত্মবিশ্বাস হেৰুৱাব, আৰু তেওঁলোকৰ সেনাপতিসকলে যিহোৱাৰ যুদ্ধৰ নিচানলৈ ভয় কৰিব।”

ইসাইয়া 32:1-20
1. চোৱা, এজন ৰজাই ধাৰ্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্তাসকলে ন্যায়বিচাৰেৰে শাসন কৰিব।
2. খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব,
3. তেতিয়া চকুৰে দেখা পোৱা সকলৰ চকু অস্পষ্ট নহ’ব, আৰু কাণেৰে শুনা সকলে মনোযোগেৰে শুনিব;
4. অবিবেচক সকলে সাৱধানেৰে বিবেচনাৰে কৰিব, আৰু খুনাসকলে সহজে স্পষ্টকৈ কথা ক’ব।
5. মূৰ্খ লোকক সন্মানীয় বুলি আৰু মতা নহ’ব, নাইবা প্রবঞ্চকলোকক নিয়ম নীতি মানি চলা বুলি কোৱা নহ’ব।
6. কিয়নো অপবিত্ৰ কাৰ্য কৰিবলৈ, যিহোৱাৰ বিৰুদ্ধে ভ্ৰান্তিজনক কথা কব, ক্ষুধাতুৰ পেট শুদা ৰাখিব, আৰু তৃষ্ণাতুৰৰ পানীৰ অভাৱ কৰাব, কাৰণ মুৰ্খই মুৰ্খতাৰ কথা ক’ব, আৰু তেওঁৰ হৃদয়েৰে অধৰ্ম চিন্তা কৰিব।
7. প্রবঞ্চকলোকৰ প্রণালী মন্দ। তেওঁ নীতিহীন পদ্ধতিৰ পৰিকল্পনা কৰে, দুখীয়াই সঁচা কথা ক’লেও দুখীয়ালোকক মিছা কথাৰে ধ্বংস কৰিব।
8. কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰৰ পৰিকল্পনা কৰে, আৰু তেওঁৰ সৎ কার্যৰ কাৰণে তেওঁ থিৰে থাকিব।
9. হে নিশ্চিন্তে থকা মহিলাসকল, উঠা, আৰু মোৰ কথা শুনা; হে চিন্তা-ভাবনা নকৰা যুৱতীসকল, মোৰ বাক্য শুনা।
10. হে দায়িত্বহীন মহিলা, এবছৰ হৈ কিছু দিন গ’লে তোমালোকৰ আত্মবিশ্বাস চূৰ্ণ বিচূৰ্ণ হ’ব, কাৰণ দ্ৰাক্ষাক্ষেত্ৰ নষ্ট হ’ব, ফল চপোৱা সময় নাহিব।
11. হে নিশ্চিন্তে থকা মহিলা কম্পিত হোৱা; হে আত্মবিশ্বাসী কম্পমান হোৱা, উত্তম বস্ত্র সোলোকাই বিবস্ত্ৰ হোৱা, আৰু কঁকালত চট বান্ধা।
12. তোমালোকে মনোহৰ খেতি, আৰু ফলৱতী দ্ৰাক্ষালতাৰ বাবে বিলাপ কৰিবা।
13. মোৰ লোকসকলৰ ভুমি, এনে কি, এটা সময়ত ৰং-ৰহইচেৰে আনন্দত থকা ঘৰবোৰৰ বাৰীত, কাঁইটিয়া বন আৰু কাঁইট গছৰে ভৰি পৰিব।
14. কাৰণ ৰাজপ্রসাদ পৰিত্যাগ হ’ব, ঘনবসতিপূৰ্ণ নগৰ মৰুভূমি হ’ব, পাহাৰ আৰু পৰীয়া ঘৰ সৰ্ব্বকাললৈ গুহাস্বৰূপ হ’ব, বনৰীয়া গাধৰ ধেমালি কৰা ঠাই, পশুৰ জাকবোৰ চৰা ঠাই হ’ব।
15. ওপৰৰ পৰা আমাৰ ওপৰত ঈশ্বৰৰ আত্মা বাকী নিদিয়া পর্যন্ত, মৰুপ্রান্তৰ ফলৱতী উদ্যান নোহোৱালৈকে, আৰু ফলৱতী উদ্যান অৰণ্য বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাতে থাকিব।
16. তাৰ পাছত সেই মৰুপ্রান্তত ন্যায়বিচাৰ বাস কৰিব, আৰু সেই ফলৱতী উদ্যানত ধাৰ্মিকতাই বসতি ল’ব।
17. ধাৰ্মিকতাৰ কাৰ্যৰে শান্তিৰ হ’ব, আৰু ধাৰ্মিকতাৰ ফল চিৰকাললৈ সুস্থিৰ আৰু বিশ্বাসযোগ্য হ’ব।
18. মোৰ লোকসকলে শান্তিপূর্ণ বাসস্থানত, নিৰাপত্তাহীন ঘৰবোৰত, আৰু শান্তিপূর্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব।
19. কিন্তু তথাপিও যদি শিলাবৃষ্টি হয়, অৰণ্য ধ্বংস হ’ব, আৰু নগৰবোৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব।
20. জল সমূহৰ কাষত বীজ সিঁচা সকলে, আৰু ষাঁড় গৰু আৰু গাধক চৰিবলৈ এৰি দিয়া সকলে সকলোৱে আশীর্বাদপ্রাপ্ত হ’ব।

সামসঙ্গীত 108:7-13
7. ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, চুক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।
8. গিলিয়দ মোৰেই, মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰদণ্ড;
9. মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”
10. কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?
11. হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা।
12. শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।
13. ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।

প্রবচন 25:23-24
23. উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে, তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়।
24. দ্বন্দুৰী মহিলাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ ছালৰ এচুকত থকাই ভাল।

২ কৰিন্থীয়া 11:16-33
16. মই আকৌ কৈছোঁ, আপোনালোকৰ কোনেও মোক অজ্ঞান বুলি নাভাবিব; কিন্তু যদিও ভাবে, তাৰ বাবে মোক অজ্ঞানৰ দৰেই গ্ৰহণ কৰিব যাতে মই যৎকিঞ্চিৎ শ্লাঘা কৰিব পাৰোঁ৷
17. মই যি দৰে এই আত্মবিশ্ৱাসী গৌৰৱৰ কথা কৈছোঁ, তেনেদৰে প্ৰভুৱে উদগণি নিদিয়ে কিন্তু মই নিশ্চিত জ্ঞানেৰে কৈছোঁ।
18. কিয়নো অনেকে মাংস অনুসাৰে গৌৰৱ কৰে সেই বাবে ময়ো গৌৰৱ কৰিম।
19. কিয়নো আপোনালোকে জ্ঞানৱন্ত হৈ আনন্দেৰেহে অজ্ঞানবোৰক সহন কৰে।
20. কাৰণ কোনোৱে যদি আপোনালোকক দাস কৰে, কোনোৱে যদি আপোনালোকৰ মাজত মতভেদ জন্মাই, কোনোৱে যদি আপোনাৰ পৰা লাভ বিচাৰে, কোনোৱে যদি আপোনালোকক চৰ মাৰে, তথাপি আপোনালোকে সহন কৰে।
21. হয়, আমি এক প্ৰকাৰ দূৰ্বলীয়েই আছিলোঁ, ইয়াক মই লাজ পাই স্বীকাৰ কৰিছোঁ। যেতিয়া যি কোনো কথাত যদি কোনো ব্যক্তিয়ে গৌৰৱ কৰে, মই অজ্ঞানতাৰে কৈছোঁ, তেনেহ’লে মইয়ো গৌৰৱ কৰিম।
22. তেখেত সকল ইব্ৰী লোক নে? মইয়ো হওঁ। তেখেত সকল ইস্ৰায়েলীয়া নে? মইয়ো হওঁ। তেখেত সকল অব্ৰাহামৰ বংশ নে? মইয়ো হওঁ।
23. তেখেত সকল খ্ৰীষ্টৰ দাস নে? হত বুদ্ধিৰ দৰে কৈছোঁ, মই তাতোকৈ অধিক; তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত৷
24. অৰ্থাৎ পাঁচ বাৰ ইহুদী সকলৰ হাতেৰে “এক কম দুকুৰিকৈ” কোব খাইছিলোঁ৷
25. তিনি বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, তিনি বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ;
26. অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতীয় সকলৰ পৰা হোৱা সংকটত, অনা-ইহুদী সকলৰ পৰা হোৱা সঙ্কটত, নগৰত থাকি পোৱা সঙ্কটত, মৰুভূমিত থাকি পোৱা সঙ্কটত, সাগৰত থাকি পোৱা সঙ্কটত, ভাঁৰিকোৱা ভাই সকলৰ মাজত থাকি পোৱা সঙ্কটত৷
27. পৰিশ্ৰম আৰু দুর্ভোগত আৰু বহু ৰাতিৰ টোপনি-খতিত, লঘোনে থকাত আৰু পিয়াহত আৰু একো খাদ্য নোহোৱাত, জাৰ পোৱাত আৰু উদঙে থকাত, মই এই সকলো ভোগ কৰিছিলোঁ৷
28. এইবোৰ বিষয় বাদ দিলেও, বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈ আছে।
29. কাৰ দূৰ্ব্বলতাত মই দূৰ্বল হোৱা নাই? কোনে আন এজনক পাপত পেলাই মোৰ অন্তৰত জ্বালা দিয়া নাই?
30. মই যদি গৌৰৱ কৰিব লগা হয়, তেনেহলে মোৰ নানা দূৰ্ব্বলতাৰ বিষয়ে মই গৌৰৱ কৰিম।
31. মই যে মিছা নকওঁ, সেই বিষয়ে প্ৰভু যীচুৰ পিতৃ ঈশ্বৰ, যি জন চিৰকাল ধন্য, তেওঁ জানে।
32. দম্মেচকত আৰিতা ৰজাৰ তলৰ অধিপতিয়ে মোক ধৰিবৰ আশয়েৰে দম্মেচকীয়া সকলৰ নগৰ পহৰা দিয়াইছিল;
33. কিন্তু খিড়িকিয়েদি পাচিৰে গড়েদি নমাই দিয়াত, তেওঁৰ হাতৰ পৰা সাৰিলোঁ।