A A A A A
एक साल में बाइबल
सितंबर 12

ইসাইয়া 15:1-9
1. মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল; বাস্তৱিকতে একে নিশাতে কীৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল।
2. তেওঁলোক মন্দিৰৰ ওপৰলৈ গ’ল, আৰু দীবোনৰ লোকসকল কান্দিবলৈ ওখ স্থানলৈ গ’ল; নবো আৰু মেদবাৰ ওপৰত মোৱাবে বিলাপ কৰিছে; সকলোৰে মুৰ টকলা কৰা হৈছে, আৰু প্ৰতিজনৰ ডাঢ়ি কটা হৈছে।
3. তেওঁলোকৰ পথত তেওঁলোকে চট কাপোৰ পিন্ধিছে; আৰু কঁকাল বান্ধিছে; আৰু প্রতিজনে চকবোৰত চকু পানী বোৱাই কান্দিছে।
4. হিচবোন আৰু ইলিয়ালিয়ে চিঞৰিছে, তেওঁলোকৰ শব্দ যহচৰলৈকে শুনা গৈছে। সেয়ে মোৱাবৰ অস্ত্রধাৰী লোকসকল আৰ্তনাদ কৰিছে; আৰু তেওঁলোকৰ আত্মাই কঁপিছে।
5. মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চোৱৰলৈ ইগ্লৎ-চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লুহীতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে; তেওঁলোকে হোৰোণয়িমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে।
6. কাৰণ নিম্ৰীময়ৰ পানীসমূহ শুকাই গৈছে; ঘাঁহবোৰ শুকাই গৈছে, নতুন ঘাঁহও শুকাই গৈছে, সেউজীয়া একোৱেই নাই।
7. তেওঁলোকে যথেষ্ট ধন বৃদ্ধি কৰিলে, আৰু গোটালে তেওঁলোকে ঝাও গছৰ জুৰিৰ কাষলৈ লৈ গ’ল।
8. সেই ক্রন্দন মোৱাবৰ সীমাৰ চাৰিওফালে, আৰু তাৰ বিলাপ এগালীমৰ পৰা বেৰ-এলীমমলৈকে শুনা গৈছে।
9. কিয়নো দীমোনৰ পানী তেজেৰে পৰিপূৰ্ণ; কিন্তু মই দীমোনলৈ আৰু বেছি দুখ আনিম। মোৱাবৰ পৰা ৰক্ষা পোৱা লোকসকল, আৰু দেশৰ অৱশিষ্ট থকা লোকসকলক এটা সিংহই আক্রমণ কৰিব।

ইসাইয়া 16:1-14
1. মৰুপ্রান্তৰ চেলাৰ পৰা চিয়োন-জীয়াৰীৰ পৰ্ব্বতলৈ দেশৰ শাসনকৰ্ত্তাৰ ওচৰলৈ মেৰ-ছাগ পোৱালিবোৰ পঠাই দিয়া।
2. ভ্রমি ফুৰা চৰাই আৰু সিঁচৰিত হৈ থকা বাহঁৰ দৰে, মোৱাবৰ মহিলাসকল অৰ্ণোন নদীৰ পাৰত আছে।
3. “পৰামৰ্শ দিয়া, ন্যায় বিচাৰ কৰা, দুপৰীয়া ৰাতি হোৱাৰ দৰে ছাঁ প্রদান কৰা; পলাতক লোকসকলক লুকুৱাই ৰাখা, আৰু তেওঁলোকক বিশ্বাসঘাত নকৰিবা।
4. মোৱাবৰ পৰা অহা শৰণাৰ্থী সকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া; বিনাশৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে লুকাই থকা ঠাই হোৱা।” কিয়নো অত্যাচৰ, আৰু ধ্বংস বন্ধ কৰা হ’ব; অপমান কৰা সকল দেশৰ পৰা অদৃশ্য হ’ব।
5. বিশ্বাসযোগ্য নিয়মেৰে এখন সিংহাসন স্থাপিত হ’ব, আৰু দায়ূদৰ তম্বুৰ পৰা এজন বিশ্বাসী তাত বহিব। তেওঁ ন্যায় বিচাৰ বিচৰা দৰে তেওঁ বিচাৰ কৰিব, আৰু ধাৰ্মিকতাৰে কাৰ্য কৰিব।
6. আমি মোৱাবৰ অহংকাৰ, আৰু তেওঁৰ গৰ্বৰ কথা শুনিলোঁ, তেওঁৰ আত্মগৌৰৱ, আৰু তেওঁৰ ক্রোধৰ বিষয়েও শুনিলো; কিন্তু তেওঁৰ আত্মগৌৰৱ মূল্যহীন।
7. সেয়ে মোৱাবৰ বাবে মোৱাব প্ৰতিজনে বিলাপ কৰিছে; আৰু সম্পূৰ্ণভাৱে ধ্বংস হৈ যোৱা কীৰ-হেৰচত ৰ বাবে বিলাপ আৰু শোক কৰিছে।
8. হিচবোনৰ পথাৰবোৰ আৰু চিবমাৰ দ্ৰাক্ষালতা শুকাই গ’ল। দেশৰবোৰৰ শাসনকৰ্ত্তাসকলে উত্তম দ্রাক্ষাগুটি গচকিব, সেইবোৰে যাজেৰ গৈ পাইছিল; আৰু মৰুভুমিত বিয়পি পৰিছিল। ইয়াৰ পোখাবোৰ বিদেশলৈকে বিস্তাৰিত হৈছে; সেইবোৰ সাগৰৰ ওপৰেৰে গৈছে।
9. বাস্তৱিকতে মই চিবমাৰ দ্রাক্ষাবাৰীৰ কাৰণে যাজেৰৰ সৈতে কান্দিম। হে হিচবোন, আৰু ইলিয়ালি, মই মোৰ চকুলোৰে পানী দিম; তোমাৰ পথাৰৰ গ্রীষ্মকালৰ ফল আৰু শস্য দোৱাৰ কাৰণে মই আনন্দৰ উচ্চধ্বনি সমাপ্ত কৰিম।
10. আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ’ব; আৰু তোমাৰ দ্ৰাক্ষাবাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ’ব; দ্ৰাক্ষাকুণ্ডত গচকি দ্ৰাক্ষাৰস উলিয়াবলৈ কোনো গচকা লোক নাথাকিব; মই দ্ৰাক্ষাবাৰীৰ গচকা আনন্দ ধ্বনি থমালোঁ।
11. সেয়ে মোৰ হৃদয়ৰ শ্বাসনিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কীৰ-হেৰচতৰ বাবে এখন বীণাৰ দৰে বাজিছে।
12. যেতিয়া মোৱাবে ওখ স্থানত নিজকে পৰিধান কৰিব, আৰু প্ৰাৰ্থনা কৰিবলৈ তেওঁৰ মন্দিৰত সোমাব, তেতিয়া তেওঁৰ প্রাৰ্থনা কৃতকাৰ্য নহ’ব।
13. এয়ে যিহোৱাই মোৱাবৰ বিষয়ে পূৰ্বতে কোৱা বাক্য;
14. পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।

সামসঙ্গীত 106:24-31
24. তাৰ পাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে, তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে;
25. নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে, যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে।
26. তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;
27. তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম। বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম।
28. পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল; মৃত লোকৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে।
29. এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে। তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল।
30. তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে, তাতে মহামাৰী নিবৃত্ত হ’ল।
31. পীনহচৰ পক্ষে সেয়া ধাৰ্মিকতা বুলি গণিত হ’ল; পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ’ল।

প্রবচন 25:8-10
8. বিচাৰত বেগাই গৈ উপস্থিত নহ’বা; কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব, তেতিয়া শেষত তুমি কি কৰিবা?
9. তোমাৰ আৰু চুবুৰীয়াৰ মাজত হোৱা বিবাদ নিজেই বিচাৰ কৰা, কিন্তু আন জনৰ গুপুত কথা প্ৰকাশ নকৰিবা;
10. তোমাৰ কথা যিজনে শুনে, তেওঁ তোমাক লাজত পেলাব, আৰু দুষ্ট লোকে তোমাৰ বিষয়ে গোচৰ দিলে গুপুতে নাথাকিব।

২ কৰিন্থীয়া 4:1-18
1. এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত, আৰু একেদৰে দয়া লাভ কৰাত, কেতিয়াও আমি নিৰুৎসাহ নহওঁ;
2. কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।
3. কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেনেহলে বিনাশৰ পাত্ৰ সকললৈহে ঢকা হয়;
4. ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে।
5. কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্রচাৰ কৰোঁ।
6. যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
7. শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে;
8. আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ;
9. তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ;
10. আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ, যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়।
11. কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হ’বলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ।
12. এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে আপোনালোকত নিজ কাৰ্য সাধন কৰিছে।
13. কিন্তু যেনেকৈ লিখা আছে, বোলে “মই বিশ্বাস কৰিলোঁ, এই হেতুকে কথা ক’লোঁ”; তেনেকৈ আমিও সেই একেই বিশ্বাসজনক আত্মা পোৱাত, বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ৷
14. কাৰণ যি জনে প্ৰভু যীচুক তুলিলে তেৱেঁই যে যীচুৰ লগত আমাকো তুলিব আৰু তেওঁলোকে সৈতে আমাকো উপস্থিত কৰিব, সেই বিষয়ে আমি জানো।
15. কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।
16. এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।
17. আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়।
18. এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া।