A A A A A

যোব 7:1-21
1. পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়? তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
2. সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ, আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,
3. অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে, আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে।
4. শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ।
5. পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ; মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়।
6. মোৰ আয়ুস তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী, আৰু বিনা আশাৰে ঢুকায় যায়।
7. তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ; মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব।
8. মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব। তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হম।
9. মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব।
10. তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব, আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব।
11. এই হেতুকে মই মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;
12. তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা, মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু?
13. মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,
14. তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;
15. তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।
16. জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ; জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া।
17. মানুহনো কি, তুমি যে তালৈ লক্ষ্য কৰা, আৰু তাত যে তুমি মন দিয়া,
18. তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ-বিচাৰ লোৱা, আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি?
19. তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?
20. হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল? কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ?
21. তুমি মোৰ পাপ কিয় ক্ষমা নকৰা? আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।”

যোব 8:1-22
1. তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে,
2. তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?
3. ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?
4. তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,
5. তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,
6. তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;
7. আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।
8. কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া;
9. কিয়নো আমি কালিৰ লোক, একোকে নাজানো; কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
10. তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?
11. জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ বাঢ়িব পাৰে? কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?
12. সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়।
13. ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়।
14. তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
15. সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
16. যি লতা সূৰ্যৰ আগত ৰসাল হয়, যাৰ ঠালবোৰ বাৰীত বিয়পি যায়,
17. যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,
18. কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।
19. চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।
20. চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
21. তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,
22. সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”

সামসঙ্গীত 92:8-15
8. কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।
9. কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ, তোমাৰ শত্রুবোৰ ধ্বংস হ’ব; তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।
10. কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।
11. মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।
12. ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।
13. তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
14. তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;
15. তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।

প্রবচন 22:17-21
17. জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।
18. কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব।
19. সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।
20. পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?
21. তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।

ৰোমীয়া 9:1-15
1. মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে,
2. মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।
3. কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।
4. তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷
5. ওপৰ-পুৰুষ সকলো তেওঁলোকৰেই; আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ’ল৷ যি জন সৰ্ব্বোপৰি, সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন।
6. কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল, এনে নহয়। কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েল, এনে নহয়৷
7. তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু “ইচহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ’ব৷”
8. এই শাস্ত্ৰীয় বচনৰ অৰ্থ হ’ল; শৰীৰৰ যি সন্তান, তেওঁলোক ঈশ্বৰৰ সন্তান নহয়; কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান, তেওঁলোকহে বংশ বুলি গণিত হয়৷
9. কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই: এনেকুৱা সময়ত মই আহিম, তেতিয়া চাৰাৰ এটি পুত্ৰ হ’ব।
10. অকল সেয়ে নহয়; কিন্তু ৰিবেকাও এজনৰ পৰা, আমাৰ পিতৃ ইচহাকৰ পৰা গৰ্ভৱতী হোৱাত,
11. সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ,
12. তেওঁক কোৱা গৈছিল, বোলে, “বৰটোৱে সৰুটোৰ সেৱাকৰ্ম কৰিব।”
13. এই বিষয়ে লিখাও আছে: “মই যাকোবক প্ৰেম কৰিলোঁ, কিন্তু এচৌক ঘিণ কৰিলোঁ।”
14. তেনেহলে আমি কি ক’ম? ঈশ্বৰত অধাৰ্মিকতা আছে নে? এনে নহওক।
15. কিয়নো তেওঁ মোচিক কৈছিল, “মই যি জনক দয়া কৰোঁ, তেওঁকেই দয়া কৰিম; আৰু যি জনক কৃপা কৰোঁ, তেওঁকেই কৃপা কৰিম।”