A A A A A

যোব 5:1-27
1. “এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?
2. কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।
3. মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।
4. তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।
5. ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল, তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।
6. কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে;
7. কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে, তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে।
8. কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন।
9. অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;
10. তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে;
11. তেওঁ নীহলোকক ওখ কৰে, আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।
12. তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
13. তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।
14. সিহঁতে দিনতেই আন্ধাৰক লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।
15. কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।
16. এইদৰে দীনহীনে আশা পায়, আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে।
17. চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
18. কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।
19. তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।
20. তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।
21. তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।
22. বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।
23. কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
24. তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা।
25. তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব, আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব, সেই বিষয়েও তুমি জানিবলৈ পাবা।
26. ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।
27. চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।”

যোব 6:1-30
1. তেতিয়া ইয়োবে উত্তৰ দি ক’লে,
2. “অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে, আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল।
3. কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন; এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।
4. কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
5. বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে? বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই?
6. যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে?
7. মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত, সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।
8. অস! মোৰ নিবেদন সফল হোৱা হ’লে, আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।
9. অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।
10. সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন, এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই।
11. মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?
12. মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ?
13. মই একেবাৰেই উপায়হীন নহওঁ নে? আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?
14. নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।
15. মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক; বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী।
16. সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, আৰু হিম সেইবোৰত লীন হৈ যায়;
17. কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়, আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়।
18. সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়, আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়।
19. তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে, আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে;
20. কিন্তু তেওঁলোক আশাত বঞ্চিত হয়, তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়।
21. কিয়নো এতিয়া তোমালোক একো নোহোৱা; তোমালোকে আপদ দেখি ভয় পাইছা।
22. মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া; তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া?
23. বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা, নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?
24. মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।
25. ন্যায় বাক্য কেনে বেদনাদায়ক! কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?
26. তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা, নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা?
27. তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।
28. এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।
29. মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
30. মোৰ জিভাত জানো অন্যায় আছে? মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?

সামসঙ্গীত 92:1-7
1. যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;
2. ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
3. দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
4. কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।
5. হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
6. নির্বোধ লোকে নাজানে, বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
7. দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।

প্রবচন 22:16-16
16. নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।

ৰোমীয়া 8:22-39
22. কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো।
23. অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছোঁ।
24. কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ; কিন্তু দেখাত যি আশা, সেয়েই আশা নহয়; কাৰণ যিহক দেখা যায়, তালৈ কোনে আশা কৰে?
25. কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।
26. সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে।
27. আত্মাৰ ভাব কি, সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে।
28. আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
29. কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;
30. আৰু যি সকলক আগেয়ে নিৰূপণ কৰিলে, তেওঁলোকক আমন্ত্ৰণো কৰিলে৷ যি সকলক আমন্ত্ৰণ কৰিলে, তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে; আৰু যি সকলক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁলোকক মহিমান্বিতো কৰিলে।
31. তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
32. যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে?
33. ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা।
34. দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।
35. খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে?
36. এই বিষয়ে লিখাও আছে, “আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।”
37. তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।
38. কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম,
39. ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।