যোব 1:1-22 |
1. উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল। |
2. তেওঁৰ সাত জন পুতেক আৰু তিনি জনী জীয়েক আছিল। |
3. তেওঁৰ সাত হাজাৰ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল। |
4. তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে। |
5. পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে। |
6. এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল। |
7. তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।” |
8. তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।” |
9. তেতিয়া চয়তানে উত্তৰ দি যিহোৱাক ক’লে, “ইয়োবে জানো লাভ নোপোৱাকৈ ঈশ্বৰলৈ ভয় ৰাখিছে? |
10. আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে। |
11. কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” |
12. তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল। |
13. এদিন ইয়োবৰ পুতেক-জীয়েকসকলে বৰককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল। |
14. তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল; |
15. এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” |
16. এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” |
17. সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। |
18. এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, “আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল; |
19. এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। |
20. তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে, |
21. “মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।” |
22. এইদৰে এই সকলো ঘটিল, কিন্তু ইয়োবে পাপ নকৰিলে, আৰু মূৰ্খতাপূৰ্ণভাবে ঈশ্বৰক দোষাৰোপ নকৰিলে। |
যোব 2:1-13 |
1. আকৌ এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হ’বলৈ উপস্থিত হ’ল। |
2. তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ। |
3. তেতিয়া যিহোৱাই চয়তানক সুধিলে, “মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে।” |
4. তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে। |
5. কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” |
6. তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা।” |
7. তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল। |
8. ফলত তেওঁ ছাঁইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুঁচিবলৈ ধৰিলে। |
9. পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।” |
10. তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে। |
11. পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে। |
12. পাছত তেওঁলোকে দূৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তেতিয়া তেওঁলোকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, মূৰৰ ওপৰলৈ বুলি শূন্যত ধুলি ছটিয়ালে; |
13. আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁলোকে তেওঁৰ দুখ অতি অধিক দেখিছিল। |
সামসঙ্গীত 91:7-13 |
7. হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অযুত অযুত; কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব। |
8. তুমি কেৱল নিজ চকুৰে দেখা পাবা; দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা। |
9. ‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা। |
10. সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। |
11. কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। |
12. তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় |
13. তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। |
প্রবচন 22:13-14 |
13. এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।” |
14. ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব। |
ৰোমীয়া 7:1-25 |
1. হে ভাই সকল, মানুহ যিমান কাল জীয়াই থাকে, সিমান আয়ুস কাললৈহে যে বিধানে তাৰ ওপৰত প্ৰভুত্ব কৰে, ইয়াক আপোনালোকে নাজানে নেকি? যি সকলে বিধান জানে, মই সেই বিধান জনা সকলক কৈছোঁ |
2. কাৰণ সধৱা স্ত্ৰী, জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁৰ স্বামীৰ বিধানৰ পৰা মুক্ত হয়। |
3. এতেকে তেওঁৰ স্বামী জীয়াই থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁ বিধানৰ পৰা মুক্ত হয়, পাছত আন পুৰুষৰ হ’লেও, তেওঁ ব্যাভিচাৰীণী নহয়। |
4. সেইদৰে, হে মোৰ ভাই সকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ, এই কাৰণে আপোনালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হ’বলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ’ল। |
5. কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ, বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে। |
6. কিন্তু এতিয়া আমি বিধানৰ পৰা মুক্ত হ’লো; যিহতে বন্ধ আছিলোঁ, তাৰ সম্বন্ধে আমি মৃত হ’লো৷ গতিকে এতিয়া আমি আখৰৰ লিখনিৰ প্ৰাচীনতাৰে নহয়, কিন্তু আত্মাৰ নতুনতাৰে সেৱাকৰ্ম কৰোঁ। |
7. তেনেহলে আমি কি ক’ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ৷ “কিয়নো তুমি লোভ নকৰিবা,” বিধানে ইয়াক নোকোৱা হ’লে, লোভ নো কি সেই বিষয়ে নাজানিলোহেঁতেন৷ |
8. কিন্তু পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে, কিয়নো বিধান অবিহনে পাপ মৃত। |
9. পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ। |
10. দেখা গ’ল যে, জীৱনৰ কাৰণে দিয়া যি আজ্ঞা, সেই আজ্ঞা মোৰ বাবে মৃত্যুজনক হ’ল৷ |
11. কিয়নো পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোক ভুলায় আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে। |
12. এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায়পৰায়ণ আৰু উত্তম। |
13. তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল। |
14. কিয়নো বিধান যে আত্মিক, সেই বিষয়ে আমি জানো, কিন্তু মই হ’লে মাংসিক৷ মই পাপৰ অধীনলৈ বিক্ৰীত হ’লো। |
15. কাৰণ মই যি সাধন কৰোঁ, সেই বিষয়ে মই আচলতে নাজানো৷ কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰোঁ; কিন্তু যিহকে ঘিণাও, তাকেই কৰোঁ । |
16. কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেনেহলে বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰোঁ। |
17. কিন্তু এতিয়া মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। |
18. কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷ ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাৰো। |
19. কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ; কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকেই কৰোঁ। |
20. কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। |
21. এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে। |
22. কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ; |
23. কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো। |
24. হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? |
25. আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰোঁ। |