A A A A A

উপদেশক 11:1-10
1. তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।
2. তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।
3. যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে, তেতিয়া তাৰ পৰা পৃথিবীত বৰষুণ পৰে; গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক, কিন্তু যি ঠাইত পৰে, সেই ঠাইতেই পৰি থাকে।
4. যি কোনোৱে বতাহক নিৰীক্ষণ কৰে, তেওঁ বীজ ৰোপন কৰিব নোৱাৰে, যি কোনোৱে বৰষুণক নিৰীক্ষণ কৰে, তেওঁ শস্য দাব নোৱাৰে।
5. বতাহ কোন দিশৰ পৰা বলিব, তুমি নাজানা; তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়; সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা।
6. ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।
7. স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয়
8. কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে, তেন্তে তেওঁ যেন নিজৰ সেই দিনবোৰত আনন্দ উপভোগ কৰে; কিন্তু অন্ধকাৰৰ আগন্তুক দিনবোৰৰ কথাও যেন তেওঁ মনত ৰাখে; কিয়নো সেই দিনবোৰ হ’ব অনেক। যি যি ঘটিব সেই সকলোৱেই অস্থায়ী, অসাৰ।
9. হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।
10. এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।

উপদেশক 12:1-14
1. বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা; সেই দিনবোৰত তুমি ক’বা, “জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।”
2. সূর্য, চন্দ্র আৰু তৰাবোৰৰ জ্যোতি তোমাৰ ওচৰত অন্ধকাৰ হৈ অহাৰ আগেয়েই, বৰষুণৰ পাছতেই পুনৰায় ক’লা ডাঁৱৰ অহাৰ আগেয়েই তুমি সৃষ্টিকর্তাক সোৱঁৰা।
3. সেই সময়ত তোমাৰ ঘৰৰ প্রহৰী কঁপিব, শক্তিশালী লোক কুঁজা হৈ যাব, যি সকল তিৰোতাই জাঁত পিহে, তেওঁলোক তাকৰ হোৱাৰ বাবে পিহিবলৈ এৰিব আৰু খিড়িকিয়েদি চোৱাজনে স্পষ্টকৈ দেখা নাপাব।
4. সেইসময়ত বাটৰ ফালৰ দুৱাৰ বন্ধ হ’ব, জাঁত পিহাৰ শব্দও বন্ধ হৈ যাব, এটি চৰাইৰ মাততে মানুহ চমকি সাৰ পাব, গায়িকাসকলৰ কণ্ঠৰ সুৰ কমি যাব।
5. সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ’ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়।
6. সেয়ে ৰূপৰ তাঁৰ ছিঙি যোৱাৰ পূর্বেই বা সোনৰ পাত্র ভাঙি যোৱাৰ পূর্বেই, নিজৰাৰ কাষত কলহ চূর্ণ-বিচূর্ণ হোৱাৰ পূর্বেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা।
7. মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।
8. উপদেশকে কৈছে, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।
9. উপদেশক নিজে জ্ঞানী আছিল আৰু তেওঁ লোকসকলকো জ্ঞানৰ শিক্ষা দিছিল। তেওঁ চিন্তা কৰি আৰু পৰীক্ষা কৰি অনেক নীতিবচন ৰচনা কৰিছিল।
10. উপদেশকে সত্যৰ ন্যায় বচন প্রাণৱন্ত ৰূপত ব্যৱহাৰ কৰি লিখিবলৈ বিচাৰিছে।
11. জ্ঞানী লোকসকলৰ কথা ৰখীয়াৰ তীক্ষ্ন লাঠিডালৰ নিচিনা। তেওঁলোকৰ কথাবোৰ একত্রিত কৰিলে ভাব হয়, সেইবোৰ গভীৰলৈকে হানি যোৱা গজালৰ নিচিনা। সেই সকলো এজন ৰখীয়া ৰ দ্বাৰাই দিয়া হৈছে।
12. হে মোৰ বোপা, তুমি সতৰ্ক হোৱা; অনেক পুথি লিখাৰ শেষ নাই। অধিক অধ্যয়নে শৰীৰক ক্লান্ত কৰে।
13. সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে।
14. ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব।

সামসঙ্গীত 103:15-22
15. মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।
16. ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়।
17. কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
18. তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
19. যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে।
20. হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;
21. হে যিহোৱাৰ বাহিনী সমূহ, যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা।
22. হে যিহোৱাৰ সকলো নির্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।

প্রবচন 24:13-14
13. হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল, আৰু মৌচাকৰ পৰা নিগৰি অহা মৌ তোমাৰ জিভাৰ বাবে সুস্বাদু।
14. তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে তুমি যদি তাক বিচাৰি পোৱা, তেনেহ’লে তাত তোমাৰ ভবিষ্যত আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।

১ কৰিন্থীয়া 11:1-16
1. মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।
2. আপোনালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰি মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ প্ৰশংসা কৰিছোঁ।
3. কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা।
4. যি কোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে।
5. কিন্তু যি কোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে, বা ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে; কিয়নো তেওঁৰ মূৰ খুৰুউৱাৰ নিচিনা হয়।
6. কাৰণ মহিলাই যদি ওৰণি নলয়, তেনেহলে চুলিও কটা যাওঁক; কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেনেহলে তেওঁ ওৰণি লওঁক।
7. কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱ স্বৰূপ হোৱাত, ওৰণি লোৱা তেওঁৰ উচিত নহয়; কিন্তু মহিলা হ’লে পুৰুষৰহে গৌৰৱ।
8. কিয়নো পুৰুষ মহিলাৰ পৰা নহয়, কিন্তু মহিলাহে পুৰুষৰ পৰা হ’ল।
9. কাৰণ মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল।
10. সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য।
11. তথাপি যি কি নহওক, প্ৰভুত, মহিলাৰ অবিহনে পুৰুষ স্বাধীন নহয়, পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়৷
12. কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল৷ তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল; কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল।
13. আপোনালোকে মনতে বিচাৰ কৰি চাওক, মহিলা মানুহে উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে?
14. প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক?
15. কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক; কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হ’ল।
16. কিন্তু কোনোৱে যদি বাদবিবাদলৈ মন কৰে, তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই।