A A A A A

যোব 39:1-30
1. তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা? হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?
2. সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে? বা সিহঁতে জগোৱা সময় তুমি জানা নে?
3. সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়, আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়।
4. সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়; সিহঁতৰ বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে।
5. বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?
6. মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ, আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ।
7. সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে; চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।
8. চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে; সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।
9. মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে? তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?
10. তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে? সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?
11. তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে? তোমাৰ কাম তাক গটাই দিবা নে?
12. সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
13. উট চৰাইৰ ডেউকাই উল্লাস কৰে, কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?
14. তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়, আৰু ধুলিত উম পাবলৈ দিয়ে।
15. কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি, বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে।
16. পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে, আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়।
17. কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে, আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে।
18. কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে, তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে।
19. ঘোঁৰাক জানো তুমি বল দিলা? লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?
20. তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা? তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক।
21. সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে, সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়।
22. সি ভয়ক হাঁহে, আৰু আতংকিত নহয়; সি তৰোৱালৰ মুখ পৰা উলতি নাহে।
23. তূণে তাৰ বিৰুদ্ধে পাৰ্শ্বদেশত শব্দ কৰে; চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে।
24. সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে; শিঙা-ধ্বনি শুনিলে, সি থিয় হৈ থিৰে নাথাকে।
25. শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে; সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়, সি সেনাপতিসকলৰ গৰ্জ্জন আৰু সিংহনাদ শুনে।
26. তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে, আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে?
27. ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে, আৰু অতি ওখ ঠাইত বাহ সাজে?
28. সি শিলত বাস কৰে, তাতেই তাৰ বাহ; সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে।
29. সেই ঠাইৰে পৰা সি আহাৰ মনে; তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে।
30. তাৰ পোৱালিবোৰে তেজ পিয়ে; য’তে বধ কৰা শৱ থাকে, ত’তে সিও থাকে।”

যোব 40:1-24
1. যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,
2. দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
3. তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,
4. “চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ।
5. মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”
6. তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,
7. “তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা।
8. মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে? বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?
9. তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
10. তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
11. তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।
12. প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
13. সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
14. তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।
15. ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়।
16. চোৱা, তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।
17. সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।
18. তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।
19. ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
20. পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।
21. সি পদুমনিৰ তলত শোৱে, নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।
22. পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।
23. চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।
24. সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?

সামসঙ্গীত 101:1-4
1. মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।
2. মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
3. মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।
4. কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।

প্রবচন 23:29-30
29. কাৰ দুৰ্দশা আছে? কাৰ দুখ আছে? কোনে কাজিয়া কৰে? কোনে অভিযোগ কৰে? কোনে অকাৰণে মাৰ খায়? কাৰ চকু ৰঙা হয়?
30. যিসকলে বহুদিন দ্ৰাক্ষাৰসত লিপ্ত থাকে, আৰু যিসকলে দ্ৰাক্ষাৰসৰ মিহলাবলৈ চেষ্টা কৰে।

১ কৰিন্থীয়া 6:1-20
1. আপোনালোকৰ মাজত কাৰোবাৰ যদি আন এজনৰ বিৰুদ্ধে কোনো অভিযোগ কৰাৰ কাৰণ থাকে, তেনেহলে তেওঁ কোন সাহসত ঈশ্বৰৰ পবিত্ৰ লোকৰ ওচৰলৈ নাযায়, এজন অবিশ্বাসী বিচাৰকৰ অর্থাৎ অধৰ্মি লোকৰ কাষলৈ গৈ বিচাৰৰ সমাধান বিচাৰে?
2. আপোনালোকে জানো নাজানে, যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধ-বিচাৰ কৰিব? যেতিয়া আপোনালোকেই জগতৰ বিচাৰ কৰিব, তেনেহলে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে?
3. আপোনালোকে নাজানে নেকি যে, আমি স্বৰ্গৰ দূত সমূহৰো বিচাৰ কৰিম? যদি সেয়ে হয়, তেনেহলেতো এই জীৱন সম্পৰ্কীয় বিষয়বোৰ অতি সাধাৰণ কথা।
4. এতেকে আপোনালোকৰ দ্বাৰায়েই যদি দৈনিক জীৱন সম্পৰ্কীয় বিষয়বোৰৰ সোধ-বিচাৰ কৰা হয়, তেনেহলে যি সকল মণ্ডলীৰ লোক নহয়, এনে লোকক আপোনালোকে কিয় বিচাৰকৰ আসনত বহুৱাই?
5. আপোনালোকক লাজ দিবৰ কাৰণে মই এই কথা কৈছোঁ। আপোনালোকৰ মাজত সঁচাই এনে কোনো জ্ঞানৱান লোক এজনো নাই নেকি, যি জনে ভাই, ভনী সকলৰ মাজত বিবাদ হ’লে, সেইবোৰ সোধ-বিচাৰ কৰি নিস্পত্তিৰ বাবে ঠাৱৰ কৰিব পাৰে?
6. কিন্তু তাৰ সলনি এনেকুৱা হয় যে, এজন বিশ্বাসী ভায়ে আন বিশ্বাসী ভাইৰ বিৰুদ্ধে আদালতলৈ যায় গোচৰ দিয়ে, তাকো অবিশ্বাসী সকলৰ আগত।
7. আপোনালোক খ্রীষ্টিয়ান সকলে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি আছে, তাতে এটাই প্রমাণ হয় যে আপোনালোক পৰাজিত হৈ আছে। তাতকৈ বৰঞ্চ অন্যায় সহন নকৰে কিয়? নিজৰো হানি হবলৈ কিয় নিদিয়ে?
8. কিন্তু তাৰ সলনি আপোনালোকে নিজেই অন্যায় কৰি আছে আৰু আন লোকক ঠগাই আছে; তেওঁলোক আপোনালোকৰ নিজৰেই ভাই-ভনী।
9. যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,
10. যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।
11. আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।
12. “মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰে মই দাস নহ’ম।
13. “পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
14. ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব।
15. আপোনালোকৰ শৰীৰ যে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক আপোনালোকে নাজানে নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে? এনে নহওক।
16. যি জন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেহ হয়, ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্রত আছে, “তেওঁলোক দুয়ো এক দেহ হ’ব”।
17. কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়।
18. ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।
19. আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।
20. কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।