A A A A A

যোব 35:1-16
1. পাছত ইলীহুৱে আৰু উত্তৰ কৰি কলে,
2. “মোৰ কি উপকাৰ? বা মই পাপ কৰা লাভতকৈ মোৰ কি অধিক লাভ?
3. এই বুলি যে তুমি কৈছা, ইয়াক তুমি ন্যায় বুলি ভাবিছা নে? বা ঈশ্বৰৰ ধাৰ্মিকতাকৈ মোৰ ধাৰ্মিকতা অধিক, এই বুলি কৈছানে?
4. মই তোমাক আৰু তোমাৰ লগৰ তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ,
5. তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা, তোমাতকৈ ওখত থকা গগণ-মণ্ডললৈ নিৰীক্ষণ কৰা।
6. তুমি পাপ কৰিলে, তেওঁৰ কি হানি কৰিব পাৰা? আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁ কি কৰিবা?
7. তুমি ধাৰ্মিক হলে, তেওঁক কি দিব পাৰা? বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব?
8. তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে, আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে।
9. অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাতৰোক্তি কৰে, আৰু বলৱান বিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞঁৰে।
10. যি জনাই ৰাতি গীত গোৱাই,
11. যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়।
12. তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহঙ্কাৰৰ কাৰণে কাতৰোক্তি কৰে, কিন্তু তেওঁ উত্তৰ নিদিয়ে।
13. বাস্তৱিক ঈশ্বৰে অসাৰ কথা নুশুনে, আৰু সৰ্ব্বশক্তিমান জনাই তাক নাচাবও।
14. তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো শুনিব, তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা।
15. কিন্তু তেওঁ তেওঁৰ কোপত শাস্তি নিদিয়ে, আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে;
16. এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে, অনেক জ্ঞানশূন্য কথা কৈছে।

যোব 36:1-33
1. ইলীহুৱে আৰু কথা কলে,
2. আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ, কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে;
3. মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা-গুণৰ বৰ্ণনা কৰিম।
4. কিয়নো মোৰ কথা নিশ্চয়ে মিছা নহয়; জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে।
5. চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে; তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী।
6. তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে, কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে।
7. তেওঁ ধাৰ্মিকলোকৰ পৰা চকু নুঘুৰাই; কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত, তেওঁ সৰ্ব্বতিকাললৈকে তেওঁবিলাকক বহুৱাই, তাত তেওঁবিলাকৰ উন্নতি হয়।
8. আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়, আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়,
9. তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই, তেওঁবিলাকে যে অহংকাৰ কৰিলে, তাক তেওঁবিলাকক জনায়।
10. শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে, আৰু অধৰ্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে।
11. যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে, তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়।
12. কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়, আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে।
13. অধৰ্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়; ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাতৰোক্তি নকৰে।
14. সিহঁত ডেকা কালতে মৰে, আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্রাণ নষ্ট হয়।
15. তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে।
16. তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে; আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব;
17. কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে, তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব।
18. সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক, আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাটে লৈ নাযাওক।
19. তোমাৰ ধন, আৰু শক্তি সমস্ত বল, তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হব?
20. যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা।
21. সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা; কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা।
22. চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে; তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে?
23. কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে? বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে?
24. ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে, তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা।
25. সকলো মানুহে তাক নিৰীক্ষণ কৰে; মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে।
26. চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য।
27. কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে; সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে;
28. সেইবোৰক আকাশে বৰষায়, মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়।
29. বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ, আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে?
30. চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে; আৰু তেওঁ সাগৰৰ তলি ঢাকে।
31. কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে, আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে।
32. তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়, লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে।
33. তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে, পশুবোৰকো তেওঁৰ আগমণৰ কথা জনায়।

সামসঙ্গীত 99:1-9
1. যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক। তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক।
2. চিয়োনত যিহোৱা মহান; সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল।
3. জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; তেওঁ পবিত্ৰ।
4. শক্তিশালী ৰজাই ন্যায় ভাল পায়; তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা।
5. আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; তেওঁ পবিত্ৰ।
6. তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।
7. তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।
8. হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।
9. তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা: কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।

প্রবচন 23:22-25
22. তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।
23. সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।
24. ন্যায় কাৰ্য কৰা জনৰ পিতৃ অতিশয় উল্লাসিত হয়, আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তেওঁৰ বাবে আনন্দ কৰিব।
25. তোমাৰ পিতৃ আৰু মাতৃক আনন্দিত হ’বলৈ দিয়া, আৰু তোমাৰ জন্মদাতাক উল্লাসিত হ’ব দিয়া।

১ কৰিন্থীয়া 4:1-21
1. লোক সকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে, আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ অধ্যক্ষ।
2. কিন্তু অধ্যক্ষ জন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।
3. মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে, মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰোঁ।
4. কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নিৰ্দ্দোষী বুলি প্ৰমাণিত; কাৰণ যি জনে মোৰ সোধ-বিচাৰ কৰে, তেওঁ প্রভু।
5. এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
6. প্রিয় ভাই আৰু ভনী সকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা ক’লো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে, “শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে।” আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে।
7. কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
8. আপোনালোকৰ যি প্রয়োজন সেই সকলো পাই আপোনালোক এতিয়া পূর্ণ হৈ আছে! এতিয়া আপোনালোক ধনৱন্ত হৈছে! আমাক বাদ দিয়েই আপোনালোকে ৰাজত্ব পাইছে! অৱশ্যে, আপোনালোকে ৰাজত্ব পালে ভালেই হয়, তেনেহলে আপোনালোকৰ সৈতে আমিও ৰাজত্ব পাব পাৰোঁ।
9. কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ।
10. আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছোঁ, কিন্তু আপোনালোক খ্রীষ্টত বুদ্ধিমন্ত হৈছে। আমি দূৰ্বল, কিন্তু আপোনালোক বলৱন্ত। আপোনালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত।
11. এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো। পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে, আমি গৃহহীন।
12. আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ; যেতিয়া তাড়না কৰে, আমি সহন কৰিছোঁ;
13. কোনোৱে অপবাদ দিলে, বিনম্রতাৰে কথা পাঁতো। এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছোঁ।
14. মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
15. কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হ’লো।
16. এতেকে বিনয় কৰোঁ, আপোনালোক মোৰ অনুকাৰী হওক।
17. এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসী পুত্ৰ; তেওঁ আপোনালোকক খ্রীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ সোঁৱৰাই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকোঁ।
18. মই আপোনালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে।
19. কিন্তু প্ৰভুৰ ইচ্ছা হ’লে, মই আপোনালোকৰ ওচৰলৈ সোনকালে যাম; তেতিয়া যি সকল অহংকাৰী হৈ উঠিছে, তেওঁলোকৰ কথা নহয়, কিন্তু পৰাক্ৰম জানিম।
20. কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়।
21. আপোনালোকৰ কি ইচ্ছা? মই লাঠি লৈ আপোনালোকৰ ওচৰলৈ যামনে? নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম?