A A A A A

যোব 31:1-40
1. মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?
2. কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি? আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি?
3. সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ, আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়?
4. তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে?
5. মই যদি মিছাত চলিলোঁ, আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে,
6. (ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে, মোক ঠিক তৰ্জুত জোখক;)
7. মই যদি অবাটে খোজ চলালোঁ, মোৰ মন যদি চকুৰ পাছে পাছে চলিল, আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে,
8. তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক।
9. মই যদি পৰৰ তিৰোতাত মোহ গলোঁ, আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ,
10. তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক, আৰু অন্য লোকে তাইক ভোগ কৰক।
11. কিয়নো সেয়ে গৰ্হিত কাৰ্য, আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ;
12. কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি; সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন।
13. মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ,
14. তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম?
15. মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই? আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই?
16. মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ,
17. যদি বা মোৰ খোৱা মুঠি অকলেই খালো, আৰু পিতৃহীন ল’ৰাই তাৰ অলপো খাবলৈ নাপালে,
18. (এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়, আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক;)
19. যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ, বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ,
20. তাৰ ককালে যদি মোক আশীৰ্ব্বাদ নকৰালে, আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফল নাপালে,
21. আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি, যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোঁ,
22. তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক, আৰু মোৰ বাহু হাড়ডালৰ পৰা ভাগি পৰক।
23. কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,
24. মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ,
25. মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ,
26. মই সুৰ্য্যক দীপ্তি দিয়া, বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি,
27. যদি মোৰ মন গুপুতে মোহ গল, আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে,
28. তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন; কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন।
29. মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ, আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোঁ,
30. (এনে নহয়, তাক মৰাবলৈ শাও দিয়াৰ দ্বাৰা মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই;)
31. তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই,
32. (বিদেশীয়ে বাটত ৰাতি কটোৱা নাই, কিন্তু মই পৰ্থিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ,)
33. মই অনেক লোক সমূহক ভয় কৰাৰ, আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশঙ্কা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ,
34. নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি, যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলোঁ,-
35. অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল! চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক; অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল!
36. অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন, আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন,
37. তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন, আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন।
38. মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞঁৰ মাৰে, আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে,
39. মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ, বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ,
40. তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট, আৰু যৱৰ সলনি বন গজক। ইয়োবৰ বাক্য সমাপ্ত।

যোব 32:1-22
1. ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত, সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে।
2. এতিয়া ৰামৰ গোষ্ঠীৰ বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৰ ক্ৰোধ জ্বলি উঠিল; ইয়োবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাত্হে তেওঁৰ ওপৰত ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
3. আৰু বন্ধু তিনি জনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত, তেওঁলাকলৈকো ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
4. তেওঁবিলাক ইলীহুত্কৈ বয়সত ডাঙৰ দেখি, ইলীহুৱে ইয়োবক কথা কবলৈ বাট চাইছিল।
5. পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি, ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
6. তাতে বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৱে উত্তৰ কৰি কলে, মই ডেকা, তোমালোক বুঢ়া; এই নিমিত্তে, মই তোমালোকৰ আগত মোৰ মত জনাবলৈ, ভয় কৰি কোঁচ খাই আছিলোঁ।
7. মই মনতে কৈছিলোঁ, বহুদিনিয়া লোকেই কওক, আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক।
8. কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে, সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচনা কৰে।
9. বৰ বৰ লোক যে জ্ঞানী, এনে নহয়; আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে, সিও নহয়।
10. এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা; মইও মোৰ মত প্ৰকাশ কৰোঁ।
11. চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা, তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলোঁ, তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলোঁ।
12. মই তোমালোকলৈ মন দি আছিলোঁ, কিন্তু চোৱা, ইয়োবক ঘটুৱাব পৰা, বা তেওঁৰ উত্তৰ কাটিব পৰা, তোমালোকৰ মাজত কোনো নাছিল।
13. সাৱধান, তোমালোকে নকবা যে, “তেওঁত আমি জ্ঞান পালোঁ; তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য;”
14. কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই; আৰু মইও তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম।
15. তোমালোকে তধা লাগিল, উত্তৰ নিদিয়ে আৰু; তেওঁবিলাকৰ কবলৈকে কথা নাইকিয়া হল।
16. মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়; তেওঁবিলাকে ঠৰ লাগি ৰল, উত্তৰ নিদিয়ে আৰু।
17. মইও নিজৰ পক্ষে উত্তৰ দিম; মইও নিজৰ মন জনাম।
18. কিয়নো মই কথাৰে পৰিপূৰ্ণ, মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে।
19. চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা। সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে।
20. মই উপশম পাবৰ নিমিত্তে কথা কম; মই মুখ মেলি উত্তৰ কৰিম।
21. মই কাৰো মুখলৈ নাচাম, আৰু মই কাকো খুচামোদ নকৰিম।
22. কিয়নো মই খুচামোদ কৰিব নাজানো; কৰিলে, মোৰ সৃষ্টিকৰ্ত্তাই শীঘ্ৰে মোক ইহলোকৰ পৰা লৈ যাব।

সামসঙ্গীত 98:1-3
1. তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
2. যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে; তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।
3. ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।

প্রবচন 23:17-18
17. তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা;
18. অৱশ্যে ইয়াত তোমাৰ ভবিষ্যত জড়িত হৈ আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।

১ কৰিন্থীয়া 2:1-16
1. হে প্রিয় ভাই আৰু ভনী সকল, যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলোঁ, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলোঁ।
2. কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম।
3. মই আপোনালোকৰ ওচৰত দূৰ্বলতাৰে সৈতে ভয়ত অতিশয় কঁপি আছিলোঁ।
4. তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল,
5. সেয়েহে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয়।
6. তথাপি যি সকল লোক পৰিপক্ক, সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয়;
7. কিন্তু আমি নিগূঢ়-তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল।
8. এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্রুচত নিদিলেহেঁতেন;
9. কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
10. কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে।
11. কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে? সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাত বাহিৰে, আন কোনেও নাজানে।
12. আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ বুজি পাওঁ।
13. আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
14. কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়।
15. কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়।
16. “কিয়নো, প্রভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নির্দেশ দিব পাৰে?” কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে।