A A A A A
एक साल में बाइबल
अगस्त 2

এস্থার 5:1-14
1. তিনি দিনৰ পাছত, ৰাণী ইষ্টেৰে ৰাজবস্ত্ৰ পিন্ধি ৰাজপ্রসাদৰ ৰাজগৃহত থকা ভিতৰ চোতালৰ সন্মুখত থিয় হ’ল। সেই সময়ত ৰজাই ৰাজগৃহৰ প্ৰবেশ স্থানৰ ফালে মুখ কৰি ৰাজ সিংহাসনত বহি আছিল।
2. ৰজাই যেতিয়া চোতালত থিয় হোৱা ৰাণী ইষ্টেৰক দেখা পালে, তেতিয়া তেওঁৰ ইষ্টেৰৰ প্রতি মৰম লাগিল; আৰু ৰজাই নিজৰ হাতত থকা সোণাময় দণ্ডডালি ৰাণী ইষ্টেৰৰ ফালে মেলি দিলে। সেয়ে ইষ্টেৰে ওচৰ চাপি সোণাময় দণ্ডডালিৰ আগ ভাগ চুলে।
3. তাৰ পাছত ৰজাই তেওঁক ক’লে, “ৰাণী ইষ্টেৰ, তোমাক কি লাগে? তোমাৰ কি প্রাৰ্থনা আছে কোৱা? যদি তোমাক মোৰ ৰাজ্যৰ আধা অংশও লাগে, তথাপিও তোমাক দিয়া হ’ব।”
4. তেতিয়া ইষ্টেৰে উত্তৰ দিলে, “যদি ৰজাই ভাল দেখে, তেনেহলে আপোনাৰ বাবে মই যুগুত কৰা ভোজলৈ আপুনি আৰু হামন আজি আহিব।”
5. তেতিয়া ৰজাই আজ্ঞা দিলে, “ৰাণী ইষ্টেৰে কোৱাৰ দৰে কৰিবলৈ হামনক বেগাই মাতি অনা হওক।” সেয়ে ৰজা আৰু হামন ইষ্টেৰে যুগুত কৰা ভোজলৈ গ’ল।
6. ভোজত যেতিয়া দ্রাক্ষাৰস বাকি দিয়া হ’ল, তেতিয়া ৰজাই ইষ্টেৰক সুধিলে, “তোমাৰ আবেদন কি? তোমাৰ বাবে সেই আবেদন গ্ৰহণ কৰা হ’ব; আৰু তোমাৰ প্রাৰ্থনা কি? ৰাজ্যৰ আধা অংশও যদি তোমাক লাগে, তেনেহ’লে তাক সিদ্ধ কৰা হ’ব।
7. তেতিয়া ইষ্টেৰে উত্তৰ দি ক’লে, “মোৰ আবেদন আৰু মোৰ প্ৰাৰ্থনা এই,
8. মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, আৰু মোৰ নিবেদন ও প্ৰাৰ্থনা গ্রহণ কৰি সিদ্ধ কৰিবলৈ যদি ৰজাই ভাল দেখে, তেনেহলে মই আপোনালোকৰ অৰ্থে কাইলৈ যি ভোজ যুগুত কৰিম, সেই ভোজলৈ আপুনি আৰু হামন পুনৰ আহিব। মই ৰজাৰ প্রশ্নৰ উত্তৰ কাইলৈহে দিম।”
9. সেই দিনা হামন আনন্দ আৰু সন্তুষ্ট মনেৰে বাহিৰলৈ ওলাই গ’ল। কিন্তু হামনে যেতিয়া মৰ্দখয়ক ৰাজদুৱাৰত বহি থকা দেখা পালে, তেতিয়াও মৰ্দখয়ে হামনৰ আগত থিয় নহ’ল বা লৰচৰো নহ’ল। তাতে হামনে মৰ্দখয়ৰ ওপৰত ক্রোধেৰে পৰিপূৰ্ণ হ’ল।
10. তথাপি, হামনে নিজকে নিয়ন্ত্রিত কৰি ৰাখিলে, আৰু নিজৰ ঘৰলৈ গুচি গ’ল। তেওঁ তেওঁৰ ভাৰ্যা জেৰচৰ সৈতে তেওঁৰ বন্ধু সকলক একত্রিত হ’বলৈ মাতি পঠিয়ালে।
11. হামনে তেওঁলোকৰ আগত নিজৰ ঐশ্চৰ্যৰ প্ৰতাপ আৰু তেওঁৰ পুত্রৰ সংখ্যা অধিক এই কথা তেওঁলোকক ক’লে; আৰু ৰজাই কি দৰে তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসতকৈ তেওঁক ওখ পদ দিলে; এই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰি ক’লে।
12. হামনে ক’লে, “এনেকি ৰাণী ইষ্টেৰে যুগুত কৰা ভোজত যাবলৈ ৰজাৰ লগত মোৰ বাহিৰে আন কাকো নিমন্ত্রণ দিয়া নাছিল। আৰু অহা কালিও ভোজত ৰজাৰ লগত যাবলৈ মই ৰাণী ইষ্টেৰৰ দ্বাৰাই নিমন্ত্ৰণ পাইছোঁ।
13. তথাপিও মই ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়ক যেতিয়া দেখা পাওঁ, তেতিয়া এই সকলোতো মোৰ একো মূল্য নাই যেন মই উপলব্ধি কৰোঁ।”
14. পাছত তেওঁৰ ভাৰ্যা জেৰচ আৰু তেওঁৰ বন্ধু সকলে তেওঁক ক’লে, “পঞ্চাশ হাত দীঘল এডাল ফাঁচি-কাঠ যুগুত কৰক; যাতে আপুনি কাইলৈ ৰাতিপুৱাই ৰজাৰ আগত নিবেদন কৰি মৰ্দখয়ক সেই কাঠডালত ফাঁচি দিব পাৰে। তাৰ পাছত আপুনি আনন্দ মনেৰে ৰজাৰ লগত ভোজত যাব।” তেতিয়া হামনে সেই কথাত সন্তুষ্ট হ’ল আৰু তেওঁ ফাঁচি-কাঠ নিৰ্মাণ কৰালে।

এস্থার 6:1-14
1. সেই ৰাতি ৰজাই টোপনি যাব নোৱাৰিলে। ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত ঘটা ঘটনাৱলীৰ কাৰ্য-বিৱৰণী আনিবলৈ আজ্ঞা দিলে; আৰু তেওঁলোকে উচ্চ-স্বৰে ৰজাৰ আগত তাক পাঠ কৰিলে।
2. সেই কাৰ্য-বিৱৰণীত লিখা অনুসাৰে এই কথা গ’ম পোৱা গ’ল যে, ৰাজ-নপুংসক বিগথন আৰু তেৰচ নামেৰে দুজন প্রৱেশ দুৱাৰৰ দুৱৰীয়ে ৰজা অহচবেৰোচৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা বিষয়টো এই মৰ্দখয়েই ৰজাক জনাইছিল।
3. পাছত ৰজাই সুধিলে, “মৰ্দখয়ে কৰা এই কাৰ্যৰ বাবে তেওঁক কি সন্মান বা স্বীকৃতি প্রদান কৰা হৈছিল? তাৰ পাছত ৰজাৰ পৰিচৰ্যা কৰা যুৱক দাস সকলে তেওঁক ক’লে, “তেওঁৰ বাবে একো কৰা হোৱা নাই।”
4. ৰজাই সুধিলে, “চোতালত কোন আছে? সেই সময়ত ৰজাৰ আগত নিবেদন কৰি নিজে যুগুত কৰা ফাঁচি কাঠত মৰ্দখয়ক ফাঁচি দিবলৈ ৰাজগৃহৰ বাহিৰ চোতালত হামন সোমাইছিল।
5. ৰজাৰ দাস সকলে তেওঁক ক’লে, “হামন চোতালত থিয় হৈ আছে।” তাতে ৰজাই ক’লে, “তেওঁক ভিতৰলৈ আহিব দিয়া।”
6. হামন যেতিয়া ভিতৰলৈ সোমাল, তেতিয়া ৰজাই তেওঁক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ কি কৰা উচিত?” হামনে মনতে ভাবিলে, মোতকৈ বেছি ৰজাই আন কাক সন্মান দিবলৈ ইচ্ছা কৰিব?
7. সেয়ে হামনে ৰজাক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে,
8. তেওঁৰ বাবে যি বস্ত্র ৰজাই পৰিধান কৰে সেই ৰাজকীয় বস্ত্র দিয়া যাওক, আৰু ৰাজকীয় মুকুটৰ সৈতে যি ঘোঁৰাত ৰজা উঠে, সেই ঘোঁৰা দিয়া যাওক।
9. তাৰ পাছত সেই বস্ত্ৰ আৰু ঘোঁৰা ৰজাৰ বিশেষ প্ৰধান কৰ্মচাৰী সকলৰ মাজৰ এজনৰ হাতত গতাই দিয়া হওক; আৰু ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁক সেই ৰাজ-বস্ত্ৰ পিন্ধোৱা হওক। পাছত তেওঁক সেই ঘোঁৰাত তুলি নগৰৰ মাজৰ পথেৰে লৈ যাবলৈ তেওঁলোকক কোৱা হওক। তেওঁৰ আগে আগে এই কথা ঘোষণা কৰা হওক যে, ‘ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব!’”
10. তেতিয়া ৰজাই হামনক ক’লে, “বেগাই আহাঁ, তুমি ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা লোৱা, আৰু তুমি কোৱাৰ দৰে ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়লৈ সেই দৰেই কৰা। তুমি কোৱা কথাৰ এটা কথাও ত্ৰুটি নকৰিবা।”
11. তেতিয়া হামনে সেই ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা ল’লে, আৰু মৰ্দখয়ক বস্ত্ৰ পিন্ধাই ঘোঁৰাত তুলি নগৰৰ মাজেৰে ফুৰালে। তেওঁ মৰ্দখয়ৰ আগে আগে এই কথা ঘোষণা কৰিলে যে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব।”
12. তাৰ পাছত মৰ্দখয় ৰাজ-দুৱাৰলৈ উলটি গ’ল। কিন্তু হামনে শোক কৰি কাপোৰেৰে মুৰ ঢাকি নিজৰ ঘৰলৈ বেগাই গ’ল।
13. হামনে তেওঁৰ ভাৰ্যা জেৰচক আৰু তেওঁৰ সকলো বন্ধুক তেওঁলৈ ঘটা সকলো কথা ক’লে। তেতিয়া তেওঁৰ যি সকল লোক জ্ঞানৰ বাবে জনাজাত আছিল, তেওঁলোক আৰু তেওঁৰ ভাৰ্যা জেৰচে তেওঁক ক’লে, “যি মৰ্দখয়ৰ আগত আপোনাৰ সন্মান ম্লান হ’ব ধৰিছে, সেই মৰ্দখয় যদি যিহুদী বংশৰ লোক হয়, তেনেহলে আপুনি কেতিয়াও তেওঁক জয় কৰিব নোৱাৰিব, তেওঁৰ আগত আপোনাৰ নিশ্চয় সৰ্বনাশ হ’ব।”
14. তেওঁলোকে তেওঁৰ লগত কথা পাতি থাকোঁতেই ৰাজ-নপুংসক সকল আহি উপস্থিত হ’ল; আৰু ৰাণী ইষ্টেৰে যুগুত কৰা ভোজলৈ হামনক লৈ যাবলৈ খৰধৰ কৰিলে।

সামসঙ্গীত 90:1-6
1. হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।
2. পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
3. তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা; তুমি কোৱা, “হে মনুষ্য সন্তান সকল উভটি যোৱা”।
4. তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা; যেন ৰাতিৰ এক প্ৰহৰ মাত্র।
5. তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা, তেওঁলোক এটা সপোনৰ নিচিনা; যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;
6. ৰাতি পুৱালেই সেয়ে গজি বাঢ়িবলৈ ধৰে; গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।

প্রবচন 22:9-9
9. উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।

ৰোমীয়া 4:1-25
1. তেনেহলে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ উপৰি-পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক’ম?
2. কিয়নো অব্ৰাহামে যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছিল, তেনেহলে গৌৰৱ কৰাৰ কাৰণ তেওঁৰ আছিল; কিন্তু ঈশ্বৰৰ আগত সেই গৌৰৱ কৰাৰ কোনো কাৰণ নাছিল।
3. কাৰণ ধৰ্মশাস্ত্ৰই কি কৈছে? অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল।
4. কৰ্মকাৰীৰ বেচ অনুগ্ৰহৰ পৰা বুলি গণিত নহয়, কিন্তু সেয়া পাবলগীয়া বুলিহে গণিত হয়।
5. কিন্তু যি জন কৰ্মকাৰী নহয় কিন্তু অধাৰ্মিক সকলক ধাৰ্মিক বুলি গণিত কৰা জনক বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে প্ৰমাণিত হয়।
6. এইদৰে দায়ুদেও কৈছিল, ‘সেই ব্যক্তি ধন্য যি ব্যক্তিৰ ধাৰ্মিকতা ঈশ্বৰে গণনা কৰে কিন্তু তেওঁৰ কৰ্মৰ দ্বাৰা নহয়’,
7. এই বিষয়ে কোৱা আছে, বোলে- “যি সকলৰ অধৰ্ম ক্ষমা কৰা হ’ল, আৰু যি সকলৰ পাপ ঢকা হ’ল, তেওঁলোক ধন্য;
8. যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব, তেওঁ ধন্য।”
9. তেনেহলে সেই ধন্যবাদ কেৱল চুন্নৎ হোৱা সকললৈ নে, নে কেৱল অচুন্নৎ সকললৈ হয়? কিয়নো আমি কওঁ, “অব্ৰাহামৰ বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল;”
10. তেনেহলে কি ধৰণে গণিত হ’ল? তেওঁ চুন্নৎ হোৱা অৱস্থাত, নে চুন্নৎ নোহোৱা অৱস্থাত? চুন্নৎ হোৱা অৱস্থাত নহয় কিন্তু চুন্নৎ নোহোৱা অৱস্থাতহে গণিত হ’ল।
11. চুন্নৎ নোহোৱা অৱস্থাত অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল, তাৰ ছাব স্বৰূপে তেওঁ সেই চুন্নতৰূপ চিন পাইছিল, যাতে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁলোকলৈ গণিত হয়;
12. আৰু যাতে তেওঁ কেৱল চুন্নৎ হোৱা সকলৰ পিতৃ নহয় কিন্তু আমাৰ পিতৃ অব্ৰাহামৰ অচুন্নৎ অৱস্থাত যি বিশ্ৱাস আছিল, সেই লোক সকলেও যদি অব্ৰাহামৰ বিশ্বাসৰ পথত চলে তেনেহলে তেওঁলোকো অব্ৰাহামৰ সন্তান৷
13. কিয়নো সেই প্ৰতিজ্ঞা অব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে, তেওঁ জগতৰ উত্তৰাধিকাৰী হ’ব, সেয়ে বিধানৰ দ্বাৰাই নহয়, কিন্তু তেওঁৰ বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল৷
14. কিয়নো বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকল যদি উত্তৰাধিকাৰী হয়, তেনেহলে বিশ্বাস ব্যৰ্থ হ’ল আৰু সেই প্ৰতিজ্ঞাও বিফল হ’ল;
15. কিয়নো বিধানে ক্ৰোধ সাধন কৰায়; কিন্তু য’ত বিধান নাই, তাত উলঙ্ঘনো নাই।
16. এই কাৰণে বংশবোৰৰ সেই প্ৰতিজ্ঞাৰ নিশ্চিত উত্তৰাধিকাৰী হবলৈ তেওঁলোকৰ উত্তৰাধীকাৰ বিশ্ৱাসৰ দ্ৱাৰাই অনুগ্ৰহেৰেহে হব লাগিব; আৰু কেৱল বংশবোৰৰ বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেই নহয় কিন্তু অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেও সেই প্ৰতিজ্ঞাৰ অন্তর্ভুক্ত হব; যি অব্ৰাহাম আমাৰ সকলোৰে পিতৃ
17. আৰু যি দৰে লিখা আছে, মই তোমাক অনেক জাতিৰ আদিপিতৃ পাতিলো ৷ আব্ৰাহামে ঈশ্ৱৰত বিশ্ৱাস ৰাখি, তেওঁৰ সাক্ষাতে আছিল, কিয়নো তেওঁ বিশ্বাস কৰা ঈশ্ৱৰে মৃত লোকক জীৱন দান কৰে আৰু জড়ক জীৱলৈ সম্বোধন কৰে৷
18. “আৰু তোমাৰ বংশ এইদৰে হ’ব,” এই বাক্য অনুসাৰে অনেক জাতিৰ পিতৃ হ’বলৈ, আশা নোহোৱাতো, তেওঁ ঈশ্ৱৰত আশা ৰাখি বিশ্বাস কৰিলে;
19. আৰু বিশ্বাসত দূৰ্বল নহৈ, নিজৰ প্ৰায় এশ বছৰ বয়সৰ শৰীৰক আৰু চাৰাৰ গর্ভক মৰাৰ নিচিনা অৱস্থাৰূপে মন কৰিছিল যদিও,
20. ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰা নাছিল; কিন্তু ঈশ্ৱৰে যি প্ৰতিজ্ঞা কৰিছিল, সেই মহিমাময় প্ৰতিজ্ঞাৰ বাবে ঈশ্বৰক ধন্যবাদ দি, বিশ্বাসত বলৱান হ’ল।
21. ঈশ্ৱৰে তেওঁক যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা সম্পূর্ণভাৱে সিদ্ধ কৰিব পাৰে বুলি তেওঁ জানিছিল৷
22. এই কাৰণে সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল।
23. তেওঁলৈ গণিত হ’ল বুলি যে, কেৱল তেওঁৰ উপকাৰৰ বিষয়ে লিখা হ’ল, এনে নহয়;
24. কিন্তু আমাৰ বাবেও লিখা হ’ল আৰু আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনক বিশ্বাস কৰা যি আমি, আমালৈকো গণিত হ’ব।
25. সেই যীচু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ’ল; আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ’ল।