A A A A A

যোব 21:1-34
1. তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
2. তোমালোকে মন দি মোৰ কথা শুনা; আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক।
3. অলপ সহন কৰা, ময়ো কওঁ; মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা।
4. মই লোকৰ নামত অভিযোগ কৰিম নে? মই কিয় অসহিষ্ণু নহম?
5. তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা, আৰু নিজৰ মুখত হাত দিছা।
6. যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো, তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।
7. দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
8. সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে; সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।
9. সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে, আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।
10. সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়; সিহঁতৰ গাই জগে, বিনচ নকৰে।
11. সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে; আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে।
12. সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়, আৰু বাঁহীৰ শব্দত উল্লাস কৰে।
13. সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছত এক নিমিষতে চিয়োললৈ নামি যায়।
14. তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা; কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।
15. সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম? আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব?
16. চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়; দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক।
17. দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?
18. কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?
19. তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”। সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।
20. তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।
21. কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?
22. যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে, এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?
23. সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম, কোনোৱে সম্পূৰ্ণ বলত মৰে।
24. তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।
25. আন কোনোৱে মনত তিতা লাগি মৰে; সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।
26. সিহঁত দুয়ো একেলগে ধুলিত শোৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে।
27. চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ; আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।
28. কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?
29. তোমালোকে পথিকবিলাকক সোধা নাই নে?
30. দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
31. তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব? আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব?
32. তথাপি তাক মৈদামলৈ নিয়া হ’ব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।
33. আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব; যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।
34. তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা! তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”

যোব 22:1-30
1. তেতিয়া তৈমনীয়া ইলীফজে পুনৰায় উত্তৰ কৰি ক’লে,
2. মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে? বাস্তৱিক জ্ঞানী মানুহ নিজৰেইহে উপকাৰী হয়।
3. তুমি ধাৰ্মিক হলে সৰ্ব্বশক্তিমান জনাৰ কিবা হিত হব নে? তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব?
4. তেওঁলৈ তোমাৰ কি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে? তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব?
5. তোমাৰ দুষ্টতা অধিক নহয় নে? তোমাৰ অপৰাধ অসীম নহয় নে?
6. কিয়নো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল’লা, আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল’লা।
7. তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা, আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা।
8. কিন্তু দেশখন পৰাক্ৰমী জনাৰেই আছিল; আৰু মৰ্য্যদাৱান জনাই তাত বাস কৰিছিল।
9. তুমি বিধৱাসকলক শুদা হাতে বিদায় দিলা; আৰু পিতৃহীনসকলৰ বাহু ভঙা হ’ল।
10. এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে; আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে।
11. তুমি আন্ধাৰ দেখা নাই নে? তোমাক তল নিওঁতা ঢল-পানী জানো দেখা নোপোৱা?
12. ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাই নে? সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে?
13. তুমি কৈছা, “ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে?
14. ঘন মেঘে আঁৰ কৰি ধৰাত, তেওঁ দেখিবলৈ নাপায়, কেৱল আকাশ-মণ্ডল ফুৰি থাকে।”
15. তুমি পুৰণি পথকে ধৰি থাকিবা নে, যি পথেৰে দুৰ্জনবোৰে খোজকাঢ়ে -
16. সিহঁতক অকালতে ধৰি নিয়া হৈছিল; আৰু সিহঁতৰ ভিত্তিমূল বান-পানীয়ে উটাই নিছিল।
17. সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;” আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে?”
18. তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যেৰে পৰিপূৰ্ণ কৰিছিল; কিন্তু দুষ্টবোৰৰ আলচ মোৰ পৰা দূৰত থাকে।
19. তাকে দেখি ধাৰ্মিকসকলে আনন্দ কৰে; আৰু নিৰ্দ্দোষী লোকে সিহঁতক খেঁজেলিয়াই,
20. আৰু কয়, “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হল; আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্রাস কৰিলে।”
21. এতিয়া তুমি তেৱেঁ সৈতে পৰিচয় কৰি শাস্তি লাভ কৰা; তাকে কৰিলে তোমাৰ মঙ্গল হব।
22. তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা, আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা।
23. যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা।
24. তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা, আৰু ওফীৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা;
25. তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব।
26. কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা, আৰু ঈশ্বৰলৈ মুখ তুলিবা।
27. তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব; তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব।
28. তুমি কোনো বিষয় মনত স্থিৰ কৰিলে, সেয়ে তোমালৈ সিদ্ধ হ’ব; আৰু তোমাৰ পথত পোহৰ পৰিব।
29. বিপদৰ কালত তুমি কবা, উন্নতি হব; আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব।
30. তেওঁ নিৰ্দ্দোষী নোহোৱা জনকো উদ্ধাৰ কৰিব; এনে কি, সি তোমাৰ হাতৰ যোগেদি পবিত্ৰতাৰ উদ্ধাৰ পাব।”

সামসঙ্গীত 96:1-6
1. তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা।
2. যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা।
3. বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।
4. কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক।
5. কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র, কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা।
6. মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান।

প্রবচন 23:6-8
6. তোমাৰ আহাৰলৈ কোনো লোকে বহু সময় চাই থাকিলে, পাপী মানুহৰ আহাৰ ভোজন নকৰিবা, আৰু তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা;
7. কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। তেওঁ তোমাক কয়, “ভোজন-পান কৰা!” কিন্তু তেওঁৰ হৃদয় তোমাৰ সৈতে নাথাকে।
8. তুমি যি অলপ খাইছা, সেয়াও বমি কৰিবা, আৰু তোমাৰ অভিনন্দন বৃথা হ’ব।

ৰোমীয়া 14:1-23
1. যি জন বিশ্বাসত দূৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।
2. কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দূৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়।
3. যি জন লোকে সকলো খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায়, তেওঁ খোৱা জনৰ বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে।
4. অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।
5. কোনো এজনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে; আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে, কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্ৱাসত দৃঢ় কৰি ৰাখক।
6. যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক।
7. কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকো আৰু কোনেও নিজৰ কাৰণে নমৰো।
8. কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।
9. কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হ’বলৈ, খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল।
10. কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।
11. কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে কৈছে, “মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব, আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।”
12. এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব।
13. এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
14. স্বভাৱতে কোনো বস্তু যে অশুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ; কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়।
15. কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয়, তেনেহলে আপুনি প্ৰেম আচৰণ কৰা নহ’ল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব।
16. এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব;
17. কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
18. কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষাসিদ্ধ।
19. এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।
20. খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু শুচি; তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ।
21. মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত।
22. আপোনাৰ যি নির্দিষ্ট বিশ্বাসবোৰ আছে, সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক। যি জনে যি বিষয়ক যোগ্য জ্ঞান কৰে, সেই বিষয়ত নিজৰ বিচাৰ নকৰা জন ধন্য।
23. কিন্তু সংশয় কৰা জনে যদি খায়, তেনেহলে তেওঁক দোষী কৰা হ’ল; কিয়নো সেয়ে বিশ্বাসমূলক নহয়; আৰু যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ।