A A A A A

এস্থার 3:1-15
1. এই ঘটনাৰ পাছত, ৰজা অহচবেৰোচে অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক উন্নত কৰি উচ্চ পদত প্রতিষ্ঠিত কৰিলে, আৰু তেওঁৰ লগত থকা সকলো কৰ্মচাৰীৰ ওপৰত তেওঁক ক্ষমতা দিলে।
2. ৰাজ-দুৱাৰত থকা ৰজাৰ দাস সকলে হামনৰ আগত আঠুকাঢ়ি প্ৰণিপাত কৰিছিল; কাৰণ ৰজাই তেওঁলোকক সেইদৰে কৰিবলৈ আজ্ঞা দিছিল। কিন্তু মৰ্দখয়ে আঠু নাকাঢ়িছিল আৰু প্ৰণিপাতো নকৰিছিল।
3. তাৰ পাছত ৰাজদুৱাৰত থকা ৰজাৰ দাস সকলে মৰ্দখয়ক ক’লে, “আপুনি কিয় ৰজাৰ আজ্ঞা পালন কৰা নাই?”
4. এইদৰে প্রতিদিনে তেওঁক কোৱাৰ পাছতো তেওঁ তেওঁলোকৰ দাবী মানিবলৈ অমান্তি হ’ল। তাতে তেওঁলোকে মৰ্দখয়ৰ কথা একেদৰে থাকিব নে নাই সেই কথা জানিবলৈ তেওঁলোকে হামনক এই বিষয়ত জনালে। কাৰণ মৰ্দখয় যে এজন যিহুদী লোক, সেই বিষয়ে তেওঁ তেওঁলোকক কৈছিল।
5. হামনে যেতিয়া দেখিলে যে, মৰ্দখয়ে তেওঁৰ আগত আঠু লোৱা নাই আৰু প্ৰণিপাতো কৰা নাই, তেতিয়া তেওঁ ক্ৰোধেৰে পৰিপূৰ্ণ হ’ল।
6. তেওঁ কেৱল মৰ্দখয়ক বধ কৰা কথাত অপমান বোধ কৰিলে। কাৰণ ৰজাৰ দাস সকলে মৰ্দখয় কোন লোক সকলৰ পৰা আহিছিল সেই কথা তেওঁক কৈছিল। সেয়ে হামনে ৰজা অহচবেৰোচৰ সমগ্র ৰাজ্যত থকা মৰ্দখয়ৰ যিহুদী লোকসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰিলে।
7. প্রথম মাহত (নীচান মাহত) ৰজা অহচবেৰোচ ৰাজত্বৰ দ্বাদশ বছৰত, হামনৰ আগত দ্বাদশ মাহলৈকে (অদৰ মাহত) ক্ৰম অনুসাৰে প্ৰতিদিনৰ আৰু প্ৰত্যেক মাহৰ বাবে পুৰ অৰ্থাৎ চিঠি খেলোৱা হ’ল।
8. তাৰ পাছত হামনে ৰজা অহচবেৰোচক ক’লে, “আপোনাৰ ৰাজ্যৰ সকলো প্ৰদেশৰ মাজত কিছুমান লোক ছিন্ন-ভিন্ন হৈ বিভিন্ন স্থানত আছে। তেওঁলোকৰ বিধি আন লোকসকলৰ পৰা পৃথক; আৰু তেওঁলোকে ৰজাৰ বিধি পালন নকৰে। সেয়ে তেওঁলোকক ৰজাই থাকিবলৈ দিয়া উচিত নহয়।
9. যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহলে তেওঁলোকক বধ কৰিবলৈ আদেশ দিয়া হওক; তাতে মই ৰাজ- ভঁৰালত ৰাখিবৰ অৰ্থে ৰজাৰ ব্যৱসায়ৰ তত্ত্বাৱধানত থকা ৰাজ-কৰ্মচাৰী সকলৰ হাতত দহ-হাজাৰ কিক্কৰ ৰূপ দিম।”
10. তেতিয়া ৰজাই নিজৰ হাতৰ পৰা মোহৰ মৰা আঙুঠি সোলাকাই যিহুদী সকলৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক দিলে।
11. ৰজাই হামনক ক’লে, “আপোনাক আৰু আপোনাৰ লোকসকলক যাতে ধন ঘূৰাই দিয়া হয়, সেই বিষয়ে মই লক্ষ্য কৰিম। আপুনি যি ইচ্ছা কৰে, এই ধনেৰে কৰিব পাৰিব।”
12. তাৰ পাছত প্ৰথম মাহৰ তেৰ দিনৰ দিনা ৰজাৰ লিখক সকলক মাতি পঠিওৱা হ’ল। সেই দিনা হামনে দিয়া আজ্ঞা অনুসাৰে যি সকল লোক সকলো প্রদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেশাধ্যক্ষ, আৰু সকলো লোকৰ কৰ্মচাৰী সকলক, প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ, আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ’ল।
13. একে দিনতে দ্বাদশ মাহৰ (অদৰ মাহত) তেৰ দিনৰ দিনা যুৱকৰ পৰা বৃদ্ধলৈকে, ল’ৰা-ছোৱালী আৰু মহিলাৰ সৈতে সকলো যিহুদী লোকক সংহাৰ, বধ, আৰু ধ্বংস কৰা হ’ব, আৰু তেওঁলোকৰ সম্পত্তি লুট কৰা হ’ব, এই বুলি লিখি পত্ৰখন ডাকোৱালৰ দ্বাৰাই ৰজাৰ সকলো প্ৰদেশলৈ পঠাই দিয়া হ’ল।
14. সেই দিনৰ বাবে সকলো লোক যেন যুগুত হয়, সেয়ে প্ৰত্যেক প্ৰদেশত হুকুম জাৰি কৰিবলৈ আৰু সকলো লোকৰ আগত প্রচাৰ কৰিবলৈ, সেই পত্রৰ নকল যুগুত কৰা হ’ল।
15. ৰজাৰ হুকুম মতে ডাকোৱাল সকল বেগাই ওলাই গ’ল, আৰু সেই পত্র বিলাই দিলে। সেই আজ্ঞা চুচন ৰাজপ্রসাদতো বিলোৱা হ’ল। তাৰ পাছত ৰজা আৰু হামনে দ্ৰাক্ষাৰস পান কৰিবলৈ বহিল, কিন্তু চুচন নগৰত হ’লে বিক্ষোভ হ’ল।

এস্থার 4:1-17
1. মৰ্দখয়ে এই সকলো ঘটনাৰ কথা জানিবলৈ পাই নিজৰ কাপোৰ ফালিলে, আৰু চট কাপোৰ পিন্ধি ছাঁই সানি নগৰৰ মাজলৈ গৈ বেদনাৰে চিঞৰি চিঞৰি কান্দিব ধৰিলে।
2. তেওঁ কেৱল ৰাজ দুৱাৰলৈকেহে গ’ল; কাৰণ চট কাপোৰ পিন্ধি কোনো এজনকো ৰাজদুৱাৰত সোমাব দিয়া হোৱা নাছিল।
3. প্ৰত্যেক প্ৰদেশৰ যিবোৰ ঠাইত ৰজাৰ সেই আদেশ আৰু আজ্ঞা পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত মহাশোক, লঘোন, ক্ৰন্দন আৰু বিলাপ হ’ল। তেওঁলোকৰ মাজৰ অনেক লোকে চট কাপোৰ পিন্ধি ছাঁইৰ ওপৰত শুই পৰিল।
4. ইষ্টেৰৰ আলপৈচান ধৰা যুৱতী আৰু তেওঁৰ নপুংসক দাস সকলে যেতিয়া তেওঁৰ ওচৰলৈ আহি সেই কথা ক’লে, তেতিয়া ৰাণীয়ে মনত অতিশয় বেজাৰ পালে। তেওঁ মৰ্দখয়ৰ বাবে কাপোৰ দি পঠিয়ালে (যাতে মৰ্দখয়ে চট কাপোৰ খুলি সেই কাপোৰ পিন্ধিব পাৰে) কিন্তু তেওঁ সেইবোৰ গ্রহণ নকৰিলে।
5. তেতিয়া ইষ্টেৰ তেওঁক পৰিচৰ্যা কৰিবলৈ ৰজাই নিযুক্ত কৰা হথাক নামৰ এজন ৰাজ-নপুংসকক মাতি পঠিয়ালে। তেওঁক মৰ্দখয়ৰ লগত কি ঘটিছিল আৰু তাৰ মানে কি সেই বিষয়ে জানিবলৈ তেওঁৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে।
6. সেয়ে হথাকে ৰাজদুৱাৰৰ সন্মুখৰ নগৰৰ চকলৈ গৈ মৰ্দখয়ক ল’গ ধৰিলে।
7. তেতিয়া মৰ্দখয়ে নিজৰ লগত যি ঘটিছিল, আৰু যিহুদী লোকসকলক বধ কৰিবলৈ হামনে যি পৰিমাণৰ ৰূপ ৰাজভঁৰালত দিবলৈ প্ৰতিজ্ঞা কৰিছে, সেই সকলো বিষয় তেওঁক ক’লে।
8. ইহুদী সকলৰ বিনাশৰ বাবে যি আজ্ঞা পত্ৰ চুচনত বিলোৱা হৈছিল, তাৰ এখন নকলো তেওঁক দিলে; যাতে সেই পত্রৰ নকল ইষ্টেৰক দেখুৱাব পাৰে আৰু সেই বিষয়ে তেওঁক জনাব পাৰে, যাতে ইষ্টেৰে এই বিষয়ে ৰজাৰ ওচৰলৈ গৈ তেওঁৰ আগত স্বজাতীয় লোকসকলৰ বাবে তেওঁলোকৰ হৈ মিনতি আৰু প্ৰাৰ্থনা কৰিব পাৰে, সেই বাবে তেওঁক ওপৰত দ্বায়ীত্ব দিবলৈ ক’লে।
9. সেয়ে হথাকে গৈ মৰ্দখয়ে তেওঁক যিবোৰ কথা ক’লে, সেই সকলো কথা ইষ্টেৰক জনালে।
10. তেতিয়া ইষ্টেৰে হথাকৰ লগত কথা পাতিলে। তেওঁক মৰ্দখয়ৰ ওচৰলৈ উভতি যাবলৈ কৈ,
11. ইষ্টেৰে হথাক ক’লে, “ৰজাৰ দাস সকল আৰু ৰজাৰ প্ৰদেশৰ সকলো লোকেই জানে যে, পুৰুষ বা মহিলাই হওক, ৰজাই নমতালৈকে যি কোনোৱে ৰজাক ল’গ ধৰিবলৈ ভিতৰৰ চোতাললৈ যায়, তেওঁৰ কাৰণে কেৱল এটাই বিধান আছে যে, তেওঁৰ অৱশ্যেই মৃত্যু দণ্ড হ’ব, কেৱল যি জনলৈ ৰজাই সোণাময় ৰাজদণ্ড ডালি মেলি দিয়ে, সেই জনেহে জীয়াই থাকিব পাৰে। আজি ত্ৰিশ দিন হ’ল, মই ৰজাৰ ওচৰলৈ যাবলৈ আদেশ পোৱা নাই।”
12. সেয়ে ইষ্টেৰৰ এই কথা হাথকে মৰ্দখয়ক জনালে।
13. তেতিয়া মৰ্দখয়ে ইষ্টেৰলৈ সেই বাৰ্তা পুনৰ ঘূৰাই পঠালে: “যিহুদী লোকসকলৰ মাজৰ তুমি ৰাজপ্রসাদত থকাৰ বাবে তুমি যে ৰক্ষা পাবা, তেনে নাভাবিবা।
14. যদি তুমি এই সময়ত নিজম দি থকা, তেনেহলে যিহুদী লোকসকলক সহায় আৰু উদ্ধাৰ কৰিবলৈ আন কোনো ঠাইৰ পৰা কোনো এজন আহিব; কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশ বিনষ্ট হ’ব। কোনে জানে এই বিপদৰ সময়ৰ বাবেই হয়তু তুমি ৰাণী পদ পাইছা?”
15. তেতিয়া ইষ্টেৰে মৰ্দখয়লৈ এই উত্তৰ দি পঠালে,
16. “আপুনি যাওক; আৰু চুচনত বাস কৰা সকলো যিহুদী লোকসকলক একগোট কৰক। অাপোনালোক মোৰ কাৰণে লঘোন দিয়ক। তিনি দিন তিনি ৰাতি একো পান নকৰিব নাইবা ভোজন নকৰিব। মই আৰু মোৰ যুৱতী দাস সকলেও সেই একেদৰে লঘোন দিম। তাৰ পাছত যদিও এই কাৰ্য নিয়মৰ বিৰুদ্ধে হয়, তথাপি মই ৰজাৰ ওচৰলৈ যাম। যদি বিনষ্ট হ’ব লাগে তেনেহ’লে মই হ’ম।”
17. মৰ্দখয়ে ইষ্টেৰে তেওঁক কোৱাৰ দৰে কৰিবলৈ গ’ল।

সামসঙ্গীত 89:46-52
46. হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
47. মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!
48. কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা)
49. হে যিহোৱা, তোমাৰ পূৰ্বকালৰ সেই অটল প্রেম ক’ত? সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা।
50. হে যিহোৱা, তোমাৰ দাসবোৰক কৰা অপমান সোঁৱৰণ কৰা; সোঁৱৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ; কেনেকৈ মই মোৰ বুকুত বহন কৰি আছোঁ।
51. হে যিহোৱা, তোমাৰ শত্রুবোৰে সেই অপমান কৰিছে, তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্রতি খোজক অপমান কৰিছে।
52. যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন।

প্রবচন 22:7-8
7. ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়।
8. যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব।

ৰোমীয়া 3:1-31
1. তেনেহ’লে ইহুদী সকলৰ এনে কি সুবিধা আছে, যি অন্য লোকৰ নাই? চুন্নতৰেই বা মূল্য কি?
2. সকলো ফালৰ পৰা ইহুদী সকলৰ বহুতো সুবিধা আছে; তাৰ মাজৰ গুৰুত্ৱপূর্ণ বিষয়টো হ’ল, ঈশ্ৱৰে তেওঁৰ শিক্ষা প্ৰথমে ইহুদী সকলকেই দিছিল৷
3. কাৰণ কোনো কোনো ইহুদী সকলে যদি অবিশ্বাস কৰে, তেতিয়া কি হ’ব? তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিব নে?
4. কোনো প্ৰকাৰে এনে নহব৷ সকলো মানুহ মিছলীয়া হ’লেও, ঈশ্বৰক সত্য বুলি মনা হওক; এই বিষয়ে লিখাও আছে, “তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হ’বা, আৰু সকলো বিচাৰত জয়ী হ’বা।”
5. কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে, তেনেহলে আমি কি ক’ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছোঁ৷
6. এনে যেন কেতিয়াও নহওক৷ কিয়নো তেতিয়া ঈশ্বৰে কেনেকৈ জগতৰ সোধ-বিচাৰ কৰিব?
7. কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে, তেনেহলে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সোধ-বিচাৰ কৰা হয়?
8. “ভালৰ অৰ্থে কুকৰ্ম কৰোঁহক,” এই কথাষাৰ আমি কৈছোঁ বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয়, তেনেকৈ আমিও কিয় নকওঁ? এনে কথা কোৱা সকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য।
9. তেনেহলে কি? আমি আনতকৈ উত্তম নে? কোনোমতে নহওঁ; কিয়নো আমি আগেয়ে দুয়ো ইহুদী আৰু গ্ৰীক সকলক এই দায় দিলোঁ যে তেওঁলোক সকলোৱেই পাপৰ অধীন৷
10. এই বিষয়ে লিখাও আছে, “ধাৰ্মিক কোনো নাই; এজনো নাই৷
11. বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷
12. সকলো অপথে গ’ল, একেবাৰে অকৰ্মন্য হ’ল; সদাচৰণকাৰী কোনো নাই, এজনো নাই।
13. সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা ৷ সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷ সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে ৷
14. সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ ৷
15. সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী ৷
16. সিহঁতৰ সকলো পথত বিনাশ আৰু দূৰ্দশা হয়৷
17. সিহঁতে শান্তিৰ পথ নাজানিলে৷
18. সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই ৷”
19. আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷
20. কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ’ব; কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে।
21. কিন্তু এতিয়া, যি বিষয়ত বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলে সাক্ষ্য দিলে, ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনাবিধানে প্ৰকাশিত কৰিছে;
22. ঈশ্বৰৰ সেই ধাৰ্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয়, কিয়নো ঈশ্ৱৰত কোনো প্ৰভেদ নাই৷
23. কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল,
24. কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ’ল।
25. কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্বাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ ধৈৰ্য-গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷
26. তেওঁ পুত্ৰ যীচুক দান কৰি আজিও দেখুৱাই যে, তেওঁ ন্যায়ৱান৷ ঈশ্বৰে এই কাৰ্য কৰিছে যাতে, তেওঁৰ ন্যায়পৰায়ণতা থাকে আৰু যদি কোনোৱে যীচুত বিশ্বাস কৰে, তেৱোঁ যেন ধাৰ্মিক ৰূপে প্ৰমাণিত হয়৷
27. তেনেহ’লে আত্ম-শ্লাঘা ক’ত? তাক দূৰ কৰা হ’ল। কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাই নে? নহয়; বিশ্বাসৰ বিধানেৰেহে।
28. এতেকে আমি সিদ্ধান্ত কৰিছোঁ যে, বিধানৰ কৰ্মৰ দ্বাৰা নহয়, বিশ্বাসেৰেহে মানুহ ধাৰ্মিক বুলি প্ৰমাণিত হয় ৷
29. ঈশ্বৰ অকল ইহুদী সকলৰ ঈশ্বৰ নে? তেওঁ অনা-ইহুদী সকলৰো ঈশ্ৱৰ নহয় জনো? অৱশ্যে, অনা-ইহুদী সকলৰো ঈশ্বৰ হয়৷
30. প্ৰকৃততে ঈশ্ৱৰ যদি এজন, চুন্নৎ হোৱা সকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নৎ সকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব।
31. তেনেহলে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে? এনে যেন কেতিয়াও নহওক; ইয়াৰ পৰিৱর্তে অামি বিধান স্থিৰহে কৰিছোঁ।