A A A A A

২ বংশাবলি 13:1-22
1. যাৰবিয়াম ৰজাৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়াই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷
2. তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম মীখায়া আছিল৷ তেখেত গিবিয়া নিবাসী উৰিয়েলৰ জীয়েক আছিল। সেই সময়ত অবিয়া আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
3. অবিয়াই যুদ্ধাৰু বীৰ পুৰুষ থকা সৈন্য সামন্তৰ চাৰি লাখ মনোনীত লোক লগত লৈ যুদ্ধ কৰিবলৈ গ’ল৷ যাৰবিয়ামে আঠ লাখ মনোনীত বলৱান বীৰপুৰুষ লগত লৈ তেওঁৰ বিৰুদ্ধে বেহু পাতিলে।
4. অবিয়াই ইফ্ৰয়িমৰ পৰ্বতীয়া অঞ্চলত থকা চমাৰয়িম পৰ্বতৰ ওপৰত থিয় হৈ ক’লে, “হে যাৰবিয়াম আৰু গোটেই ইস্ৰায়েল লোক, মোৰ কথা শুনা!
5. ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই যে ইস্ৰায়েলৰ ৰাজ্যভাৰ চিৰকাললৈকে দায়ূদক আৰু তেওঁৰ সন্তান সকলক পৰম্পৰাগত এটি নিয়মেৰে দিলে, সেই বিষয়ে জানো তোমালোকে নাজানা?
6. তথাপি দায়ূদৰ পুত্ৰ চলোমনৰ দাস নবাটৰ পুত্ৰ যাৰবিয়াম তেওঁৰ প্ৰভুৰ বিৰুদ্ধে উঠি বিদ্ৰোহী হ’ল;
7. আৰু কেতবোৰ পাষণ্ড ও অসাৰ চিত্তৰ লোকসকল তেওঁৰ ওচৰত গোট খালে৷ তেওঁলোকে চলোমনৰ পুত্ৰ ৰহবিয়ামৰ বিৰুদ্ধে নিজকে সবল কৰিলে; যেতিয়া ৰহবিয়াম ডেকা আৰু অনভিজ্ঞ হোৱাত তেওঁলোকৰ আগত নিজকে সবল কৰিব নোৱাৰিছিল।
8. আৰু এতিয়া তোমালোকে দায়ূদৰ সন্তান সকলৰ হাতত থকা যিহোৱাৰ ৰাজ্যৰ বিৰুদ্ধে নিজকে সবল কৰিব পাৰিম বুলি ভাবিছাহঁক৷ তোমালোক অতিশয় এক বৃহৎ সৈন্যৰ দল আৰু দেৱতা স্বৰূপে তোমালোকৰ বাবে যাৰবিয়ামে সজা সোণৰ দামুৰি কেইটা তোমালোকৰ লগত আছে।
9. তোমালোকে যিহোৱাৰ পুৰোহিত হাৰোণৰ সন্তান সকলক আৰু লেবীয়াসকলক খেদি দিয়া নাই জানো? অন্য দেশীয় জাতিবোৰৰ দৰে নিজৰ বাবে পুৰোহিত পাতি লোৱা নাই জানো? ইয়াতে যিজনে এটা দমৰা আৰু সাতোটা মেৰ লৈ নিজকে পুৰোহিত কৰাবলৈ আহে, তেওঁ সেই ঈশ্বৰ নোহোৱাবোৰৰ পুৰোহিত হ’ব পাৰে।
10. কিন্তু আমাৰ বাবে হ’লে যিহোৱাই আমাৰ ঈশ্বৰ আৰু আমি তেওঁক ত্যাগ কৰা নাই৷ আৰু যিহোৱাৰ পৰিচৰ্যা কৰোঁতা পুৰোহিত হাৰোণৰ সন্তান সকল, আৰু নিজ নিজ কামত লাগি থকা লেবীয়াসকল আমাৰ আছে৷
11. তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে প্ৰতি দিনে ৰাতিপুৱা আৰু সন্ধিয়া বেলা হোম-বলি উৎসৰ্গ কৰে আৰু সুগন্ধি ধূপ জ্বলায়৷ আৰু পবিত্ৰ মেজৰ ওপৰত যিহোৱাৰ আগত দিয়া পিঠা সজায় ৰাখে আৰু সন্ধিয়া বেলা জ্বলাবৰ বাবে প্ৰদীপবোৰৰ সৈতে সোণৰ দীপাধাৰ যুগুতাই থয়৷ কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰোঁ, কিন্তু তোমালোকে তেওঁক ত্যাগ কৰিলা।
12. আৰু চোৱা, ঈশ্বৰ আমাৰ সঙ্গী হৈ আমাৰ আগত যাওঁতা হৈছে; আৰু তেওঁৰ পুৰোহিতসকল তোমালোকৰ বিৰুদ্ধে মহাধ্বনি কৰা তেওঁলোকৰ তূৰীও আছে। হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, কিয়নো তেতিয়া তোমালোকে কৃতকাৰ্য্য নহ’বা৷
13. কিন্তু যাৰবিয়ামে তেওঁলোকক আক্ৰমণ কৰিবৰ অৰ্থে যুগুত হ’ল আৰু গুপুতে এদল সৈন্য তেওঁলোকৰ পাছ ফাললৈ ঘূৰাই পঠালে; তাতে এদল লোক যিহূদাৰ আগফালে আৰু সেই গুপুতে পঠোৱা দলটো তেওঁলোকৰ পাছফালে আছিল।
14. পাছত যিহূদাৰ লোকসকলে মুখ ঘূৰাই যেতিয়া তেওঁলোকৰ আগফালে আৰু পাছফালে যুদ্ধ হোৱা দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু পুৰোহিতসকলে তূৰী বজালে;
15. তেতিয়া যিহূদাৰ লোকসকলে সিংহনাদ কৰি উঠিল; যিহূদাৰ লোকসকলে এনে সিংহনাদ কৰোঁতে, ঈশ্বৰে অবিয়াৰ আৰু যিহূদাৰ আগত যাৰবিয়ামক আৰু গোটেই ইস্ৰায়েলক প্ৰহাৰ কৰিলে।
16. তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিহূদাৰ সন্মুখৰ পৰা পলাল অাৰু ঈশ্বৰে তেওঁলোকক যিহূদাৰ হাতত শোধাই দিলে।
17. অবিয়া আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ মাজত মহা সংহাৰেৰে সংহাৰ কৰিলে; তাতে ইস্ৰায়েলৰ মাজত পাঁচলাখ মনোনীত লোকৰ মৃত্যু হ’ল।
18. এইদৰে সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলক বশ কৰা হ’ল; যিহূদাৰ সন্তান সকল জয়ী হ’ল, কিয়নো তেওঁলোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত তেওঁলোকে ভাৰসা ৰাখিছিল।
19. পাছত অবিয়াই যাৰবিয়ামৰ পাছে পাছে খেদি গৈ, তেওঁৰ খনদিয়েক নগৰ অৰ্থাৎ বৈৎএল আৰু তাৰ উপনগৰ, যচানা আৰু তাৰ উপনগৰ আৰু ইফ্ৰোণ আৰু তাৰ উপনগৰবোৰ অধিকাৰ ল’লে।
20. অবিয়াৰ দিনত যাৰবিয়াম কেতিয়াও বলৱান হ’ব নোৱাৰিলে৷ পাছত যিহোৱাই তেওঁক প্ৰহাৰ কৰাত, তেওঁৰ মৃত্যু হ’ল।
21. কিন্তু অবিয়া বলৱান হৈ উঠিল; তেওঁ চৌদ্ধ গৰাকী মহিলা বিয়া কৰালে৷ তেওঁৰ ঔৰসত বাইশজন পুতেক আৰু ষোল্লজনী জীয়েক জন্ম লৈছিল।
22. অবিয়াৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ কাৰ্য আৰু তেওঁ কোৱা কথা ইদ্দো ভাববাদীৰ টীকা শাস্ত্ৰখনত লিখা আছে।

২ বংশাবলি 14:1-15
1. পাছত অবিয়া তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ূদৰ নগৰত তেওঁক মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল। এওঁৰ ৰাজত্বৰ কালত দহ বছৰলৈকে দেশ সুস্থিৰে আছিল৷
2. আচাই ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল আৰু ন্যায়, তাকে কৰিছিল।
3. কিয়নো তেওঁ পৰজাতীয় যজ্ঞবেদী আৰু ওখ ঠাইবোৰ আতৰাই পেলাইছিল, স্তম্ভবোৰ ভাঙি পেলাইছিল আৰু আচেৰা মুৰ্ত্তিবোৰ খণ্ড-বিখণ্ড কৰি কাটিছিল৷
4. তেওঁ যিহূদাক তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক পাবৰ বাবে ব্যৱস্থা আৰু আজ্ঞাবোৰ পালন কৰিবলৈ আদেশ দিছিল।
5. আনকি তেওঁ যিহূদাৰ সকলো নগৰৰ পৰা ওখ ঠাই আৰু সূৰ্যৰ প্ৰতিমাবোৰো আতৰাই পেলাইছিল৷ আৰু তেওঁৰ ৰাজ্য সুস্থিৰে আছিল।
6. পাছত তেওঁ যিহূদাত গড়েৰে আবৃত কৰি কেইবাখনো নগৰ সুসজ্জিত কৰি সাজিছিল৷ কিয়নো যিহোৱাই তেওঁৰ ওপৰত শান্তি প্ৰদান কৰা বাবে দেশ সুস্থিৰে আছিল আৰু সেই সময়ত কেইবা বছৰলৈকে কাৰো লগত তেওঁৰ যুদ্ধ হোৱা নাছিল।
7. কাৰণ আচাই যিহূদাক কৈছিল, “আহা, আমি এই নগৰ কেইখন সুসজ্জিত কৰোঁহক আৰু এইবোৰৰ চাৰিওফালে গড় আৰু কোঁঠ সাজোঁ, দুৱাৰ আৰু ডাং দিওঁ; দেশখন এতিয়ালৈকে আমাৰেই হৈ আছে, কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাক বিচাৰিলোঁ৷ আমি তেওঁক বিচৰিলোঁ আৰু তেওঁ সকলো ফালৰ পৰা আমাৰ ওপৰত শান্তি প্ৰদান কৰিলে।” এইদৰে তেওঁলোকে সেইবোৰ নগৰ সাজিলে আৰু কৃতকাৰ্য্যও হ’ল।
8. আচা’ৰ ঢাল আৰু যাঠী ধৰা সৈন্য সমূহ হ’ল, যিহূদাৰ তিনি লাখ আৰু বিন্যামীনৰ ঢাল আৰু ধনু ধৰা দুই লাখ আশী হাজাৰ সৈন্য আছিল৷ এওঁলোক সকলো পৰাক্ৰমী বীৰপুৰুষ আছিল।
9. পাছত কুচদেশীয় জেৰহে দহ লাখ সৈন্য আৰু তিনিশ ৰথ লগত লৈ, তেওঁলোকৰ বিৰুদ্ধে যাত্ৰা কৰি মাৰেচা পালেহি।
10. তেতিয়া আচা’ই তেওঁৰ বিৰুদ্ধে যাত্ৰা কৰি তেওঁলোকে মাৰেচাৰ ওপৰৰ চফাতা উপত্যকাত বেহু পাতিলে।
11. তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
12. তেতিয়া যিহোৱাই আচাৰ আৰু যিহূদাৰ আগত কুচীয়াসকলক ঘটোৱাত, কুচিয়াসকল পলাল।
13. তাতে আচা আৰু তেওঁৰ লগৰ সৈন্যসকলে গৰাৰলৈকে সিহঁতৰ পাছে পাছে খেদি গ’ল৷ গতিকে কুচীয়াসকলৰ অনেক লোক ইমানকৈ মৰা পৰিল যে, সিহঁতে পুনৰায় সবল হ’ব নোৱাৰিলে, কাৰণ যিহোৱা আৰু তেওঁৰ সৈন্যসামন্তৰ আগত সিহঁত বিনষ্ট হ’ল; আৰু লোকসকলে অধিক অধিক লুটদ্ৰব্য নিলে।
14. তেওঁলোকে গৰাৰৰ চাৰিওফালে থকা আটাইবোৰ নগৰ ধ্বংস কৰি জয় কৰি ল’লে, কিয়নো যিহোৱাৰ ত্ৰাস তেওঁলোকৰ ওপৰলৈ আহিল৷ আৰু তেওঁলোকে আটাইবোৰ নগৰ লুট কৰিলে, কাৰণ সেইবোৰত অনেক লুট দ্ৰব্য আছিল।
15. আৰু তেওঁলোকে তম্বু-নিবাসীসকলক প্ৰহাৰ কৰি বহুত মেৰ, ছাগলী আৰু উট লৈ, যিৰূচালেমলৈ উলটি আহিল।

সামসঙ্গীত 81:1-5
1. আমাৰ বল স্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
2. গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা; নেবলেৰে সৈতে মধুৰ বীণা বজোৱা।
3. ন-জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।
4. কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা।
5. যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল, তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে। মই আগেয়ে নজনা এনে এটি মাত শুনিলো:

প্রবচন 20:22-23
22. এইদৰে নকবা, “মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম!” যিহোৱালৈ অপেক্ষা কৰা, তেওঁ তোমাক উদ্ধাৰ কৰিব।
23. যিহোৱাই অসমান ওজন ঘিণ কৰে, ফাঁকি তুলাচনী ভাল নহয়।

পাঁচনি 15:22-41
22. তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।
23. তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।
24. আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
25. সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ।
26. পৌল আৰু বার্ণব্বাই আমাৰ প্রভু যীচু খ্রীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে;
27. এই কাৰণে আমি যিহূদা আৰু চীলক পঠালোঁ। তেওঁলোকে আপোনালোকক একেবোৰ কথাকে কব।
28. কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:
29. আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
30. পৌল, বার্ণব্বা আৰু সেই লোক সকলক পঠাই দিয়াৰ পাছত তেওঁলোক আন্তিয়খিয়ালৈ গ’ল। তাতে তেওঁলোকে লোক সকলক একত্রিত কৰি চিঠি খন দিলে।
31. পাছত লোক সকলে চিঠি খন পঢ়ি উৎসাহিত হৈ আনন্দ কৰিবলৈ ধৰিলে।
32. যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।
33. এইদৰে যিহূদা আৰু চীল কিছুদিন তাত থকাৰ পাছত, তেওঁলোকক পঠোৱা লোক সকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাই সকলৰ পৰা কুশলে বিদায় ললে।
34. ***
35. কিন্তু পৌল আৰু বার্ণব্বা আন্তিয়খিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্রভুৰ বাক্যৰ পৰা উপদেশ দি প্রচাৰ কৰিবলৈ ধৰিলে।
36. কিছুদিনৰ পাছত পৌলে বার্ণব্বাক ক’লে, “বলা, যিবোৰ নগৰত আমি প্রভুৰ বাক্য ঘোষণা কৰিছিলোঁ, সেই ঠাইবোৰলৈ আমি এতিয়া উভটি যাওঁ আৰু ভাই সকলক দেখা কৰোঁ; তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ।”
37. তেতিয়া বার্ণব্বাই তেওঁলোকৰ লগত যোহনকো নিবলৈ ইচ্ছা কৰিলে। এই যোহনক মাৰ্ক বুলিও মতা হয়।
38. কিন্তু পৌলে ভাৱিলে, মাৰ্কক লগত নিয়াটো ভাল নহ’ব, কাৰণ পাম্ফুলিয়াত মার্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল। পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ’ল।
39. তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ’ল। পাছত পৰস্পৰে পৃথক হৈ গ’ল। বার্ণব্বাই মাৰ্কক লগত লৈ জাহাজেৰে কুপ্ৰ দ্বীপলৈ যাত্রা কৰিলে।
40. কিন্তু পৌলে চীলক মনোনীত কৰিলে আৰু ভাই সকলে তেওঁক প্রভুৰ অনুগ্রহৰ হাতত তুলি দিলে। পাছত তেওঁলোক তাৰ পৰা ওলাই গ’ল।
41. পৌলে চিৰিয়া আৰু কিলিকিয়া দেশৰ মাজেদি গৈ মণ্ডলী সমূহক অধিক শক্তিশালী কৰিলে।