A A A A A
एक साल में बाइबल
जुलाई 7

২ বংশাবলি 9:1-30
1. পাছত যেতিয়া চিবা দেশৰ ৰাণীয়ে চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেখেতে নিগূঢ় বাক্যৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰিবলৈ যিৰূচালেমলৈ আহিল৷ সুগন্ধি দ্ৰব্য, অধিক সোণ আৰু বহুমূল্য বাখৰ বোজাই দিয়া অনেক উট আৰু অতিশয় অধিক লোকে সৈতে আহিল৷ যেতিয়া তেখেতে চলোমনৰ ওচৰলৈ আহিল, তেখেতৰ মনত যি যি আছিল, সকলোকে তেওঁক ক’লে।
2. তাতে চলোমনে তেখেতৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে; চলোমনে বুজিব নোৱাৰা একোৱেই নাছিল; তেওঁ উত্তৰ দিব নোৱাৰা কোনো এটা প্ৰশ্ন নাছিল৷
3. এইদৰে চিবাৰ ৰাণীয়ে চলোমনৰ জ্ঞান আৰু তেওঁ নিৰ্ম্মাণ কৰা গৃহ দেখিলে,
4. আৰু তেওঁৰ মেজৰ আহাৰ, মন্ত্ৰীসকলৰ বহা আসন, পৰিচাৰকসকলৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ সাজ-পোচাক, তেওঁৰ পান-পাত্ৰ ধৰা লোকসকল আৰু তেওঁলোকৰ সাজ-পোচাক আৰু যিহোৱাৰ গৃহলৈ তেওঁ উঠা খটখটী, এই সকলোকে দেখি, তেখেত বিচূৰ্ত্তি হ’ল।
5. তেখেতে ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিছিলোঁ, সেয়ে সঁচা আছিল।
6. কিন্তু মই আহি যেতিয়ালৈকে নিজ চকুৰে নেদেখিলোঁ, তেতিয়ালৈকে মই সেই কথাত বিশ্বাস কৰা নাছিলোঁ৷ চাওঁক, আপোনাৰ জ্ঞান আৰু ধনৰ মহত্ত্বৰ আধাও মোক কোৱা নাছিল; মই যি কথা শুনিছিলোঁ, তাতকৈ আপোনাৰ গুণ আধিক আছে।
7. আপোনাৰ লোকসকল কেনে ধন্য আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক ধন্য।
8. আপোনাৰ ঈশ্বৰ যিহোৱা ধন্য, আপোনাৰ ঈশ্বৰ যিহোৱাৰ বাবে ৰজা পাতিবলৈ, তেওঁ আপোনাৰ দৰে এজনক তেওঁৰ সিংহাসনত বহুৱাই নিশ্চয়ে সন্তুষ্ট। কিয়নো আপোনাৰ ঈশ্বৰে ইস্ৰায়েলক প্ৰেম কৰে, তেওঁলোকক নিৰ্দেশত সদাকালৰ বাবে ন্যায় আৰু ধাৰ্মিকতাৰে প্ৰতিস্থিত কৰিবলৈ তেওঁ আপোনাক তেওঁলোকৰ ওপৰত ৰজা পাতিলে।”
9. তেখেতে ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য, আৰু বহুমূল্য বাখৰ দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক দিয়া সুগন্ধি দ্ৰব্যৰ দৰে সুগন্ধি দ্ৰব্য তেওঁক আন কোনেও দিয়া নাছিল।
10. হীৰম আৰু চলোমনৰ যি দাসবোৰে ওফীৰৰ পৰা সোণ আনিছিল, তেওঁলোকে অলগূম কাঠ আৰু বহুমূল্য বাখৰো আনিছিল।
11. ৰজাই সেই অলগূম কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে জখলাবোৰ আৰু গায়কসকলৰ বাবে বীণা আৰু নেবল সজালে৷ তেনেকুৱা কাঠ আগেয়ে যিহূদা দেশত কোনেও কেতিয়াও দেখা নাছিল।
12. পাছত চিবাৰ ৰাণীয়ে ৰজালৈ অনা বস্তুৰ সলনি ৰজাই যি বস্তু দিলে, তাৰ বাহিৰে চিবাৰ ৰাণীয়ে বিচৰা দৰে, তেওঁৰ সকলো মনৰ বাঞ্ছা তেওঁ পূৰ কৰিলে। পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ উলটি গ’ল।
13. এবছৰৰ ভিতৰত ছশ ছয়ষষ্ঠি কিক্কৰ সোণ চলোমনলৈ আহিল,
14. সেয়াও বেপাৰী আৰু বণিসকলে অনা সোণৰ বাহিৰে৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমন ৰজালৈ সোণ আৰু ৰূপ আনিলে।
15. আৰু চলোমন ৰজাই সোণ পিটাই দুশ ঢাল কৰিলে৷ সোণ পিটাই কৰা প্ৰত্যেক ঢালত ছশ চেকল সোণ খৰচ হৈছিল৷
16. আৰু সোণ পিটাই তিনিশ ঢাল যুগুত কৰিলে৷ তাৰ প্ৰত্যেক ঢালত তিনিশ চেকল সোণ খৰচ হৈছিল; ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিলে।
17. ইয়াৰ বাহিৰে ৰজাই হাতী-দাঁতৰ এখন ডাঙৰ সিংহাসন সজাই তাৰ ওপৰত শুদ্ধ সোণৰ পতা মাৰিলে।
18. সেই সিংহাসনৰ ছখপিয়া খটখটি আছিল আৰু সিংহাসনত লগোৱা সোণৰ এখন ভৰি-পীৰা আছিল আৰু বহা ঠাইৰ দুয়োফালে দুখন হাত আছিল৷ সেই হাতৰ ওচৰত দুটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল।
19. আৰু সেই ছয় খাপৰ ওপৰত দুই মুৰে বাৰটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল। এনেকুৱা সিংহাসন আন কোনো ৰাজ্যত সজা নাছিল।
20. চলোমন ৰজাৰ সকলো পান-পাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ কাঠনিৰ গৃহৰ সকলো পাত্ৰ শুদ্ধ সোণৰ আছিল; চলোমনৰ ৰাজত্বৰ কালত ৰূপ একোৰো মাজত গণ্য নাছিল।
21. কিয়নো হীৰমৰ দাসবোৰে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।
22. এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত চলোমন ৰজা পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান হ’ল।
23. ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সকলো ৰজাই তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল।
24. আৰু প্ৰতিজনে নিজ নিজ উপহাৰ, ৰূপৰ আৰু সোণৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ এইবোৰ লৈ প্ৰতি বছৰে বছৰে আহিছিল।
25. ঘোঁৰা আৰু ৰথৰ বাবে চলোমনৰ চাৰিহাজাৰ ঘোঁৰাশাল আছিল আৰু তেওঁৰ বাৰ হাজাৰ অশ্বাৰোহী আছিল, আৰু এওঁলোকক তেওঁ নানা ৰথ-নগৰত আৰু ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
26. আৰু ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰৰ সীমালৈকে সকলো ৰজাসকলৰ ওপৰত তেওঁ শাসন কৰিছিল।
27. ৰজাই যিৰূচালেমত ৰূপক মাটিত থকা শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
28. মিচৰৰ পৰা আৰু আন সকলো দেশৰ পৰা চলোমনৰ বাবে ঘোঁৰা অনা হৈছিল।
29. চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?
30. এইদৰে চলোমনে যিৰূচালেমত থাকি সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিলে।

২ বংশাবলি 10:1-19
1. পাছত ৰহবিয়াম চিখিমলৈ গ’ল; কিয়নো তেওঁক ৰজা পাতিবলৈ গোটেই ইস্ৰায়েল চিখিমলৈ গৈছিল।
2. এনেতে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাৰ্ত্তা পালে, কিয়নো তেওঁ মিচৰত আছিল, চলোমন ৰজাৰ ভয়ত তেওঁ মিচৰলৈ পলাই গৈছিল; তাৰ পাছত তেওঁ মিচৰৰ পৰা উলটি আহিল৷
3. কিয়নো লোকসকলে মানুহ পঠিয়াই তেওঁক মতাই আনিছিল; তাৰ পাছত যাৰবিয়াম আৰু গোটেই ইস্ৰায়েলে আহি ৰহবিয়ামক এই কথা ক’লে,
4. “আপোনাৰ পিতৃয়ে আমাৰ ওপৰত সহিব নোৱাৰা যুৱলি দি গ’ল৷ এই হেতুকে আপোনাৰ পিতৃয়ে আমাক যি সহিব নোৱাৰা দাস্যকৰ্মত লগাই দি গধুৰ যুৱলি দি গ’ল, আপুনি তাৰ কিছু লঘূ কৰক, তেতিয়া আমি আপোনাৰ দাস হৈ থাকিম।”
5. তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনৰ পাছত তোমালোকে আকৌ মোৰ ওচৰলৈ আহিবা।” তেতিয়া লোকসকল গুচি গ’ল।
6. পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীৱিত থকা কালত যি বৃদ্ধসকল তেওঁৰ আগত থিয় দি আছিল তেওঁলোকৰ লগত মন্ত্ৰণা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ তোমালোকে কি পৰামৰ্শ দিয়া?”
7. তেওঁলোকে তেওঁক ক’লে, “আপুনি যদি সেই লোকসকললৈ মৰমীয়াল হৈ তেওঁলোকক সন্তুষ্ট কৰে আৰু তেওঁলোকক ভাল কথা কয়, তেন্তে তেওঁলোক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব।”
8. কিন্তু ৰহবিয়ামক বৃদ্ধসকলে দিয়া পৰামৰ্শ অৱজ্ঞা কৰি, যিসকল তেওঁৰে লগত একে সমানে ডাঙৰ-দীঘল হোৱা ডেকাসকল তেওঁৰ আগত থিয় দি আছিল, তেওঁলোকৰ সৈতে মন্ত্ৰণা কৰিলে।
9. তেওঁ তেওঁলোকক ক’লে, “মোৰ আগত কোৱা সেই লোকসকলক আমি উত্তৰ দিবৰ বাবে তোমালোকে কি পৰামৰ্শ দিবা, সেই লোকসকলে মোক এইদৰে ক’লে, বোলে, ‘আপোনাৰ পিতৃয়ে আমাৰ ওপৰত যি যুৱলি দি গ’ল, তাৰ কিছু লঘূ কৰক’?”
10. তেওঁৰ একে সমানে ডাঙৰ-দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে আমাৰ ওপৰত গধুৰ যুৱলি দি গ’ল কিন্তু আপুনি তাৰ কিছু লঘূ কৰক বুলি আপোনাৰ আগত কোৱা লোকসকলক সেই কথা কওঁক, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
11. এই হেতুকে শুনা, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধূৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধূৰ কৰিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম’, এইদৰেই আপুনি তেওঁলোকক কওক৷”
12. পাছত “তৃতীয়দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
13. তাতে ৰজাই তেওঁলোকক টান টান কথাৰে উত্তৰ দিলে; ৰহবিয়াম ৰজাই বৃদ্ধসকলৰ পৰামৰ্শ অৱজ্ঞা কৰিলে৷
14. সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক তেওঁ এই কথা কলে, “মোৰ পিতৃয়ে তোমালোকক দিয়া যুৱলি তাতোকৈ অধিক গধুৰ কৰিম; ইয়াত মই পুনৰ যোগ দিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম।”
15. এইদৰে ৰজাই লোকসকলৰ কথা নুশুনিলে; কিয়নো চীলোনীয়া অহীয়াৰ দ্বাৰাই দিয়া নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে ঈশ্বৰৰ পৰাহে এই ঘটনা ঘটিল।
16. যেতিয়া ইস্ৰায়েলৰ লোকসকলে দেখিলে যে, ৰজাই তেওঁলোকৰ কথা শুনা নাই তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দিলে আৰু ক’লে, “দায়ূদৰ ওচৰত আমাৰ কি অংশ আছে? যিচয়ৰ পুত্ৰৰ ওচৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল, তোমালোকে নিজ নিজ তম্বুলৈ যোৱা৷ হে দায়ুদ, তুমি এতিয়া নিজ বংশলৈ চোৱা।” এইদৰে সমুদায় ইস্ৰায়েল নিজ নিজ তম্বুলৈ পুনৰ উভতি গ’ল।
17. কিন্তু যিহূদাৰ নগৰবোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত হ’লে ৰহবিয়ামে ৰাজত্ব কৰি থাকিল।
18. পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাসকলৰ অধ্যক্ষ হদোৰামক পঠিয়াওতে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলৈ এনেদৰে শিল দলিয়ালে যে, যাৰ ফলত তেওঁ তাতে মৰিল৷ ৰজা ৰহবিয়ামে নিজৰ ৰথত উঠি বেগাবেগীকৈ যিৰূচালেমলৈ পলাই গ’ল।
19. এইদৰে ইস্ৰায়েলে দায়ূদৰ বংশৰ বিৰুদ্ধে আজিলৈকে সেই ভাবেৰেই বিদ্ৰোহ আচৰণ কৰি আছে।

সামসঙ্গীত 80:7-13
7. হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
8. তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা; আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
9. তুমি তাৰ কাৰণে ভূমি পৰিস্কাৰ কৰিলা; তাতে দ্রাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে।
10. তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল; তাৰ ডালবোৰে বৃহৎ এৰচ গছবোৰ ঢাকি পেলালে;
11. সমুদ্ৰলৈকে ইয়াৰ শাখাবোৰ আৰু ফৰাৎ নদী পর্যন্ত ইয়াৰ অঙ্কুৰবোৰ বিস্তাৰিত হ’ল।
12. তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা? সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।
13. বনৰ বৰাহে আহি তাক নষ্ট কৰে; পথাৰৰ পশুবোৰেও তাক খায়।

প্রবচন 20:16-18
16. যি জনে অচিনাকীৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; যেতিয়া তেওঁ কোনো ব্যভিচাৰিণীৰ বাবে জামিন হয়, তেতিয়া তেওঁৰ পৰা বন্ধক লোৱা।
17. প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে; কিন্তু পাছত তেওঁৰ মুখ শিলেৰে পূৰ্ণ হয়।
18. পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয়; আৰু কেৱল জ্ঞানী লোকৰ নেতৃত্বত যুদ্ধ আৰম্ভ কৰা হয়।

পাঁচনি 14:1-28
1. পাছত পৌল আৰু বার্ণব্বাই ইকনিয় নগৰত সোমাই, দুয়ো একেলগে ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল। তাত তেওঁলোকে এনেকৈ কথা ক’লে যে, ইহুদী আৰু গ্রীক সকলৰ বহুলোকে বিশ্বাস কৰিলে।
2. কিন্তু অবিশ্বাসী ইহুদী সকলে অনা-ইহুদী সকলক উচটাই তেওঁলোকৰ মনবোৰ বিশ্বাসী ভাই সকলৰ অহিতে বিষময় কৰি তুলিলে।
3. সেয়ে, পৌল আৰু বার্ণব্বাই প্রভুত থাকি, সাহসেৰে প্রচাৰ কৰি সেই নগৰতে বেছ কিছুদিন থাকিল। প্রভুৱে তেওঁলোকৰ মাধ্যমেদি অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্য কৰি, তেওঁৰ অনুগ্রহৰ বাক্যৰ সাক্ষ্য দিলে।
4. তাতে নগৰৰ লোক সকলৰ মাজত দুটা দল হ’ল; এটা দলে ইহুদী সকলৰ আৰু আনটো দলে পাঁচনি সকলৰ পক্ষ ললে।
5. পাছত অনা-ইহুদী আৰু ইহুদী সকলে নিজৰ অধিকাৰী সকলৰ সৈতে লগ হৈ পৌল আৰু বার্ণব্বাক অপমান কৰিবলৈ আৰু শিল দলিয়াই মাৰিবলৈ ষড়যন্ত্র কৰিলে।
6. কিন্তু পৌল আৰু বার্ণব্বাই এই বিষয়ে জানিবলৈ পোৱাত লুকায়নিয়া দেশৰ লুস্ত্ৰা ও দর্বী নগৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চললৈ পলাই গ’ল।
7. তেওঁলোকে সেই ঠাইবোৰতো শুভবার্তা প্রচাৰ কৰিলে।
8. লুস্ত্ৰা নগৰত ভৰিত বল নোহোৱা, কেতিয়াও খোজ নকঢ়া ওপজাৰে পৰা খোৰা লোক এজন বহি আছিল আৰু
9. তেওঁ পৌলৰ কথাবোৰ শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চাই দেখিলে যে লোক জনৰ সুস্থ হবৰ বাবে বিশ্বাস আছে।
10. পৌলে তেতিয়া বৰ মাতেৰে লোক জনক ক’লে, “তুমি তোমাৰ দুই ভৰিত ভৰ দি থিয় হোৱা।” তাতে মানুহ জন লাফ মাৰি উঠিল আৰু খোজকাঢ়ি ফুৰিবলৈ ধৰিলে।
11. পৌলে কৰা এই কার্য যেতিয়া লোক সকলে দেখা পালে, তেওঁলোকে লুকায়নিয়া ভাষাত উচ্চস্বৰে কবলৈ ধৰিলে, “মানুহৰ ৰূপ লৈ দেৱতাবোৰ আমাৰ মাজত অৱতীর্ণ হৈছে।”
12. তেওঁলোকে বার্ণব্বাক “জীউছ” আৰু পৌল যিহেতু প্রধান বক্তা আছিল, সেয়েহে তেওঁক “হেৰমেনাচ” বুলি কবলৈ ধৰিলে।
13. নগৰৰ ঠিক বাহিৰতে জীউছৰ যি মন্দিৰ আছিল, তাৰ পুৰোহিতে কেইটামান ষাঁড় গৰু আৰু ফুলৰ মালা লৈ নগৰৰ দুৱাৰমুখলৈ আহিল; পুৰোহিত আৰু মানুহবোৰে সেইবোৰৰ বলি উৎসর্গ কৰিবলৈ বিচাৰিলে।
14. কিন্তু পাঁচনি বার্ণব্বা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোক সকলক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক’লে,
15. “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
16. অতীতত তেওঁ সকলো জাতিক নিজৰ ইচ্ছানুসাৰে চলিবলৈ দিছিল।
17. কিন্তু তথাপি তেওঁ নিজৰ বিষয়ে প্রমাণ নিদিয়াকৈ নাথাকিল। তেওঁ সকলোৰে মঙ্গল কৰে। তেওঁ আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত শস্য দিয়ে। তেওঁ আপোনালোকলৈ আহাৰ যোগায় আৰু আপোনালোকৰ হৃদয় আনন্দেৰে পূর্ণ কৰে।”
18. এইবোৰ কথা কৈ পৌল আৰু বার্ণব্বাই তেওঁলোকৰ উদ্দেশ্যে বলি উৎসর্গ কৰাৰ পৰা লোক সকলক কোনো মতেহে বাধা দি ৰাখিলে।
19. ইয়াৰ পাছত আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোক সকলক প্রৰোচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ’ল।
20. কিন্তু শিষ্য সকল আহি তেওঁক আগুৰি ধৰি থিয় হ’ল আৰু তাৰ পাছত তেওঁ উঠি পুনৰ নগৰলৈ গ’ল। পিছদিনা পৌল, বার্ণব্বাৰে সৈতে দর্বী নগৰলৈ গ’ল।
21. সেই নগৰত তেওঁলোকে শুভবার্তা প্রচাৰ কৰিলে আৰু বহু লোক যীচুৰ শিষ্য হ’ল। পুনৰ তেওঁলোক লুস্ত্ৰা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উলটি গ’ল।
22. তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
23. পৌল আৰু বার্ণব্বাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।
24. ইয়াৰ পাছত তেওঁলোক পিচিদিয়া প্রদেশৰ মাজেদি পাম্ফুলিয়ালৈ আহিল।
25. তেওঁলোকে পৰ্গাত বাক্য প্রচাৰ কৰি আত্তালিয়ালৈ গ’ল।
26. তাৰ পৰা পৌল আৰু বার্ণব্বাই জাহাজেৰে আন্তিয়খিয়ালৈ আহিল। যি কার্য তেওঁলোকে এতিয়া সম্পূর্ণ কৰিলে, সেই কার্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্রহলৈ সমর্পিত কৰা হৈছিল।
27. আন্তিয়খিয়া পোৱাৰ পাছত তেওঁলোকে মণ্ডলীৰ বিশ্বাসী সকলক একত্রিত কৰিলে। ঈশ্বৰে তেওঁলোকলৈ যি যি কৰিলে আৰু কেনেকৈ তেওঁ অনা-ইহুদী সকললৈ বিশ্বাসৰ দুৱাৰ মুকলি কৰি দিলে, সেই সকলো কথা বিৱৰি ক’লে।
28. তাৰ পাছত পৌল আৰু বার্ণব্বা শিষ্য সকলৰ সৈতে সেই ঠাইত ভালেমান দিনলৈ থাকিল।