A A A A A
एक साल में बाइबल
जुलाई 4

২ বংশাবলি 3:1-17
1. তেতিয়া যি ঠাইত যিহোৱাই চলোমনৰ পিতৃ দায়ুদক দৰ্শন দিছিল, সেই যিৰূচালেমৰ মোৰিয়া পৰ্বতত যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দায়ূদে নিৰূপণ কৰি ৰখা যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইতে তেওঁ এয়া যুগুত কৰিলে।
2. তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় দিনা তেওঁ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
3. চলোমনে ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ যি ভিত্তিমূল স্থাপন কৰিলে, তাৰ জোখ এই - পূৰ্বকালৰ হাতৰ জোখেৰে তাৰ দীৰ্ঘ আছিল ষাঠি হাত আৰু বহলে বিশ হাত আছিল।
4. আৰু গৃহৰ বহল আনুসাৰে গৃহৰ সন্মুখৰ বাৰাণ্ডা বিশ হাত দীঘল আছিল৷ ইয়াৰ উচ্চতাও বিশ হাত ওখ আছিল আৰু চলোমনে তাৰ ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে।
5. তেওঁ বৰ গৃহৰ দেৱালত দেবদাৰু কাঠ লগালে আৰু তেওঁ তাত উত্তম সোণৰ পতা মাৰিলে আৰু তাত খাজুৰ গছ আৰু শিকলিৰ আকৃতি কৰি দিলে।
6. আৰু তেওঁ শুভনীয় কৰিবলৈ গৃহটি মূল্যৱান পাথৰেৰে বিভূষিত কৰিলে; সেই সোণ পৰ্বয়িমৰ সোণ আছিল।
7. তেওঁ গৃহৰ চতিত, দুৱাৰ-ডলিত, দেৱালত আৰু দুৱাৰত সোণৰ পতা মাৰিলে আৰু দেৱালত কৰূবৰ আকৃতি কাটিলে।
8. আৰু তেওঁ অতি পবিত্ৰ গৃহ নিৰ্ম্মাণ কৰিলে৷ সেই গৃহৰ দীঘ বহল অনুসাৰে বিশ হাত আৰু বহল বিশ হাত৷ তেওঁ তাতে ছশ কিক্কৰ উত্তম সোণ লগালে।
9. গজালৰ সোণৰ জোখ পঞ্চাশ চেকল। তেওঁ ওপৰৰ কোঁঠালিবোৰতো সোণ লগালে।
10. সেই অতি পবিত্ৰ গৃহত, তেওঁ খনিকৰৰ কাৰ্যেৰে দুটা কৰূব নিৰ্ম্মাণ কৰিলে আৰু কাৰিকৰৰ দ্ৱাৰাই তাত সোণৰ পতা মাৰিলে।
11. সেই কৰূব দুটাৰ ডেউকা বিশ হাত দীঘল; সেয়ে গৃহৰ দেৱাল ঢুকি পোৱাকৈ এটাৰ এখন ডেউকা পাঁচ হাত দীঘল; সেয়ে দ্বিতীয় কৰূবৰ ডেউকা ঢুকি পোৱাকৈ আনখনো পাঁচ হাত দীঘল।
12. গৃহৰ দেৱাল ঢুকি পোৱাকৈ আন কৰূবৰো এখন ডেউকা পাঁচ হাত দীঘল; আৰু সেয়ে আনটো কৰূবৰ ডেউকাত লাগি থকাকৈ আন খনো পাঁচ হাত দীঘল।
13. সেই কৰূব কেইটা ডেউকা মেলিলে বিশ হাত ঠাই জুৰে৷ সেই দুটাই গৃহৰ ফাললৈ মুখ কৰি ভৰিত ভৰ দি থিয় হৈ আছিল।
14. তেওঁ নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু সেন্দুৰ বৰণীয়া সূতা ও মিহি শণ সূতাৰে প্ৰভেদক বস্ত্ৰখন যুগুত কৰিলে আৰু তাত কৰূবৰ আকৃতি তুলি দিলে।
15. আৰু তেওঁ গৃহৰ সন্মুখত পঁয়ত্ৰিশ হাত ওখ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে; এটা এটা স্তম্ভৰ মুৰৰ মাথলা পাঁচ হাতকৈ আছিল।
16. আৰু তেওঁ শিকলি বনাই স্তম্ভৰ চাৰিওফালৰ মুৰত লগাই দিলে, আৰু এশ ডালিমো বনাই সেই শিকলিত লগাই দিলে।
17. সেই দুটা স্তম্ভ তেওঁ মন্দিৰৰ আগত সোঁফালে এটা আৰু বাওঁফালে এটা স্থাপন কৰিলে; সোঁ ফালৰটোৰ নাম যাখীন আৰু বাওঁ ফালৰটোৰ নাম বোৱাজ ৰাখিলে।

২ বংশাবলি 4:1-22
1. তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মান কৰিলে; সেয়ে দীঘে বিশ হাত, বহলে বিশ হাত আৰু ওখই দহ হাত আছিল।
2. তেওঁ সমুদ্ৰ-পাত্ৰটো সাঁচত ঢালি তাক সাজিলে৷ সেই পাত্ৰটো ঘূৰণীয়া আছিল৷ তাৰ এখন কাণৰ পৰা আনখনলৈ দশ হাত বহল আছিল৷ তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি বা ঘেৰ ত্ৰিশ হাত আছিল৷
3. পাত্ৰখনৰ কানৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত, দহোটাকৈ ষাঁড়গৰুৰ আকৃতি আছিল৷ পাত্ৰটো ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
4. আৰু সেই সমুদ্ৰ-পাত্ৰটো বাৰটা গৰুৰ ওপৰত ৰখা হ’ল, সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূৱলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত বহুউৱা হ’ল আৰু সেইবোৰৰ পাছফাল ভিতৰফালে আছিল।
5. সেই পাত্ৰখন চাৰি আঙুল ডাঠ; আৰু তাৰ কাণ বাটিৰ কাণ ও কনাৰি ফুলৰ নিচিনাকৈ সজা হ’ল৷ তাত তিনি হাজাৰ বৎ ধৰে।
6. তেওঁ দহোটা প্ৰক্ষালন-পাত্ৰও সাজিলে; তাৰে পাঁচোটা সোঁ ফালে আৰু পাঁচোটা বাওঁফালে ধোৱাপখলা কৰিবৰ বাবে হ’ল; সেইবোৰত তেওঁলোকে উৎসৰ্গ কৰিব লগীয়া হোম-বলিৰ বস্তুবোৰ ধোৱে৷ কিন্তু সমুদ্ৰ-পাত্ৰটো হ’লে, পুৰোহিতসকলে গা ধুবৰ বাবে হ’ল।
7. আৰু তেওঁ বিধিমতে সোণৰ দহোটা দীপাধাৰ সাজিলে; তাৰ পাঁচোটা সোঁফালে আৰু পাঁচোটা বাওঁফালে মন্দিৰত স্থাপন কৰিলে।
8. তেওঁ দহখন মেজ সাজি, তাৰ পাঁচখন সোঁফালে আৰু পাঁচখন বাওঁফালে মন্দিৰৰ ভিতৰত ৰাখিলে৷ আৰু পেয় দ্ৰব্য ঢালিবৰ বাবে সোণৰ এশ বাটি সাজিলে।
9. তাত বাজে তেওঁ পুৰোহিতসকলৰ চোতাল, বৰ চোতাল আৰু চোতালৰ দুৱাৰ যুগুত কৰিলে আৰু সেই দুৱাৰবোৰত পিতলৰ পতা মাৰিলে।
10. আৰু তেওঁ সমুদ্ৰ-পাত্ৰটো গৃহৰ সোঁকাষে পূৱদিশে দক্ষিণমুৱাঁকৈ স্থাপন কৰিলে।
11. ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা আৰু তেজ ছটিওৱা পাত্ৰ হীৰমে নিৰ্ম্মাণ কৰিলে। এইদৰে হূৰমে চলোমন ৰজাৰ বাবে ঈশ্বৰৰ গৃহত কৰা কাৰ্যবোৰ কৰি সামৰিলে।
12. তেওঁ সেই স্তম্ভ দুটা, সেই স্তম্ভৰ মুৰৰ ঘূৰণীয়া ভাগ দুটা আৰু মাথলা দুটা সেই স্তম্ভৰ মুৰৰ মাথলেৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে দুখন জালৰ আকৃতিৰ বস্তু আছিল৷
13. আৰু সেই দুখন জালৰ আকৃতিৰ বস্তুৰ বাবে চাৰিশ ডালিম, অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘুৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ আকৃতিৰ বস্তুৰ বাবে দুশাৰী ডালিম সাজিলে৷
14. তেওঁ আধাৰবোৰ, সেই আধাৰবোৰৰ ওপৰত ৰাখিবলৈ প্ৰক্ষালন পাত্ৰবোৰ,
15. এটা সমুদ্ৰ-পাত্ৰ আৰু তাৰ তলৰ গৰু বাৰটা সাজিলে।
16. ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, ত্ৰিশূল আদি সকলো সঁজুলি, তেওঁৰ প্ৰধান শিল্পকৰ হীৰমে চলোমন ৰজাৰ কাৰণে যিহোৱাৰ গৃহৰ বাবে চকচকিয়া পিতলেৰে সাজিলে।
17. ৰজাই যৰ্দ্দনৰ সমথলত চুক্কোৎ আৰু চৰেদাৰ মাজত থকা আলতীয়া মাটিত তাক ঢলালে।
18. আৰু চলোমনে যিবোৰ পাত্ৰ সাজিলে, সেই আটাইবোৰ অনেক আছিল; কিয়নো সেইবোৰ পিতলৰ ওজন কিমান, তাক জনা নগ’ল।
19. আৰু চলোমনে ঈশ্বৰৰ গৃহৰ সকলো বস্তু নিৰ্ম্মাণ কৰালে অৰ্থাৎ সোণৰ বেদী, দৰ্শন-পিঠা থবৰ বাবে মেজ কেইখন;
20. আৰু অন্তঃস্থানৰ সন্মুখত বিধিমতে জ্বলাবৰ বাবে প্ৰদীপে সৈতে নিৰ্ম্মল সোণৰ দীপাধাৰবোৰ শুদ্ধ সোণৰ আছিল;
21. সোণৰ ফুল, প্ৰদীপ, শলাকানি-কটা, সকলোৱেই অতি শুদ্ধ সোণৰ৷
22. নিৰ্ম্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা; আৰু গৃহৰ প্ৰবেশস্থানৰ বিষয়ে ক’বলৈ গ’লে, অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।

সামসঙ্গীত 79:5-10
5. হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে? তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?
6. তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰোধ ঢালি দিয়া, তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰোধ বাকি দিয়া।
7. কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে, তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।
8. আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা; শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।
9. হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা; তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।
10. আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?” তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত, তোমাৰ দাসবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।

প্রবচন 20:10-12
10. পাৰ্থক্য থকা ওজন, আৰু অসমান জোখ, এই দুয়োটাকে যিহোৱাই ঘিণ কৰে।
11. এনেকি যুৱক এজনে তেওঁৰ কাৰ্যৰ দ্বাৰাই পৰিচিত হয়, শুদ্ধ আৰু ন্যায়পৰায়ণ আচৰণৰ দ্বাৰাই তেওঁক বুজিব পৰা যায়।
12. শ্ৰৱনকাৰী কাণ আৰু দৰ্শনকাৰী চকু, এই দুয়োকো যিহোৱাই সৃষ্টি কৰিলে।

পাঁচনি 12:1-25
1. সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে
2. আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে৷
3. এই কাৰ্যত ইহুদী সকল সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো বন্দী কৰিলে৷ তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল৷
4. পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে৷ তেওঁক পহৰা দিবৰ কাৰণে চাৰি জনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰ-পৰ্বৰ পাছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব৷
5. এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷
6. পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল৷
7. সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, “বেগাই উঠা৷” তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷
8. দূতে তেওঁক কলে, “কঁকাল বান্ধি পাদুকা পিন্ধা৷” পিতৰে সেইদৰে কৰিলে৷ দূতে তেওঁক কলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা৷”
9. পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ’ল৷ কিন্তু দূতে কৰা কৰ্ম যে সঁচা, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে৷
10. এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷
11. তেতিয়া পিতৰে চেতনা পাই কলে, “প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷”
12. ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷
13. তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷
14. তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি কলেগৈ৷
15. তেতিয়া তেওঁলোকে তাইক কলে, “তই পাগলি হৈছ৷” কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, “তেনেহলে সেই জন তেওঁৰ দূতহে হব৷”
16. কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে৷
17. পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, “তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷” ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল৷
18. পাছে ৰাতিপুৱা হ’ল, পিতৰৰ নো কি হ’ল, এই বুলি সৈন্য সকলৰ মাজত বৰ হুলস্থুল লাগিল৷
19. তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল৷
20. তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷
21. এটা নিৰূপিত দিনত হেৰোদে ৰাজকীয় বস্ত্ৰ পিন্ধি বিচাৰৰ আসনত বহিছিল আৰু সেইদিনা তাৰ পৰা তেওঁলোকলৈ ভাষণ দিছিল৷
22. তেতিয়া লোক সকলে ৰিঙিয়াই কলে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!”
23. কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷
24. কিন্তু ঈশ্বৰৰ বাক্য ব্যাপক হাৰত বিয়পি গ’ল৷
25. এইদৰে বাৰ্ণব্বা আৰু চৌলে যি পৰিচৰ্যা কৰ্মৰ দায়িত্ব পাইছিল, সেয়া তেওঁলোকে সিদ্ধ কৰিলে, আৰু মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যোহনক লগত লৈ যিৰূচালেমৰ পৰা উভতি আহিল৷