A A A A A

নেহেমিয়া 12:1-47
1. চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু যেচুৱাৰ লগত অহা পুৰোহিত, আৰু লেবীয়াসকল এওঁলোক: চৰায়া, যিৰিমিয়া, ইজ্ৰা,
2. অমৰিয়া, মল্লুক, হত্তুচ,
3. চখনিয়া, ৰহূম, আৰু মৰেমোৎ,
4. ইদ্দো, গিন্নথোই, অবিয়া,
5. মিয়ামীন, মাদীয়া, বিলগা,
6. চময়িয়া, যোয়াৰীব, যিদয়া,
7. চল্লু, আমোক, হিল্কিয়া, আৰু যিদয়া। এওঁলোক পুৰোহিত সকলৰ মূখ্য লোক আৰু যেচুৱাৰ দিনত তেওঁলোকৰ সহযোগী আছিল।
8. লেবীয়া সকল যেচুৱা, বিন্নুই, কদ্মীয়েল, চেৰেবিয়া, যিহূদা আৰু মত্তনীয়া; এই মত্তনিয়া আৰু তেওঁৰ সহযোগী সকল ধন্যবাদৰ গীত গোৱাসকলৰ দায়িত্বত আছিল।
9. বকবুকিয়া আৰু উন্নো তেওঁলোকৰ সহযোগী আছিল, উপাসনাৰ সময়ত তেওঁলোকৰ বিপৰীতে তেওঁলোক থিয় হৈছিল।
10. যোয়াদাৰ পিতৃ ইলিয়াচীব, ইলিয়াচীবৰ পিতৃ যোয়াকীম, যোয়াকীমৰ পিতৃ যেচুৱা,
11. যদ্দুৱাৰ পিতৃ যোনাথন, আৰু যোনাথনৰ পিতৃ যোয়াদা আছিল।
12. যোয়াকীমৰ দিনত পুৰোহিত এওঁলোক, এওঁলোক পিতৃ-পৰিয়ালৰ মূখ্য লোক আছিল: চৰায়াৰ মূখ্য লোক মৰায়া, যিৰিমিয়াৰ মূখ্য লোক হননিয়া,
13. ইজ্ৰাৰ মূখ্য লোক মচুল্লম, অমৰিয়াৰ মূখ্য লোক যিহোহানন,
14. মাল্লুকীৰ মূখ্য লোক যোনাথন, চবনিয়াৰ মূখ্য লোক যোচেফ,
15. একাদিক্রমে, হাৰীমৰ মূখ্য লোক অদনা, মৰায়োতৰ মূখ্য লোক হিল্কয়,
16. ইদ্দোৰ মূখ্য লোক জখৰিয়া, গিন্নথোনৰ মূখ্য লোক মচুল্লম,
17. অবিয়াৰ মূখ্য লোক জিখ্ৰী, তেওঁলোকৰ মাজত মিন্যামীনৰো এজন মূখ্য লোক আছিল, মোৱাদীয়া মূখ্য লোক পিল্টয়,
18. বিলগাৰ মূখ্য লোক চম্মুৱা, চময়িয়াৰ মূখ্য লোক যিহোনাথন,
19. যোয়াৰীবৰ মূখ্য লোক মত্তনয়, যিদয়াৰ মূখ্য লোক উজ্জী,
20. চল্লয়ৰ মূখ্য লোক কল্লয়, আমোকৰ মূখ্য লোক এবৰ,
21. হিল্কিয়াৰ মূখ্য লোক হচবিয়া, যিদয়াৰ মূখ্য লোক নথনেল আছিল।
22. ইলিয়াচীবৰ দিনত লেবীয়া সকল, ইলিয়াচীব, যোয়াদা, যোহানন, আৰু যদ্দুৱা, এওঁলোক পৰিয়ালৰ মূখ্য লোক বুলি লিপিৱদ্ধ কৰা হৈছিল। পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ত্বৰ সময়ত পুৰোহিত সকলৰ নাম লিপিৱদ্ধ কৰা হৈছিল।
23. লেবীৰ বংশৰ লোকসকল আৰু পৰিয়ালৰ মূখ্য লোকসকলৰ নাম ইলিয়াচীবৰ পুত্ৰ যোহাননৰ দিনলৈকে ইতিহাস পুস্তকত লিপিৱদ্ধ কৰা আছিল।
24. লেবীয়াসকলৰ মূখ্য লোক হচবিয়া, চেৰেবিয়া, কদ্মীয়েলৰ পুত্ৰ যেচুৱা, তেওঁলোকৰ সহকৰ্মীৰ সৈতে তেওঁলোক ঈশ্বৰৰ লোক দায়ূদৰ আজ্ঞা পালন কৰি ভাগে ভাগে সহাৰি জনায় তেওঁলোকৰ বিপৰীতে থিয় হৈ ঈশ্ৱৰৰ স্তুতি-প্ৰশংসা কৰিছিল।
25. মত্তনীয়া, বকবুকিয়া, ওবদিয়া, মচুল্লম, টল্মোন, আৰু অক্কুব দুৱৰী হৈ গুদামবোৰৰ দুৱাৰত থিয় হৈ পহৰা দিছিল।
26. যোচাদকৰ পুত্র যেচুৱা, যেচুৱাৰ পুত্ৰ যোয়াকীমৰ দিনত, আৰু দেশাধ্যক্ষ নহিমিয়াৰ দিনত পুৰোহিত আৰু অধ্যাপক ইজ্ৰা, তেওঁলোক সকলোৱে সেৱা-কাৰ্য কৰিছিল।
27. যিৰূচালেমৰ দেৱাল উৎসৰ্গ কৰাৰ সময়ত, লেবীয়াসকল যি ঠাইত আছিল, তাৰ পৰাই উচ্চ-ধ্বনি কৰিছিল। আনন্দ, ধন্যবাদ প্রাৰ্থনা, স্তুতিগীত, তাল, বেহেলা, ও বীণাৰে উৎসৰ্গ উৎসৱ পালন কৰিবলৈ লেবীয়া সকলক যিৰূচালেমলৈ আনিছিল।
28. যিৰূচালেমৰ চাৰিও দিশৰ জিলা, আৰু নটোফাতীয়া সকলৰ গাওঁবোৰৰ পৰা গায়ক সকলক সমবেত হৈ একগোট হ’ল।
29. তেওঁলোক বৈৎ-গিলগল, গেবা আৰু অজমাবতৰ পথাৰৰ পৰাও আহিল। গায়ক সকলে তেওঁলোকৰ নিজৰ বাবে যিৰূচালেমৰ চাৰিও দিশে গাওঁ পাতিলে।
30. পুৰোহিত আৰু লেবীয়াসকলে তেওঁলোকক শুচি কৰিলে; আৰু তাৰ পাছত তেওঁলোকে লোকসকলক, দুৱাৰবোৰ, আৰু দেৱাল শুচি কৰিলে।
31. তাৰ পাছত যিহূদাত থকা মোৰ মুখ্য লোকসকল গড়ৰ ওপৰলৈ গ’ল, আৰু মই ধন্যবাদ প্রাৰ্থনাৰ বাবে এটা ডাঙৰ গায়ক দল নিযুক্ত কৰিলোঁ। এটা দল গড়ৰ ওপৰত সোঁফালে গোবৰ-দুৱাৰলৈ গ’ল।
32. হুচয়া আৰু যিহূদাৰ মুখ্য লোকৰ আধাভাগ লোকে তেওঁলোকক অনুসৰণ কৰিলে।
33. আৰু তেওঁলোকৰ পাছত অজৰিয়া, ইজ্ৰা, মচুল্লম,
34. যিহূদা, বিন্যামীন, চময়িয়া, আৰু যিৰিমিয়া গ’ল।
35. তুৰীয়ে সৈতে পুৰোহিতৰ পুত্র সকলৰ কিছুমান লোক, আৰু আচফৰ বংশৰ জক্কুৰৰ পুত্র মীখায়া, মীখায়াৰ পুত্র মত্তনীয়া, মত্তনিয়াৰ পুত্র চময়িয়া, চময়িয়াৰ পুত্ৰ যোনাথন, আৰু যোনাথনৰ পুত্ৰ জখৰিয়া আছিল।
36. ইয়াত জখৰিয়াৰ সম্পৰ্কীয় সকলো আছিল। তেওঁলোক চময়িয়া, অজৰেল, মিললয়, গিললয়, মাৱয়, নথনেল, যিহূদা, আৰু হাননী ঈশ্বৰৰ লোক দায়ুদৰ বাদ্য যন্ত্ৰ বজাইছিল। অধ্যাপক ইজ্ৰা তেওঁলোকৰ সন্মুখত আছিল।
37. তেওঁলোকে ভুমুক-দুৱাৰ হৈ দায়ূদৰ নগৰৰ খটখটিয়েদি দেৱাললৈ উঠি দায়ুদৰ ৰাজপ্রসাদ পাৰ হৈ পূব দিশৰ জল-দুৱাৰলৈকে গ’ল।
38. আৰু ধন্যবাদ প্রাৰ্থনা কৰা আন এটা গায়ক দল আন দিশে গ’ল। মই লোকসকলৰ আধা সংখ্যক লোকক লগত লৈ তেওঁলোকক অনুসৰণ কৰিলোঁ। তেওঁলোকে দেৱালৰ ওপৰে ওপৰে তন্দুৰৰ কোঁঠ পাৰ হৈ বহল দেৱাললৈকে,
39. আৰু ইফ্ৰয়িমৰ দুৱাৰ হৈ, পুৰণি দুৱাৰ, মৎস্য-দুৱাৰ, হননেলৰ কোঁঠ, হম্মেয়া কোঁঠেদি মেৰ-ছাগদুৱাৰলৈকে গ’ল, আৰু তেওঁলোক গৈ প্ৰহৰী দুৱাৰত ৰখিল।
40. এইদৰে, ধন্যবাদ দি যোৱা সেই দুয়োটা দলে ঈশ্ৱৰৰ গৃহত নিজৰ স্থান ল’লে, আৰু মই মোৰ লগত থকা আধা কৰ্মচাৰীৰ সৈতে নিজৰ স্থান ল’লোঁ।
41. আৰু পুৰোহিত সকলে তেওঁলোকৰ স্থান ল’লে: তূৰী লগত লৈ পুৰোহিত ইলিয়াকীম, মাচেয়া, মিন্যামীন, মীখায়া, ইলীয়োঐনয়, জখৰিয়া, আৰু হননিয়া,
42. মাচেয়া, চময়া, ইলিয়াজৰ, উজ্জী, যিহোহানন, মল্কিয়া, এলম, আৰু এজৰ আছিল। গায়ক সকলে তেওঁলোকৰ পৰিচালক যিজ্ৰহিয়াই সৈতে গান গালে।
43. সেই দিনা লোকসকলে মহৎ বলিদান কৰি আনন্দ কৰিলে; কাৰণ ঈশ্বৰে তেওঁলোকক মহা-আনন্দেৰে আনন্দিত কৰিছিল। মহিলা আৰু ল’ৰা-ছোৱালীয়েও আনন্দ কৰিলে। এই হেতুকে বহুত দুৰলৈকে যিৰূচালেমৰ আনন্দ-ধ্বনি শুনা গৈছিল।
44. সেইদিনা বৰঙনিৰ বাবে দিয়া ফলৰ আগভাগ, আৰু দশম ভাগ থোৱা ভঁৰালৰ দায়িত্বত লোকসকলক নিযুক্ত কৰিলে। ইয়াৰ সকলোৰ পৰা পুৰোহিত আৰু লেবীয়া সকলৰ প্রয়োজন অনুযায়ী বিধানত দিয়াৰ দৰে কিছু অংশ তেওঁলোকৰ বাবে গোটোৱা হৈছিল। নগৰৰ ওচৰত থকা পথাৰত কাম কৰিবৰ বাবে প্রতিজনক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ সন্মুখত থিয় হোৱা পুৰোহিত আৰু লেবীয়া সকলে বাবে যিহূদাই আনন্দ কৰিছিল।
45. দায়ুদ আৰু তেওঁৰ পুত্র চলোমনৰ আজ্ঞা অনুসাৰে গায়ক আৰু দুৱৰীসকলে কৰাৰ দৰে তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ সেৱা-কাৰ্য আৰু শুচি কৰা কাৰ্য সম্পন্ন কৰিছিল।
46. বহু দিনৰ পূৰ্বতে, দায়ুদ আৰু আচফৰ সময়ত তাত গায়ক সকলৰ পৰিচালক আছিল, আৰু ঈশ্বৰৰ উদ্দেশ্যে ধন্যবাদ প্রশংসাৰ স্তুতিগীত কৰিছিল।
47. জৰুব্বাবিল আৰু নহিমিয়াৰ দিনত ইস্ৰায়েলৰ লোকসকলে প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে গায়ক আৰু দুৱৰী সকলক প্রতিদিনৰ অংশ দিছিল। তেওঁলোকে লেবীয়া সকলৰ বাবে কিছু অংশ আৰু লেবীয়া সকলে হাৰোণৰ বংশৰ লোক সকলৰ বাবে কিছু অংশ পৃথক কৰি ৰাখিছিল।

নেহেমিয়া 13:1-31
1. সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।”
2. এইদৰে কৰা হৈছিল কাৰণ, তেওঁলোক ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ পিঠা আৰু পানী লৈ অহা নাছিল। বৰঞ্চ ইস্রায়েলক শাও দিবলৈ তেওঁলোকে বিলিয়মক ভাড়া কৰি আনিছিল। অৱশ্যে আমাৰ ঈশ্বৰে সেই শাওক আশীৰ্ব্বাদলৈ ৰূপান্তৰ কৰিলে।
3. তেওঁলোকে এই বিধান শুনাৰ লগে লগে প্রত্যেক বিদেশী লোকসকলক ইস্ৰায়েলৰ পৰা পৃথক কৰিলে।
4. এই ঘটনাৰ আগেয়ে আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ ওপৰত পুৰোহিত ইলিয়াচীবক নিযুক্ত কৰিছিল। তেওঁ টোবিয়াৰ সম্পৰ্কীয় লোক আছিল।
5. পুৰোহিত ইলিয়াচীবে টোবিয়াৰ বাবে এটা ডাঙৰ ভঁৰাল প্রস্তুত কৰিলে। যি ঠাইত পূৰ্বতে লোকসকলে শস্য নৈবেদ্য, ধূপ-ধূনা, বস্তুবোৰ, শস্যৰ দশম ভাগ, নতুন দ্ৰাক্ষাৰস, আৰু তেল, লেবীয়া সকলৰ নামেৰে, আৰু পুৰোহিত সকলৰ বৰঙনিৰ বাবে ৰখা হৈছিল।
6. কিন্তু এই সকলো ঘটনাৰ সময়ত মই যিৰূচালেমত নাছিলোঁ। কাৰণ বাবিলৰ ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বত্ৰিশ বছৰত মই ৰজাৰ ওচৰলৈ গৈছিলোঁ। কিছুদিনৰ পাছত মই ৰজাৰ পৰা ছুটিৰ বাবে অনুমতি ল’লো।
7. মই যিৰূচালেমলৈ ঘূৰি আহিলোঁ। ইলিয়াচীবে ঈশ্বৰৰ গৃহৰ চোতালত টোবিয়াক ভঁৰাল দি কৰা কু-কৰ্ম মই বুজি পালোঁ।
8. মই অতিশয় ক্রোধিত হৈছিলোঁ, আৰু ভঁৰালৰ পৰা টোবিয়াৰ ঘৰৰ সকলো বস্তু দলিয়াই পেলালোঁ।
9. মই ভঁৰালবোৰ শুচি কৰিবলৈ আদেশ দিলোঁ, আৰু সেই ঠাইলৈ ঈশ্বৰৰ গৃহৰ বস্তুবোৰ, শস্য নৈবেদ্যৰ বস্তুবোৰ আৰু ধূপ-ধূনা পুনৰ আনি থলোঁ।
10. মই জানিবলৈ পালোঁ যে, লেবীয়া সকলৰ বাবে নিযুক্ত কৰা অংশ তেওঁলোকক ভগাই দিয়া নাছিল। সেয়ে তেওঁলোকে মন্দিৰ ত্যাগ কৰি প্রতিজনে নিজৰ নিজৰ পথাৰলৈ যাবলৈ খৰধৰ কৰিলে। কাম কৰা গায়ক সকলেও সেইদৰে কৰিলে।
11. তেতিয়া মই কৰ্মচাৰী সকলৰ সৈতে বিবাদ কৰি ক’লো, “ঈশ্বৰৰ গৃহ কিয় অৱহেলা কৰা হৈছে?” পাছত মই তেওঁলোকক গোটাই আনি প্ৰতিজনক নিজ নিজ পদত স্থাপন কৰিলোঁ।
12. তেতিয়া সকলো যিহুদী লোকে শস্য, নতুন দ্ৰাক্ষাৰসৰ, আৰু তেলৰ দশমভাগ ভঁৰাললৈ আনিলে।
13. মই চেলেমিয়া পুৰোহিত, চাদোক অধ্যাপক, আৰু লেবীয়া সকলৰ পৰা পদায়াক ভঁৰাল ঘৰৰ কোষাধ্যক্ষ নিযুক্ত কৰিলোঁ। তেওঁলোকৰ পাছত মত্তনীয়া পুত্র জক্কুৰ, জক্কুৰৰ পুত্ৰ হাননক কোষাধ্যক্ষ পাতিলোঁ; কাৰণ তেওঁলোক বিশ্বাসযোগ্য বুলি গণিত হৈছিল। তেওঁলোকৰ সহযোগী সকলৰ যোগান ধৰিবলৈ বস্তু ভগাই দিয়াই তেওঁলোকৰ কাম আছিল।
14. হে মোৰ ঈশ্বৰ, এই বিষয়ে মোক সোঁৱৰণ কৰক; আৰু মোৰ ঈশ্বৰৰ গৃহৰ অৰ্থে কৰা উত্তম কাৰ্যবোৰ মচি নেপেলাব।
15. সেই দিনবোৰত মই যিহূদাৰ লোকসকলক বিশ্ৰাম-বাৰে দ্ৰাক্ষাগুটি পেৰা, শস্যৰ ডাঙৰি আনি গাধত বোজাই দিয়া, আৰু বিশ্ৰাম-বাৰে দ্ৰাক্ষাৰস, দ্ৰাক্ষাগুটি, আৰু ডিমৰুগুটি আদি সকলোবিধ বস্তুৰ গধুৰ বোজাও যিৰূচালেমলৈ অনা দেখিলোঁ। মই তেওঁলোকে সেই দিনা খোৱা বস্তু বিক্রী কৰাৰ কথাৰ বিৰুদ্ধিতা কৰিলোঁ।
16. যিৰূচালেমত বাস কৰা তূৰৰ পৰা অহা লোকসকলে মাছ আৰু সকলো বিধৰ বস্তুবোৰ আনিছিল, আৰু বিশ্ৰাম-বাৰে যিহূদা আৰু নগৰৰ লোকসকলক সেইবোৰ বিক্রী কৰিছিল।
17. তেতিয়া মই যিহূদাৰ প্ৰধান লোকসকলৰ লগত বিবাদ কৰি তেওঁলোকক ক’লো, “আপোনালোকে যে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি, এইবোৰ কি কুকৰ্ম কৰিছে?
18. আপোনালোকৰ পিতৃ সকলে এইদৰে কৰা নাছিল নে? আৰু আমাৰ ঈশ্বৰে জানো আমাৰ আৰু এই নগৰৰ ওপৰত এইবোৰ দুৰ্দশা ঘটোৱা নাছিল নে? তথাপিও আপোনালোকে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি ইস্ৰায়েলৰ ওপৰলৈ ক্ৰোধাগ্নি পুনৰ অধিককৈ আনিব খুজিছে?”
19. বিশ্ৰাম-বাৰৰ আগেয়েই আন্ধাৰ হোৱাৰ লগে লগে যিৰূচালেমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আৰু বিশ্ৰাম-বাৰ শেষ নোহোৱালৈকে দুৱাৰবোৰ খুলি নিদিবলৈ মই আদেশ দিলোঁ। বিশ্ৰাম-বাৰে কোনো বোজা ভিতৰলৈ যেন অনা নহয়, এই কাৰণে মই মোৰ কিছুমান দাসক দুৱাৰত নিযুক্তি কৰিলোঁ।
20. তাতে বণিক সকল আৰু সকলোবিধ বস্তু বিক্রী কৰা সকল এবাৰ, দুবাৰ যিৰূচালেমৰ বাহিৰত থাকিল।
21. কিন্তু মই তেওঁলোকক সাৱধান কৰিলোঁ, “আপোনালোকে কিয় দেৱালৰ বাহিৰত তম্বু তৰিছে? যদি আপোনালোকে এইদৰে পুনৰ কৰে, তেনেহলে মই আপোনালোকক শাস্তি দিম!” সেই সময়ৰ পৰাই তেওঁলোক বিশ্ৰাম-বাৰে অহা নাছিল।
22. তাৰ পাছত বিশ্ৰামবাৰ পবিত্র কৰিবলৈ লেবীয়া সকল নিজকে নিজে শুচি কৰি আহি দুৱাৰবোৰ ৰখিবলৈ মই আদেশ দিলোঁ। হে মোৰ ঈশ্বৰ, এই বিষয়তো মোক সোঁৱৰণ কৰক; মোক দয়া কৰক আৰু আপোনাৰ নিয়ম অনুসাৰে মোলৈ কৃপা কৰক।
23. সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচ্‌দোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।
24. তেওঁলোকৰ আধা সংখ্যক সন্তানে অচদোদীয়া ভাষা কয়, কিন্তু তেওঁলোকে ইব্ৰী ভাষা ক’ব নাজানে। নিজৰ নিজৰ জাতিৰ ভাষা অনুসাৰে কথা কয়।
25. তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”
26. ইস্ৰায়েলৰ ৰজা চলোমনে এই মহিলা সকলৰ কাৰণেই জানো পাপ কৰা নাছিল? অনেক দেশৰ মাজত তেওঁৰ নিচিনা কোনো ৰজা নাছিল; আৰু তেওঁ নিজৰ ঈশ্বৰৰ প্ৰিয়পাত্ৰ আছিল। ঈশ্বৰে তেওঁক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিছিল, তথাপি বিদেশী ভাৰ্যাই তেওঁকো পাপ কৰালে।
27. তেনেহলে বিদেশী মহিলা বিয়া কৰাৰ দ্ৱাৰাই ঈশ্বৰৰ বিৰুদ্ধে আনুগত্যহীন কাৰ্য কৰি আৰু সকলো কু-কাৰ্য কৰি আমি আপোলোকৰ কথা শুনিম নে?
28. ইলিয়াচীব প্ৰধান পুৰোহিতৰ পুত্র যোয়াদা, যোয়াদাৰ এজন পুত্র হোৰোণীয়া চনবল্লটৰ জোঁৱায়েক আছিল। সেই কাৰণে মই শাৰীৰিকভাৱে মোৰ সন্মুখৰ পৰা আতৰ কৰিলোঁ।
29. হে মোৰ ঈশ্বৰ, তেওঁলোকক সোঁৱৰণ কৰক; কাৰণ তেওঁলোকে পুৰোহিত পদ, পুৰোহিত-পদৰ আৰু লেবীয়া সকলৰ নিয়ম কুলষিত কৰিলে।
30. সেই কাৰণে মই সকলো বিদেশী বস্তুৰ পৰা তেওঁলোকক শুচি কৰিলোঁ, আৰু প্ৰতিজনৰ কাৰ্য অনুসাৰে পুৰোহিত আৰু লেবীয়া সকলৰ দায়িত্ব সু-দৃঢ় কৰিলোঁ।
31. নিৰূপিত সময়ত খৰি আৰু ফলৰ আগ ভাগ দান দিলোঁ। হে মোৰ ঈশ্বৰ, মঙ্গলৰ অৰ্থে মোক সোঁৱৰণ কৰক।

সামসঙ্গীত 89:30-37
30. তেওঁৰ সন্তান সকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে, আৰু মোৰ নিয়মৰ পথত নচলে,
31. যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে,
32. তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।
33. কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।
34. মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম, মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।
35. মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ; মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকওঁ।
36. তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হব।
37. সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)

প্রবচন 22:3-4
3. দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
4. যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।

ৰোমীয়া 1:1-32
1. মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি;
2. যি শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে পূৰ্বতে তেওঁৰ ভাববাদী সকলৰ যোগেদি পবিত্ৰ বিধান-শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল,
3. সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা; যি জনে মানৱ ৰূপে দায়ুদৰ বংশত জন্মিছিল৷
4. তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হ’ল, তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট৷
5. তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি পদ পালোঁ;
6. সেই জাতিবোৰৰ মাজত আপোনালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত লোক৷
7. ৰোমত থকা ঈশ্ৱৰৰ যি প্ৰিয় লোক আৰু তেওঁক বিশ্ৱাস কৰা সেই পবিত্ৰ লোক সকল; আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অাপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
8. প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷
9. কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি,
10. মোৰ প্ৰাৰ্থনা কালত সদায় অনুৰোধ কৰোঁ, আৰু শেষত মই যেন কোনো প্ৰকাৰে ঈশ্ৱৰৰ ইচ্ছাৰ দ্ৱাৰাই আপোনালোকৰ ওচৰত আহিবলৈ সফল হওঁ৷
11. কিয়নো মই আপোনালোকক চাবলৈ অতিশয় হাবিয়াহ কৰি আছোঁ, যাতে মই আপোনালোকক কোনো আত্মিক বৰৰ ভাগী কৰিব পাৰোঁ, আৰু তাতে আপোনালোকেও যেন সুস্থিৰ থাকিব পাৰে৷
12. আপোনালোকৰ আৰু মোৰ, উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই ইচ্ছা কৰিছোঁ।
13. হে ভাই সকল, মই নিবিচাৰোঁ যে, আপোনালোকে এই কথা নজনাকৈ থাকক; মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ৷ যেনেকৈ মই আৰু অনা-ইহুদী লোক সকলে ফল পাইছোঁ, তেনেকৈ আপোনালোকেও পাওক; কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ৷
14. গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ৷
15. এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।
16. কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।
17. কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”
18. যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়;
19. কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায়, সেয়ে প্ৰকাশিত হৈ আছে৷ কিয়নো ঈশ্বৰে সেই বিষয়ে সিহঁতক শিক্ষিত কৰিলে।
20. কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে;
21. কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
22. নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল;
23. আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনা-সলনি কৰিলে।
24. এই কাৰণে তেওঁলোকৰ শৰীৰক অমৰ্য্যদা কৰিবলৈ, ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰে তেওঁলোকক অশুচিতালৈ শোধাই দিলে।
25. তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন।
26. এই কাৰণে, ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো তেওঁলোকৰ স্ত্ৰী লোক সকলে স্বাভাৱিক সঙ্গ এৰি, স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে;
27. সেইদৰে পুৰুষ সকলেও স্বাভাৱিক স্ত্ৰী সঙ্গ এৰি, পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে।
28. তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
29. তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ;
30. তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷
31. তেওঁলোক অজ্ঞানী, অনির্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক৷
32. আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।