A A A A A

নেহেমিয়া 6:1-19
1. চনবল্লট, টোবিয়া, আৰবীয়া গেচম, আৰু আমাৰ অৱশিষ্ট শত্রুবোৰে যেতিয়া শুনিলে, যে মই দেৱাল পুনৰ নিৰ্ম্মাণ কৰিলোঁ; যদিও মই নগৰৰ চৌকাঠবোৰত দুৱাৰ খুউৱা নাছিলোঁ তথাপিও দেৱালত এটাও মুকলি হৈ থকা ভঙা অংশ বাদ পৰা নাছিল।
2. তেতিয়া চনবল্লট আৰু গেচমে মোৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “আহাঁ, আমি ওনো সমথলৰ কোনো এখন ঠাইত ল’গ হ’বলৈ গোট খাওহঁক।” কিন্তু তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছিল।
3. মই তেওঁলোকলৈ বাৰ্ত্তাবাহকক কৈ পঠিয়ালোঁ, “মই এটা ডাঙৰ কাম কৰি আছোঁ, আৰু মই তললৈ নামি যাব নোৱাৰোঁ। এই কাম এৰি বা এই কাম বন্ধ কৰি মই কিয় আপোনালোকৰ ওচৰলৈ যাম?”
4. তেওঁলোকে মোৰ ওচৰলৈ চাৰিবাৰ সেই বৰ্ত্তা পঠালে, আৰু মই তেওঁলোকক প্রতিবাৰে একে দৰেই উত্তৰ দিলোঁ।
5. পঞ্চমবাৰ চনবল্লটে এখন খোলা চিঠিৰ সৈতে একে দৰেই নিজৰ দাসক মোৰ ওচৰলৈ পঠালে।
6. তাত এই দৰে লিখা আছিল, “দেশৰ মাজত এই সম্বাদ দিয়া হৈছে, আৰু গেচমেও কৈছে যে, আপুনি আৰু যিহুদীসকলে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰি আছে। সেই কাৰণে আপুনি পুনৰ দেৱাল নিৰ্ম্মাণ কৰিছে। এই সম্বাদৰ মতে, আপুনি তেওঁলোকৰ ৰজা হ’বলৈ খুজিছে।
7. আৰু যিৰূচালেমত আপোনাৰ বিষয়ে প্ৰচাৰ কৰাবলৈ আপুনি ভাববাদী সকলকো নিযুক্ত কৰিছে, তেওঁলোকে কৈছে, ‘যিহূদা দেশত এজন ৰজা আছে!’ এই সম্বাদ ৰজাই যে শুনিব আপুনি নিশ্চিত। সেই কাৰণে আহক, আমি ইজনে সিজনৰ লগত আলোচনা কৰোঁহক।
8. তাৰ পাছত মই তেওঁৰ ওচৰলৈ কৈ পঠালোঁ, “আপুনি কোৱাৰ দৰে কোনো কাৰ্য কৰা হোৱা নাই, কিন্তু সেইবোৰ আপোনাৰ মনেৰে সাজি কোৱা কথা।”
9. তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব, আৰু এই কাৰ্য যাতে সমাপ্ত কৰা নহয়, সেয়ে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সুমুৱাব খুজিছে, কিন্তু হে ঈশ্বৰ এতিয়া আপুনি মোৰ হাত সবল কৰক।
10. মহেটবেলৰ পুত্র দলায়া, দলায়াৰ পুত্ৰ চময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল, মই তেওঁৰ ঘৰলৈ গ’লোঁ। তেওঁ ক’লে, “আহক আমি ঈশ্বৰৰ গৃহত, মন্দিৰৰ ভিতৰত একগোট হওঁহক, আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে। ৰাতিয়েই আপোনাক বধ কৰিবলৈ আহিব।”
11. মই উত্তৰ দিলোঁ, “মোৰ দৰে মানুহ এজনে পলাব নে? আৰু মোৰ দৰে মানুহ এজনে মাত্র জীয়াই থাকিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাব নে? মই ভিতৰলৈ নাযাওঁ।”
12. মই অনুভৱ কৰিছিলোঁ যে, ঈশ্বৰে তেওঁক পঠোৱা নাছিল, কিন্তু টোবিয়া আৰু চনবল্লটে তেওঁক ভাড়া দিছিল, সেয়ে তেওঁ মোৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
13. মোক ভয় খুৱাবৰ বাবে তেওঁলোকে তেওঁক ভাড়া দিছিল। তেওঁ যি কৈছিল, সেই দৰে কাম কৰি মই যেন পাপ কৰোঁ, আৰু তেওঁলোকে মোক দুৰ্নাম কৰি লজ্জিত কৰিব পাৰে, এই কাৰণেই তেওঁক ভাড়া দিয়া হৈছিল।
14. হে মোৰ ঈশ্বৰ, টোবিয়া আৰু চনবল্লটৰ এই কাৰ্য অনুসাৰে তেওঁলোকক, আৰু মোক ভয় দেখুৱাব খোজা নোৱদিয়া ভাববাদিনী আৰু অৱশিষ্ট ভাববাদী সকলকো সোঁৱৰণ কৰা।
15. ইলুল মাহৰ পঁচিশ দিনৰ দিনা, বাৱন্ন দিনৰ পাছত সেই দেৱাল সাজি সমাপ্ত হ’ল।
16. আমাৰ সকলো শত্রুৱে যেতিয়া এই কথা শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা দেশীয় লোকসকলে ভয় খালে, আৰু নিজৰ দৃষ্টিত অতি হীন অনুভৱ কৰিলে। কিয়নো তেওঁলোকে জানিবলৈ পালে যে, এই কাম ঈশ্বৰৰ সহায়ৰ দ্ৱাৰাই সিদ্ধ হ’ল।
17. সেই সময়ত যিহূদাৰ প্ৰধান লোকসকলে টোবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে, আৰু টোবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে।
18. তাতে যিহূদাৰ অনেক লোকে তেওঁৰ পক্ষে শপত খাইছিল; সেই বাবে তেওঁলোক বাধ্যত পৰিছিল। কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনিয়াৰ জোঁৱায়েক আছিল। তেওঁৰ পুত্ৰ যিহোহাননে বেৰেখিয়াৰ পুত্ৰ মচুল্লমৰ জীয়েকক বিয়া কৰাইছিল।
19. তেওঁলোকে মোৰ আগত তেওঁৰ সৎকাৰ্য্যৰ কথা কৈছিল, আৰু মোৰ কথাৰ বিষয়েও তেওঁৰ আগত সম্বাদ দিছিল। মোক ভয় খুৱাবৰ বাবে টোবিয়াই চিঠি পঠিয়াইছিল।

নেহেমিয়া 7:1-73
1. দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল,
2. মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
3. মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।”
4. এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
5. প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।
6. “প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।
7. তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে।
8. পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।
9. চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন।
10. আৰহৰ বংশধৰ ছশ বাৱন্ন জন।
11. যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎ-মোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন।
12. এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন।
13. জত্তুৰ বংশধৰসকল আঠশ পঞ্চলিশ জন।
14. জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন।
15. বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন।
16. বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন।
17. অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।
18. অদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন।
19. বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।
20. আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।
21. হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।
22. হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন।
23. বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন।
24. হাৰীফৰ বংশধৰসকল এশ বাৰ জন।
25. গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন।
26. বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।
27. অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন।
28. বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন।
29. কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।
30. ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।
31. মিকমচৰ লোকসকল এশ বাইশ জন।
32. বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।
33. অন্য নবোতৰ লোকসকল বাৱন্ন জন।
34. অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন।
35. হাৰীমৰ লোকসকল তিনি শ বিশ জন।
36. যিৰীহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন।
37. লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন।
38. চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন।
39. পুৰোহিতসকল: যিদয়াৰ বংশধৰসকল (যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন।
40. ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন।
41. পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন।
42. হাৰীমৰ বংশধৰসকল এক হাজাৰ সোঁতৰ জন।
43. লেবীয়াসকল: হোদবাৰ বংশধৰ কদ্মীয়েল, আৰু কদমীয়েলৰ যেচুৱাৰ বংশধৰসকল চৌসত্তৰ জন।
44. গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন।
45. চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন।
46. মন্দিৰৰ দাসবোৰ: চীহা, হচুফা, টব্বায়োৎ,
47. কেৰোচ, চীয়া, পাদোন,
48. লবানা, হগাবা, চলম্য়,
49. হানন, গিদ্দেল, গহৰ,
50. ৰায়া, ৰচীন, নকোদা,
51. গজ্জম, উজ্জা, পাচেহ,
52. বেচয়, মিয়ূনীম, নফূচীম,
53. বকবুক, হকুফা, হৰ্হূৰ,
54. বচলীৎ, মহীদা, হৰ্চা,
55. বৰ্কোচ, চীচৰা, তেমহ,
56. নচীহ, আৰু হটীফাৰ বংশধৰসকল।
57. চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা,
58. যালা, দৰ্কোণ, গিদ্দেল,
59. চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল।
60. সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল।
61. এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।
62. দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন।
63. পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।
64. বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
65. আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।
66. সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল।
67. তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল।
68. তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ,
69. চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল।
70. পূৰ্বপুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে।
71. পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে।
72. অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্ঠি খন বস্ত্ৰ দিলে।
73. পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।

সামসঙ্গীত 89:5-10
5. হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
6. আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
7. পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
8. হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
9. তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
10. তুমি ৰাহব ক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।

প্রবচন 21:21-28
21. যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
22. জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে।
23. যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
24. গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।
25. এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
26. ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।
27. দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
28. মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব; কিন্তু কথা শুনা জনে, তেওঁ সকলো সময়ৰ বাবে কথা ক’ব।

পাঁচনি 27:1-26
1. পাছত যেতিয়া আমাৰ ইটালী দেশলৈ জাহাজেৰে যোৱাৰ কথা নিশ্চিত হ’ল, তেওঁলোকে পৌল আৰু অন্য কিছুমান কাৰাবন্দীক ৰাজাধিৰাজৰ সৈন্য দলৰ যুলিয় নামৰ এজন এশৰ সেনাপতিৰ হাতত শোধাই দিলে৷
2. আদ্ৰামুত্তিয়ৰ পৰা আহি থকা এখন জাহাজত আমি উঠিলো৷ এই জাহাজ খন এচিয়া দেশৰ সমুদ্ৰ-পথৰ উপকূলৰ কাষে কাষে যাত্ৰা কৰাৰ কথা আছিল৷ তাতে আমাৰ লগত থিচলনীকী নগৰৰ মাকিদনিয়াৰ আৰিষ্টাৰ্খ আছিল৷
3. পাছদিনা আমি চীদোন নগৰৰ পাৰত নামিলো৷
4. তাতে যুলিয়ই পৌলক দয়াৰে গণ্য কৰি বন্ধু-বান্ধৱ সকলৰ ওচৰলৈ গৈ প্ৰাণ জুৰাই আহিবলৈ দিলে৷ সেই ঠাইৰ পৰা আমি জলযাত্ৰা কৰি যাওঁতে সন্মুখত বতাহ পালোঁ, সেই বাবে কুপ্ৰ দ্ৱীপৰ কাষেদি যাবলৈ ললোঁ৷
5. পাছত কিলিকিয়াৰ আৰু পাম্ফুলিয়াৰ সন্মুখত থকা সাগৰ পাৰ হৈ, লুকিয়া দেশৰ ‘মুৰা নগৰ’ পালোঁ৷
6. সেই ঠাইতে এশৰ সেনাপতিয়ে, ইটালী দেশলৈ যোৱা আলেকজেন্দ্ৰিয়া নগৰৰ এখন জাহাজ লগ পোৱাত, আমাক তাতে তুলি দিলে৷
7. এনেদৰে বহু দিন লাহে লাহে গৈ, কোনো প্ৰকাৰে ক্লীদৰ ওচৰ পালোঁ, তাতে বতাহে আমাক বাধা দিয়াত আগুৱাই যাব নোৱাৰি, ক্ৰীতী দ্ৱীপৰ সুৰক্ষিত এলেকাৰ কাষে কাষে চল্‌মোনীৰ সন্মুখেদি আহি,
8. কোনো প্ৰকাৰে সুন্দৰ ঘুলি নামেৰে এখন ঠাই পালোঁ; এই ঠাইৰ ওচৰত লাচেয়া নগৰ আছিল৷
9. এইদৰে বহু সময় নষ্ট হ’ল আৰু আমাৰ সমুদ্ৰ-যাত্ৰাও অতি বিপদজ্জনক হৈ উঠিছিল; ইয়াৰ উপৰি আমাৰ উপবাস পর্বৰ দিনো পাৰ হৈ গ’ল, সেয়েহে পৌলে তেওঁলোকক পৰামর্শ দিব ধৰিলে;
10. তেওঁ ক’লে যে, “হে লোকসকল, মই দেখিছোঁ যে এই যাত্ৰাত আমাৰ বিপদ আৰু বহু ক্ষতি হব; ইয়াত আমাৰ অকল সামগ্ৰী আৰু জাহাজৰে নহয়; আনকি আমাৰ প্ৰাণো সংকটত পৰিব৷”
11. কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ জাহাজৰ পথ নির্মাণ কৰা লোক জনৰ আৰু জাহাজৰ গৰাকীৰ কথাতহে বেছি গুৰুত্ৱ দিলে৷
12. সেই বন্দৰটো শীতকালত থাকিবৰ বাবে বেছি সুবিধাজনক নোহোৱাত, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে থকা ক্ৰীতীৰ ফৈনীক বন্দৰ যদি কোনো প্ৰকাৰে পাব পাৰে, তাতে শীত কালৰ সময়খিনি থাকিবৰ আশাৰে বেছি ভাগ নাবিকে তালৈ যাবলৈ ওলোৱা বিষয়টোত মত দিলে৷
13. পাছত দক্ষিণৰ বতাহ অলপ বলিবলৈ ধৰাত, তেওঁলোকৰ অভিপ্ৰায় সিদ্ধ হোৱা বুলি ভাবি, জাহাজ মেলি ক্ৰীতীৰ ওচৰেদি যাবলৈ ধৰিলে৷
14. কিন্তু অলপ সময়ৰ পাছতে উৰাকুলো নামৰ বৰ ধুমুহা বতাহ দ্ৱীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ বলিব ধৰিলে;
15. তেতিয়া আমাৰ জাহাজ খন সেই ধুমুহাৰ মাজত সোমাই পৰিল৷ বাধা নেউচি আগবাঢ়িব নোৱাৰাত বতাহৰ গতিত চলি যাবৰ বাবে জাহাজ খনত পাল তৰি দিয়া হ’ল; তেতিয়া বতাহৰ বলতে জাহাজ খন চলি যাব ধৰিলে৷
16. এনেদৰে আমি কৌদা নামেৰে এটা সৰু দ্ৱীপৰ আঁৰে আঁৰে গৈ থাকিলো; তাতে কোনো প্ৰকাৰে জাহাজৰ লগত থকা সৰু নাও খন তুলি লবলৈ সক্ষম হ’ল৷
17. তাৰ পাছত নাও খন তুলি লৈ, তাত থকা ৰছী ব্যৱহাৰ কৰি কোনো প্ৰকাৰেৰে জাহাজ খন তলেদি মেৰাই বান্ধিলে; কিন্তু চুর্ত্তি নামৰ বালিৰ বাধাটোত জাহাজ খন লাগিব বুলি ভাবি ভয় খালে আৰু পাল নমাই দি, আগবাঢ়ি যাব ধৰিলে৷
18. তাতে ধুমুহাৰ প্ৰকোপ বাঢ়ি যোৱাত জাহাজ খন বেয়াকৈ ঢলং-পলং কৰিবলৈ ধৰাত, পাছদিনা তেওঁলোকে জাহাজ খনৰ পৰা কিছুমান সামগ্ৰী পেলাবলৈ ধৰিলে৷
19. তিনি দিনৰ দিনা তেওঁলোকে নিজ হাতে জাহাজৰ সঁজুলিবোৰ পেলাই দিলে৷
20. ধুমুহাৰ প্ৰকোপ ক্ৰমে বাঢ়ি থকাত আৰু কেইবাদিনলৈ সূর্য, তৰাও নোলোৱাকৈ থকাত আমাৰ প্ৰাণৰক্ষাৰ সকলো আশা নোহোৱা হৈছিল৷
21. তাতে তেওঁলোকে কেইবাদিনো লঘোনে থকাত, পৌলে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “হে লোকসকল, আপোনালোকৰ এই বিপদ আৰু ক্ষতি নহলেহেতেন যদি মোৰ কথা শুনি ক্ৰীতীৰ পৰা জাহাজ এৰি নিদিলেহেঁতেন৷
22. কিন্তু এতিয়াও মই আপোনালোকক উৎসাহ দিওঁ, অাপোনালোকে সাহস কৰক; কিয়নো আপোনালোকৰ মাজৰ কোনো জীৱৰে প্ৰাণ হানি নহব, মাত্ৰ জাহাজ খনৰহে ক্ষতি হ’ব৷
23. কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;
24. আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’
25. এই কাৰণে, হে মোৰ প্রিয় সকল, আপোনালোকে সাহস কৰক; কিয়নো মোক যেনেকৈ ক’লে, তেনেকৈ নিশ্চয় ঘটিব৷ ঈশ্ৱৰত মোৰ এনে বিশ্বাস আছে৷
26. কিন্তু আমি কোনো এটা দ্ৱীপত উঠিব লাগিব৷”