Instagram
English
A A A A A
নেহেমিয়া 3:1-31
1. প্ৰধান পুৰোহিত ইলিয়াচীব আৰু তেওঁৰ পুৰোহিত ভাইসকলে উঠি মেৰ-ছাগদুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰবোৰ পবিত্ৰ কৰি উৎসৰ্গ কৰিলে আৰু তাক যথাস্থানত লগালে। এইদৰে তেওঁলোকে এশ টা স্তম্ভ আৰু হননেলৰ স্তম্ভ পবিত্ৰকৃত কৰিলে।
2. তেওঁৰ পাছত যিৰীহোৰ লোকসকলে কাম কৰিলে, আৰু তেওঁলোকৰ পাছত ইম্ৰীৰ পুত্ৰ জক্কুৰে কাম কৰিলে।
3. হচচানাৱাৰ পুত্ৰসকলে মৎস্য-দুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰত চৌকাঠ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে।
4. মৰেমোতে তাৰ পাছৰ অংশ মেৰামতি কৰিলে। তেওঁ উৰিয়াৰ পুত্ৰ আছিল আৰু উৰিয়া হক্কোচৰ পুত্র আছিল। তেওঁলোকৰ পাছত মচুল্লমে মেৰামতি কৰিলে। তেওঁ বেৰেখিয়াৰ পুত্ৰ আৰু বেৰেখিয়া মচেজবেলৰ পুত্র আছিল। তেওঁৰ পাছত চাদোকে মেৰামতি কৰিলে। তেওঁ বানাৰ পুত্ৰ।
5. তেওঁলোকৰ পাছত তকোৱা লোকসকলে মেৰামতি কৰিলে, কিন্তু তেওঁলোকৰ তদাৰক কৰোঁতা জনৰ আদেশ তেওঁলোকৰ মূখ্য লোকসকলে অমান্য কৰিলে।
6. পচেহৰ পুত্ৰ যোয়াদা, আৰু বচোদিয়াৰ পুত্ৰ মচুল্লমে পুৰণি দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে চৌকাঠ লগাই তাত দুৱাৰখন লগালে, আৰু শলখা ও ডাং লগালে।
7. তেওঁলোকৰ পাছত গিবিয়োনীয়াৰ মলটিয়াৰ লগত মেৰোনোথীয়াৰ যাদোনে মেৰামতি কৰিলে। তেওঁলোক গিবিয়োন আৰু মিস্পাৰ মূখ্য লোক আছিল। নদীৰ সিপাৰে থকা যি প্রদেশত দেশাধ্যক্ষ আছিল, সেই খনেই মিস্পা নগৰ।
8. তেওঁৰ পাছত সোণাৰীসকলৰ এজন হৰ্হয়াৰ পুত্ৰ উজ্জীয়েলে মেৰামতি কৰিলে, আৰু তেওঁৰ পাছত গন্ধৰস প্রস্তুত কৰোঁতা হননিয়াই মেৰামতি কৰিলে। তেওঁলোকে বহল দেৱাললৈকে যিৰূচালেম পুনৰ সাজিলে।
9. তেওঁলোকৰ পাছত হুৰৰ পুত্ৰ ৰফায়াই মেৰামতি কৰিলে। তেওঁ যিৰূচালেম জিলাৰ আধা অংশত শাসন কৰিছিল।
10. তেওঁলোকৰ পাছত হৰূমফৰ পুত্ৰ যদায়াই নিজৰ ঘৰৰ ওচৰৰ দেৱালৰ অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত হচবনিয়াৰ পুত্ৰ হত্তুচ মেৰামতি কৰিলে।
11. হাৰীমৰ পুত্ৰ মল্কিয়া আৰু পহৎ-মোৱাবৰ পুত্ৰ হচুবে আন এটা অংশৰ সৈতে তন্দুৰৰ স্তম্ভ মেৰামতি কৰিলে।
12. তেওঁৰ পাছত যিৰূচালেম জিলাৰ আধা অংশৰ শাসনকৰ্তা হল্লোহেচৰ পুত্ৰ চল্লুমৰ সৈতে তেওঁৰ জীয়েকসকলে মেৰামতি কৰিলে।
13. হানুন আৰু জানোহৰ নিবাসীসকলে উপত্যকাৰ দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে তাক সাজি, তাত দুৱাৰ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে। তেওঁলোকে গোবৰ-দুৱাৰলৈকে এক হাজাৰ হাত মেৰামতি কৰিলে।
14. বৈৎহক্কেৰম জিলাৰ শাসনকৰ্তা ৰেখবৰ পুত্ৰ মল্কিয়াই গোবৰ-দুৱাৰ মেৰামতি কৰিলে। তেওঁ তাক সাজিলে আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে।
15. মিস্পা জিলাৰ শাসনকৰ্তা কল-হোজিৰ পুত্ৰ চল্লুনে ভুমুক-দুৱাৰ পুনৰ সাজিলে। তেওঁ তাক সাজি তাৰ ওপৰত ঢাকনি দিলে, আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে। তেওঁ যি খটখটিয়েদি দায়ুদৰ নগৰৰ পৰা নামি আহে, তাৰ পৰা ৰজাৰ বাৰীৰ ওচৰত থকা চেলোহ পুখুৰীলৈকে দেৱাল সাজিলে।
16. বৈৎ-চুৰ জিলাৰ আধা অংশত শাসন কৰা অজবুকৰ পুত্ৰ নহিমিয়াই দায়ুদৰ মৈদামবোৰৰ ঠাইৰ পৰা, মানুহে খনা পুখুৰীলৈকে, আৰু বীৰপুৰুষ সকলৰ ঘৰলৈকে মেৰামতি কৰিলে।
17. তেওঁৰ পাছত লেবীয়াসকলৰ সৈতে বানীৰ পুত্ৰ ৰহূমে মেৰামতি কৰিলে। তেওঁৰ পাছত কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হচবিয়াই নিজৰ জিলাৰ অৰ্থে মেৰামতি কৰিলে।
18. তেওঁৰ পাছত তেওঁলোকৰ দেশীয় লোকসকলৰ সৈতে কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হেনাদদৰ পুত্ৰ বব্বয়ে মেৰামতি কৰিলে।
19. তেওঁৰ পাছত মিস্পাৰ শাসনকৰ্তা যেচুৱাৰ পুত্ৰ এজৰে অস্ত্ৰ-গৃহৰ বিপৰীতে উঠি যোৱা বাটৰ আন এটা অংশৰ দেৱালৰ বাহিৰ ফালে দিয়া আলমৰ মেৰামতি কৰিলে।
20. তেওঁৰ পাছত জক্কয়ৰ পুত্ৰ বাৰূকে অতি আগ্ৰহেৰে আলমৰ পৰা প্ৰধান পুৰোহিত ইলিয়াচীবৰ ঘৰৰ দুৱাৰলৈকে এটা অংশ মেৰামতি কৰিলে।
21. তেওঁৰ পাছত মৰেমোতে, যিজন উৰিয়াৰ পুত্র আছিল, আৰু উৰিয়া হক্কোচৰ পুত্র। সেই মৰেমোতে ইলিয়াচীবৰ ঘৰৰ দুৱাৰৰ পৰা ইলিয়াচীবৰ ঘৰৰ শেষলৈকে এটা অংশ মেৰামতি কৰিলে।
22. তেওঁৰ পাছত যিৰূচালেমৰ চাৰিও সীমাৰ পৰা অহা লোকসকল আৰু পুৰোহিতসকলে মেৰামতি কৰিলে।
23. তেওঁলোকৰ পাছত বিন্যামীন আৰু হচুবে নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে। তেওঁলোকৰ পাছত অণিয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্ৰ অজৰিয়াই নিজৰ ঘৰৰ ওচৰত মেৰামতি কৰিলে।
24. তেওঁৰ পাছত হেনাদদৰ পুত্ৰ বিন্নুয়ে অজৰিয়াৰ ঘৰৰ পৰা আলমলৈকে এটা অংশ মেৰামতি কৰিলে।
25. উজয়ৰ পুত্ৰ পাললে আলমৰ বিপৰীতে ওপৰ ফালে ৰজাৰ গৃহৰ পৰা স্তম্ভৰ প্ৰহৰীৰ চোতাললৈকে মেৰামতি কৰিলে। তেওঁৰ পাছত পৰিয়োচৰ পুত্ৰ পদায়াই মেৰামতি কৰিলে।
26. তাৰ পাছত ওফেলত থকা মন্দিৰৰ দাসবোৰে পুব-দিশে জল-দুৱাৰৰ বিপৰীতে থকা প্রকল্পৰ স্তম্ভলৈকে মেৰামতি কৰিলে।
27. তেওঁৰ পাছত তকোৱাৰ লোকসকলে বাহিৰ ফালে থকা বৃহৎ স্তম্ভৰ বিপৰীতে ওফেলৰ দেৱাললৈকে আন এটা অংশ মেৰামতি কৰিলে।
28. অশ্ব-দুৱাৰৰ ওপৰ ফালৰ পৰা প্রতিজন পুৰোহিতে নিজৰ নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে।
29. তেওঁলোকৰ পাছত ইম্মেৰৰ পুত্ৰ চাদোকে নিজৰ ঘৰৰ বিপৰীতে থকা এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত পূব দুৱাৰৰ ৰখীয়া চখনিয়াৰ পুত্ৰ চময়িয়াই মেৰামতি কৰিলে।
30. তেওঁৰ পাছত চেলেমিয়াৰ পুত্ৰ হননিয়া আৰু চালফৰ ষষ্ঠ পুত্ৰ হানুনে আন এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত বেৰেখিয়াৰ পুত্ৰ মচুল্লমে নিজৰ কোঁঠালিৰ বিপৰীতে মেৰামতি কৰিলে।
31. তেওঁৰ পাছত সোণাৰী মল্কিয়াই মন্দিৰৰ দাস সকলৰ আৰু বণিকসকলৰ সাক্ষাত কৰা দুৱাৰৰ বিপৰীতে, চুকৰফালে ওপৰত থকা কোঁঠালৈকে মেৰামতি কৰিলে।

নেহেমিয়া 4:1-23
1. তাৰ পাছত চনবল্লটে যেতিয়া আমি দেৱাল নিৰ্ম্মাণ কৰাৰ কথা শুনিলে তেতিয়া তেওঁ ক্রোধত প্রজ্ৱলিত হৈ যিহুদীসকলক বিদ্ৰূপ কৰিলে।
2. চমৰিয়া সৈন্যৰ আৰু তেওঁৰ ভাইসকলৰ উপস্থিতিত তেওঁ ক’লে, “সেই দুৰ্ব্বল যিহুদীসকলে কি কৰি আছে? তেওঁলোকে নিজৰ বাবে পুনৰ নগৰ প্রতিষ্ঠা কৰিব নে? তেওঁলোকে বলিদান কৰিব নে? তেওঁলোকে একেদিনাই সেই কাম শেষ কৰিব নে? পোৰা ভগ্নস্তূপৰ তেওঁলোকে শিলবোৰক জীৱন্ত কৰিব নে?”
3. তেতিয়া তেওঁৰ সৈতে অম্মোনীয়া টোবিয়া আছিল আৰু তেওঁ ক’লে, “তেওঁলোকে যি দেৱাল সাজিছে, তাৰ ওপৰত যদি এটা শিয়ালো উঠে, তেন্তে তেওঁলোকৰ সেই শিলাময় দেৱাল ভাঙি পৰিব!”
4. হে আমাৰ ঈশ্বৰ শুনা, কিয়নো আমি ঘৃণিত হৈছোঁ। তেওঁলোকৰ উপহাস তেওঁলোকলৰ ওপৰতে পৰক আৰু তেওঁলোক যি দেশত বন্দিত্ৱত আছিল, তাত লুট কৰি নিয়া বস্তুৰ দৰে থাকিবলৈ দিয়ক।
5. তেওঁলোকৰ অপৰাধ ঢাকি নাৰাখিব আৰু তেওঁলোকৰ পাপ আপোনাৰ আগৰ পৰা মচি নেপেলাব, কিয়নো তেওঁলোকে দেৱাল সজা সকলৰ খং উঠাবলৈ উত্তেজিত কৰিছে।
6. সেয়ে আমি দেৱাল সাজিলোঁ, আৰু লোকসকলে আগ্রহৰে দেৱালবোৰ যোৰা লগাই দেৱালৰ উচ্চতাৰ আধালৈকে মেৰামতি কৰিলে।
7. যিৰূচালেমৰ দেৱাল মেৰামত কৰা কাম চলি আছে, আৰু তাৰ ভগা ঠাইবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰা হৈছে, ইয়াকে শুনি চনবল্লট আৰু টোবিয়াই, আৰু আৰবীয়া, অম্মোনীয়া, আৰু অচ্‌দোদীয়াৰ লোকসকল অতিশয় ক্ৰোধাম্বিত হ’ল।
8. তেওঁলোকে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ আৰু তাত বিসংগতিৰ সৃষ্টি কৰিবলৈ সকলোৱে একগোট হৈ চক্ৰান্ত কৰিলে।
9. কিন্তু আমি আমাৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁলোকৰ ভাবুকিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বিৰুদ্ধে দিনে ৰাতিয়ে প্রহৰী নিযুক্ত কৰিলোঁ।
10. তাৰ পাছত যিহূদাৰ লোকসকলে ক’লে, “তাত বহুতো ভগ্নস্তূপ আছে আৰু ভাৰ বোৱাসকলৰ শক্তি হ্রাস পোৱা কাৰণে আমি পুনৰ দেৱাল সাজিবলৈ অক্ষম হৈছোঁ।”
11. আমাৰ শত্রুবোৰে ক’লে, “আমি তেওঁলোকৰ মাজত সোমাই তেওঁলোকক বধ কৰি কাম বন্ধ নকৰালৈকে তেওঁলোকে নাজানিব আৰু নেদেখিবও।”
12. সেই সময়ত তেওঁলোকৰ ওচৰত থকা যিহুদীসকলে সকলো দিশৰ পৰা আহি তেওঁলোকে আমাৰ বিৰুদ্ধে কৰা আঁচনিৰ বিষয়ে আমাক দহবাৰলৈকে সতৰ্ক কৰি ক’লে।
13. সেয়ে মই দেৱালৰ তলভাগৰ মুকলি অংশত স্থিতি ললোঁ। মই প্রতি পৰিয়ালক নিজৰ নিজৰ স্থান দিলোঁ। তেওঁলোকৰ তৰোৱাল, যাঠী, আৰু ধনু আছিল।
14. মই চাই, থিয় হৈ প্ৰধান লোকসকল, অধ্যক্ষসকল, আৰু আন আন লোকসকলক ক’লো, “তোমালোকে তেওঁলোকৰ কাৰণে ভয় নকৰিবা। মহান আৰু ঐশ্বৰ্য্যৱান ঈশ্ৱৰক সোঁৱৰণ কৰা। তোমালোকৰ পৰিয়াল, পুত্র আৰু কন্যা, ভাৰ্যা আৰু তোমালোকৰ ঘৰৰ বাবে যুদ্ধ কৰা।”
15. আমাৰ শত্রুবোৰে যেতিয়া শুনিলে যে, আমি তেওঁলোকৰ পৰিকল্পনাৰ কথা গম পাইছোঁ, সেই সময়ত ঈশ্বৰে তেওঁলোকৰ পৰিকল্পনা ব্যৰ্থ কৰিলে। তেতিয়া, আমি সকলোৱে দেৱাললৈ ঘূৰি আহি নিজৰ নিজৰ কামত লাগিলোঁ।
16. মুখ্য লোকসকলে যেতিয়া যিহূদাৰ লোকসকলৰ পাছফালে থিয় আছিল, তেতিয়াৰে পৰা মোৰ দাস সকলৰ মাজৰ আধা সংখ্যক লোকে কেৱল দেৱালৰ পুনৰ নিৰ্ম্মাণৰ কাম কৰিলে আৰু আধা সংখ্যক লোকে যাঠী, ঢাল, আৰু ধনু আৰু যুদ্ধৰ বস্ত্র পিন্ধি থাকিল।
17. দেৱাল নিৰ্ম্মাণ কৰোঁতা, আৰু ভাৰ বওঁতাসকলে প্রতিজনে এখন হাতেৰে কাম কৰিছিল, আৰু আন খন হাতেৰে অস্ত্ৰ ধৰিছিল।
18. দেৱাল নিৰ্ম্মাণ কৰোঁতা প্ৰতিজনে কাষত তৰোৱাল লৈছিল আৰু সেইদৰেই কাম কৰিছিল। যি জনে তূৰী বজাইছিল তেওঁ মোৰ ওচৰত থিয় হৈছিল।
19. মই প্ৰধান লোকসকলক, কৰ্মচাৰী সকলক, আৰু অৱশিষ্ট লোকসকলক ক’লোঁ, “এই কৰ্ম বৃহৎ আৰু বিস্তৃত, আৰু আমি দেৱালৰ ওপৰত ইজনে সিজনৰ পৰা দুৰত থাকি পৃথকে আছোঁ।
20. তোমালোকে যি ঠাইত তূৰীৰ মাত শুনিবা, সেই ঠাইলৈ তৎক্ষণাত গৈ তোমালোকে সমবেত হ’বা। আমাৰ ঈশ্বৰে আমাৰ বাবে যুদ্ধ কৰিব।”
21. সেয়ে আমি এই কাৰ্য কৰি আছোঁ। তেওঁলোকৰ মাজত আধা সংখ্যক লোকে বেলি ওলোৱাৰ পৰা তৰা দেখালৈকে যাঠী ধৰি থাকে।
22. সেই সময়ত ময়ো লোকসকলক ক’লোঁ, “প্ৰতিজন লোক আৰু তেওঁৰ দাসে যিৰূচালেমৰ মাজত ৰাতিটো অতিবাহিত কৰক, সেয়ে তেওঁলোক ৰাতি আমাৰ ৰখীয়া হ’ব, আৰু দিনত কাম কৰিব।”
23. সেয়ে মই, নাইবা মোৰ ভাইসকল, মোৰ দাস সকল, আৰু মোক অনুসৰণ কৰা ৰখীয়াসকলৰ, কোনেও কাপোৰ সলনি কৰা নাছিলোঁ আৰু এনেকি পানী খাবলৈ যাওঁতেও প্ৰতিজনে নিজৰ অস্ত্ৰ কঢ়িয়াইছিলোঁ।

নেহেমিয়া 5:1-19
1. তাৰ পাছত লোকসকলে আৰু তেওঁলোকৰ ভাৰ্য্যাসকলে তেওঁলোকৰ যিহুদী ভাই সকলৰ কাৰণে উচ্চ স্ৱৰে কান্দিলে।
2. তেওঁলোকৰ মাজৰ কিছুমানে ক’লে, “আমি আমাৰ ল’ৰা-ছোৱালীৰ সৈতে বহুতো আছোঁ। সেয়ে আমি খাই জীয়াই থাকিবলৈ আমাক শস্য লাগে।”
3. তাত থকা কিছুলোকে ক’লে, “আমি আমাৰ পথাৰবোৰ, দ্ৰাক্ষাবাৰীবোৰ, আৰু আকালৰ সময়ত খাদ্যৰ বাবে আমাৰ ঘৰবোৰকো বন্ধক দিলোঁ।
4. আন কিছুলোকে ক’লে, “আমি আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰৰ ৰাজহ-কৰ দিবলৈ ধন ধাৰে আনিলোঁ।
5. যদিও আমাৰ শৰীৰৰ মাংস আৰু তেজ আমাৰ ভাইসকলৰ দৰেই একে, আৰু আমাৰ সন্তান সকলৰ দৰেই তেওঁলোকৰো সন্তান সকল একে। তথাপিও আমাৰ ল’ৰা-ছোৱালীক দাসত্বত বিক্রী কৰিবলৈ আমি বাধ্য। আমাৰ ছোৱালীসকলৰ মাজৰ কেইজনীমানক ইতিমধ্যে দাস কামৰ বাবে দিয়া হ’ল। কিন্তু এই ক্ষেত্রত সহায় কৰিবলৈ আমাৰ একো উপায় নাই, কাৰণ আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰ আন লোকৰ হ’ল।
6. মই যেতিয়া তেওঁলোকৰ কথা আৰু কাতৰোক্তি শুনিলোঁ, তেতিয়া মোৰ বৰ খং উঠিছিল।
7. তাৰ পাছত মই এই বিষয়ে চিন্তা কৰিলোঁ, আৰু প্ৰধান লোকসকল আৰু কৰ্মচাৰী সকলৰ বিৰুদ্ধে অভিযোগ আনিলোঁ। মই তেওঁলোকক ক’লো, “আপোনালোকে প্ৰতিজনে নিজৰ নিজৰ ভাইৰ পৰা সূত বেছিকৈ দাবী কৰি লৈছে।” মই তেওঁলোকৰ বিৰুদ্ধে মহাসভা পাতিলোঁ,
8. আৰু তেওঁলোকক ক’লোঁ, “দেশবোৰলৈ বিক্রী কৰা আমাৰ যিহুদীসকলক আমি সাধ্য অনুসাৰে মুকলি কৰি আনিলোঁ, কিন্তু তাৰ উপৰিও আপোনালোকে আপোনালোকৰ ভাই-ভনীসকলক বিক্রী কৰি আছে, সেই সকলক হয়তো আমালৈকে ঘূৰাই বিক্রী কৰিছে!” তাতে তেওঁলোক নিমাত হ’ল, আৰু একো উত্তৰ দিব নোৱাৰিলে।
9. মই পুনৰ ক’লোঁ, “আপোনালোকে যি কৰি আছে সেয়া ভাল নহয়। আমাৰ দেশৰ শত্রুবোৰে আমাক নিন্দা কৰাটো নিষেধ কৰিবলৈ আপোনালোকে আমাৰ ঈশ্বৰলৈ ভয় ৰাখি চলা উচিত নহয় নে?
10. মই আৰু মোৰ ভাইসকলে, আৰু মোৰ দাসবোৰেও তেওঁলোকক ধন আৰু শস্য ধাৰে দিছোঁ। কিন্তু আমি এই ধাৰৰ সূত লোৱা ব্যৱস্থা বন্ধ কৰা উচিত।
11. তেওঁলোকৰ পথাৰ, দ্ৰাক্ষাবাৰী, জিত গছৰ বাৰী, ঘৰবোৰ, আৰু তেওঁলোকৰ পৰা আদায় কৰা ধন, শস্য, নতুন দ্ৰাক্ষাৰস আৰু তেল যিবোৰ আপোনালোকে দাবী কৰি লৈছিল সেই সকলো আজিয়েই তেওঁলোকক ওভটাই দিয়ক।”
12. তেতিয়া তেওঁলোকে ক’লে, “আমি তেওঁলোকৰ পৰা যিবোৰ লৈছোঁ সেইবোৰ ওভটাই দিম, আৰু তেওঁলোকৰ পৰা একো নিবিচাৰোঁ। আপুনি কোৱাৰ দৰেই আমি কৰিম।” তাৰ পাছত মই পুৰোহিতসকলক মাতি আনিলোঁ, আৰু তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰে কৰিবলৈ তেওঁলোকক শপত খুৱালোঁ।
13. মই মোৰ কাপোৰৰ ভাজ জোকাৰি ক’লো, “সেয়ে যি কোনোৱে এই প্রতিজ্ঞা পালন নকৰে, ঈশ্ৱৰে তেওঁক তেওঁৰ ঘৰৰ আৰু অধিকাৰৰ পৰা এইদৰেই জোকাৰি পেলাওক। সেয়ে তেওঁক জোকৰা হওক আৰু উদং কৰা হওক।” গোটেই সমাজে ক’লে, “আমেন,” আৰু তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰিলে। লোকসকলে তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰেই কাৰ্য কৰিলে।
14. সেয়ে সেই সময়ৰ পৰা মই যিহূদা দেশত ৰজা অৰ্তক্ষত্ৰ ৰাজত্ব কালৰ বিশ বছৰৰ পৰা বত্ৰিশ বছৰলৈকে তেওঁলোকৰ দেশাধ্যক্ষ নিযুক্ত হৈছিলোঁ। নহয় মই নাইবা মোৰ ভাইসকলে এই বাৰ বছৰ দেশাধ্যক্ষৰ বাবে যোগান ধৰা আহাৰ খোৱা নাছিলোঁ।
15. কিন্তু পূৰ্বতে থকা দেশাধ্যক্ষসকল যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল, আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দ্ৰাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে চল্লিশ চেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাস সকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ।
16. মই দেৱালৰ কামো একেৰাহে কৰি আছিলোঁ, আৰু আমি মাটি কিনা নাছিলোঁ। মোৰ সকলো দাস সকলে কামৰ বাবে সেই ঠাইলৈ আহি গোট খালে।
17. আমাৰ চাৰিওফালে থকা দেশৰ মাজৰ পৰা যি সকল লোক আমাৰ ওচৰলৈ আহিছিল, তেওঁলোকৰ উপৰিও মোৰ মেজত বহা যিহুদী আৰু কৰ্মচাৰী লোকসকল সৰ্ব্বমুঠ এশ পঞ্চাশ জন আছিল।
18. সেই সময়ত প্ৰতিদিনেই এটা ষাঁড়-গৰু, ছটা উত্তম মেৰ-ছাগ, আৰু চৰাইবোৰো প্রস্তুত কৰা হৈছিল, আৰু প্রতি দহ দিনত সকলো বিধৰ দ্ৰাক্ষাৰস অধিক পৰিমাণে যুগুত কৰা হৈছিল। তথাপিও এই সকলোৰ বাবে মই দেশাধ্যক্ষৰ আহাৰৰ খৰছ দাবী কৰা নাছিলোঁ, কাৰণ লোকসকলৰ বাবে এই দাবী অসুবিধাজনক হ’লহেঁতেন।
19. হে মোৰ ঈশ্বৰ, এই লোকসকলৰ অৰ্থে মই যিবোৰ কাম কৰিলোঁ, তাৰ বাবে মোক সোঁৱৰণ কৰক।

সামসঙ্গীত 89:1-4
1. মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।
2. মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
3. তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
4. ‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম; বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম’।” (চেলা)।

প্রবচন 21:21-27
21. যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
22. জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে।
23. যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
24. গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।
25. এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
26. ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।
27. দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।

পাঁচনি 26:1-32
1. যেতিয়া আগ্ৰিপ্পই পৌলক নিজৰ পক্ষত কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে।
2. তেওঁ ক’লে, “হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷
3. ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই সকলোবোৰৰ বিষয়ে আপোনাৰ জ্ঞান আছে; সেই বাবেই বিনয় কৰোঁ আপুনি যেন ধৈর্য ধৰি মোৰ কথাবোৰ শুনে৷
4. মোৰ জীৱন-যাপনৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোক সকলে আৰু যিৰূচালেমত থকা সকলো ইহুদী লোকে জানে৷
5. ইয়াৰ উপৰি তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কিদৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷
6. ঈশ্ৱৰে আমাৰ পূর্বপুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছোঁ ৷
7. সেই প্ৰতিজ্ঞাৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে-দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷
8. ঈশ্ৱৰে যদি মৃত লোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্বাস বোধ কৰিছে?
9. ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ,
10. আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ প্ৰধান পুৰোহিতৰ পৰা অধিকাৰ পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷
11. এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমূহলৈকো যাত্ৰা কৰিছিলোঁ৷
12. এইদৰে প্ৰধান পুৰোহিতৰ সকলৰ পৰা অধিকাৰ আৰু আজ্ঞা-পত্ৰ পোৱাৰ পাছত, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে,
13. হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
14. তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান’;
15. তেতিয়া মই সুধিলো, ‘হে প্ৰভু, আপুনি কোন?’ তেতিয়া প্ৰভুৱে ক’লে, ‘যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷
16. এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পাছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হ’বৰ বাবে তোমাক দাস ৰূপে মনোনীত কৰিবলৈ মই দর্শন দিলোঁ;
17. আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
18. এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈ আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ৷’”
19. পৌলে এনেদৰে পুনৰ ক’বলৈ ধৰিলে, “হে ৰজা আগ্ৰিপ্প, মই সেই স্বৰ্গীয় দর্শনক অমান্য নকৰি,
20. দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলোঁ, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷
21. সেই কাৰণে ইহুদী সকলে মন্দিৰত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল ৷
22. এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছোঁ আৰু সকলোৰে সন্মূখত সাক্ষ্য দিছোঁ৷ সেই মহান জনাৰ বিষয়ে ক’বলৈ যাওতে ভাববাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে আন একো কথা কোৱা নাই;
23. আৰু খ্ৰীষ্ট দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃত লোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়েহে মই সৰু বৰ সকলোৰে আগত ক’লো৷”
24. তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে, ফীষ্টে বৰ মাতেৰে ক’লে, “হে পৌল, তুমি বলীয়া হৈছা; সৰহ বিদ্যাই তোমাক বলীয়া কৰিছে৷”
25. কিন্তু পৌলে ক’লে, “হে মহামহিম ফীষ্ট, মই বলীয়া হোৱা নাই; সত্য আৰু সুবোধৰ কথাহে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷
26. কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷ মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷
27. হে ৰজা আগ্ৰিপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্বাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে৷”
28. তেতিয়া আগ্ৰিপ্পই পৌলক ক’লে, “তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷”
29. কিন্তু পৌলে ক’লে, “অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলোভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷”
30. তেতিয়া ৰজা, দেশাধিপতি, বৰ্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোক সকলে উঠি,
31. আতৰ হৈ গৈ পৰষ্পৰে কথা-বাৰ্ত্তা কৰি ক’লে, “এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷”
32. তেতিয়া আগ্ৰিপ্পই ফীষ্টক কলে, “এই মানুহ জনে চীজাৰৰ ওচৰত আপীল নকৰা হ’লে মুকলি হব পাৰিলেহেঁতেন৷”