A A A A A

নেহেমিয়া 1:1-11
1. হখলিয়াৰ পুত্র নহিমিয়াৰ কথা: বিশ বছৰৰ কিচ্লেব মাহত মই চুচন নগৰৰ দুৰ্গত থাকোঁতে, এইদৰে হৈছিল।
2. তেতিয়া হনানী নামৰ মোৰ এজন ভাই যিহূদাৰ পৰা কিছুমান লোকৰ সৈতে আহিছিল। মই তেওঁলোকক বন্দীত্বৰ পৰা ৰক্ষা পোৱা ইহুদী লোকসকলৰ উপৰিও যিসকল ইহুদী লোক তাত আছিল, সেই সকলৰ বিষয়ে আৰু যিৰূচালেম চহৰৰ বিষয়ে সুধিছিলো।
3. তেতিয়া তেওঁলোকে মোক ক’লে, “বন্দীত্বৰ পৰা ৰক্ষা পোৱা লোকসকল সমস্যা আৰু অপমানেৰে জৰ্জৰিত হৈ আছে। কিয়নো যিৰূচালেমৰ দেৱাল ভাঙি মুকলি হৈ আছে আৰু দুৱাৰবোৰ জুইৰে পোৰা হৈছে।”
4. এই কথা শুনাৰ লগে লগে, মই বহি ক্ৰন্দন কৰিলোঁ, আৰু মই কিছুদিন শোক কৰি লঘোন দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।
5. মই কলোঁ, “হে যিহোৱা, আপুনি স্বৰ্গৰ ঈশ্বৰ, আপুনি মহান আৰু ঐশ্বৰ্য্যৱান, আপোনাক প্ৰেম কৰোঁতা আৰু আপোনাৰ আজ্ঞা পালন কৰোঁতা সকললৈ আপোনাৰ নিয়ম আৰু দয়া কেনে মহান।
6. আপোনাৰ দাস ইস্ৰায়েলী লোকসকলৰ অৰ্থে মই আপোনাৰ আগত দিনে-ৰাতিয়ে কৰা প্ৰাৰ্থনা শুনক আৰু মোলৈ দৃষ্টি কৰক। আমি আপোনাৰ বিৰুদ্ধে যি পাপ কৰিলোঁ, এনে কি মই, আৰু মোৰ পিতৃ পৰিয়ালেও যি পাপ কৰিলে, তাৰ বাবে মই ইস্রায়েলী লোকসকলৰ হৈ পাপ স্বীকাৰ কৰিছোঁ।
7. আমি আপোনাৰ বিৰুদ্ধে বহুতো পাপ কৰ্ম কৰিলোঁ, আৰু আপুনি আপোনাৰ দাস মোচিক দিয়া আজ্ঞা, বিধি, আৰু শাসন প্ৰণালীবোৰ পালন নকৰিলোঁ।
8. বিনয় কৰোঁ, আপুনি আপোনাৰ দাস মোচিক আজ্ঞা কৰা বাক্য সোঁৱৰণ কৰক। আপুনি মোচিক কৈছিল, “যদি তোমালোকে অবিশ্ৱাসীৰ দৰে কাৰ্য কৰা, মই তোমালোকক দেশৰ মাজত ছিন্ন-ভিন্ন কৰিম,
9. কিন্তু যদি তোমালোকে মোলৈ ঘুৰি আহাঁ, আৰু মোৰ আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন-ভিন্ন হৈ থাকিলেও, মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম, আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম’।
10. তেওঁলোকেই আপোনাৰ দাস আৰু প্ৰজা, যাক আপুনি আপোনাৰ মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মুক্ত কৰিলে।
11. হে যিহোৱা, বিনয় কৰোঁ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা শুনক, আৰু যিসকলে আপোনাৰ নাম গৌৰৱাম্বিত কৰি আনন্দিত হয়, তেওঁলোকৰো প্ৰাৰ্থনা শুনক। বিনয় কৰোঁ, আজি আপোনাৰ এই দাসক কৃতকাৰ্য হ’বলৈ দিয়ক, আৰু এই ব্যক্তিৰ সাক্ষাতে তেওঁক অনুগ্ৰহ দান কৰক।” মই ৰজাৰ পান-পাত্ৰ ধৰোঁতাৰূপে সেৱা কৰিছিলোঁ।

নেহেমিয়া 2:1-20
1. ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বিশ বছৰৰ নীচান মাহত, তেওঁ দ্ৰাক্ষাৰস বাছি ল’লে, আৰু মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেয়ে মই ৰজাৰ আগত কেতিয়াও মুখ মলিন কৰা নাই।
2. কিন্তু ৰজাই মোক ক’লে, “তোমাৰ মুখ কিয় মলিন হৈছে? তোমাক অসুখীয়া যেন লগা নাই জানো। নিশ্চয় এয়া আন্তৰিক বেদনা।” তেতিয়া মোৰ অতিশয় ভয় লাগিল।
3. মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।
4. তেতিয়া ৰজাই মোক ক’লে, “মই কি কৰাটো তুমি বিচাৰিছা?” সেয়ে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।
5. মই ৰজাক উত্তৰ দি কলোঁ, “যদি মহাৰাজে ভাল দেখে, আৰু আপোনাৰ এই দাসে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক মোৰ পিতৃসকলৰ মৈদামৰ নগৰ যিহূদালৈ পঠিয়াই দিয়ক, মই তাক পুনৰাই সাজিম।”
6. ৰজাই মোক উত্তৰ দিলে, (আৰু তেওঁৰ ৰাণীও তেওঁৰ কাষত বহি আছিল), “তুমি কিমান দিনৰ বাবে যাবা আৰু কেতিয়া উভতি আহিবা?” মই যেতিয়া তেওঁক নিৰূপিত সময়ৰ কথা দিলোঁ, তেতিয়া ৰজাই আনন্দেৰে মোক পঠিয়াই দিলে।
7. তাৰ পাছত মই ৰজাক ক’লোঁ, “যদি ৰজা এই কথাত সন্তোষ পাইছে, তেনেহলে নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ বাবে লিখা চিঠি মোক দিব পাৰে, যাতে যিহূদালৈ যাওঁতে তেওঁলোকৰ দেশ পাৰ হ’বলৈ তেওঁলোকে মোক অনুমতি দিয়ে।
8. ৰজাৰ বনাঞ্চল ৰখীয়া আচফলৈও এখন চিঠি দিব পাৰে, যাতে মন্দিৰৰ কাষত থকা দুৰ্গৰ দুৱাৰৰ চৌকাঠ, নগৰৰ দেৱাল, আৰু যি গৃহত মই থাকিম সেই সকলোৰ বাবে তেওঁ মোক যেন কাঠ দিয়ে।” মোৰ ওপৰত ঈশ্বৰৰ মঙ্গলময় হাত থকাত, ৰজাই মোৰ অনুৰোধবোৰ গ্রহণ কৰিলে।
9. মই নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ ওচৰলৈ আহিলোঁ আৰু ৰজাৰ পত্ৰবোৰ তেওঁলোকক দিলোঁ। ৰজাই মোৰ লগত সৈন্য সমূহৰ কৰ্মচাৰী আৰু অশ্বাৰোহী পঠাইছিল।
10. ইস্ৰায়েলৰ লোকসকলক সহায় কৰিবলৈ কোনো এজন ব্যক্তি আহি থকা কথা যেতিয়া, হোৰোণীয়া চনবল্লট আৰু অম্মোনীয়া টোবিয়া দাসে শুনিলে, তেতিয়া তেওঁলোকে অতিশয় বেজাৰ পালে।
11. মই যিৰূচালেমলৈ আহিলোঁ, আৰু তাত তিনি দিন থাকিলোঁ।
12. মই ৰাতিয়ে উঠিলো, তাতে মই আৰু কেইজন মান পুৰুষ মোৰ সৈতে আছিল। যিৰূচালেমৰ অৰ্থে যি কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ মনত উদগণি দিলে, সেই কথা মই কাৰো আগত নক’লোঁ। মই উঠি অহা জন্তুটোৰ বাহিৰে আন কোনো জন্তু মোৰ লগত নাছিল।
13. মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই গৈ, যিৰূচালেমৰ ভগা দেৱাল আৰু জুয়ে পোৰা দুৱাৰবোৰ পৰীক্ষণ কৰি নাগ নাদ আৰু গোবৰ-দুৱাৰলৈকে গ’লোঁ।
14. তাৰ পাছত মই ভুমুক-দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গ’লোঁ। মই উঠি যোৱা জন্তুটো যাবৰ বাবে সেই ঠাই অতি ঠেক আছিল।
15. সেয়ে মই ৰাতি উপত্যকায়েদি ওপৰলৈ উঠি গৈ দেৱাল চালোঁ, আৰু উপত্যকাৰ দুৱাৰেদি সোমাই মই উভতি আহিলোঁ।
16. মই ক’লৈ গৈছিলোঁ, আৰু কি কৰিলোঁ, সেই বিষয়ে শাসনকৰ্ত্তাসকলে জনা নাছিল। তেতিয়ালৈকে মই যিহুদীসকলক, বা পুৰোহিতসকলক, বা প্ৰধান লোকসকলক, বা শাসনকৰ্ত্তাসকলক, বা অৱশিষ্ট যিসকল লোকে কাম কৰিছিল, তেওঁলোককো একো কোৱা নাছিলোঁ।
17. মই তেওঁলোকক ক’লো, “আমি কেনে দুৰৱস্থাত আছোঁ, যিৰূচালেম কেনেকৈ উচ্ছন্ন হৈ পৰি আছে, আৰু তাৰ দুৱাৰবোৰ কেনেকৈ জুয়ে পুৰিলে, সেইবোৰ আপোনালোকে দেখিছে। আহক, আমি যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰোঁ, তেতিয়া আমি পুনৰ অপমানিত হ’বলৈ কোনো কাৰণ নাথাকিব।”
18. মই তেওঁলোকক ইয়াকো ক’লো যে, “ঈশ্বৰৰ মঙ্গলময় হাত মোৰ ওপৰত আছে;” আৰু ৰজাই মোক যি কথা কৈছিল, সেই কথাও তেওঁলোকক জনালোঁঁ। তেওঁলোকে ক’লে, “আহক আমি নিৰ্ম্মাণ কাৰ্যৰ বাবে সাজোঁ হওঁহক।” সেয়ে তেওঁলোকে সেই উত্তম কাৰ্যৰ অৰ্থে নিজৰ হাত সবল কৰিলে।
19. কিন্তু হোৰোণীয়া চনবল্লট,অম্মোনীয়া টোবিয়া দাস আৰু আৰবীয়া গেচমে এই কথা শুনি আমাক উপহাস কৰিলে; আৰু আমাক হেয়জ্ঞান কৰি ক’লে, “তোমালোকে কি কৰি আছা? তোমালোকে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছা নে?”
20. তেতিয়া মই তেওঁলোকক উত্তৰ দি ক’লো, “স্বৰ্গৰ ঈশ্বৰেই আমাক কৃতকাৰ্য কৰিব। আমি তেওঁৰ দাস আৰু আমি নিৰ্ম্মাণ কাৰ্য কৰিম। কিন্তু যিৰূচালেমত তোমালোকৰ ভাগ কি অধিকাৰ নাই আৰু যিৰূচালেমত ইতিহাসতো তোমালোকৰ কোনো স্বত্ব নাছিল।

সামসঙ্গীত 88:11-18
11. মৈদামত জানো তোমাৰ গভীৰ প্রেমৰ বৰ্ণনা আৰু বিনাশৰ ঠাইত জানো তোমাৰ বিশ্বস্ততাৰ কথা প্ৰচাৰ কৰা হব?
12. অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম জনা যাব? যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্মিকতাৰ কার্য জনা যাব?
13. হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ, ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।
14. হে যিহোৱা, কিয় তুমি মোক ত্যাগ কৰিছা? তোমাৰ মুখ মোৰ পৰা কিয় লুকুৱাই ৰাখিছা?
15. মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ; মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছোঁ। মই হতাশ হৈ পৰিছো।
16. তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে; তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।
17. সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে; চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে।
18. মোৰ প্রিয়জন আৰু বন্ধুসকলক তুমি মোৰ পৰা দূৰ কৰিলা; এতিয়া অন্ধকাৰেই মোৰ সংগী।

প্রবচন 21:25-26
25. এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
26. ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।

পাঁচনি 25:1-27
1. ফীষ্ট সেই প্ৰদেশলৈ আহি, তিন দিনৰ পাছত চীজাৰিয়াৰ পৰা যিৰূচালেমলৈ গ’ল।
2. তাতে প্ৰধান পুৰোহিত সকলে আৰু ইহুদী সকলৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে দৃঢ়ভাৱে জনালে৷
3. এনে উদ্দেশ্যেৰে ফীষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে, যাতে তেওঁ মানুহ পঠাই পৌলক যিৰূচালেমলৈ লৈ আহে, আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে।
4. কিন্তু ফীষ্ট তেওঁলোকক উত্তৰ দিলে, যে পৌলক চীজাৰিয়াত বন্দী কৰি ৰখা হৈছে আৰু সেয়েহে সোনকালে তেওঁ নিজে তালৈকে যাব।
5. গতিকে, তেওঁ ক’লে, “যদি সেই মানুহৰ কোনো দোষ আছে, তেনেহলে তোমালোকৰ মাজৰ কেইজনমান শক্তিমন্ত লোকে মোৰে সৈতে গৈ, তেওঁৰ ওপৰত গোচৰ কৰক৷”
6. পাছত তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ চীজাৰিয়ালৈ গুচি গ’ল৷ পাছদিনা তেওঁ বিচাৰৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে।
7. পাছত তেওঁ উপস্থিত হোৱাত যিৰূচালেমৰ পৰা অহা ইহুদী সকলে তেওঁৰ চাৰিওফালে থিয় হৈ, তেওঁক অনেক বিষয়ত গুৰুতৰ দোষ দিব ধৰিলে, কিন্তু তেওঁলোকে একো প্ৰমাণ দেখুৱাব নোৱাৰিলে।
8. তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি ক’ব ধৰিলে, “ইহুদী সকলৰ বিধানৰ, বা মন্দিৰৰ, বা চীজাৰৰ বিৰুদ্ধ মই একো পাপ কৰা নাই।”
9. কিন্তু ফীষ্টে ইহুদীসকলৰ প্ৰিয়পাত্ৰ হোৱাৰ ইচ্ছা কৰিলে। তেওঁ উত্তৰ দি পৌলক ক’লে, “তুমি যিৰূচালেমলৈ গৈ, তাতে মোৰ আগত এইবোৰৰ বিষয়ে, তোমাৰ সোধ-বিচাৰ হবলৈ ইচ্ছা কৰা নে?”
10. পৌলে ক’লে, “মই চীজাৰৰ বিচাৰৰ আসনৰ আগত থিয় হৈ আছোঁ; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যে ইহুদীসকলৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালদৰে জানি আছে।
11. এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰিলোঁ, তেনেহলে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেখেতসকলে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেনেহলে তেখেত সকলৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই চীজাৰক আপীল কৰোঁ।”
12. তেতিয়া ফীষ্টে মন্ত্ৰী সকলৰ সৈতে পৰামৰ্শ কৰি পৌলক ক’লে, “তুমি চীজাৰত আপীল কৰিলা; এতিয়া তোমাক চীজাৰৰ আগলৈ লৈ যোৱা হ’ব৷”
13. কিছুদিনৰ পাছত ৰজা আগ্ৰিপ্প আৰু বৰ্ণীকী চীজাৰিয়ালৈ আহি ফীষ্টক মঙ্গলবাদ কৰিলে।
14. তেওঁ তাত বহু দিন থকাত, ফীষ্টে ৰজাৰ আগত পৌলৰ বিষয়ে জনালে; তেওঁ ক’লে, “ফীলিক্সে বন্দী কৰি ৰখা এজন বন্দীয়াৰ ইয়াত আছে।
15. যেতিয়া মই যিৰূচালেমত আছিলোঁ, তেতিয়া ইহুদী সকলৰ প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁৰ বিষয়ে মোক জনাই, বিচাৰ আৰু দণ্ডাজ্ঞা যাচনা কৰিছিল।
16. তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।
17. তেতিয়া তেখেতসকলে আহি ইয়াতে গোট খোৱাত, অলপো পলম নকৰি, পাছ দিনাই মই বিচাৰৰ আসনত বহিলোঁ, আৰু বন্দী কৰি ৰাখি থোৱা মানুহ জনক আনিবলৈ আজ্ঞা দিলোঁ।
18. পাছত গুচৰীয়াবোৰে তেওঁৰ চাৰিওফালে থিয় হৈ, যি দুষ্কৰ্মৰ অপবাদ তেখেত সকলে দিব বুলি মই ভাবিছিলো, এনে একো অপবাদ নিদিলে৷
19. কিন্তু তেখেত সকলে নিজৰ ধৰ্মৰ বিষয়ে আৰু পৌলে যি জনক জীয়াই উঠা বুলি কৈছিল, এনে যীচু নামৰ কোনো মৃত এজনৰ বিষয়কলৈহে তেখেত সকলৰ মত-পাৰ্থক্য আছিল।
20. তাতে এনেকুৱা বাদ-বিচাৰৰ বিষয়বোৰত সংশয় কৰি মই তেওঁক সুধিলো, তুমি যিৰূচালেমলৈ গৈ, এইবোৰৰ বিষয়ে তোমাৰ সোধ-বিচাৰ হবলৈ মন কৰা নে?
21. কিন্তু পৌলে ৰাজাধিৰাজৰ ওচৰত সোধ-বিচাৰৰ পৰা নিস্পত্তি পাবৰ বাবে ৰক্ষিত থাকিবলৈ আপীল কৰাত, মই চীজাৰিয়ালৈ নপঠিওঁৱালৈকে, তেওঁক ৰাখিবলৈ আজ্ঞা দিলোঁ।”
22. তেতিয়া আগ্ৰিপ্পই ফীষ্টক ক’লে, “সেই মানুহ জনৰ কথা শুনিবলৈ মোৰ মন গৈছে৷” ফীষ্টে ক’লে, “কালিলৈ তেওঁৰ কথা শুনিবলৈ পাব৷”
23. পাছদিনা আগ্ৰিপ্প আৰু বৰ্ণীকী বৰ প্ৰতাপেৰে আহি, হাজাৰৰ সেনাপতি সকলক আৰু নগৰৰ মানুহবোৰৰ সৈতে ৰাজদৰবাৰত সোমাল আৰু ফীষ্টৰ আজ্ঞাৰে পৌলক তেওঁলোকৰ আগলৈ নিয়া হ’ল।
24. তেতিয়া ফীষ্টে ক’লে, “হে ৰজা আগ্ৰিপ্প আৰু আমাৰ সৈতে ইয়াত উপস্থিত থকা লোক সমূহ৷ আপোনালোকে এই মানুহ জনক যে দেখিছে, এই জনেই সেই ব্যক্তি; যি জনৰ বিষয়ে যিৰূচালেমৰ আৰু ইয়াত থকা ইহুদী লোক সকলেও মোৰ আগত আবেদন কৰি আটাহ পাৰি কৈছিল, ই আৰু জীয়াই থকা উচিত নহয়।
25. কিন্তু মই জানিব পাৰিলোঁ, এওঁ প্ৰাণদণ্ডৰ যোগ্য একো কৰা নাই; আৰু এওঁ নিজে ৰাজাধিৰাজৰ ওচৰত আপীল কৰাৰ বাবে মই পঠাবলৈ নিশ্চয় কৰিলোঁ৷
26. কিন্তু আমাৰ ৰাজাধিৰাজলৈ ইয়াৰ বিষয়ে লিখিবলৈ একো নিশ্চয়তা নাপালোঁ। এই কাৰণে এওঁক আপোনালোকৰ আগলৈ আনিলো৷ এতেকে সোধ-বিচাৰ কৰাৰ পাছত, মই যাতে লিখিবৰ বাবে কোনো কথা পাওঁ, হে আগ্ৰিপ্প ৰজা, সেয়েহে বিশেষকৈ আপোনাৰ আগলৈ ইয়াক আনিলো।
27. কিয়নো কোনো বন্দীয়াৰক পঠাওঁতে, তেওঁৰ অহিতে দিয়া অপবাদ নজনোৱাতো, মই অযুক্তিকৰ যেন দেখো।”