A A A A A

এজরা 5:1-17
1. তাৰ পাছত হগ্গয় ভাবাদী আৰু ইদ্দোৰ পুত্ৰ জখৰিয়া ভাববাদীয়ে, যিহূদা আৰু যিৰূচালেমত থকা যিহূদী লোকসকলৰ আগত ইস্ৰায়েলৰ ঈশ্বৰৰ নামত ভাববাণী প্ৰচাৰ কৰিলে।
2. চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, আৰু যোচাদকৰ পুত্ৰ যেচুৱাৰ লগতে যিসকলে তেওঁলোকক উদগণি দিছিল, সেই ভাববাদীসকলৰ সৈতে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কাৰ্য আৰম্ভ কৰিলে।
3. নদীৰ সিপাৰে থকা শাসনকৰ্ত্তা তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে তেওঁলোকৰ ওচৰলৈ আহি ক’লে, “এই গৃহ সাজিবলৈ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ তোমালোকক কোনে আজ্ঞা দিলে?”
4. তেওঁলোকে পুনৰ ক’লে, “যি লোকসকলে এই গৃহ নিৰ্ম্মাণ কৰি আছে, তেওঁলোকৰ নাম কি?”
5. কিন্তু ঈশ্বৰৰ দৃষ্টি যিহূদীৰ বৃদ্ধ লোকসকলৰ ওপৰত আছিল, আৰু তেওঁলোকে কাৰ্য বন্ধ নকৰিলে। ৰজা দাৰিয়াবচৰ পৰা অহা আজ্ঞালৈ তেওঁলোকে অপেক্ষা কৰিলে।
6. এইখন দাৰিয়াবচ ৰজালৈ তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰী কৰ্মচাৰীসকলে লিখা পত্ৰ।
7. তেওঁলোকে দাৰিয়াবচ ৰজালৈ এখন প্রতিবেদন লিখি পঠালে, “আপোনাৰ চাৰিওদিশে মঙ্গল হওঁক।
8. মহাৰাজে জ্ঞাত হওঁক, যে, আমি যিহূদাত মহান ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। তাক বৰ বৰ শিলেৰে নিৰ্ম্মাণ কৰা হৈছে, আৰু দেৱালত কাঠ লগোৱা হৈছে। এই কাৰ্য পুঙ্খানুপুঙ্খ ভাৱে কৰা হৈছে, আৰু তেওঁলোকৰ হাতৰ দ্বাৰাই এই কাৰ্য সুন্দৰভাৱে আগবাঢ়ি গৈছে।
9. আমি বৃদ্ধসকলক সুধিলোঁ, ‘এই গৃহ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ আপোনালোকক কোনে আজ্ঞা দিলে’।
10. লগতে যি সকলে তেওঁলোকক নেতৃত্ব দি আছে সেই লোকসকলৰ নাম জানিবৰ বাবে আমি তেওঁলোকৰ নামো সুধিলোঁ।
11. তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ যি ঈশ্ৱৰ তেওঁৰ আমি দাস, আমি এই গৃহ পুনৰ নিৰ্ম্মাণ কৰি আছোঁ। যি গৃহ বহু বছৰৰ আগতেই ইস্ৰায়েলৰ এজন মহান ৰজাই নিৰ্ম্মাণ কৰি সম্পূৰ্ণ কৰিছিল।
12. সেয়ে, যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে, স্বৰ্গৰ ঈশ্বৰৰ ক্ৰোধ প্রজ্বলিত কৰিছিল তেতিয়া বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত ঈশ্ৱৰে তেওঁলোকক শোধাই দিছিল আৰু ৰজা নবূখদনেচৰে এই গৃহ নষ্ট কৰিছিল আৰু লোকসকলক বাবিললৈ বন্দী কৰি লৈ গৈছিল।
13. তথাপি, বাবিলৰ কোৰচ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত, কোৰচ ৰজাই ঈশ্বৰৰ এই গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা জাৰি কৰিলে।
14. ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু আছিল, সেইবোৰ নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা বাবিলৰ মন্দিৰলৈ লৈ গৈছিল। সেইবোৰো কোৰচ ৰজাই ঘূৰাই দিছিল। তেওঁ নিযুক্ত কৰা অধ্যক্ষ চেচবচৰক সেইবোৰ পুনৰ গতাই দিয়ে।
15. ৰজাই তেওঁক কৈছিল, ‘এইবোৰ বস্তু লৈ যোৱা আৰু যিৰূচালেমৰ মন্দিৰত ৰাখা। ঈশ্বৰৰ গৃহ সেই ঠাইত পুনৰ নিৰ্ম্মাণ কৰা হওঁক’।
16. তাৰ পাছত চেচবচৰে আহি যিৰূচালেমত ঈশ্বৰৰ গৃহৰ ভিত্তিমূল স্থাপন কৰিলে; আৰু এই নিৰ্মাণ কাৰ্য আমি কৰি আছোঁ, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই।
17. এতিয়া যদি মহাৰাজৰ দৃষ্টিত ভাল দেখে, তেনেহলে কোৰচ ৰজাই যিৰূচালেমত ঈশ্বৰৰ গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা দিয়াৰ কথা বিচাৰ কৰিবলৈ মহাৰাজে বাবিলত থকা ৰাজভঁৰালৰ নথি-পত্রৰ বুজ-বিচাৰ কৰি চাওঁক। তাৰ পাছত মহাৰাজে তেওঁৰ সিদ্ধান্ত আমালৈ লিখি পঠাওঁক।”

এজরা 6:1-22
1. সেয়ে দাৰিয়াবচ ৰজাই বাবিলৰ ৰাজভঁৰালত থকা নথি-পত্ৰবোৰ বিচাৰ কৰিবলৈ আজ্ঞা দিলে।
2. মাদীয়াৰ অকমথাত নগৰৰ গড়ত এখন নুৰিওৱা পুথি পোৱা গ’ল; সেই পুথিত এই বিৱৰণ লিখা আছিল:
3. “কোৰচ ৰজাৰ প্ৰথম বছৰত, কোৰচ ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ বিষয়ে এটা আজ্ঞা জাৰি কৰিছিল: ‘বলিদানৰ বাবে গৃহটো নিৰ্ম্মাণ কৰা হওঁক। তাৰ দেৱালবোৰৰ ওখ আৰু বহল ষাঠি হাত,
4. তিনি শাৰী ডাঙৰ শিল আৰু এশাৰী নতুন কাঠৰ সৈতে নিৰ্ম্মাণ কৰা হওক। এই নিৰ্ম্মাণ কাৰ্যত ৰজাৰ গৃহৰ পৰা ব্যয় কৰা হওক।
5. ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা উলিয়াই বাবিলৰ মন্দিৰলৈ আনিছিল, সেইবোৰো ঘূৰাই পঠোৱা হওক। সেইবোৰ যিৰূচালেমৰ মন্দিৰলৈ পঠোৱা আৰু সেইবোৰ ঈশ্বৰৰ গৃহত জমা কৰা হওক।’
6. চথৰ-বোজনয় তত্তনয় আৰু নদীৰ সিপাৰে থকা তোমালোকৰ সহকাৰী কৰ্মচাৰীসকলৰ পৰা আঁতৰি থাকা।
7. ঈশ্বৰৰ সেই গৃহৰ কাৰ্য তোমালোকে এৰি দিয়া। ঈশ্বৰৰ গৃহ অধ্যক্ষ আৰু যিহূদীৰ বৃদ্ধসকলে সেই ঠাইতে নিৰ্ম্মাণ কৰক।
8. যিসকল যিহূদী বৃদ্ধলোকে ঈশ্বৰৰ সেই গৃহ নিৰ্ম্মাণ কৰি আছে তেওঁলোকৰ বাবে এই সকলো কৰিবলৈ মই তোমালোকক আজ্ঞা দিছোঁ: সেই লোকসকলৰ কাৰ্য বন্ধ নহবৰ বাবে নদীৰ সিপাৰৰ ৰাজকৰৰ পৰা ৰজাৰ ধনেৰে তেওঁলোকক হাজিৰা দিয়া হওক।
9. স্বৰ্গৰ ঈশ্বৰৰ উদ্দেশ্যে হোম-বলি দিবলৈ যিৰূচালেমৰ পুৰোহিতসকলে আদেশ দিয়া অনুসাৰে প্রতিদিনে ক্ষতি নকৰাকৈ যি যি প্রয়োজনীয় বস্তু যেনে, দমৰা, মতা মেৰ বা মেৰ-ছাগ পোৱালি, ঘেঁহু, লোণ, দ্রাসাৰস, বা তেল, এইসকলো বস্তু তেওঁলোকক দিয়া হওক।
10. স্ৱৰ্গৰ ঈশ্ৱৰলৈ দান দিবলৈ আৰু ৰজা আৰু তেওঁৰ পুত্রসকলৰ কাৰণে তেওঁলোকে প্রাৰ্থনা কৰিবলৈ তোমালোকে এই দৰে কৰা।
11. মই আজ্ঞা কৰিছোঁ, যে, যি কোনোৱে এই আজ্ঞা লঙ্ঘন কৰিব, তাৰ ঘৰৰ চালৰ এডাল কাঠ উলিয়াই আনি তেওঁক তাত আৰি থোৱা হ’ব আৰু সেই দোষৰ বাবে তেওঁৰ ঘৰ জাবৰৰ দ’ম কৰা হ’ব।
12. যিকোনো ৰজা আৰু প্ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ এই আজ্ঞা-লঙ্ঘন কৰিব, তেওঁক ঈশ্ৱৰে উচ্ছন্ন কৰিব। মই দাৰিয়াবচে, এই আজ্ঞা কৰিছোঁ। ইয়াক সম্পূৰ্ণভাৱে পালন কৰা।”
13. তাৰ পাছত ৰজা দাৰিয়াবচে দিয়া আদেশ অনুসাৰে তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে।
14. সেয়ে হগ্গয় আৰু জখৰিয়া ভাববাদীৰ ভাববাণীৰ নিৰ্দেশ অনুযায়ী যিহূদাৰ বৃদ্ধসকলে নিৰ্ম্মাণ কাৰ্য কৰিলে। তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ আৰু কোৰচ, দাৰিয়াবচ, আৰু পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰৰ আজ্ঞা অনুসাৰে তেওঁলোকে গৃহ নিৰ্ম্মাণ কৰিলে।
15. ৰজা দাৰিয়াবচৰ ৰাজত্বৰ ষষ্ঠ বছৰৰ, অদৰ মাহৰ (মাৰ্চ মাহৰ পূৰ্ণিমাৰ পৰা এপ্রিল মাহৰ পূৰ্ণিমালৈকে) তৃতীয় দিনা এই গৃহ সম্পূৰ্ণ হ’ল।
16. ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ইস্ৰায়েলৰ লোক, পুৰোহিত, লেবীয়া আৰু বন্দীত্বৰ পৰা অহা লোকসকলে ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ঈশ্ৱৰলৈ উৎসৰ্গা কৰিলে।
17. ঈশ্বৰৰ গৃহ উৎসৰ্গ কৰোঁতে এশ দমৰা, এশ মতা মেৰ-ছাগ, আৰু চাৰিশ মেৰ-ছাগ পোৱালি, তেওঁলোকে দান দিলে। ইস্রায়েলত থকা প্রতিটো জাতিৰ বাবে এটা আৰু সকলো ইস্রায়েল লোকসকলৰ বাবে পাপাৰ্থক বলিস্বৰূপে বাৰটা মতা ছাগলীও দান কৰিলে।
18. মোচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবীয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে।
19. সেয়ে প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা বন্দীত্বৰ পৰা অহা লোকসকলে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে।
20. পুৰোহিত আৰু লেবীয়াসকলে নিজকে শুচি কৰিলে আৰু যি সকল বন্দীত্বৰ পৰা আহিছিল, তেওঁলোক সকলোৰে বাবে নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিলে।
21. বন্দীত্বৰ পৰা অহা ইস্ৰায়েলৰ লোকসকল, যিসকলে দেশৰ অশুচি লোকসকলৰ পৰা নিজকে পৃথক কৰি ৰাখিলে আৰু ইস্রায়েলৰ ঈশ্ৱৰ যিহোৱাৰ উদ্দেশ্যে হৰ্ষধ্ৱনি কৰিলে, তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ মাংসৰ কিছু অংশ ভোজন কৰিলে।
22. তেওঁলোকে সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব আনন্দেৰে পালন কৰিলে। কিয়নো যিহোৱাই তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিলে, আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কাৰ্যত তেওঁলোকৰ হাত সবল কৰিবৰ অৰ্থে ৰজা অচুৰৰ মন তেওঁলোকলৈ ঘূৰালে।

সামসঙ্গীত 87:1-7
1. যিহোৱাই পবিত্ৰ পৰ্ব্বত শ্রেনীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।
2. যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।
3. হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)।
4. “মই মোৰ চিনাকিবোৰৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম; পলেষ্টিয়া, তূৰ আৰু ইথিওপিয়াৰ কথাও চর্চা কৰিম, তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে’।”
5. এনে কি, চিয়োনৰ বিষয়েও এই বুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”
6. যিহোৱাই জাতি সমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)।
7. গায়ক আৰু নাচনীবোৰে একেভাৱে ক’ব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”

প্রবচন 21:19-20
19. দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল।
20. জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।

পাঁচনি 23:1-15
1. পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷”
2. এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷
3. তেতিয়া পৌলে তেওঁক ক’লে, “হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?”
4. তাতে ওচৰত থিয় হৈ থকা সকলে ক’লে, “তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?”
5. পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”
6. পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷”
7. তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসকল দুভাগত ভাগ হ’ল৷
8. কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়, কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷
9. তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্‌যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;”
10. তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷
11. তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
12. পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
13. সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷
14. তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ ক’লে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷
15. এই কাৰণে আপোনালোকৰ মহাসভাৰ সৈতে এই বিষয়ে অধিক নিশ্চিত ভাবে জানিবৰ ছলেৰে, আপোনালোকৰ ওচৰলৈ তেওঁক আনিবৰ বাবে হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷”