A A A A A

১ বংশাবলি 28:1-21
1. দায়ূদে যিৰূচালেমত ইস্ৰায়েলৰ সকলো কৰ্মচাৰীক এক গোট কৰিলে: জাতিবোৰৰ কৰ্মচাৰীসকলক, সময়-সূচী অনুযায়ী ৰজাৰ পৰিচৰ্যা কৰা বিভাগবোৰৰ কৰ্মচাৰীসকলক, সহস্ৰপতিসকলক আৰু শতপতিসকলক, ৰজা আৰু তেওঁৰ পুত্রসকলৰ দখলত থকা সকলো সম্পত্তিৰ পৰিচালকসকলক, কর্মচাৰী আৰু যুদ্ধাৰু লোকসকলক, তেওঁলোকৰ মাজৰ সকলোতকৈ নিপূণ লোকসকলক যিৰূচালেমত এক গোট কৰিলে।
2. তাৰ পাছত ৰজা দায়ূদে থিয় হৈ ক’লে, “হে মোৰ ভাইসকল আৰু মোৰ লোক সমূহ, মোৰ কথা শুনা; যিহোৱাৰ নিয়ম-চন্দুকৰ অৰ্থে আৰু আমাৰ ঈশ্বৰৰ ভৰি-পীৰাৰ অৰ্থে এটা মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ মোৰ পৰিকল্পনা আছিল। এই গৃহ নিৰ্ম্মাণৰ বাবে মই প্ৰস্তুতো হৈছিলো।
3. কিন্তু ঈশ্বৰে মোক ক’লে, ‘মোৰ নামৰ অৰ্থে তুমি মন্দিৰ নিৰ্ম্মাণ নকৰিবা, কাৰণ তুমি এজন যুদ্ধৰু আৰু তুমি ৰক্তপাত কৰিলা।’
4. তথাপি যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে; ইস্ৰায়েলৰ ওপৰত সদায় ৰাজত্ব কৰিবৰ বাবে মোৰ আটাই পিতৃপৰিয়ালৰ মাজৰ পৰা মোক মনোনীত কৰিলে। তেওঁ নেতৃত্ব দিবৰ বাবে যিহূদা জাতিক মনোনীত কৰিলে। যিহূদাৰ জাতি, মোৰ পিতৃৰ পৰিয়ালবৰ্গ আৰু মোৰ পিতৃৰ সকলো পুত্রৰ মাজৰ পৰা তেওঁ মোক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ মনোনীত কৰিলে।
5. যিহোৱাই মোক দিয়া অনেক পুত্ৰৰ মাজত ইস্ৰায়েলৰ ওপৰত যিহোৱাৰ ৰাজসিংহাসনত বহিবলৈ তেওঁ মোৰ পুত্ৰ চলোমনক মনোনীত কৰিলে।
6. তেওঁ মোক ক’লে, ‘তোমাৰ পুত্ৰ চলোমনে মোৰ গৃহ আৰু চোতাল কেইখন নিৰ্ম্মাণ কৰিব, কাৰণ মোৰ পুত্ৰ হ’বলৈ মই তেওঁক মনোনীত কৰিলোঁ, আৰু মই তেওঁৰ পিতৃ হ’ম।
7. আজি তুমি যি দৰে আছা যদি তেওঁ সেই দৰে মোৰ আজ্ঞাবোৰ আৰু শাসন-প্ৰণালীবোৰ পালন কৰি চলে, তেনেহলে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম।
8. এই হেতুকে এতিয়া ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাৰ উদ্দেশে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্ৱৰ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হবলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুক্রমে তোমালোকৰ সন্তান সকলৰ অধিকাৰত যেন থাকে তাৰ কাৰণে এই সকলো কৰা।
9. হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
10. পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।
11. তাৰ পাছত দায়ূদে তেওঁৰ পুত্ৰ চলোমনক মন্দিৰৰ বাৰাণ্ডাৰ, মন্দিৰৰ ঘৰৰবোৰৰ, গুদামবোৰৰ, ওপৰৰ কোঁঠালিবোৰৰ, ভিতৰৰ কোঁঠালিবোৰৰ, আৰু পাপ-প্রায়শ্চিতৰ আৱৰণৰ নক্সা দিলে।
12. যিহোৱাৰ গৃহৰ চোতাল কেইখনৰ, চাৰিওফালে থকা সকলো কোঁঠালিবোৰৰ, ঈশ্বৰৰ গৃহত থকা গুদামবোৰৰ, আৰু মন্দিৰৰ বাবে পবিত্ৰ কৰা বস্তুৰ ভঁৰালবোৰৰ বাবে তেওঁ অঙ্কন কৰা নক্সা তেওঁ চলোমনক দিলে।
13. তেওঁ তেওঁক পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ বিভাগসমূহৰ বাবে বিধি দিলে আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ কাৰ্য আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে ব্যৱহাৰ হোৱা সামগ্রী সমূহৰ দায়িত্বত নিযুক্ত কৰিলে।
14. তেওঁ সকলো প্রকাৰৰ পৰিচৰ্যাৰ বাবে সোণৰ পাত্ৰবোৰ আৰু সকলো প্রকাৰৰ পৰিচৰ্যাৰত ব্যৱহাৰ হোৱা সামগ্রীৰ বাবে ৰূপৰ পাত্ৰবোৰ গুৰুত্ব সহকাৰে তেওঁক দিলে।
15. সোণৰ দীপাধাৰবোৰৰ আৰু তাৰ প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ সোণৰ পৰিমান অনুসাৰে জুখি দিলে। ৰূপৰ দীপাধাৰবোৰৰ আৰু প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ ৰূপৰ পৰিমান অনুসাৰে জুখি দিলে। যাতে প্রত্যেক দীপাধাৰবোৰৰ উপযুক্ত ব্যৱহাৰ হয়।
16. দৰ্শন-পিঠাৰ মেজ, আৰু প্রত্যক মেজৰ বাবে সোণৰ পৰিমাণ, আৰু ৰূপৰ মেজবোৰৰ বাবে ৰূপৰ পৰিমাণ তেওঁ জুখি দিলে।
17. তেওঁ যাঠী, তেজ ছটিওৱা চৰিয়া, আৰু পিয়লাবোৰৰ বাবে শুদ্ধ সোণৰ পৰিমাণ জুখি দিলে। তেওঁ প্রত্যেক সোণৰ বাটিবোৰৰ আৰু প্ৰত্যেক ৰূপৰ বাটিবোৰৰ বাবে সোণৰ আৰু ৰূপৰ পৰিমাণ জুখি দিলে।
18. ধূপ-বেদিৰ বাবে নিৰ্ম্মল সোণৰ পৰিমাণ, আৰু ডেউকা মেলি যিহোৱাৰ নিয়ম-চন্দুক ঢাকি ধৰা কৰূব দুটাৰ নক্সাৰ কাৰণে সোণৰ পৰিমাণ জুখি দিলে।
19. দায়ূদে ক’লে, “নমুনাৰ বিষয়ে বুজিব পৰাকৈ যিহোৱাই মোক নিৰ্দেশ দিয়া অনুযায়ী মই এই সকলো লিখিত ভাৱে ৰাখিলোঁ।
20. দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।
21. চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।

১ বংশাবলি 29:1-30
1. দায়ুদ ৰজাই গোটেই সমাজক ক’লে, “ঈশ্বৰে মোৰ পুত্ৰ চলোমনক মনোনীত কৰিছে, তাৰ বয়স এতিয়াও ক’ম আৰু অভিজ্ঞতাহীন, আৰু এই কাৰ্য অতি গুৰুত্বপূৰ্ণ। কাৰণ এই ৰাজপ্রসাদ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মানুহৰ বাবে নহয়।
2. মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ।
3. মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত।
4. তিনি হাজাৰ কিক্কৰ ওফীৰৰ সোণ, আৰু সাত হাজাৰ কিক্কৰ শুদ্ধ ৰূপ গৃহৰ দেৱালত আৱৰণ দিবলৈ দিলোঁ।
5. সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, আৰু শিল্পকৰ্ম কৰোঁতা সকলে কৰা সকলো ধৰণৰ কামৰ কাৰণে মই সকলো বস্তু দান কৰিলোঁ। আজি কোনে যিহোৱালৈ বৰঙণি দিব আৰু নিজকে তেওঁলৈ উৎসৰ্গ কৰিব?
6. তাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ পূৰ্ব-পুৰুষৰ প্রধান লোকসকল, ইস্ৰায়েল জাতিৰ প্রধান লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, লগতে ৰজাৰ কাৰ্যত থকা কৰ্মচাৰীসকল একেলগে ইচ্ছাকৃত দান দিলে।
7. তেওঁলোকে ঈশ্বৰৰ গৃহৰ কাৰ্য কাৰণে পাঁচ হাজাৰ কিক্কৰ সোণ, অদৰ্কোণ নামেৰে দহ হাজাৰ সোণৰ মোহৰ, দহ হাজাৰ কিক্কৰ ৰূপ, ওঠৰ হাজাৰ কিক্কৰ ৰূপ পিতল, আৰু এক লাখ কিক্কৰ লোহা দিলে।
8. যিসকলৰ বহুমুলীয়া বাখৰ আছিল, তেওঁলোকে গেৰ্চোনীয়াৰ বংশধৰ যিহীয়েলৰ নিৰীক্ষণত যিহোৱাৰ গৃহৰ ভঁৰালত তাক দিলে।
9. তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়েৰে যিহোৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰণে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দায়ূদেও মহা-আনন্দ কৰিলে।
10. দায়ূদে গোটেই সমাজৰ আগতে যিহোৱাৰ ধন্যবাদ কৰিলে। দায়ূদে ক’লে, “হে আমাৰ পিতৃ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা আপুনি যুগে যুগে চিৰকাললৈকে ধন্য।
11. হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
12. আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
13. সেয়ে, হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ, আৰু আপোনাৰ নামৰ গৌৰৱ ও প্ৰশংসা কৰোঁ।
14. কিন্তু মই নো কোন, আৰু মোৰ লোকসকল নো কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি অনন্দমনেৰে আপোনাক দিছোঁ।
15. কাৰণ আমাৰ সকলো পূৰ্ব-পুৰুষ সকলৰ দৰে আমিও আপোনাৰ আগত অচিনাকি আৰু ভ্রমণকাৰী লোক। পৃথিৱীত আমাৰ দিনবোৰ ছাঁ স্বৰূপ আৰু এই পৃথিৱীত আমাৰ একো আশা নাই।
16. হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ, পবিত্ৰ নামৰ উদ্দেশে আপোনাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আমি এই যি সকলো সম্পতি সংগ্রহ কৰিলোঁ, এই সকলো আপোনাৰেই আৰু আপোনাৰ পৰাই অহা।
17. হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।
18. আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম, ইচহাক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ লোকসকলৰ মনত এই চিন্তাধাৰা সদায় ৰাখক। তেওঁলোকৰ হৃদয় আপোনাতেই মনোনিবেশ কৰক।
19. আপোনাৰ আজ্ঞা, সাক্ষ্য, আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ, আৰু এই সকলো কাৰ্য কৰিবলৈ, আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছোঁ, তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমনক সিদ্ধ মন দিয়ক।”
20. দায়ূদে গোটেই সমাজক ক’লে, “এতিয়া তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা।” গোটেই সমাজে তেওঁলোকৰ পূৰ্ব-পুৰুষৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু মুৰ দোঁৱাই যিহোৱাৰ প্রশংসা কৰিলে আৰু ৰজাৰ আগত প্ৰণিপাত কৰিলে।
21. তাৰ পাছ দিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিলে। তেওঁলোকে এক হাজাৰ ষাঁড়-গৰু, এক হাজাৰ মতা মেৰ-ছাগ, আৰু এক হাজাৰ মেৰ-ছাগ পোৱালি, আৰু ইয়াৰে সৈতে গোটেই ইস্ৰায়েলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে।
22. সেই দিনা অতি আনন্দেৰে যিহোৱাৰ আগত ভোজন-পান কৰিলে। তেওঁলোকে দায়ূদৰ পুত্ৰ চলোমনক দ্বিতীয়বাৰ ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে শাসনকর্তা হবলৈ তেওঁ অভিষেক কৰিলে। তেওঁলোকে পুৰোহিত হবলৈ চাদোককো যিহোৱাৰ উদ্দেশ্যে অভিষেক কৰিলে।
23. তাৰ পাছত চলোমন তেওঁৰ পিতৃ দায়ুদৰ পৰিৱৰ্তে ৰজাহৈ যিহোৱাৰ সিংহাসনত বহিল। তেওঁ কৃতকাৰ্য্য হ’ল, আৰু গোটেই ইস্ৰায়েলে তেওঁৰ আজ্ঞা মানিলে।
24. সকলো নেতাসকল, সৈন্যসকল, আৰু দায়ুদ ৰজাৰ পুত্ৰসকল চলোমন ৰজাৰ অধীন হ’ল।
25. যিহোৱাই সকলো ইস্ৰায়েলৰ আগত চলোমনক সন্মান প্রদান কৰিলে আৰু যিহোৱাই তেওঁক যি ক্ষমতা দিলে, তেনে ক্ষমতা তেওঁৰ পূৰ্বে ইস্ৰায়েলৰ কোনো ৰজাক দিয়া নাছিল।
26. যিচয়ৰ পুত্ৰ দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল।
27. তেওঁ চল্লিশ বছৰ ইস্রায়েলৰ ৰজা আছিল। তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ৱ কৰিছিল।
28. তেওঁ সম্পূৰ্ণ বয়স পায়, দীঘলীয়া জীৱন সা-সম্পতি আৰু সন্মান উপভোগ কৰি বৃদ্ধ অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ চলোমন তেওঁৰ পদত ৰজা হ’ল।
29. দায়ুদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমূৱেল, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস-পুস্তকসমূহত বৰ্ণনা কৰা হৈছে।
30. এই পুস্তকসমূহত ইস্ৰায়েলক ৰাজত্ৱ কৰা সময়ত দায়ূদে যিবোৰ কাৰ্য কৰিছিল, সেই সকলো ইয়াতে উল্লেখ আছে। লিখকসকলে ইস্রায়েল আৰু তাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ, দায়ূদৰ ক্ষমতা আৰু তেওঁৰ জীৱনৰ সকলো ঘটনা লিখিলে।

সামসঙ্গীত 78:67-72
67. পাছত তেওঁ যোচেফৰ বংশক অগ্ৰাহ্য কৰিলে; ইফ্ৰয়িম ফৈদক তেওঁ মনোনীত নকৰিলে;
68. কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
69. তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে, তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে।
70. তেওঁ নিজ দাস দায়ুদক মনোনীত কৰিলে, তেওঁ তেওঁক মেৰ-ছাগৰ গঁৰালৰ পৰা আনিলে।
71. গাখীৰ দিয়া মেৰ-ছাগৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে, যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক, যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে।
72. দায়ুদে তেওঁৰ অন্তৰৰ সততাৰে তেওঁলোকক লালন-পালন কৰিলে; তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে।

প্রবচন 20:6-7
6. বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে; কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়?
7. ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে, আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তান সকল সুখী হয়।

পাঁচনি 10:24-28
24. তাৰ পাছদিনা তেওঁলোকে চীজাৰিয়ালৈ আহিল৷ কৰ্ণীলিয়ই নিজৰ জ্ঞাতি আৰু আত্মীয় বন্ধু সকলক গোট খুৱাই তেওঁলোকলৈ অপেক্ষা কৰি আছিল৷
25. পিতৰ ঘৰত সোমাওঁতে কৰ্ণীলিয়ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণাম কৰিলে৷
26. কিন্তু পিতৰে তেওঁক তুলি ধৰি কলে, “উঠা; ময়ো মানুহহে৷”
27. তাৰ পাছত যেতিয়া পিতৰে তেৱেঁ সৈতে কথা কৈ কৈ ঘৰত সোমাল, বহু মানুহ গোট খাই থকা দেখি,
28. তেওঁলোকক কলে, “বিধান বিহীন জাতিৰ কোনো মানুহৰ লগ লোৱা নাইবা তেওঁৰ তালৈ যোৱা যে যিহুদী মানুহৰ বাবে নিষেধ, ইয়াক আপোনালোকে জানে৷ কিন্তু কোনো মানুহক বৰ্জিত বা অশুচি নুবুলিবলৈ ঈশ্বৰে মোক দেখুৱালে৷